মহাদেশ
১৩ প্ৰবন্ধ
-
এছিয়া
এছিয়া পৃথিৱীৰ বৃহত্তম তথা সৱাতোকৈ জনবহুল মহাদেশ। ই পৃথিৱীৰ উত্তৰ গোলাৰ্ধত অৱস্থিত। ই পৃথিৱীৰ পৃষ্ঠভাগৰ প্ৰায় ৮.৭% ঠাই আৱৰি আছে। ইয়াতে পৃথিৱীৰ মুঠ জনসংখ্যাৰ প্ৰায় ৬০% লোকে বসবাস কৰে।
-
ইউৰোপ
ইউৰোপ হৈছে সম্পূৰ্ণৰূপে উত্তৰ গোলাৰ্ধ আৰু বেছিভাগ পূৱ গোলাৰ্ধত অৱস্থিত এখন মহাদেশ। ইয়াৰ উত্তৰে আৰ্কটিক মহাসাগৰ, পশ্চিমে আটলান্টিক মহাসাগৰ, দক্ষিণে ভূমধ্য সাগৰ আৰু পূবে এছিয়া সীমাবদ্ধ। ইউৰোপে ভূমি এছিয়াৰ সৈতে ইউৰেছিয়া আৰু আফ্ৰিকা আৰু এছিয়া দুয়োৰে সৈতে আফ্ৰো-ইউৰেছিয়া ভাগ বতৰা কৰে।
-
আফ্ৰিকা
আফ্ৰিকা (Africa) মাটিকালি আৰু জনসংখ্যাৰ দিশৰ পৰা বিশ্বৰ দ্বিতীয় বৃহত্তম মহাদেশ (এছিয়াৰ পাছতেই)। পাৰ্শ্ববৰ্তী দ্বীপসমূহক লগ লগাই মহাদেশখন মাটিকালি ৩০,২২১,৫৩২ বৰ্গ কিলোমিটাৰ (১১,৬৬৮,৫৯৮ বৰ্গমাইল)। এইখন বিশ্বৰ মুঠ ভূপৃষ্ঠতলৰ ৬% আৰু মুঠ স্থলপৃষ্ঠৰ ২০.৪% জুৰি অৱস্থিত।
-
উত্তৰ আমেৰিকা
উত্তৰ আমেৰিকা (North America; América del Norte বা Norteamérica; Amérique du Nord; Noord-Amerika; Nort Amerika; Amerika Avannarleq) পৃথিৱীৰ সাত মহাদেশ মডেলৰ অন্তৰ্ভুক্ত এখন মহাদেশ। মহাদেশখন পৃথিৱীৰ উত্তৰ আৰু পশ্চিম গোলাৰ্ধত অৱস্থিত।
-
দক্ষিণ আমেৰিকা
দক্ষিণ আমেৰিকা বা লেটিন আমেৰিকা পৃথিৱীৰ সাত মহাদেশ মডেলৰ অন্তৰ্ভুক্ত এখন মহাদেশ। ই হৈছে চতুৰ্থ বৃহৎ মহাদেশ। মহাদেশখনৰ মাটিকালি ১,৭৮,৪০,০০০ বৰ্গকিলোমিটাৰ, যি পৃথিৱীত মুঠ স্থলভাগৰ ১২%। মাটিকালিৰ ফালৰ পৰা এছিয়া, আফ্ৰিকা আৰু উত্তৰ আমেৰিকাৰ পাছতেই ইয়াৰ স্থান।
-
এণ্টাৰ্কটিকা
এণ্টাৰ্কটিকা পৃথিৱী এখন মহাদেশ। কুমেৰু অৰ্থাৎ দক্ষিণ মেৰুত এই মহাদেশৰ অৱস্থিত, আৰু এই মহাদেশক পৰিবেষ্টন কৰি আছে দক্ষিণ মহাসাগৰ। এণ্টাৰ্কটিকা পৃথিৱীৰ দক্ষিণতম মহাদেশ হোৱাৰ লগতেই আটাইতকৈ শীতলতম আৰু শুষ্কতম মহাদেশ। ইয়াৰ গড় উচ্চতা আৰু বায়ুপ্ৰবাহবেগও মহাদেশবোৰৰ ভিতৰত সৰ্বাধিক।
-
ইউৰেছিয়া
ইউৰেছিয়া হৈছে এখন মহাদেশ বা অতিমহাদেশ, যি পৰম্পৰাগত মহাদেশ ইউৰোপ আৰু এছিয়াৰ সমষ্টি। ইউৰেছিয়া শব্দতো ইউৰোপ আৰু এছিয়া শব্দ দুটাৰ সন্ধিত সৃষ্টি হোৱা শব্দ। ভৌতিক ভূগোলৰ অনুসৰি ই হৈছে এখনেই মহাদেশ, ইউৰোপ আৰু এছিয়া বেলেগ বেলেগ মহাদেশৰ ধাৰণাতো পুৰণি যুগৰে পৰা প্ৰচলিত।
-
মহাদেশ
মহাদেশ (Continent) শব্দটোৱে পৃথিৱীৰ সুবৃহৎ ভূখণ্ডসমূহৰ একো একোটা বৃহৎ অংশক বুজায়। পৃথিৱীৰ ভূখণ্ডক মহাদেশত ভাগ কৰাৰ কোনো এক নিৰ্দিষ্ট নিয়ম নাই। ইয়াৰ বাবে বিভিন্ন মডেল প্ৰচলিত।
-
আমেৰিকা (মহাদেশ)
আমেৰিকা মহাদেশ, উত্তৰ আমেৰিকা আৰু দক্ষিণ আমেৰিকা মহাদেশক লৈ গঠিত এক সুবৃহৎ অঞ্চল। ইয়াৰ এফালে প্ৰশান্ত মহাসাগৰ আৰু অন্যফালে আটলাণ্টিক মহাসাগৰ অৱস্থিত। এই অঞ্চলৰ সময় অঞ্চল UTC-10 ৰ পৰা UTC লৈ।
-
ওচেনিয়া
প্ৰশান্ত মহাসাগৰৰ মধ্যভাগ আৰু দক্ষিণাংশৰ দ্বীপসমূহক একেলগে ওচেনিয়া বুলা হয়। এই অঞ্চলক চাৰিটা ভাগত ভাগ কৰা হৈছে - মেলানেচিয়া (বৰ্তমানে অষ্ট্ৰেলেচিয়া), মাইক্ৰোনেচিয়া, পলিনেচিয়া আৰু মালয় আৰ্কিয়োপ্লাগো।
-
অষ্ট্ৰেলিয়া (মহাদেশ)
অষ্ট্ৰেলিয়া পৃথিৱীৰ সাত মহাদেশৰ ভিতৰত আটাইতকৈ সৰু মহাদেশ। অষ্ট্ৰেলিয়া, পাপুৱা নিউগিনি আৰু ইণ্ডোনেছিয়াৰ পাপুৱা আৰু পশ্চিম পাপুৱা প্ৰদেশক লৈ গঠিত এই মহাদেশখনৰ মাটিকালি ৮,৪৬৮,৩০০ বৰ্গ কিলোমিটাৰ আৰু জনসংখ্যা ৩১,২৬৯,০০০।
-
এফ্ৰো-ইউৰেছিয়া
এফ্ৰো-ইউৰেছিয়া (Afro-Eurasia) বা এফ্ৰেছিয়া বা ইউৰেফ্ৰেছিয়া
-
জনসংখ্যা অনুসৰি মহাদেশসমূহৰ তালিকা
এই প্ৰবন্ধত পৃথিৱীৰ মূল মহাদেশসমূহক জনসংখ্যা অনুসৰি তালিকাভূক্ত কৰা হৈছে।