অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

জানকী বল্লভ পাটনায়ক

জানকী বল্লভ পাটনায়ক (ଜାନକୀ ବଲ୍ଲଭ ପଟ୍ଟନାୟକ (জন্ম: ৩ জানুৱাৰী, ১৯২৭ - মৃত্যূ: ২১ এপ্ৰিল ২০১৫) এগৰাকী ভাৰতীয় ৰাজনীতিক। তেওঁ ২০০৯ চনৰ পৰা ২০১৪ চনলৈকে অসমৰ ৰাজ্যপাল হিচাপে নিযুক্ত হৈ আছিল।

হালনাগাদ: ৫ অক্টোবৰ ২০২৩ ১৮৫ শব্দ · ১ মিনিট সংগৃহীত ৮২
সংশোধনৰ পৰামৰ্শ

জানকী বল্লভ পাটনায়ক (ଜାନକୀ ବଲ୍ଲଭ ପଟ୍ଟନାୟକ (জন্ম: ৩ জানুৱাৰী, ১৯২৭ - মৃত্যূ: ২১ এপ্ৰিল ২০১৫) এগৰাকী ভাৰতীয় ৰাজনীতিক। তেওঁ ২০০৯ চনৰ পৰা ২০১৪ চনলৈকে অসমৰ ৰাজ্যপাল হিচাপে নিযুক্ত হৈ আছিল। ১৯৮০ চনৰ পৰা ১৯৮৯ চনলৈ আৰু ১৯৯৫ চনৰ পৰা ১৯৯৯ চনলৈ তেওঁ ভাৰতীয় জাতীয় কংগ্ৰেছৰ পৰা দুবাৰকৈ ওড়িশাৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্বভাৰ চম্ভালিছিল। উড়িষ্যাৰ সকলোতকৈ বেছিদিন কৰ্মৰত মুখ্যমন্ত্ৰী হোৱাৰ অভিলেখ পাটনায়কৰ নামত আছে।

শিক্ষা আৰু কৰ্মজীৱন

খুৰ্দা হাইস্কুলৰ পৰা শিক্ষা শেষ কৰাৰ পিছত জানকী বল্লভ পাটনায়কে উৎকল বিশ্ববিদ্যালয়ৰ পৰা ১৯৪৭ চনত সংস্কৃত বিষয়ত স্নাতক ডিগ্ৰী লাভ কৰে। ১৯৫০ চনত তেওঁ বেনাৰস হিন্দু বিশ্ববিদ্যালয়ৰ পৰা ৰাজনীতি বিজ্ঞান বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে। ১৯৫০ চনত তেওঁ ভাৰতীয় জাতীয় কংগ্ৰেছৰ যুৱ শাখাৰ উৰিষ্যাৰ ৰাজ্যিক সভাপতি হিচাপে নিযুক্তি লাভ কৰে। ১৯৮০ চনত তেওঁ কেন্দ্ৰীয় মন্ত্ৰীসভাত পৰ্যটন, অসমাৰিক বিমান আৰু শ্ৰম বিভাগৰ মন্ত্ৰী হিচাপেও কৰ্মৰত আছিল।

মৃত্যু

২০১৫ চনৰ এপ্ৰিল মাহৰ ২১ তাৰিখ বুধবাৰে তিৰুপতিৰ এখন ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ত উড়িষ্যাৰ প্ৰাক্তন মূখ্যমন্ত্ৰী তথা অসমৰ প্ৰাক্তন ৰাজ্যপাল গৰাকীৰ দেহাৱসান ঘটে।১

বিতৰ্ক

৮০ দশকৰ মাজভাগত জানকী বল্লভ পাটনায়কৰ নাম শিহৰণকাৰী 'Illustrated Weekly' sex racket sting operation-ত জড়িত হৈ পৰিছিল। তেওঁ অঞ্জণা মিশ্ৰ ধৰ্ষণ গোচৰ গাপ দি ৰখাত জড়িত বুলিও অভিযোগ উত্থাপিত হৈছিল। ২৩

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ দি হিন্দু
  2. ↑ appiusforum.com
  3. ↑ timesofindia.indiatimes.com

সম্পৰ্কিত শ্ৰেণী

অসমৰ ৰাজ্যপাল

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “জানকী বল্লভ পাটনায়ক” প্ৰবন্ধৰ সংশোধন ৩৮৫১০১ (৫ অক্টোবৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।