ইলিয়ানা ডি'ক্ৰুজ (Ileana D'Cruz; জন্ম: ১ নৱেম্বৰ ১৯৮৭) হৈছে এগৰাকী ভাৰতীয় অভিনেত্ৰী আৰু মডেল। ইলিয়ানাক সাধাৰণতে তেলুগু আৰু হিন্দী ভাষাৰ চলচ্চিত্ৰত দেখিবলৈ পোৱা যায়। তেখেতৰ জন্ম হৈছিল মুম্বাইত। পিতৃ ৰোনাল্ড ডি'ক্ৰুজ এগৰাকী অধিবক্তা আৰু মাতৃ হৈছে সমীৰা। শৈশৱৰ অধিকাংশ সময় ইলিয়ানাই গোৱাতেই কটায়। ২০০৬ চনত তেলুগু ভাষাৰ ছবি 'দেৱদাসু'ৰ জৰিয়তে ইলিয়ানাৰ পৰ্দাত অভিষেক ঘটে। ছবিখনে ব্যৱসায়িকভাৱে সফল ছবি হিচাপে পৰিগণিত হয়। ইয়াৰ লগতে ইলিয়ানাই শ্ৰেষ্ঠ নৱাগতা অভিনেত্ৰীৰ বাবে ফিল্মফেয়াৰ বঁটা লাভ কৰে।
তেলুগু ভাষাৰ ছবি 'পকিৰি' (২০০৮), 'জলশা' (২০০৮), 'কিক' (২০০৯) আৰু 'জুলায়ি' (২০১২)-ৰ জৰিয়তে ইলিয়ানাই বিশেষ পৰিচিতি আৰু প্ৰতিষ্ঠা লাভ কৰে।১ ২০০৬ চনত মুক্তি লাভ কৰা 'কেড়ি' হৈছে ইলিয়ানাই অভিনয় কৰা প্ৰথমখন তামিল ভাষাৰ ছবি। ইয়াৰ লগতে ২০১২ চনত নিৰ্মিত 'ননবান'তো ইলিয়ানাই অভিনয় কৰে।২ প্ৰসিদ্ধ ছবি পৰিচালক অনুৰাগ বসুৰ 'বৰ্ফি! (২০১২ চলচ্চিত্ৰ)' হৈছে ইলিয়ানাই অভিনয় কৰা প্ৰথমখন হিন্দী ভাষাৰ কথাছবি। ছবিখনে ২০১২ চনত মুক্তিলাভ কৰিছিল। ইয়াৰ পিছত ইলিয়ানাই 'মেই তেৰা হিৰো' (২০১৪), 'ৰাস্তম' (২০১৬), 'বাদশ্বাহো' (২০১৭) আৰু 'ৰেইদ' (২০১৮) নামৰ হিন্দী ছবিকেইখনত অভিনয় কৰে।৩
ব্যক্তিগত জীৱন
১৯৮৭ চনৰ ১ নৱেম্বৰত মুম্বাইৰ মহিমৰ এটি গোৱান কেথলিক পৰিয়ালত ডি'ক্ৰুজৰ জন্ম হয়।৪৫ অৱশ্যে দহ বছৰ বয়সতে তেখেতৰ পৰিয়ালটো গোৱাৰ পাৰালৈ উঠি আহে।৬ তেওঁৰ মাতৃভাষা হৈছে কোংকণী।৭৮
সেইখিনি সময়তে মাকে কাম কৰা হোটেলৰ মেনেজাৰগৰাকীয়ে ইলিয়ানাৰ মাকক জনায় যে-ইলিয়ানা এটি সুন্দৰ হাঁহিৰ গৰাকী। আৰু সেয়েহে তাই মডেলিঙৰ জগতত চেষ্টা এটা চলাই চাব লাগে। ইয়াৰ পৰিণতিস্বৰূপে মাৰ্ক ৰবিনছনৰ লগত সাক্ষাৎ এটা ঠিক কৰা হ'ল। প্ৰাৰম্ভিক পৰ্যায়ৰ অসন্মতিসূচক মনোভাৱ পৰিহাৰ কৰি অৱশেষত ইলিয়ানা মান্তি হয় আৰু এনেকৈয়ে ২০০৩ চনৰ জানুৱাৰী মাহত ইলিয়ানাৰ প্ৰথমটো পৰ্টফলিঅ' প্ৰস্তুত হয়। প্ৰথম পৰ্টফলিঅ'টোক ইলিয়ানাই বীভৎস বা "disaster" হিচাপে গণ্য কৰে। পৰৱৰ্তী সময়ত ইলিয়ানাই মডেলিঙৰ জৰিয়তে দৃষ্টি আকৰ্ষণ কৰে আৰু ইলেক্ট্ৰলাক্স, ইমামি আৰু ফেয়াৰ এণ্ড লাভলিৰ দৰে ব্ৰেণ্ডৰ লগত বিজ্ঞাপন কৰে। বিজ্ঞাপন জগততে তেখেতৰ সাক্ষাৎ হয় ৰাকেশ ৰোচনৰ লগত। ৰাকেশ ৰোচনে ইলিয়ানাৰ প্ৰতিভাক স্বীকৃতি জনায় আৰু ছবিত অভিনয়ৰ বাবে বহুকেইটা প্ৰস্তাৱ লৈ আহে।৮৯
কৰ্মজীৱন
২০০৫ চনত, ডি'ক্ৰুজক পৰিচালক তেজাই অদিশ্যনৰ বাবে আমন্ত্ৰণ জনায়। পিছে দুৰ্ভাগ্যজনকভাৱে সেইটো প্ৰকল্প বাতিল কৰা হয়।৮ ২০০৬ চনত মুক্তি লাভ কৰা তেলুগু ভাষাৰ ৰোমাণ্টিক কথাছবি 'দেৱদাসু' হৈছে ইলিয়ানাই অভিনয় কৰা প্ৰথমখন তেলুগু ভাষাৰ ছবি। ছবিখনৰ পৰিচালক হৈছে ৱাইভিএছ চৌধুৰী। ছবিখনৰ কাম কৰাৰ পূৰ্বে ইলিয়ানাই অৰুণা ভিক্ষুৰ লগত ছবি-সম্পৰ্কীয় পাঠদান গ্ৰহণ কৰে। পৰৱৰ্তী সময়ত ইলিয়ানাই মত পোষণ কৰে যে ছবিখন কৰি থকা সময়ত তেখেতে চাপ অনুভৱ কৰিছিল; "pressured ... almost cried and didn't want to go further", but went ahead after her mother encouraged her, giving her "the lecture of a lifetime [...] at 3 am."১০ ছবিখনে ব্যৱসায়িক সফলতা অৰ্জন কৰা লগতে ফিল্মফেয়াৰ বঁটা-দক্ষিণৰ শ্ৰেষ্ঠ নৱাগতা অভিনেত্ৰীৰ সন্মান লাভ কৰে।১১
২০০৬ চনত মুক্তিলাভ কৰা তামিল ভাষাৰ ছবি 'কেড়ি' হৈছে ইলিয়ানাৰ প্ৰথমখন তামিল ছবি। ছবিখনে বক্স অফিচত আশানুৰূপ সফলতা দেখুৱাব নোৱাৰিলে যদিও ইলিয়ানাৰ বাবে প্ৰতিভা বিকাশৰ এখন নতুন দ্বাৰ এইদৰেই বিকশিত হৈ উঠিল।১২১৩
ইলিয়ানাই অভিনয় কৰা প্ৰথমখন হিন্দী ছবি আছিল অনুৰাগ বসুৰ দ্বাৰা পৰিচালিত 'বৰ্ফি! (২০১২ চলচ্চিত্ৰ)'।১৪ ছবিখনত এগৰাকী কথকৰ ভূমিকা পালন কৰাৰ উপৰি তেখেতে শ্ৰুতি ঘোষ নামৰ চৰিত্ৰটোও ৰূপায়ণ কৰে। ছবিখনে ২০১২ চনৰ ১৪ ছেপ্টেম্বৰত মুক্তি লাভ কৰে।১৫ আৰু দৰ্শক-সমালোচকৰ পৰা ভৰপূৰ প্ৰশংসা লাভ কৰে।১৬ ব্যৱসায়িক দিশতো ছবিখনে অপাৰ সফলতা লাভ কৰে। সমগ্ৰ বিশ্বজুৰি ছবিখনৰ মুঠ উপাৰ্জন হয়গৈ প্ৰায় ১.৭৫ বিলিয়ন।১৭
অন্যান্য কৰ্ম আৰু ৰাজহুৱা ভাৱমূৰ্তি

ডি'ক্ৰুজে নিজকে তেলেগু আৰু হিন্দী চিনেমাৰ অন্যতম আগশাৰীৰ অভিনেতা হিচাপে প্ৰতিষ্ঠা কৰিছে।.১৮ভ'গে কয় যে তেওঁ দক্ষিণ ভাৰতীয় চলচ্চিত্ৰ উদ্যোগত "সুপৰিচিত নাম"১৯৷ তৰণ আদৰ্শে তেওঁক "অতি দক্ষ" বুলি অভিহিত কৰিছিল।২০ ২০২১ চনৰ বাবে দাক্ষিণাত্যৰ চিনেমাৰ ইনষ্টাগ্ৰামত ফৰ্বছ ইণ্ডিয়াৰ সবাতোকৈ প্ৰভাৱশালী তাৰকা হিচাপে ১৮-নম্বৰত স্থান দিছিল।২১ হিন্দী ছবিৰ অভিষেকৰ জৰিয়তে তেওঁ টাইমছ অৱ ইণ্ডিয়াৰ ২০১২ চনৰ ১০ গৰাকী আটাইতকৈ আশাব্যঞ্জক মহিলা নৱাগত তালিকাত ২য় স্থান লাভ কৰে।২২ ২০১২ চনত ৰেডিফ ডট কমে তেওঁক বলিউডৰ শীৰ্ষ ১০ গৰাকী অভিনেত্ৰীৰ তালিকাত স্থান দিছিল, য'ত তেওঁ ৮ম স্থান লাভ কৰিছিল।২৩ডি ক্ৰুজে বডি ডিছমৰ্ফিক ডিছঅৰ্ডাৰত আক্ৰান্ত হৈ আহিছে। তেওঁৰ শৰীৰৰ প্ৰতিচ্ছবিৰ সমস্যাৰ বিষয়ে তেওঁ অভিমত ব্যক্ত কৰিছে৷
অভিনয়ৰ লগতে তেওঁ বিৰাট কোহলীৰ সৈতে ক্লিয়াৰ শ্বেম্পু আৰু অক্ষয় কুমাৰৰ সৈতে কেভিনকেৰকে ধৰি ভালেমান ব্ৰেণ্ড আৰু প্ৰডাক্টৰ এগৰাকী বিশিষ্ট চেলিব্ৰিটি এণ্ডাৰছাৰ।২৪২৫ তেওঁ পৰ্যটন ফিজিৰ ব্ৰেণ্ড এম্বেছাদৰো।২৬ ডি'ক্ৰুজে পৰৱৰ্তী সময়ত টাইমছৰ আটাইতকৈ বাঞ্ছনীয় মহিলা তালিকাত স্থান লাভ কৰে৷ তালিকাৰ ২০১১ চনত তেওঁ ২০ নম্বৰ আৰু ২০১৩ চনত ২১ নম্বৰ স্থান লাভ কৰে।২৭ ২০১৩ চনত মুম্বাইৰ এখন পশু চিকিৎসালয় সংস্কাৰৰ বাবে ধন সংগ্ৰহৰ বাবে তেওঁ নিজৰ কাপোৰ আৰু আনুষংগিক সামগ্ৰী দান কৰিছে।২৮ ছোৱালীৰ শিক্ষাৰ বাবে তেওঁ সমৰ্থন আগবঢ়াবলৈ তেওঁ "স্মাইল ফাউণ্ডেশ্যন"ৰ ৰেম্পত খোজ কাঢ়িছে,। ২০১৬ চনত ডি'ক্ৰুজে অসুবিধাগ্ৰস্ত শিশুসকলৰ বাবে এক চেৰিটি অনুষ্ঠানত অংশগ্ৰহণ কৰে।২৯৩০
তথ্যসূত্ৰ
- ↑ rediff.com: 'Acting was never my dream' . Specials.rediff.com. Retrieved on 28 May 2011
- ↑ (21 January 2012). Will Vijay's Nanban touch the Rs. 100 Crore mark?. Sify
- ↑ www.imdb.com/name/nm2299825/
- ↑ Ileana D'Cruz turns 30: Let the birthday girl and her beau Andrew Kneebone give you relationship goals. India Today
- ↑ Gupta, Priya. (27 September 2013). No one can contain me: Ileana D'Cruz. The Times of India. Bennett,Coleman & Co. Ltd
- ↑ Bollywood Calling Ileana D'Cruz!
- ↑ "Goan diaspora makes a mark worldwide", Indo-Asian News Service via 'Times of India' (14 January 2007). Retrieved 18 November 2010
- ↑ rediff.com: The hottest heroine of Telugu cinema . Specials.rediff.com (23 August 2006). Retrieved on 28 May 2011
- ↑ PIX: Know more about Barfi! 's GORGEOUS Ileana!
- ↑ rediff.com: The hottest heroine of Telugu cinema . Specials.rediff.com (23 August 2006). Retrieved on 28 May 2011
- ↑ (24 June 2008). Bachchans, Chiranjeevi, Mammootty at the 54th Filmfare Awards (South). Indiatimes Movies
- ↑ Ronamai, Raymond. (1 June 2007). Ileana turns hot again. One India
- ↑ 'Asin's no to Surya'. sify.com
- ↑ Anurag Basu confirms Telugu actress Ileana D'Cruz opposite Ranbir in Barfee .Bollywoodhungama.com (13 December 2010). Retrieved on 28 May 2011
- ↑ (14 September 2012). 50 Hottest Pics of Ileana D'Cruz. invectura.com
- ↑ Saptarishi Dutta. Review Round-Up: 'Barfi! ' Charms. The wall street journal
- ↑ (17 January 2013). Top Ten Worldwide Grossers 2012. Box Office India
- ↑ (21 December 2012). Happy Birthday Ileana D'Cruz: Barfi to Raid, 5 MUST watch movies of the actress. Zee News
- ↑ (31 July 2017). Ileana D'cruz: Then and Now!
- ↑ (21 July 2017). Even after 11 years of working I get the jitters on the first day of shoot: Ileana D'Cruz. Verve India
- ↑ Priya Gupta, Garima Sharma. (29 August 2013). The most promising newcomer female for 2012 is. The Times of India
- ↑ (21 December 2012). Bollywood's 10 Best Actresses Of 2012. Rediff.com
- ↑ Exclusive - Ileana D'Cruz speaks out about body image issues. Femina India
- ↑ (18 April 2014). Virat gets new girl for Ad; Ileana D'Cruz replaces Anushka Sharma. India TV News
- ↑ CavinKare signs Akshay Kumar, Ileana D'Cruz as brand ambassadors for Indica brand. Fashion Network
- ↑ FF Online. Tourism Fiji launches brand campaign with Ileana D'Cruz. Financial Express
- ↑ Times Most Desirable Women 2013: Ileana D'Cruz at 21. Times of India
- ↑ Lipika Varma. Ileana D'Cruz donates to raise money. Deccan Chronicle
- ↑ (3 August 2015). Ramp For Champs: Rajkummar Rao, Jackky Bhagnani, Ileana D'Cruz walk for girls education. Indian Express
- ↑ (10 June 2016). Click happy! Ileana D'Cruz and Lauren Gottlieb get into selfie mode at a charity event. Mid Day
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ইলিয়ানা ডি'ক্ৰুজ” প্ৰবন্ধৰ সংশোধন ৫৪৬৯৪৩ (৩ নৱেম্বৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।