নথিপত্ৰ
৯ প্ৰবন্ধ
-
ভাৰতৰ ৰাজপত্ৰ
ভাৰতৰ ৰাজপত্ৰ ভাৰত চৰকাৰৰ এখন চৰকাৰী প্ৰকাশনা। ইয়াত চৰকাৰৰ বিভিন্ন জাননী, আদেশ, বিধি, নিয়ম, নিযুক্তি আৰু অন্যান্য চৰকাৰী তথ্য প্ৰকাশ কৰা হয়। ৰাজপত্ৰখন নিয়মীয়াকৈ প্ৰকাশ কৰা হয়। ইয়াৰ সাধাৰণ সংখ্যা প্ৰতি সপ্তাহে প্ৰকাশ পায়।
-
ইনাৰ লাইন পাৰ্মিট
ইনাৰ লাইন পাৰ্মিট অথবা আন্তঃৰাজ্যিক পাৰপত্ৰ (Inner Line Permit; সংক্ষেপে আইএলপি) হৈছে কোনো ভাৰতীয় নাগৰিকক দেশখনৰ সুৰক্ষিত অঞ্চলসমূহত অভ্যন্তৰীণ ভ্ৰমণৰ অনুমতি দিয়াৰ বাবে সংশ্লিষ্ট ৰাজ্য চৰকাৰৰ কৰ্তৃপক্ষই জাৰি কৰা এক সীমিত সময়ৰ বাবে বৈধ চৰকাৰী ভ্ৰমণ নথি।
-
ভিছা
ভিছা (Visa) বা প্ৰৱেশ পত্ৰ হৈছে এক চৰ্তসাপেক্ষ অনুমতি পত্ৰ যাক এখন দেশে কোনো বিদেশী নাগৰিকক সেইখন দেশত প্ৰৱেশ আৰু অৱস্থান কৰাৰ বাবে দিয়ে। ভিছা শব্দটো আহিছে লেটিন ভাষাৰ charta visa-ৰ পৰা, যাৰ অৰ্থ হৈছে "যিখন কাগজক চোৱা হৈছে"।
-
দিনলিপি
দিনলিপি (Diary) হৈছে কোনো ব্যক্তিৰ ব্যক্তিগত টোকাবহী য'ত তেওঁৰ দৈনিক কাৰ্যাৱলীৰ বিৱৰণ, স্থান আৰু কালৰ সৈতে নিজৰ শৈলীত লিখে৷ ব্যক্তিগত দিনলিপিয়ে ব্যক্তি বিশেষৰ অভিজ্ঞতা, অনুভৱ, কোনো ঘটনাৰ ওপৰত বিশেষ ব্যক্তিজনৰ মতামত আদিক প্ৰকাশ কৰে৷ দিনলিপি শব্দটোৱে সৰ্বসাধাৰণতে ব্যক্তিগত দিনলিপিৰ কথাকে বুজায়, যি…
-
পাৰপত্ৰ
পাৰপত্ৰ বা পাচপোৰ্ট (Passport) হ'ল এক ভ্ৰমণৰ নথি, যিখনক সাধাৰণতে এখন দেশৰ চৰকাৰে ইয়াৰ নাগৰিকসকলৰ বাবে জাৰি কৰে, যাক মূলতঃ আন্তঃৰাষ্ট্ৰীয় ভ্ৰমণৰ উদ্দেশ্যে ইয়াৰ ধাৰকজনৰ পৰিচয় আৰু ৰাষ্ট্ৰীয়তা প্ৰমাণ কৰে।
-
অসম ৰাজপত্ৰ
অসম ৰাজপত্ৰ (The Assam Gazette) অসম চৰকাৰৰ চৰকাৰী ৰাজপত্ৰ। অসমৰ চৰকাৰৰ অধীনৰ মুদ্ৰণ আৰু লেখন সামগ্ৰী সঞ্চালকালয়ে সাপ্তাহিক ভাবে অসমৰ ৰাজপত্ৰ প্ৰকাশ কৰে। অসমৰ চৰকাৰী ৰাজপত্ৰ হিচাপে ইয়াত চৰকাৰী আইন, জাননী, নিযুক্তি, পদোন্নতি আদি সম্পৰ্কে ঘোষণা আদি প্ৰকাশ কৰা আনুষ্ঠানিক পত্ৰিকা।
-
ভাৰতৰ ভিছা নীতি
ভাৰত দৰ্শনলৈ অহা দৰ্শকে ভিছা ৰেহাই পোৱা কোনো এখন দেশৰ পৰা নাহিলে ভিছা লব লাগিব। কিছুমান দেশৰ নাগৰিকে আগমনৰ সময়ত ভিছা বা ই-ভিছা অনলাইনত লাভ কৰিব পাৰে, আনহাতে আন কিছুমানে ভাৰতীয় কূটনৈতিক মিছনৰ পৰা ভিছা লাভ কৰিব লাগিব।
-
ভাৰতীয় নাগৰিকৰ বাবে ভিছাৰ প্ৰয়োজনীয়তাসমূহ
ভাৰতীয় নাগৰিকৰ বাবে ভিছাৰ প্ৰয়োজনীয়তাসমূহ হৈছে অন্য দেশৰ কৰ্তৃপক্ষই ভাৰতৰ নাগৰিকসকলৰ ওপৰত আৰোপ কৰা প্ৰশাসনিক প্ৰৱেশ প্ৰতিবন্ধকতা। ২০২৬ চনৰ তথ্য অনুসৰি, ভাৰত চৰকাৰৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰ্যালয়ৰ মতে ভাৰতীয় নাগৰিকসকলৰ বাবে ২৭খন ভিছা-মুক্ত, ৪৭খন ভিছা-অন-এৰাইভেল (প্ৰৱেশ কৰাৰ পাছত ভিছা লাভ কৰা) আৰু…
-
হস্তান্তৰযোগ্য পত্ৰ
হস্তান্তৰযোগ্য পত্ৰ (Negotiable instrument) হ’ল এখন লিখিত দলিল যাক এজনৰ পৰা আন এজনলৈ হস্তান্তৰ কৰিব পাৰি। হস্তান্তৰযোগ্য শব্দটিৰ অৰ্থ হ’ল হস্তান্তৰ কৰিব পৰা আৰু পত্ৰ শব্দটিৰ অৰ্থ হ’ল লিখিত দলিল বা নথি।