পঞ্জাবী ভাষাৰ কণ্ঠশিল্পী
৬ প্ৰবন্ধ
-
এপি ঢিল্লোঁ
অমৃতপাল সিং "এপি" ঢিল্লোঁ (Amritpal Singh Dhillon) হৈছে পঞ্জাবী সংগীতৰ সৈতে জড়িত এগৰাকী ইণ্ডো-কানাডীয় ৰেপাৰ, কণ্ঠশিল্পী, আৰু ৰেকৰ্ড প্ৰযোজক। তেওঁৰ পাঁচটা একক গীতে অফিচিয়েল চাৰ্টছ কোম্পানী ইউ কে এছিয়ান আৰু পঞ্জাবী চাৰ্টত শীৰ্ষস্থান দখল কৰে।
-
দিলশাদ আখতাৰ
দিলশাদ আখতাৰ (ইংৰাজী: Dilshad Akhtar) আছিল পঞ্জাবী লোক সংগীতৰ গায়িক। তাৰোপৰি তেওঁ বহুকেইখন পঞ্জাবী চলচ্চিত্ৰত কণ্ঠদান কৰিছে। চাৰিজন ভাই-ভনীৰ ভিতৰত দিলশাদ আছিল সৰু। তেওঁৰ ভগ্নী মনপ্ৰীত আখতাৰো গায়িকা আছিল। দিলশাদ আখতাৰৰ জন্ম হৈছিল ভাৰতৰ পঞ্জাৱৰ শ্ৰীমুক্তসাৰ চাহিব জিলাৰ গিলজেৱালা গাঁৱত।
-
অমৰ আৰ্শী
অমৰ আৰ্শী এজন পঞ্জাবী গায়ক৷ তেওঁৰ জন্ম হৈছিল ভাৰতৰ পঞ্জাৱৰ ফাগৱাৰাত অমৰজিৎ সিং নামেৰে। বৰ্তমান তেওঁ লণ্ডনৰ বাহিৰত ভিত্তি কৰি আছে। তেওঁৰ প্ৰথম এলবাম মুক্তি পায় ১৯৯১ চনত। তেওঁৰ গীতসমূহৰ ভিতৰত "আজা নি আজা", " কালা চাশমা" আৰু "ৰংলি কোঠী" উল্লেখযোগ্য।
-
প্ৰকাশ কৌৰ
প্ৰকাশ কৌৰ (Prakash Kaur; ১৯ ছেপ্টেম্বৰ ১৯১৯ – ২ নৱেম্বৰ ১৯৮২) এগৰাকী প্ৰবীণ ভাৰতীয় গায়ক।
-
সুনন্দা শৰ্মা
সুনন্দা শৰ্মা (Sunanda Sharma; জন্ম: ৩০ জানুৱাৰী ১৯৯২) শৰ্মাই সজ্জন সিং ৰংৰুট নামৰ ছবিখনত সহ-অভিনেতা দিলজিৎ দোচাঞ্ঝ আৰু যোগৰাজ সিঙৰ বিপৰীতে অভিনয়েৰে তেওঁৰ অভিনয় জীৱনৰ আৰম্ভণি কৰিছিল। সুনন্দাই "তেৰে নাল নাচনা" শীৰ্ষক গীতটিত কণ্ঠদানেৰে বলীউডত পদাৰ্পণ কৰিছিল।
-
ৰঞ্জিত কৌৰ
ৰঞ্জিত কৌৰ (জন্ম ২০ অক্টোবৰ ১৯৫০) ভাৰতীয় পঞ্জাৱৰ এজন পঞ্জাবী গায়িকা। পঞ্জাবী বিখ্যাত গায়ক আৰু ৰাজনীতিবিদ মহম্মদ ছাদিকৰ সৈতে গোৱা যুটিয়া গীতৰ বাবে তেওঁ পৰিচিত। তেওঁ প্লেবেক গায়িকাৰ উপৰিও আৰু কিছুমান পঞ্জাবী চলচ্চিত্ৰত সহ-অভিনেত্ৰী হিচাপে অভিনয় কৰিছিল।