শ্ৰেষ্ঠ হিন্দী ছবিৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা বিজয়ী
১৪ প্ৰবন্ধ
-
চাহিব বিবি ঔৰ গুলাম
চাহিব বিবি ঔৰ গুলাম (साहिब बीबी और गुलाम; Sahib Bibi Aur Ghulam) ১৯৬২ চনত মুক্তিপ্ৰাপ্ত, আব্ৰাৰ আলভি পৰিচালিত আৰু গুৰু দত্ত প্ৰযোজিত এখন ক'লা-বগা হিন্দী বোলছবি। বিমল মিত্ৰৰ বঙালী উপন্যাস 'চাহেব বিবি গোলাম'ৰ আধাৰত ছবিখন নিৰ্মাণ কৰা হৈছে।
-
মাদাৰ ইণ্ডিয়া
মাদাৰ ইণ্ডিয়া (Mother India) হৈছে মেহবুব খানৰ দ্বাৰা পৰিচালিত তথা ১৯৫৭ চনত মুক্তিপ্ৰাপ্ত এখন ভাৰতীয় চলচ্চিত্ৰ। চলচ্চিত্ৰখনৰ মুখ্য চৰিত্ৰত অভিনয় কৰিছে নাৰ্গিছ, সুনীল দত্ত, ৰাজেন্দ্ৰ কুমাৰ আৰু ৰাজ কুমাৰে। মাদাৰ ইণ্ডিয়া মেহবুব খানৰ পূৰ্ববৰ্তী চলচ্চিত্ৰ ঔৰত (১৯৪০) ৰ পুনৰ্নিমাণ।
-
মিৰ্জা গালিব (চলচ্চিত্ৰ)
মিৰ্জা গালিব (Mirza Ghalib) ১৯৫৪ চনৰ হিন্দী আৰু উৰ্দু ভাষাত নিৰ্মিত, চোহৰাব মোডী পৰিচালিত প্ৰখ্যাত কবি মিৰ্জা গালিবৰ জীৱন আধাৰিত এখন বলিউদী চলচ্চিত্ৰ, যিখন ছবি মুক্তিৰ পিছতে দৰ্শক-সমালোচনকৰ দ্বাৰা প্ৰশংসিত হৈছিল। ইয়াত ভাৰত ভূষণে মিৰ্জা গালিবৰ আৰু সুৰাইয়াই গালিবৰ প্ৰেমিকা ভূমিকাত অভিনয় কৰিছে।
-
আক্ৰোশ (চলচ্চিত্ৰ)
আক্ৰোশ (Akrosh) ১৯৮০ চনত মুক্তি পোৱা ভাৰতীয় হিন্দী ভাষাৰ আইনী নাট্যধৰ্মী চলচ্চিত্ৰ। এইখন গোবিন্দ নিহালানী পৰিচালিত আৰু বিজয় টেণ্ডুলকাৰ ৰচিত প্ৰথম ছবি আছিল।
-
আনন্দ (চলচ্চিত্ৰ)
আনন্দ (Anand) ১৯৭১ চনত মুক্তিপ্ৰাপ্ত এখন হিন্দী ভাষী ভাৰতীয় চলচ্চিত্ৰ। হৃষিকেশ মুখাৰ্জীৰ দ্বাৰা পৰিচালিত চলচ্চিত্ৰখনৰ মুখ্য ভূমিকাত অভিনয় কৰিছে ৰাজেশ খান্নাই। অমিতাভ বচ্চন, সুমিতা সন্যাল, ৰমেশ দেৱ আৰু সীমা দেৱ আছিল সহকাৰী অভিনয় শিল্পী।
-
দো আঁখেঁ বাৰহ হাথ
দো আঁখেঁ বাৰহ হাথ ( Do Aankhen Barah Haath ) ১৯৫৭ চনত মুক্তি পোৱা, ভি শান্তাৰাম পৰিচালিত এখন ড্ৰামা হিন্দী চলচ্চিত্ৰ। পৰিচালক শান্তাৰামে নিজেই ছবিখনৰ মূল চৰিত্ৰটোত অভিনয় কৰিছিল। মানৱীয় মনস্তত্ত্ব বিষয়ক কাহিনীৰ আধাৰত নিৰ্মিত এই ছবিখনক এখন ধ্ৰুপদী হিন্দী ছবি বুলি গণ্য কৰা হয়।
-
পাৰ (চলচ্চিত্ৰ)
পাৰ (Paar (film)) ১৯৮৪ চনৰ গৌতম ঘোষ পৰিচালিত এখন হিন্দী ভাষাৰ ভাৰতীয় চিনেমা। ছবিখনত অভিনয় কৰিছে শাবানা আজমী, নাছিৰুদ্দিন শ্বাহ আৰু ওম পুৰীয়ে। নাছিৰুদ্দিন শ্বাহে নৌৰংগীয়াৰ চৰিত্ৰত অভিনয় কৰি ভলপি কাপ লাভ কৰে। সমৰেশ বসুৱে লিখা বাংলা গল্প পাড়ীৰ আধাৰত ছবিখন নিৰ্মাণ কৰা হৈছিল।
-
জুবেইদা (চলচ্চিত্ৰ)
জুবেইদা ( Zubeidaa ) ২০০১ চনত মুক্তি পোৱা এখন হিন্দী ছবি, যিখনৰ পৰিচালনা শ্যাম বেনেগালৰ আৰু ৰচনা খালিদ মহম্মদৰ। ইয়াত অভিনয় কৰিছে কৰিশ্মা কাপুৰ, ৰেখা, মনোজ বাজপেয়ী, সুৰেখা ছিক্ৰী, ৰজিত কাপুৰ, লিলেট ডুবে, অমৰীশ পুৰী, ফৰিদা জালাল আৰু শক্তি কাপুৰে। এ.আৰ. ৰহমানে ছবিখনৰ আৱহ সংগীত আৰু গীতৰ সংগীত কৰিছে।
-
নিশান্ত
নিশান্ত (Nishant) ১৯৭৫ চনত মুক্তি পোৱা শ্যাম বেনেগালৰ পৰিচালনাত নিৰ্মিত এখন হিন্দী নাট্যধৰ্মী ছবি, যিখন বিশিষ্ট নাট্যকাৰ বিজয় তেণ্ডুলকাৰৰ মূল চিত্ৰনাট্যৰ আধাৰত নিৰ্মিত। ছবিৰ সংলাপ লিখিছে সত্যদেৱ ডুবেই।
-
মিৰ্ছ মছালা
মিৰ্ছ মছলা (Mirch Masala)) ১৯৮৭ চনত মুক্তি পোৱা কেতন মেহতা পৰিচালিত এখন হিন্দী মনস্তাত্বিক থ্ৰিলাৰ ছবি। ইয়াত নাছিৰুদ্দিন শ্বাহ আৰু স্মিতা পাটিলে মুখ্য চৰিত্ৰত অভিনয় কৰিছে। ছবিখন প্ৰযোজনা কৰিছিল NFDC-এ।
-
উৎসৱ (চলচ্চিত্ৰ)
উৎসৱ ( Utsav ) ১৯৮৪ চনত শশী কাপুৰৰ প্ৰযোজনা আৰু গিৰীশ কৰ্ণাডৰ পৰিচালনাত নিৰ্মিত এখন হিন্দী এৰোটিক ড্ৰামা ছবি। শুদ্ৰকৰ মৃচ্ছকটিকম নাটকৰ আধাৰত নিৰ্মিত এই ছবিখন। ইয়াৰ হিন্দী আৰু ইংৰাজী ভাষাত একেলগে চিত্ৰগ্ৰহণ কৰা হৈছিল। ইংৰাজী সংস্কৰণৰ পোষ্ট প্ৰডাকচনৰ কাম লণ্ডনত কৰা হৈছিল।
-
কুইন (২০১৪ চলচ্চিত্ৰ)
কুইন ( Queen ) ২০১৪ চনত নিৰ্মিত এখন মহিলা প্ৰধান ভাৰতীয় হিন্দী ছবি। ইয়াৰ পৰিচালনা বিকাশ বেহেলে কৰিছে। প্ৰযোজনা অনুৰাগ কাশ্যপ, বিক্ৰমাদিত্য মটৱানে, আৰু মধু মন্তেনাৰ। ছবিখনত কংগনা ৰানাৱটে মুখ্য চৰিত্ৰত অভিনয় কৰিছে; লিজা হেইডন আৰু ৰাজকুমাৰ ৰাৱে সহযোগী চৰিত্ৰত অভিনয় কৰিছে।
-
মাম্মো
মাম্মো (Mammo ) হৈছে ১৯৯৪ চনj শ্যাম বেনেগাল পৰিচালিত এখন ভাৰতীয় হিন্দী ভাষাৰ ছবি। ইয়াত অভিনয় কৰিছে ফৰিদা জালাল, সুৰেখা ছিক্ৰী, অমিত ফাল্কে আৰু ৰজিত কাপুৰে। ছবিখন ১৯৯৫ চনত হিন্দী ভাষাৰ শ্ৰেষ্ঠ পূৰ্ণদৈৰ্ঘ্য ছবিৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰে।
-
সুৰজ কা সাতোৱা ঘোঁৰা
সুৰজ কা সাতোৱা ঘোঁৰা ( Suraj Ka Satvan GhodaStrir Patra; অনু: সুৰ্যৰ সপ্তমটো ঘোঁৰা) ১৯৯২ চনত শ্যাম বেনেগালৰ পৰিচালনাত আৰু ধৰ্মবীৰ ভাৰতীৰ “সুৰজ কা সাতোৱা ঘোঁৰা“ নামৰ উপন্যাসৰ আধাৰত নিৰ্মিত এখন ভাৰতীয় হিন্দী ছবি। ১৯৯৩ চনত ই হিন্দী ভাষাৰ শ্ৰেষ্ঠ পূৰ্ণদৈৰ্ঘ্য ছবিৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰে।