অসমৰ ৰাজ্যপাল
৭ প্ৰবন্ধ
-
অসমৰ ৰাজ্যপালসকলৰ তালিকা
ভাৰতবৰ্ষৰ ৰাজ্য একোখনৰ ৰাজ্যপালজন হৈছে ৰাষ্ট্ৰপতিৰ প্ৰতিনিধি আৰু লগতে ৰাজ্যখনৰ সাংবিধানিক মুৰব্বী। ৰাষ্ট্ৰপতিয়ে ৰাজ্যপালক ৫ বছৰৰ বাবে নিযুক্তি দিয়ে। অসমৰ বৰ্তমানৰ ৰাজ্যপাল হৈছে লক্ষ্মণ আচাৰ্য। ২০২৪ চনৰ ৩০ জুলাই তাৰিখে তেওঁ ২৮ সংখ্যক অসমৰ ৰাজ্যপাল হিচাপে কাৰ্যভাৰ আৰম্ভ কৰে।
-
জগদীশ মুখী
জগদীশ মুখী (Jagdish Mukhi) এজন ভাৰতীয় ৰাজনীতিবিদ আৰু অসমৰ ২৮তম ৰাজ্যপাল। তেওঁ ভাৰতীয় জনতা পাৰ্টি আৰু ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ সদস্য। অসমৰ ৰাজ্যপাল নিযুক্ত হোৱাৰ আগতে তেওঁ আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জৰ উপ-ৰাজ্যপাল হিচাপে কৰ্মৰত আছিল।
-
জানকী বল্লভ পাটনায়ক
জানকী বল্লভ পাটনায়ক (ଜାନକୀ ବଲ୍ଲଭ ପଟ୍ଟନାୟକ (জন্ম: ৩ জানুৱাৰী, ১৯২৭ - মৃত্যূ: ২১ এপ্ৰিল ২০১৫) এগৰাকী ভাৰতীয় ৰাজনীতিক। তেওঁ ২০০৯ চনৰ পৰা ২০১৪ চনলৈকে অসমৰ ৰাজ্যপাল হিচাপে নিযুক্ত হৈ আছিল।
-
লক্ষ্মণ আচাৰ্য
লক্ষ্মণ প্ৰসাদ আচাৰ্য (Lakshman Prasad Acharya) (জন্ম: ৩ অক্টোবৰ ১৯৫৪) এগৰাকী ভাৰতীয় ৰাজনীতিবিদ। তেওঁ ২০২৪ চনৰ ৩০ জুলাইৰ পৰা অসমৰ ৰাজ্যপাল হিচাপে কাৰ্যনিৰ্বাহ কৰি আহিছে। ২০২৩ চনৰ পৰা ২০২৪ চনলৈকে তেওঁ ছিকিমৰ ১৭তম ৰাজ্যপালৰ পদত অধিষ্ঠিত হৈ আছিল।
-
মহম্মদ চালেহ আকবৰ হাইদৰী
ছাৰ মহম্মদ চালেহ আকবৰ হাইদৰী, (১২ অক্টোবৰ ১৮৯৪ – ২৮ ডিচেম্বৰ ১৯৪৮) এজন ভাৰতীয় প্ৰশাসনিক সেৱাৰ বিষয়া আৰু ৰাজনৈতিক নেতা। তেওঁ ব্ৰিটিছ চৰকাৰে শেষ নিযুক্তি দিয়া আৰু প্ৰথম ভাৰতীয় অসমপ্ৰদেশৰ ৰাজ্যপাল। তেওঁ স্বাধীন ভাৰতত অসম প্ৰদেশৰ প্ৰথম ৰাজ্যপাল হিচাপে কৰ্মৰত হয়।
-
গুলাব চান্দ কাটাৰিয়া
গুলাব চান্দ কাটাৰিয়া (Gulab Chand Kataria; জন্ম: ১৩ অক্টোবৰ ১৯৪৪) এজন ভাৰতীয় ৰাজনীতিবিদ আৰু বৰ্তমান পঞ্জাবৰ ৰাজ্যপাল। ভাৰতৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মূৰ্মুয়ে মনোনীত কৰাৰ পিছত ২০২৩ চনৰ ২২ ফেব্ৰুৱাৰী তাৰিখে তেওঁ অসমৰ ২৭তম ৰাজ্যপাল হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰে।
-
বানৱাৰীলাল পুৰোহিত
বানৱাৰীলাল পুৰোহিত এজন ভাৰতীয় ৰাজনৈতিক নেতা তথা বৰ্তমান তামিলনাডুৰ ৰাজ্যপাল। তেওঁ অসমৰ প্ৰাক্তন ৰাজ্যপাল। ভাৰতৰ ৰাষ্ট্ৰপতি শ্ৰী প্ৰণৱ মুখাৰ্জীয়ে তেওঁক ১৭ আগষ্ট ২০১৬ চনত অসমৰ ৰাজ্যপাল হিচাপে নিযুক্তি দিয়ে। ২০১৭ চনৰ ২৭ জানুৱাৰী তাৰিখে তেওঁ মেঘালয় ৰাজ্যৰো ৰাজ্যপাল হিচাপে অতিৰিক্ত দায়িত্ব লাভ কৰে।