বেংক
১০ প্ৰবন্ধ
-
ভাৰতীয় ৰিজাৰ্ভ বেংক
ভাৰতীয় ৰিজাৰ্ভ বেংক বা ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া (চমুকৈ আৰ বি আই) হৈছে ভাৰতৰ কেন্দ্ৰীয় বেংকিং প্ৰতিষ্ঠান আৰু ই ভাৰতীয় টকাৰ মুদ্ৰা নীতি নিয়ন্ত্ৰণ কৰে। ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া আইন ১৯৩৪-ত সন্নিৱিষ্ট ব্যৱস্থা অনুসৰি ১৯৩৫ চনৰ ১ এপ্ৰিলত ৰিজাৰ্ভ বেংকৰ প্ৰতিষ্ঠা কৰা হয়।
-
ভাৰতীয় ষ্টেট বেংক
ভাৰতীয় ষ্টেট বেংক (চমুকৈ এছ বি আই) দক্ষিণ এছিয়াৰ আটাইতকৈ ডাঙৰ ব্যৱসায়িক বেংক। ই আন্তৰ্জাতিক ৰাজহুৱা খণ্ডৰ বিত্তীয় প্ৰতিষ্ঠান। ইয়াৰ মুখ্য কাৰ্যালয় মহাৰাষ্ট্ৰৰ মুম্বাইত অৱস্থিত। ২০১৭ চনৰ ফৰ্চুন গ্লোৱেল ৫০০ ৰ ৰেংকিঙত ভাৰতীয় ষ্টেট বেংক ২১৬তম স্থান লাভ কৰে। ই ভাৰতৰ সৰ্ববৃহৎ বেংক।
-
অসম গ্ৰামীণ বেংক
অসম গ্ৰামীণ বিকাশ বেংক (Assam Grameen Vikash Bank) হৈছে অসমৰ এটা ৰাজহুৱা খণ্ডৰ বিত্তীয় প্ৰতিষ্ঠান। ২০০৬ চনৰ ১২ জানুৱাৰীত কেন্দ্ৰীয় চৰকাৰৰ এক অধিসূচনা যোগে অসম গ্ৰামীণ বিকাশ বেংক গঠন কৰা হয়। আঞ্চলিক বেংকটোৰ মুখ্য কাৰ্যালয় গুৱাহাটীত অৱস্থিত।
-
ইণ্ডিয়ান বেংক
ইণ্ডিয়ান বেংক হৈছে ভাৰতৰ তামিলনাডুৰ চেন্নাইত মুখ্য কাৰ্যালয় থকা এটা ৰাজহুৱা খণ্ডৰ বেংক। ১৯০৭ চনত প্ৰতিষ্ঠা হোৱা এই বেংক ভাৰতৰ অন্যতম পুৰণি বেংক। সমগ্ৰ ভাৰততে বেংকটোৰ ৬ হাজাৰৰো অধিক শাখা আৰু ৭ হাজাৰৰো অধিক এটিএমৰ নেটৱৰ্ক আছে।
-
বেংক অৱ বৰোদা
বেংক অৱ বৰোদা ভাৰতৰ গুজৰাটৰ বদোদৰাত অৱস্থিত এটা ৰাজহুৱা খণ্ডৰ বেংক। ১৯০৮ চনৰ ২০ জুলাইত মহাৰাজা ছায়াজিৰাও গেকৱাদ তৃতীয়ই ইয়াক প্ৰতিষ্ঠা কৰিছিল। বেংকটোৱে ২২খন দেশত ১০ হাজাৰৰো অধিক শাখা আৰু ১৩ হাজাৰ এটিএমৰ নেটৱৰ্ক পৰিচালনা কৰি ভাৰতৰ অন্যতম বৃহৎ বেংক হিচাপে পৰিগণিত হৈছে।
-
আইচিআইচিআই বেংক
আইচিআইচিআই বেংক লিমিটেড হৈছে ভাৰতীয় বহুজাতিক বেংক আৰু বিত্তীয় সেৱাৰ এক কোম্পানী। ইয়াৰ মুখ্য কাৰ্যালয় মুম্বাইত আৰু বদোদৰাত পঞ্জীয়নভুক্ত কাৰ্যালয় অৱস্থিত।
-
কনকলতা মহিলা বেংক
কনকলতা মহিলা আৰবান কো-অ’পাৰেটিভ বেংক লিমিটেড বা চমুকৈ কনকলতা মহিলা বেংক (Konoklota Mahila Bank) অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰথম মহিলা বেংক। ১৯৯৮ চনত যোৰহাটত এই বেংকটো স্থাপিত হৈছিল। সমবায় খণ্ডত স্থাপন কৰা এই বেংকটোৰ সকলো কৰ্মচাৰী আৰু বেছি অংশ গ্ৰাহকেই মহিলা।
-
ইম্পেৰিয়েল বেংক অৱ ইণ্ডিয়া
১৯২০ চনত 'ইম্পেৰিয়েল বেংক অৱ ইণ্ডিয়া আইন' প্ৰণয়ন কৰি প্ৰেছিডেন্সী বেংক তিনিটা একত্ৰিত কৰি ইম্পেৰিয়েল বেংক অৱ ইণ্ডিয়া (Imperial Bank of India) প্ৰতিষ্ঠা কৰা হয়। ই ১৯২১ চনৰ পৰা কাৰ্যনিৰ্বাহ কৰে।
-
ছাউথʼ ইণ্ডিয়া বেংক
ছাউথʼ ইণ্ডিয়া বেংক (চমুকৈ এছ.আই.বি) হৈছে ভাৰতৰ এখন ব্যক্তিগত খণ্ডৰ বেংক। ইয়াৰ মুখ্য কাৰ্যালয় কেৰালা ৰাজ্যৰ ত্ৰিশূৰত অৱস্থিত। এইখন বেংকৰ মুঠ ৯৩৩টা শাখা, ১৮টা ৰাজ্যিক কাৰ্যালয়, আৰু ১,২০০ তকৈ অধিক এ.টি.ম মেচিন আছে।
-
ষ্টেট বেংক অফ ছিক্কিম
ষ্টেট বেংক অফ ছিক্কিম ছিক্কিম চৰকাৰৰ অধীনৰ বিত্তীয় প্ৰতিষ্ঠান। ইয়াৰ মুখ্য কাৰ্যালয় ছিক্কিমৰ ৰাজধানী গেংটকত অৱস্থিত। ই ছিক্কিমত বিত্তীয় সেৱা আগবঢ়ায় আৰু ছিক্কিম চৰকাৰৰ ৰাজ্যিক কোষাগাৰৰ কাম-কাজ চোৱা-চিতা কৰে।