অৰ্ধেন্দু কুমাৰ দে (Ardhendu Kumar Dey; ২৪ মাৰ্চ ১৯৩৮ – ২৭ জুলাই ২০২২) এজন ভাৰতীয় ৰাজনীতিবিদ তথা অসম চৰকাৰৰ জলসিঞ্চন আৰু ভূমি সংৰক্ষণ বিভাগৰ প্ৰাক্তন মন্ত্ৰী।১ ১৯৯১ চনৰ পৰা ২০০৬ চনলৈ হোজাই সমষ্টিৰ পৰা আইএনচিৰ সদস্য হিচাপে অসম বিধানসভালৈ নিৰ্বাচিত হোৱাৰ পিছত ২০১১ চনৰ পৰা ২০১৬ চনলৈ হোজাইৰ পৰা পুনৰ বিধায়ক হিচাপে নিৰ্বাচিত হয়।২০২১ চনৰ এপ্ৰিল মাহত তেওঁ ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰে।২৩
ব্যক্তিগত জীৱন
অৰ্ধেন্দু কুমাৰ দেই ১৯৩৮ চনৰ ২৪ মাৰ্চত অশ্বিনী কুমাৰ দে আৰু হেমলতা দেৱৰ ঘৰত জন্মগ্ৰহণ কৰিছিল। তেওঁ হোজাই জিলাৰ বাসিন্দা আছিল। ১৯৬৬ চনত তেওঁ মায়া দেৰ সৈতে বিবাহপাশত আবদ্ধ হয় আৰু তেওঁৰ এজন পুত্ৰ সন্তান জন্ম হয়।৪
মৃত্যু
তেওঁক গৌহাটী চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়(GMCH)ত ভৰ্তি কৰা হৈছিল আৰু তাতে চিকিৎসাধীন হৈ আছিল। ২০২২ চনৰ ২৭ জুলাইত একেখন চিকিৎসালয়তে ৮৪ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে।৫
তথ্যসূত্ৰ
- ↑ Desk, Sentinel Digital. (27 July 2022). Guwahati: Former Minister Ardhendu Kumar Dey Passes Away. www.sentinelassam.com
- ↑ Assam Assembly elections: After being denied party ticket, Dr Ardhendu Kumar Dey quits Congress
- ↑ Senior Congress Leader Ardhendu Dey Quits Party. Pratidin Time
- ↑ প্রাক্তন মন্ত্ৰী ডা: অর্ধেন্দু দে পত্মী মায়া দে প্রয়াত. Naya Thahor
- ↑ Time, Pratidin. Former Assam Minister Ardhendu Kumar Dey No More. Pratidin Time
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “অৰ্ধেন্দু কুমাৰ দে” প্ৰবন্ধৰ সংশোধন ৬২৩৪৫২ (৫ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।