অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

গুলাব চান্দ কাটাৰিয়া

গুলাব চান্দ কাটাৰিয়া (Gulab Chand Kataria; জন্ম: ১৩ অক্টোবৰ ১৯৪৪) এজন ভাৰতীয় ৰাজনীতিবিদ আৰু বৰ্তমান পঞ্জাবৰ ৰাজ্যপাল। ভাৰতৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মূৰ্মুয়ে মনোনীত কৰাৰ পিছত ২০২৩ চনৰ ২২ ফেব্ৰুৱাৰী তাৰিখে তেওঁ অসমৰ ২৭তম ৰাজ্যপাল হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰে।

হালনাগাদ: ৩ আগষ্ট ২০২৪ ২৪৮ শব্দ · ১ মিনিট সংগৃহীত ৮৩
সংশোধনৰ পৰামৰ্শ

গুলাব চান্দ কাটাৰিয়া (Gulab Chand Kataria; জন্ম: ১৩ অক্টোবৰ ১৯৪৪) এজন ভাৰতীয় ৰাজনীতিবিদ আৰু বৰ্তমান পঞ্জাবৰ ৰাজ্যপাল। ভাৰতৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মূৰ্মুয়ে মনোনীত কৰাৰ পিছত ২০২৩ চনৰ ২২ ফেব্ৰুৱাৰী তাৰিখে তেওঁ অসমৰ ২৭তম ৰাজ্যপাল হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰে। ২০২৪ চনৰ ২৯ জুলাই তাৰিখে তেওঁ পঞ্জাবৰ ৩০তম ৰাজ্যপাল হিচাপে নিযুক্তি লাভ কৰে আৰু তেওঁৰ ঠাইত লক্ষ্মণ আচাৰ্যয়ে অসমৰ ৰাজ্যপাল হিচাপে পদভাৰ লাভ কৰে। তেওঁ ২০১৩ চনৰ পৰা ২০১৮ চনলৈ, ২০০৩ চনৰ পৰা ২০০৮ চনলৈ আৰু ১৯৯৩ চনৰ পৰা ১৯৯৮ চনলৈকে ৰাজস্থান চৰকাৰৰ মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। ৰাজস্থানৰ ভাৰতীয় জনতা পাৰ্টীৰ জ্যেষ্ঠ নেতাৰ লগতে দলটোৰ কেন্দ্ৰীয় কাৰ্যকৰী সমিতিৰ সক্ৰিয় সদস্য।১ ১৯৮৯ চনৰ পৰা ১৯৯১ চনলৈকে উদয়পুৰৰ পৰা ভাৰতীয় সংসদৰ নিম্ন সদনত নৱম লোকসভাত প্ৰতিনিধিত্ব কৰিছিল। ২০১৯ চনৰ পৰা ২০২৩, ২০১৩ চনৰ পৰা ২০১৩ চনলৈকে আৰু ২০০২ চনৰ পৰা ২০০৩ চনলৈকে ৰাজস্থান বিধানসভাৰ বিৰোধী দলৰ নেতা হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল। ১৯৯৯ চনৰ পৰা ২০০০ চনলৈ তেওঁ ভাৰতীয় জনতা পাৰ্টি, ৰাজস্থান ৰাজ্যিক গোটৰ অধ্যক্ষ আছিল। তদুপৰি তেওঁ ২০০৩ চনৰ পৰা ২০২৩ চনলৈ উদয়পুৰৰ পৰা আৰু ১৯৭৭ চনৰ পৰা ১৯৮৬ চনলৈ আৰু ১৯৯৩ চনৰ পৰা ২০০৩ চনলৈ বাৰী চাদ্ৰীৰ পৰা ৰাজস্থান বিধানসভাৰ সদস্য হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।২

প্ৰাৰম্ভিক জীৱন

১৯৪৪ চনৰ ১৩ অক্টোবৰ তাৰিখে ব্ৰিটিছ ভাৰতৰ অন্তৰ্গত ৰাজপুতনা এজেঞ্চিৰ ৰাজসমণ্ডত গুলাব চান্দ কাটাৰিয়াৰ জন্ম হৈছিল।৩ তেওঁ অনিতা কাটাৰিয়াৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছিল আৰু তেওঁলোকৰ ৫ গৰাকী কন্যা সন্তান আছে।৪

ৰাজনৈতিক জীৱন

কাটাৰিয়াই ২০০৪ চনৰ পৰা ২০০৮ চনলৈ আৰু পুনৰ ২০১৪ চনৰ পৰা ২০১৮ চনলৈকে ৰাজস্থানৰ গৃহমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।৫ ১৯৯৩ চনৰ পৰা ১৯৯৮ চনলৈকে ভৈৰোঁ সিং শ্বেখাৱট চৰকাৰত শিক্ষামন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰা কাটাৰিয়াই ১৯৯৩ চনৰ পৰা ২০০৩ চনলৈ বাৰী চাদ্ৰীৰ বিধায়ক আছিল।

ৰাজনৈতিক পদ

বিভাগীয় পদবী

ক্ৰমিক নংপদবীবিভাগচৰকাৰ বা বিধানসভাকাৰ্যকাল
১.সদস্যঅনুমান সমিতিৰাজস্থান বিধানসভা১৯৮০ - ১৯৮১
২.সদস্যঅনুমান সমিতি (ক)ৰাজস্থান বিধানসভা১৯৮১ - ১৯৮৫
৩.সদস্যদাখিল কৰা দস্তাৱেজৰ সমিতিলোকসভা১৯৯০
৪.সদস্যকৃষি সমিতিলোকসভা১৯৯০
৫.মন্ত্ৰীপ্ৰাথমিক আৰু মাধ্যমিক শিক্ষা আৰু ভাষাৰাজস্থান চৰকাৰ১৯৯৩ - ১৯৯৮
৬.মন্ত্ৰীসংস্কৃত শিক্ষা, ভাষিক সংখ্যালঘু, ভাষা (ভাষা বিভাগ), দেৱস্থানৰাজস্থান চৰকাৰ১৯৯৩ - ১৯৯৮
৭.অধ্যক্ষৰাজহুৱা হিচাপ সমিতিৰাজস্থান বিধানসভা১৯৯৯ - ২০০০
৮.সদস্যগৃহকমিটিৰাজস্থান বিধানসভা১৯৯৯ - ২০০০
৯.বিধায়কবিৰোধী দলৰ নেতাৰাজস্থান বিধানসভা২০০২ - ২০০৩
১০.মন্ত্ৰীগৃহ আৰু লোকনিৰ্মাণ বিভাগৰাজস্থান চৰকাৰ২০০৪
১১.মন্ত্ৰীগৃহৰাজস্থান চৰকাৰ২০০৪ - ২০০৮
১২.মন্ত্ৰীগ্ৰামোন্নয়ন আৰু পঞ্চায়তীৰাজৰাজস্থান চৰকাৰ২০১৩
১৩.মন্ত্ৰীগৃহৰাজস্থান চৰকাৰ২০১৩ - ২০১৮
১৪.বিধায়কবিৰোধী দলৰ নেতাৰাজস্থান বিধানসভা২০১৮ - ১৬ ফেব্ৰুৱাৰী ২০২৩৬
১৫.অসমৰ ৰাজ্যপালসকলৰ তালিকাৰাজ্যপালঅসমফেব্ৰুৱাৰী ২০২৩- বৰ্তমানলৈ

নিৰ্বাচন

ক্ৰমিক নংবিধানসভা/লোকসভাপদকাৰ্যকালদল
১.ষষ্ঠ ৰাজস্থান বিধানসভাবিধায়ক১৯৭৭ - ১৯৮০জনতা পাৰ্টি
২.সপ্তম ৰাজস্থান বিধানসভাবিধায়ক১৯৮০ - ১৯৮৫ভাৰতীয় জনতা পাৰ্টী
৩.নৱম লোকসভাসাংসদ১৯৮৯ - ১৯৯১ভাৰতীয় জনতা পাৰ্টী
৪.দশম ৰাজস্থান বিধানসভাবিধায়ক১৯৯৩ - ১৯৯৮ চনভাৰতীয় জনতা পাৰ্টী
৫.একাদশ ৰাজস্থান বিধানসভাবিধায়ক১৯৯৮ - ২০০৩ভাৰতীয় জনতা পাৰ্টী
৬.দ্বাদশ ৰাজস্থান বিধানসভাবিধায়ক২০০৩ - ২০০৮ভাৰতীয় জনতা পাৰ্টী
৭.ত্ৰয়োদশ ৰাজস্থান বিধানসভাবিধায়ক২০০৮ - ২০১৩ভাৰতীয় জনতা পাৰ্টী
৮.চতুৰ্দশ ৰাজস্থান বিধানসভাবিধায়ক২০১৩ - ২০১৮ভাৰতীয় জনতা পাৰ্টী
৯.পঞ্চদশ ৰাজস্থান বিধানসভাবিধায়ক২০১৮-১৬ ফেব্ৰুৱাৰী ২০২৩৭ভাৰতীয় জনতা পাৰ্টী

দলীয় পদবী

ক্ৰমিক নং।পদবীকাৰ্যকালসংস্থাদল
১.উপ-সভাপতি আৰু সাধাৰণ সম্পাদক১৯৭৭ - ১৯৮০জনতা যুৱ মৰ্চাজনতা পাৰ্টি
২.সম্পাদক১৯৮০ - ১৯৮৫ৰাজস্থান ভাৰতীয় জনতা পাৰ্টিভাৰতীয় জনতা পাৰ্টী
৩.সাধাৰণ সম্পাদক১৯৮৬ - ১৯৯৩ চনৰাজস্থান ভাৰতীয় জনতা পাৰ্টিভাৰতীয় জনতা পাৰ্টী
৪.অধ্যক্ষ১৯৯৯ - ২০০০ৰাজস্থান ভাৰতীয় জনতা পাৰ্টিভাৰতীয় জনতা পাৰ্টী

তথ্যসূত্ৰ

  1. ↑ (May 14, 2013). Sheikh fake encounter case: CBI books BJP leader Gulab Chand Kataria · India News - Times of India. The Times of India. PTI
  2. ↑ Leader of the Opposition Rajasthan Legislative Assembly. Rajasthan Legislative Assembly
  3. ↑ (2003-11-07). Kataria shift nudges caste equation. Hindustan Times
  4. ↑ Khan, Mohammad Hamza. (20 June 2016). Not many are surprised over Rajasthan minister Kataria's 'sa** Manmohan' remark. The Indian Express
  5. ↑ Wadhawan, Dev Ankur. (March 27, 2017). Rajasthan: Congress seeks home minister's resignation over comments in Bikaner gangrape case. India Today
  6. ↑ Resignation from the membership of the Legislative Assembly. Zoom News
  7. ↑ Resignation from the membership of the Legislative Assembly. Zoom News

সম্পৰ্কিত শ্ৰেণী

অসমৰ ৰাজ্যপাল

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “গুলাব চান্দ কাটাৰিয়া” প্ৰবন্ধৰ সংশোধন ৪২৭৮৩৬ (৩ আগষ্ট ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।