আমেৰিকা
১০ প্ৰবন্ধ
-
উত্তৰ আমেৰিকা
উত্তৰ আমেৰিকা (North America; América del Norte বা Norteamérica; Amérique du Nord; Noord-Amerika; Nort Amerika; Amerika Avannarleq) পৃথিৱীৰ সাত মহাদেশ মডেলৰ অন্তৰ্ভুক্ত এখন মহাদেশ। মহাদেশখন পৃথিৱীৰ উত্তৰ আৰু পশ্চিম গোলাৰ্ধত অৱস্থিত।
-
দক্ষিণ আমেৰিকা
দক্ষিণ আমেৰিকা বা লেটিন আমেৰিকা পৃথিৱীৰ সাত মহাদেশ মডেলৰ অন্তৰ্ভুক্ত এখন মহাদেশ। ই হৈছে চতুৰ্থ বৃহৎ মহাদেশ। মহাদেশখনৰ মাটিকালি ১,৭৮,৪০,০০০ বৰ্গকিলোমিটাৰ, যি পৃথিৱীত মুঠ স্থলভাগৰ ১২%। মাটিকালিৰ ফালৰ পৰা এছিয়া, আফ্ৰিকা আৰু উত্তৰ আমেৰিকাৰ পাছতেই ইয়াৰ স্থান।
-
ৱেষ্ট ইণ্ডিজ
ৱেষ্ট ইণ্ডিজ কেৰিবিয়ান আৰু উত্তৰ আটলাণ্টিক মহাসাগৰৰ এটি অঞ্চল যিয়ে আণ্টিলেচৰ দ্বীপ আৰু লুকায়ানক সামৰে। ক্ৰিষ্টোফাৰ কলম্বাছৰ আমেৰিকালৈ প্ৰথম যাত্ৰাৰ পিছত, ইউৰোপীয় সকলে "ৱেষ্ট ইণ্ডিজ" ব্যৱহাৰ কৰিবলৈ ধৰিলে, সেই অঞ্চলক ইণ্ডিজ (দক্ষিণ এছিয়া আৰু দক্ষিণ-পূব এছিয়া)ৰ পৰা পৃথক কৰিবলৈ।
-
আমেৰিকা (মহাদেশ)
আমেৰিকা মহাদেশ, উত্তৰ আমেৰিকা আৰু দক্ষিণ আমেৰিকা মহাদেশক লৈ গঠিত এক সুবৃহৎ অঞ্চল। ইয়াৰ এফালে প্ৰশান্ত মহাসাগৰ আৰু অন্যফালে আটলাণ্টিক মহাসাগৰ অৱস্থিত। এই অঞ্চলৰ সময় অঞ্চল UTC-10 ৰ পৰা UTC লৈ।
-
আৰুবা
আৰুবা নেদাৰলেণ্ডৰ ভিতৰৰ এখন সাংবিধানিক দ্বীপ ৰাষ্ট্ৰ; ই দক্ষিণ কেৰিবিয়ান সাগৰৰ ভেনিজুৱেলাৰ পেৰাগুয়ানা উপদ্বীপৰ পৰা ২৯ কিলোমিটাৰ (১৮ মাইল) উত্তৰত আৰু কুৰাচাওৰ পৰা ৮০ কিলোমিটাৰ (৫০ মাইল) উত্তৰ-পশ্চিমে অৱস্থিত।
-
ফ্ৰেংকলিন ডি ৰুজভেল্ট
ফ্ৰেংকলিন ডেলানো ৰুজভেল্ট (জন্ম:- ৩০ জানুৱাৰী,১৮৮২ – মৃত্যু:-১২ এপ্ৰিল,১৯৪৫) তেওঁক চমুকৈ এফডিআৰ(FDR) বুলিও জনা যায়। আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৩২ তম ৰাষ্ট্ৰপতি আছিল। ১৯৩৩ চনৰ পৰা ১৯৪৫ চনলৈকে তেওঁৰ মৃত্যু পৰ্যন্ত সেৱা আগবঢ়াইছিল।
-
আমেৰিকা (দ্ব্যৰ্থতা দূৰীকৰণ পৃষ্ঠা)
আমেৰিকাই তলৰ প্ৰৱন্ধসমূহো বুজাব পাৰে:
-
আমেৰিকান গৃহ যুদ্ধ
আমেৰিকান গৃহ যুদ্ধ (ইংৰাজী: American Civil War) (১২ এপ্ৰিল, ১৮৬১ – ২৬ মে', ১৮৬৫) আছিল আমেৰিকা যুক্তৰাষ্ট্ৰৰ উত্তৰ আৰু দক্ষিণ অংশৰ মাজত ১৮৬১ চনৰ পৰা ১৮৬৫ চনলৈকে চলি থকা এক গৃহযুদ্ধ। এই যুদ্ধ মূলত দাসত্বৰ প্ৰশ্ন, ৰাজনৈতিক অধিকাৰ আৰু আৰ্থ-সামাজিক বিভাজনৰ ওপৰত কেন্দ্ৰিভূত হৈছিল।
-
আমেৰিকান লোকনৃত্য
আমেৰিকান লোকনৃত্যই বেলেগ বেলেগ বিদেশী সংস্কৃতিৰ দ্বাৰা প্ৰভাৱিত হোৱা কেইবাটাও আঞ্চলিক লোকনৃত্যক সামৰি লৈছে। মহৎ জাগৰণৰ সময়ত নৃত্যক পাপ হিচাপে গণ্য কৰাৰ বাবেই নাট্য দলৰ নৃত্য শৈলীৰ আমেৰিকাত বিকাশ ঘটিছিল।
-
লোকো মোকো
লোকো মোকো সমসাময়িক হাৱাই দ্বীপপুঞ্জৰ খাদ্যৰ বৈশিষ্ট্যযুক্ত এক খাদ্য। পৰম্পৰাগত লোকো মোকোত বগা চাউল থাকে, তাৰ ওপৰত হেমবাৰ্গাৰ পেটি, বাহিৰৰ ফালে ওপৰলৈ ভজা কণী আৰু শেষত ব্ৰাউন গ্ৰেভি দিয়া হয়। এই উপাদানবোৰ খাদ্যটোত থাকিব লাগিব যাতে ইয়াক লোকো মোকো নাম দিব পাৰি।