ইম'জি (Emoji) হৈছে ইলেক্ট্ৰনিক মেছেজ আৰু ৱেবপেজত ব্যৱহৃত একপ্ৰকাৰৰ ভাবপ্ৰকাশক চিহ্ন।১ ইম'জিবোৰ হৈছে একো একোটা চিত্ৰ যিবোৰ মূলতঃ ভাব প্ৰকাশৰ বাবে ব্যৱহাৰ কৰা হয়।২ ইম'জি বিভিন্ন প্ৰকাৰৰ, যেনে ― মুখভঙ্গি, দৈনন্দিন বস্তু, স্থান, বতৰ আৰু জীৱ-জন্তু। ইম'জি নামৰ উৎপত্তি জাপানী ভাষাৰ 絵 (ই মানে ছবি) আৰু 文字 (ম'জি মানে আখৰ) শব্দ দুটা লগলাগি হৈছে; ইংৰাজী ভাষাৰ শব্দ emotion আৰু emoticon-ৰ সৈতে ইয়াৰ মিল মাত্ৰ এক সংযোগহে।৩ ইয়াৰ আক্ষৰিক অৰ্থ হ'ল চিত্ৰলিপি।
১৯৯০-ৰ দশকত জাপানী মোবাইল ফোনত ইম'জিৰ প্ৰথম আৱিৰ্ভাব হয়। আপেল কোম্পানীৰ আইফোনত ইম'জি অন্তৰ্ভুক্ত হোৱাৰ লগে লগে ইম'জিৰ জনপ্ৰিয়তা বৃদ্ধি হৈ পৰে। তাৰ পাছত এণ্ড্ৰইড আৰু অন্যান্য মোবাইল ফোনতো আপেলৰ অনুসৰণ কৰি ইম'জিক অন্তৰ্ভুক্ত কৰে।৪৫৬ মাইক্ৰ'চফ্ট ৱিণ্ড'জ ৮-ত চিগো উইআই চিম্বল চিষ্টম ফণ্টত একবৰ্ণী ইউনিক’ড ইম'জি আৰম্ভ কৰা হয়, পাছত ৱিণ্ড'জ ৮.১-ত চিগো উইআই ইম'জি ফণ্টৰ মাধ্যমেৰে ৰঙীণ ইম'জিৰ প্ৰবৰ্তন কৰা হয়।৭ বৰ্তমানে পাশ্চাত্যৰ জনপ্ৰিয় সংস্কৃতিত ইম'জিয়ে গুৰুত্বপূৰ্ণ স্থান লাভ কৰিছে।৮
ইতিহাস
বিশ্বৰ প্ৰথম বহুলভাবে ব্যৱহৃত ইম'জি জাপানৰ ছিগেটাকা কুৰিটা নামৰ ব্যক্তি এজনে ১৯৯৯ চনত সৃষ্টি কৰিছিল।৯১০ তেওঁ আছিল NTT DoCoMo-ৰ আই-মোড মোবাইল ইণ্টাৰনেট প্লেটফৰ্ম দলৰ সদস্য।১১ কুৰিটাই বতৰৰ চিহ্ন, চীনা ভাষাৰ আখৰ আৰু ৰাস্তাৰ চিহ্নবোৰক ইম'জিলৈ ৰূপান্তৰিত কৰিছিল। তদুপৰি মাংগা নামৰ জাপানী চিত্ৰকলাত ব্যৱহৃত মনৰ ভাব প্ৰকাশ কৰা চিহ্ন (যেনে - বুদ্ধি বুজাবলৈ বৈদ্যুতিক বাল্ব) আদিৰ ইম'জিলৈ ৰূপান্তৰ কৰাত কামত লাগে।১২১৩১১ ইম'জি প্ৰথমে কেৱল জাপানী মোবাইল অপাৰেটৰ NTT DoCoMo, au আৰু চফ্টবেংক মোবাইল (পূৰ্বৰ ভোডাফোন)-ত উপলব্ধ আছিল। এই অপাৰেটৰসমূহে নিজৰ ভিন্ন ভিন্ন ইম'জি ব্যৱহাৰ কৰিছিল। আই-মোডৰ মেচেজিং সুবিধাটোত বৈদ্যুতিক যোগাযোগক ত্বৰান্বিত কৰা আৰু আন অপাৰেটতকৈ পৃথক সুবিধা উপলব্ধ কৰাৰ মানসেৰে NTT DoCoMo-ই ১৭৬টা ১২×১২ পিক্সেলেৰ ইম'জিৰ প্ৰথম ছেট প্ৰকাশ কৰে।৪ কুৰিটাই মানুহৰ মুখভঙ্গি আৰু চহৰৰ অন্য বস্তুবোৰ পৰ্যবেক্ষণ কৰি নিজেই প্ৰথম ১৮০টা ইম'জি সৃষ্টি কৰে।১৩
NTT DoCoMo-ৰ আই-মোডত প্ৰতিটো ইম'জি ১২×১২ পিক্সেল গ্ৰীডত উপস্থাপন কৰা হৈছিল। ব্যক্তিগত ব্যৱহাৰৰ ইউনিক'ড কেৰেক্টাৰ স্পেচ E63E-ৰ পৰা E757-ৰ মাজত আৰু চিফ্ট জেআইএচ-ৰ F89F -ৰ পৰা F9FC-ৰ মাজত দুই বাইট কেৰেক্টাৰৰ অনুক্ৰমত ইয়াক ট্ৰান্সমিট কৰা হৈছিল। প্ৰাথমিক ৰূপত ইয়াত ১,৭০৬টা চিহ্ন আছে; কিন্তু যিবোৰ ফোনে C-HTML 4.0 সমৰ্থন কৰে, তাত আৰু ৭৮টা অধিক চিহ্ন যোগ কৰিব পাৰি।
জাপানী মোবাইল ব্ৰেণ্ড au-ৰ ইম'জিবোৰক চিহ্নিত কৰা যায় HTML-ৰ IMG টেগৰ দ্বাৰা। চফ্টবেংক মোবাইলৰ ইম'জি SI/SO এস্কেপ ক্ৰমত থাকে আৰু তাত ৰং আৰু এনিমেছনো দেয়া যায়। DoCoMo-ৰ ইম'জি ট্ৰান্সমিট কৰা সকলোতকৈ কঠিন, তাৰ বিপৰিতে au-ৰ ইম'জিৰ ক্ষেত্ৰত সেয়া সকলোতকৈ সহজ আৰু মুক্ত ষ্টেণ্ডাৰৰ ওপৰ ভিত্তি কৰা।
২০১০ চনত জাপানৰ এই ইম'জিবোৰৰ কেইবাটাকো ইউনিক’ডত অন্তৰ্ভুক্ত কৰা হয়, ফলত ইম'জিয়ে এক মান্য ৰূপ পায় আৰু সমগ্ৰ বিশ্বজুৰি ব্যৱহাৰৰ দুৱাৰ মুকলি হয়। ২০১০ চনৰ অক্টোবৰত ইউনিক'ড ষ্টেণ্ডাৰ্ডৰ ৬.০ সংস্কৰণত শতাধিক ইম'জি প্ৰকাশিত হয় (ISO/IEC 10646)। এই সংযুক্তিৰ বাবে আবেদন জনাইছিল গুগল (কেট ম'ম'ই, মাৰ্ক ডেভিছ আৰু মাৰ্কাচ ছেৰাৰে ২০০৭ চনৰ আগষ্টত ইউনিক'ড সমিতিলৈ এই সম্বন্ধে চিঠি লিখিছিল) আৰু আপল কোম্পানীয়ে (২০০৯ চনৰ জানুৱাৰীত ৬০৭টা চিহ্ন যোগ কৰাৰ প্ৰস্তাৱ দিছিল য়াছুউ কিডা আৰু পিটাৰ এডবাৰ্গে)। ইউনিক'ড তথা ISO/IEC JTC1/SC2/WG2-ত অংশগ্ৰহণকাৰী দেশৰ সংস্থাসমূহৰ (মূলতঃ আমেৰিকা যুক্তৰাষ্ট্ৰ, জাৰ্মানী, আয়াৰলেণ্ড আৰু জাপান) মাজত কেইবালানি আলোচনাৰ অন্তত কেইবা শতাধিক নতুন আখৰ (বেছিভাগেই মানচিত্ৰৰ চিহ্ন আৰু ইউৰোপীয় চিহ্ন) ইউনিক'ডত গৃহীত তথা সংযোগ কৰা হয়। ইউনিক'ডে ইম'জিক গ্ৰহণ কৰাৰ ফলত জাপানৰ বাহিৰেও বাকী বিশ্ব ইম'জিৰ সৈতে পৰিচিত হয়। ইউনিক'ডৰ ৬.০ সংস্কৰণৰ প্ৰাথমিক ইম'জি ছেটত ৭২২টা আখৰ আছিল, যাৰ মাজত ১১৪টা আছিল প্ৰাক-৬.০ ইউনিক'ড ষ্টেণ্ডাৰ্ডৰ ক্ৰম অনুযায়ী, আৰু বাকী ৬০৮টা প্ৰথম প্ৰকাশ পোৱা নতুন আখৰ।১৪ ইম'জিৰ বাবে ইউনিক'ডৰ নিৰ্দিষ্ট কোনো ব্লক ৰখা হোৱা নাই ― সাতটা ভিন্ন ব্লকত ইম'জিবোৰক ভাগ কৰি ৰখা হৈছে (কিছু ব্লক নতুনকৈও সৃষ্টি কৰা হৈছে) আৰু ইয়াৰ লগতে EmojiSources.txt নামৰ এটি ইউনিক'ড ডাটা ফাইল আছে য'ত পুৰণা জাপানী ইম'জিৰ তথ্য আছে। এই আখৰৰ ছেটত "আঞ্চলিক নিৰ্দেশক চিহ্ন" নামেৰে এক অংশ আছে য'ত বিভিন্ন দেশৰ জাতীয় পতাকাক আখৰ হিচাপে ব্যৱহাৰ কৰাৰ বিকল্প ৰখা হৈছে।
ইম'জিৰ জনপ্ৰিয়তা ইমানেনেই বৃদ্ধি পায় যে আন্তঃৰাষ্ট্ৰীয় বজাৰ মোবাইল ফোন নিৰ্মাতা আৰু প্ৰতিষ্ঠানে ভিন্ন ভিন্ন দেশ আৰু লোকৰ সংস্কৃতিৰ দৰ্শোৱা ইম'জি যোগ কৰাৰ বাবে ইউনিক'ড সমিতিক হেঁচা দিয়ে। ইউনিক'ড ৭.০-ত প্ৰায় ২৫০টা ইম'জি যোগ কৰা হয়, তাৰ বেছিৰভাগেই ৱেবডিংছ আৰু ৱিনডিংছ ফণ্টৰ পৰা লোৱা হয়।১৫ য়াহু, এম এচ এন মেছেঞ্জাৰৰ দৰে মেছেঞ্জাৰ চিষ্টেমত ব্যৱহৃত কিছু প্ৰাক-ইউনিক'ড চিহ্নকো ইয়াত ইম'জি ৰূপে অন্তৰ্ভুক্ত কৰা হয়।১৬ ইউনিক'ড ৮.০-ত ক্ৰিকেট বেটৰ দৰে কিছু খেলাৰ সৰঞ্জাম, খাদ্য বস্তু, ৰাশিচক্ৰৰ চিহ্ন, নতুন কিছু মুখভঙ্গি আৰু বিভিন্ন ধৰ্মৰ উপাসনা-গৃহ ইত্যাদিৰ সৈতে মুঠ ৪১টা নতুন ইম'জি যোগ কৰা হয়।১৭ বিভিন্ন প্ৰতিষ্ঠানৰ পৰা নতুন ইম'জি যোগ কৰাৰ বাবে ইউনিক'ড সমিতিক যি হেঁচা দিয়া হৈছে তাক বহুতে এইবুলি সমালোচনা কৰিছে যে ইউনিক'ডৰ মূল উদ্দেশ্য, যি হৈছে পৃথিৱীৰ বিভিন্ন গৌণ বা পুৰাতন লিপিৰ আখৰক মান্য ৰূপ দিয়া, তাৰ ফালৰি কাটি গৈছে।১৮
ইউনিক'ডৰ দ্বাৰা নিৰ্ধাৰিত একে অৰ্থবহ ইম'জি প্লেটফৰ্ম অনুযায়ী দেখাত কিছু সালসলনি হ'ব পাৰে, কাৰণ সেই একেটা বস্তুকে বিভিন্ন কোম্পানীয়ে বেলেগ বেলেগ ধৰণৰ ছবিৰে ফুটাই তোলাৰ চেষ্টা কৰে।১৯ যেনে- আপেল কোম্পানীৰ নিয়ম অনুসৰি, কেলেণ্ডাৰ ইম'জিত সদায়ে জুলাই ১৭ লিখা থাকে, কাৰণ ২০০২ চনৰ এই দিনটোতে আপলৰ মেক কম্পিউটাৰৰ বাবে আই-কেল কেলেণ্ডাৰ এপ্লিকেছন বজাৰলৈ মুক্তি দিয়া হৈছিল। ফলস্বৰূপে আপেলৰ কিছু ব্যৱহাৰকাৰীয়ে ১৭ জুলাইৰ দিনটোক "আন্তঃৰাষ্ট্ৰীয় ইম'জি দিৱস" নামেৰে নামমাকৰণ কৰে।২০ আন প্লেটফৰ্মবোৰত পিছে কেলেণ্ডাৰ ইম'জিত ১৭ জুলাইৰ সলনি বেলেগ বেলেগ তাৰিখ থাকে।২১
চফ্টবেংকৰ সৈতে আপেল ইম'জিৰ যথেষ্ট মিল দেখা যায়। উদাহৰণ স্বৰূপে, ইউনিক'ডত (যাৰ নাম DANCER বা নৰ্তক) ইম'জি আপেল আৰু চফ্টবেংকৰ ষ্টেণ্ডাৰ্ডত মহিলা হিচাপে দেখুওৱা হৈছে, কিন্তু অন্য ঠাইত পুৰুষ অথবা লিঙ্গ-নিৰপেক্ষ ৰূপেৰে দেখুওৱা হৈছে।২২
সাংবাদিকসকলে উল্লেখ কৰিছে যে কিছু ইম'জিৰ মূল চিহ্নত কোনো সংস্কৃতি-নিৰ্ভৰ অৰ্থ নাথাকিলেও সেই চিহ্নটোৰ দ্ব্যৰ্থতাৰ বাবে সংস্কৃতি ভেদে তাৰ অৰ্থ ভিন্ন ভিন্ন হৈ পৰিছে। যেনে- ইম'জিক ইংৰাজী ভাষী সমাজত "কালৈকো ভ্ৰূক্ষেপ নকৰাকৈ আড়ম্বৰপূৰ্ণ মনোভাৱ" অথবা "নিজৰ সম্মান বৃদ্ধি কৰা আৰু নিন্দুকৰ মুখ বন্ধ কৰা মনোভাৱ" হিচাপে ব্যৱহাৰ কৰা হয়।২৩২৪২৫ কেতিয়াবা ইউনিক'ডৰ নিৰ্দেশিকাত কোনো এক ইম'জিটি কি ধৰণে ব্যৱহাৰ কৰিব লাগে তাৰ বিষয়ে লিখা থাকে। যেনে- ইম'জি বিমান, ট্ৰেইন বা থিয়েটাৰৰ সংৰক্ষিত আসনৰ ৰূপত ব্যৱহাৰ কৰিব পাৰি।২৬
২০১৭ চনৰ জুলাইৰ তথ্য অনুসৰি ইউনিক'ডত বৰ্তমানলৈ ২,৬৬৬টা ইম'জি অন্তৰ্ভুক্ত কৰা হৈছে।২৭
সাংস্কৃতিক প্ৰভাৱ
অক্সফৰ্ড অভিধানে ইম'জিক "২০১৫ ৱৰ্ড অফ দ্য ইয়েৰ" হিচাপে স্বীকৃতি দিয়ে।২৮ অক্সফৰ্ডে এয়াও উল্লেখ কৰে যে, ২০১৫ চনত বিশ্বজুৰি "ইম'জি" শব্দটোৰ ব্যৱহাৰ উল্লেখযোগ্য ভাবে বৃদ্ধি পাইছে আৰু জনপ্ৰিয় সংস্কৃতিত ইয়াৰ যথেষ্ট প্ৰভাব দেখা গৈছে।২৮ SwiftKey-ৰ তথ্য অনুসৰি, "আনন্দৰ চকুপানী সহ মুখ" ইম'জিটো বিশ্বেৰ সকলোতকৈ জনপ্ৰিয় ইম'জি।২৯ আমেৰিকান উপভাষা সংস্থাই ২০১৫ চনৰ তেওঁলোকৰ "ৱৰ্ড অফ দ্য ইয়েৰ" নিৰ্বাচনৰ ভিত্তিত ইম'জিক "আটাইতকৈ উল্লেখযোগ্য ইম'জি" হিচাপে ঘোষণা কৰে।৩০
কিছু ইম'জি আছে যিবোৰ সম্পূৰ্ণ জাপানী সংস্কৃতি-নিৰ্ভৰ, যেনে- জাপানী ব্যৱসায়ীৰ মূৰ দোঁৱাই কৰা সম্ভাষণ, অনভিজ্ঞ গাড়ীচালকক বুজাবলৈ ব্যৱহাৰ কৰা চিহ্ন, "অসাধাৰণ হোমৱৰ্ক"-ৰ অৰ্থে ব্যৱহৃত বগা ফুলৰ ষ্টাম্প,৩১ অথবা কিছু জনপ্ৰিয় জাপানী খাদ্য-সামগ্ৰী: ৰামেন নুডল্চ, ডাংগো, অনিগিৰি, জাপানী তৰকাৰি আৰু চুচি। ইউনিক'ড কনছৰ্চিয়ামৰ প্ৰতিষ্ঠাপক মাৰ্ক ডেভিছে ইম'জিৰ ব্যৱহাৰক বিকশিত ভাষাৰ লগত তুলনা কৰিছে, যেনে- আমেৰিকান লোকসকলে বেঙেনা ইম'জিক পুৰুষৰ যৌনাংগ বুজাবলৈ কৰা ব্যৱহাৰ বিশেষভাবে উল্লেখ কৰিছে।৩২ কিছু ভাষাবিদে ইম'জি আৰু ইম'টিকনসমূহ ভাব প্ৰকাশৰ উৎকৃষ্ট মাধ্যম বুলি মত প্ৰদান কৰিছে।৩৩
২০১৫ চনৰ ডিচেম্বৰত ইম'জিৰ এক "অনুভূতি সমীক্ষা" প্ৰকাশ পায়,৩৪ আৰু ইম'জি চেণ্টিমেণ্ট ৰেংকিং ১.০ বেৰ প্ৰকাশ হয়।৩৫ ২০১৬ চনত চ'নি পিকচাৰচ্ এনিমেছনে ইম'জিৰ ওপৰ ভিত্তি কৰি এখন চলচ্চিত্ৰ নিৰ্মাণৰ কথা ঘোযণা কৰে। পাছত ২০১৭ চনত চলচ্চিত্ৰখনে "দ্য ইম'জি মুভি" নামেৰে মুক্তি পায়।৩৬৩৭ ২০১৬ চনত লচ এঞ্জেলেছত ইম'জিক লৈ এটি সাংগীতিক নাটকৰো প্ৰদৰ্শন কৰা হয়।৩৮৩৯
২০১৭ চনৰ জানুৱাৰীত মিশ্বিগান বিশ্ববিদ্যালয়ৰ প্ৰথমবাৰৰ বাবে কৰা এক বৃহদাকাৰৰ ইম'জি বিষয়ক গৱেষণাত গৱেষকসকলে কিকা ইম'জি কিব'ৰ্ডৰ দ্বাৰা প্ৰেৰণ কৰা ১২০ কোটি মেছেজক৪০ অধ্যয়ন কৰাৰ অন্তত "আনন্দৰ চকুপানী সহ মুখ" ইম'জিক আটাইতকৈ জনপ্ৰিয় ইম'জি ৰূপে ঘোষণা কৰে। হৃদয় আৰু চকু-সহ হৃদয় ইম'জিয়ে ক্ৰমে দ্বিতীয় আৰু তৃতীয় স্থান অধিকাৰ কৰে। গবেষণাত এয়াও দেখা যায় যে, ফৰাচী লোকসকলে হৃদয় ইম'জি আটাইতকৈ বেছি ব্যৱহাৰ কৰে।৪১ লগতে এয়াও দেখা যায় যে, অষ্ট্ৰেলিয়া, ফ্ৰান্স আৰু চেক গণৰাজ্যৰ লোকসকলে আনন্দৰ ইম'জিবোৰ বেছি ব্যৱহাৰ কৰে; আনহাতে মেক্সিকো, কলম্বিয়া, চিলি আৰু আৰ্জেণ্টিনাত দুঃখবাচক ইম'জিবোৰৰ ব্যৱহাৰ বেছি।৪২
ইম'জিক বৰ্তমানে বহুতেই পূৰ্ণাঙ্গ ভাষা ৰূপে গণ্য কৰে। আইনৰ বিশেষজ্ঞসকলৰ মাজতো ইম'জিক সাক্ষ্যৰ ৰূপত আদালতত গ্ৰহণ কৰিব পৰা যায় নে নাযায় তাৰ বিষয়ে আলোচনা চলিছে।৪৩৪৪ ইয়াৰোপৰি ইম'জি "চিহ্ন ভাষা" ৰূপে পৰিণত হোৱাৰ ফলস্বৰূপে ইম'জিৰ "উপভাষা" সৃষ্টি হোৱাৰো প্ৰৱণতা দেখা দিছে।৪৫ ইম'জি ব্যৱহাৰৰ সংজ্ঞা দিনে দিনে সলনি হ'ব ধৰিছে আৰু ই কেৱল ভাব প্ৰকাশতে সীমিত হৈ ৰোৱা নাই।৪৬ স্নেপচাট নামৰ এপ্পটোৱে তাৰ ট্ৰফি আৰু ফ্ৰেইণ্ড চিষ্টেমত ইম'জিক যোগ কৰিছে, য'ত প্ৰতিটো ইম'জিয়েই এক জটিল তথা গভীৰ অৰ্থ বহন কৰে।৪৭
২০১৮ চনত মহ আৰু আন পতংগৰ পৰা বিয়পা ৰোগ যেনে ডেংগি জ্বৰ আৰু মেলেৰিয়াৰ বিষয়ে সজাগতা সৃষ্টিৰ বাবে এটা মহৰ ইম'জি সৃষ্টি কৰা হয়।৪৮ ২০১৯ চনৰ শেষৰফালে ঋতুস্ৰাৱক লৈ এক ইম'জিৰ মুক্তি দিয়া হ'ব। এই পদক্ষেপ ঋতুস্ৰাবৰ বিষয়ে সজাগতা বৃদ্ধি কৰিবৰ বাবে লোৱা হৈছে।৪৯ ইয়াৰ লগতে আন কিছু গুৰুত্বপূৰ্ণ চিকিৎসাজনিত বিষয় যেনে ৰক্তদান আৰু তেজৰ সৈতে জড়িত কাৰ্যকলাপৰ বাবেও ইম'জিৰ সৃষ্টি কৰা হ'ব।৪৯
গাৰ বৰণ
ইউনিক'ড ৮.০-ত পাঁচটা চিহ্ন পৰিবৰ্তকৰ যোগ কৰা হয়, ইয়াৰ দ্বাৰা মানৱ ইম'জিবোৰৰ গাৰ বৰণ সলনি কৰিব পৰা যায়। এই পৰিবৰ্তকবোৰক বোলা হয় EMOJI MODIFIER FITZPATRICK TYPE-1-2, -3, -4, -5, আৰু -6 (U+1F3FB–U+1F3FF): 🏻 🏼 🏽 🏾 🏿। মানৱ চালৰ বৰণ নিৰ্ধাৰণ কৰা "ফিৎজপেক স্কেল" অনুসৰি এইবোৰ তৈয়াৰ কৰা হয়। যিবোৰ মানৱ ইম'জি এই পাঁচটা পৰিবৰ্তকক সমৰ্থন নকৰে, সেইবোৰৰ ৰং অবাস্তৱ চালৰ ৰং, যেনে- উজ্জ্বল হালধীয়া (■), নীলা (■), বা ধোঁৱা-বৰণৰ (■) হয়।৫০ অমানৱ ইম'জিৰ (যেনে ) ওপৰত ফিৎজপেক পৰিবৰ্তকৰ কোনো প্ৰভাব নপৰে। ইউনিক'ড ৯.০ অনুসৰি, ফিৎজপেক পৰিবৰ্তক মুঠ ৮৬টা মানৱ ইম'জিৰ ওপৰত ব্যৱহাৰ কৰা যায়।৫১
| ফিৎজপেক পৰিবৰ্তকৰ ব্যৱহাৰৰ উদাহৰণ | ||||||
| ক'ড বিন্দু | ডিফল্ট | FITZ-1-2 | FITZ-3 | FITZ-4 | FITZ-5 | FITZ-6 |
| U+1F466: ল'ৰা | 👦 | 👦🏻 | 👦🏼 | 👦🏽 | 👦🏾 | 👦🏿 |
| U+1F467: ছোৱালী | 👧 | 👧🏻 | 👧🏼 | 👧🏽 | 👧🏾 | 👧🏿 |
| U+1F468: পুৰুষ | 👨 | 👨🏻 | 👨🏼 | 👨🏽 | 👨🏾 | 👨🏿 |
| U+1F469: মহিলা | 👩 | 👩🏻 | 👩🏼 | 👩🏽 | 👩🏾 | 👩🏿 |
সংযুক্তি
(ZWJ) নামৰ এক বিশেষ ইউনিক'ড চিহ্ন ব্যৱহাৰ কৰি একাধিক ইম'জিক জোৰা লাগাই এক নতুন ইম'জি গঠন কৰিব পাৰি।৫০ যিবোৰ চিষ্টেমে এই বিশেষ চিহ্নটো সমৰ্থন নকৰে সেইবোৰত ইম'জিবোৰক জোৰা লগাব পৰা নাযায় আৰু সেয়ে সংযুক্ত ইম'জিৰ সলনি বেলেগ বেলেগকৈ দেখা যায়।
উদাহৰণ স্বৰূপ, চিষ্টেমে সমৰ্থন কৰিলে, ক্ৰমানুযায়ী U+1F468 MAN, U+200D ZWJ, U+1F469 WOMAN, U+200D ZWJ, U+1F467 GIRL (👨👩👧) সাজালে সকলোবোৰ জোৰা লাগি এটা ইম'জি গঠন হয়, যিটো স্বামী-স্ত্ৰী আৰু কন্যাসহ পৰিয়ালৰ দৰে দেখা যায়। যে চিষ্টেমত এয়া সমৰ্থন নকৰে, তাত মূল ইম'জিবোৰেই দেখা যায়: U+1F468 MAN, U+1F469 WOMAN, U+1F467 GIRL (👨👩👧)।
ইউনিক'ডে এই ZWJ সম্পৰ্কিত ইম'জিবোৰৰ কিছুমান অনুমোদিত ক্ৰমৰ তথ্য প্ৰদান কৰে, যিবোৰ ক্ৰমত ইম'জিবোৰৰ ৰাখিলে নতুন ইম'জি গঠন হয়।৫২
বাহ্যিক সংযোগ
তথ্যসূত্ৰ
- ↑ emoji Meaning in the Cambridge English Dictionary
- ↑ Hern, Alex. (February 6, 2015). Don't know the difference between emoji and emoticons? Let me explain. The Guardian
- ↑ Taggart, Caroline. (November 5, 2015). New Words for Old: Recycling Our Language for the Modern World. Michael O'Mara Books
- ↑ Blagdon, Jeff. (March 4, 2013). How emoji conquered the world. The Verge. Vox Media
- ↑ Adam Sternbergh. (November 16, 2014). Smile, You're Speaking EMOJI: The fast evolution of a wordless tongue. New York
- ↑ Android – 4.4 KitKat. android.com
- ↑ Burge, Jeremy. Windows 10 Emoji Changelog. Emojipedia
- ↑ (July 17, 2017). How Emojis took center stage in American pop culture. NBC News
- ↑ Steinmetz, Katy. (November 16, 2015). Oxford's 2015 Word of the Year Is This Emoji. Time
- ↑ Sternbergh, Adam. (November 16, 2014). Smile, You're Speaking Emoji
- ↑ Negishi, Mayumi. (March 26, 2014). Meet Shigetaka Kurita, the Father of Emoji. Wall Street Journal
- ↑ NTT DoCoMo Emoji List. nttdocomo.co.jp
- ↑ Nakano, Mamiko. Why and how I created emoji: Interview with Shigetaka Kurita. Ignition
- ↑ FAQ – Emoji & Dingbats. unicode.org
- ↑ (June 17, 2014). Host of New Characters and Emoji Introduced in Unicode 7.0. Hexus
- ↑ Emoji Additions: Animals, Compatibility, and More Popular Requests; Emoji tranche 5. Unicode
- ↑ Unicode 8.0.0. Unicode Consortium
- ↑ Warzel, Charlie. Inside 'Emojigeddon': The Fight Over The Future of the Unicode Consortium. Buzzfeed
- ↑ Allsopp, Ashleigh. (December 15, 2014). Lost in translation: Android emoji vs iOS emoji. Tech Advisor
- ↑ Varn, Kathryn. (July 17, 2015). Letting Our Emojis Get in the Way. The New York Times
- ↑ Calendar emoji. Emojipedia
- ↑ Bosker, Bianca. (June 27, 2014). How Emoji Get Lost in Translation. Huffington Post
- ↑ Hern, Alex. (August 12, 2015). How to (pretend to) be young and down with the internet. The Guardian
- ↑ Jewell, Hannah. (December 13, 2014). The 31 Most Nail Care Emoji Moments of 2014. Buzzfeed
- ↑ Abad-Santos, Alexander; Jones, Allie. (March 26, 2014). The Five Non-Negotiable Best Emojis in the Land. The Atlantic Wire
- ↑ Miscellaneous Symbols and Pictographs. Unicode Consortium
- ↑ (July 17, 2017). Emojis Honoured in World Celebration. BBC
- ↑ (November 16, 2015). Oxford names 'emoji' 2015 Word of the Year. Oxford Dictionaries
- ↑ Wang, Yanan. (November 17, 2015). For first time ever, an emoji is crowned Oxford Dictionaries' Word of the Year. The Washington Post
- ↑ (January 8, 2016). 2015 Word of the Year is singular 'they'. www.americandialect.org. American Dialect Society
- ↑ White Flower Emoji. Emojipedia.org
- ↑ Bromwich, Jonah. (October 20, 2015). How Emojis find their way to phones. The New York Times
- ↑ Collister, Lauren. (April 6, 2015). Emoticons and symbols aren't ruining language – they're revolutionizing it. The Conversation
- ↑ Kralj Novak, P.; Smailović, J.; Sluban, B. (2015). Sentiment of Emojis. PLoS ONE. পৃ. e0144296
- ↑ Emoji Sentiment Ranking
- ↑ Fleming, Mike Jr. (July 2015). Emoji at Center of Bidding Battle Won By Sony Animation; Anthony Leondis To Direct. Deadline
- ↑ Lawrence, Derek. (July 27, 2017). The Emoji Movie: Here's what the critics are saying. Entertainment Weekly
- ↑ Gans, Andrew. (April 12, 2016). New Musical About Emojis Will Premiere in Los Angeles. Playbill
- ↑ Cary, Stephanie. (April 14, 2016). 'Emojiland' is bringing your phone's emojis to life in LA. Timeout
- ↑ (May 19, 2017). Emojis: How We Assign Meaning to These Ever-Popular Symbols. University of Michigan
- ↑ (January 3, 2017). People Around the World Use These Emojis The Most. Futurity
- ↑ (January 12, 2017). 'Face with tears of joy' is the most popular emoji, says study. The Hindu
- ↑ Danesi, Marcel. (2015). The Semiotics of Emoji. Bloomsbury. পৃ. 139
- ↑ (October 16, 2015). Exhibit A:;-). Slate
- ↑ Bennett, Jessica. (July 25, 2014). The Emoji Have Won the Battle of Words. The New York Times
- ↑ (April 19, 2016). The Emoji is the Birth of a New Type of Language (? No Joke). Wired
- ↑ Snapchat Emoji Meanings. Snapchat Emoji Meanings
- ↑ Desmon, Stephanie. (2017-09-18). Creating Buzz: Proposing a Mosquito Emoji for Public Health. Johns Hopkins Center for Communication Programs
- ↑ Why Period Activists Think The 'Drop Of Blood' Emoji Is A Huge Win. NPR.org
- ↑ (February 4, 2019). UTR #51: Unicode Emoji. Unicode Consortium
- ↑ (January 15, 2019). UCD: Emoji Data for UTR #51. Unicode Consortium
- ↑ (June 14, 2016). Emoji ZWJ Sequences Catalog. Unicode Consortium
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ইম'জি” প্ৰবন্ধৰ সংশোধন ৫৩৭২৪১ (৫ ছেপ্তেম্বৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।