ঢোলক হৈছে দীঘলীয়া আকৃতিৰ হাতৰে বজোৱা এবিধ তালাশ্ৰয়ী লোক বাদ্য। ঢোলক সাধাৰণতে ভাৰত, পাকিস্তান, বাংলাদেশ, নেপাল আৰু শ্ৰীলংকাত দৰে দেশত সচৰাচৰ দেখা পোৱা যদিও গায়ানা, চুৰিনাম, ফিজি, ট্ৰিনিদাদ আৰু ট’বাগো, দক্ষিণ আফ্ৰিকা আৰু মৰিচাছৰ দৰে দেশলৈ ভাৰতীয় প্ৰব্ৰজনকাৰীসকলৰ মাজতো ইয়াক ব্যৱহাৰ কৰা দেখা যায়। ঢোলকটে প্ৰায় ১৬ ইঞ্চিৰ পৰা ২৪ ইঞ্চি পৰ্যন্ত দীঘল হ'ব পাৰে। ইয়াক কাৱালী, কীৰ্তন, ভজন, ভাংৰা, চাটনি, বৈঠক গান, বলীউড চলচ্চিত্ৰৰ গীত, লোকগীত আৰু বিভিন্ন ধ্ৰুপদী শৈলী যেনে হিন্দুস্তানী, কৰ্ণাটিক আৰু ত্ৰিনিদাদৰ স্থানীয় শাস্ত্ৰীয় / গিয়ানীজ তানত বহুলভাৱে ব্যৱহাৰ কৰা হয়। ঢোলকৰ দুটা বেলেগ বেলেগ আকাৰৰ মূৰ থাকে। ৫.৫ ইঞ্চিৰ পৰা ৮ ইঞ্চি ব্যাসৰ সৰু মূৰটো তীক্ষ্ণ শব্দৰ বাবে তৈয়াৰ কৰা হয় আনহাতে ৭.৫ ইঞ্চিক পৰা ১০ ইঞ্চি ব্যাসৰ ডাঙৰ মূৰটো কম তীক্ষ্ণতাৰ শব্দ সৃষ্টিৰ বাবে তৈয়াৰ কৰা হয়। এই দুয়োটা মূৰৰ পৰা সৃষ্ট ছন্দময় উচ্চ আৰু নিম্ন সুৰৰ সৈতে বেছ আৰু ট্ৰেবলৰ সংমিশ্ৰণ ঘটায়। ঢোলকৰ দেহ বা খোলাটো শিশু বা আম গছৰ কাঠৰ পৰা তৈয়াৰ কৰিব পাৰি। ইয়াৰ ডাঙৰ মূৰটোত আলকাতৰা, মাটি আৰু বালিৰ মিশ্ৰিত “মছলা”ৰ এটা প্ৰলেপ দিয়া হয়, ইয়াৰ ফলত নিম্ন সুৰৰ শব্দ উৎপন্ন হয়। ঢোলকৰ সৰু মূৰটোৰ ফালে ব্যক্তিজনৰ প্ৰধান হাতখনেৰে বজোৱা হয়, আনহাতে ডাঙৰ মূৰটোৰ ফালে দুৰ্বল হাতখনে বজায়। ঢোলকত হোৱা শব্দৰ তীক্ষ্ণতা মিলাবলৈ বল্ট, ৰছী আৰু তীখাৰ আঙঠি লগোৱা থাকে। সাধাৰণতে ভাৰতীয় উপমহাদেশত ঢোলকৰ কেৱল সৰু আগটোৰ ফালে এই আঙঠি থাকে, আনহাতে কেৰিবিয়ানত (ট্ৰিনিদাদ, গায়ানা আৰু চুৰিনাম) ঢোলকৰ দুয়ো ফালে এনে আঙঠি ব্যৱহাৰ কৰা দেখা যায়। সাধাৰণতে ঢোলক কোলাত লৈ, থিয় হৈ, বা মজিয়াত বহি এটা আঁঠুৰে ঢোলকটো তললৈ হেঁচি ধৰি বজোৱা হয়।
নিৰ্মাণ পদ্ধতি
ঢোলকৰ সৰু মুখৰ পৃষ্ঠভাগ ছাগলীৰ ছালৰ আৰু ডাঙৰ ফালটো ম'হৰ ছালৰ পৰা তৈয়াৰ কৰা হয়।১২৩
ঢোলকৰ খোলাটো শিশু গছৰ (Dalbergia sissoo) কাঠৰ পৰা তৈয়াৰ কৰা হয় যদিও সস্তীয়া ঢোলক আমলখি আদি যিকোনো গছৰ কাঠৰ পৰা তৈয়াৰ কৰিব পাৰি। শ্ৰীলংকালৈ ভাৰতৰ পৰা ঢোলক আমদানি কৰা হয় আৰু তাত শেহতীয়াকৈহে ঢোলকৰ কিছু জনপ্ৰিয়তা দেখা গৈছে৷
ব্যৱহাৰ
কাৱালী, কীৰ্তন, লাৱনী আৰু ভাংৰাত ঢোলক ব্যৱহাৰ হয়। পূৰ্বতে শাস্ত্ৰীয় নৃত্যত ইয়াৰ ব্যৱহাৰ কৰা হৈছিল। বিয়াৰ আগৰ উৎসৱৰ সময়ত ভাৰতীয় ল’ৰা-ছোৱালীয়ে ঢোলক বজাই গান গায় আৰু নৃত্য কৰে। ইয়াক প্ৰায়ে চলচ্চিত্ৰ সংগীত (ভাৰতীয় চলচ্চিত্ৰ সংগীত), চাটনি সংগীত, চাটনি-ছোকা, বৈঠক গান, টান গায়ন, ভজন, আৰু জামাইকা, চুৰিনাম, গায়ানা, কেৰিবিয়ান, দক্ষিণ আফ্ৰিকা, মৰিছাছ, আৰু ট্ৰিনিদাদ আৰু ট’বাগোৰ লোক সংগীতত ব্যৱহাৰ কৰা হয়। ফিজি দ্বীপপুঞ্জত ভাৰতীয় লোকসংগীত, ভজন আৰু কীৰ্তনৰ বাবে ঢোলক বহুলভাৱে ব্যৱহাৰ কৰা হয়।
প্ৰকাৰভেদ
ঢোলকী হৈছে ঢোলকৰ দৰেই আন এবিধ ভাৰতীয় লোক বাদ্য। ইয়াৰ ব্যাস ঢোলকতকৈ অলপ সৰু আৰু ইয়াৰ মুখৰ ছালত তবলা শৈলীৰ চিয়াহী মছলা ব্যৱহাৰ কৰা হয়। এই বাদ্যক নাল বুলিও কোৱা হয়। ইয়াৰ সৰু মুখৰ ছালখনত পূব এছিয়াৰ জাংগু বা শ্বিমে-ডাইকো ঢোলৰ দৰেই লোহাৰ আঙঠিত চিলাই কৰা হয়। বহল মুখখনৰ গঠন সাধাৰণ ঢোলকৰ দৰে প্ৰায় একে, বাঁহৰ আঙঠি লগোৱা হয়, কিন্তু কেতিয়াবা অতিৰিক্ত টান সহ্য কৰিবলৈ তবলাত দেখাৰ দৰে কিনাৰ আৰু প্লেটযুক্ত গজৰা লগোৱা থাকে।
পশ্চিম এছিয়াৰ আন কিছুমান অঞ্চলটো একে নামৰ আৰু একে ধৰণৰ ঢোল পোৱা যায়।
তথ্যসূত্ৰ
- ↑ Courtney, David. Dholak - North Indian Hand Drum. Chandrakantha.com
- ↑ Dholak Sounds pi. Soundsnap.com
- ↑ Information about Dholak, Indian Percussion Instrument. Dholak.com
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ঢোলক” প্ৰবন্ধৰ সংশোধন ৪৪৪৭১৯ (১৪ নৱেম্বৰ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।