অসমীয়া সাহিত্য সংগঠন
৪ প্ৰবন্ধ
-
অসম সাহিত্য সভা
অসম সাহিত্য সভা হৈছে অসমীয়া ভাষা, সাহিত্য আৰু সংস্কৃতিৰ সৰ্বাংগীণ উন্নতিৰ লক্ষ্যৰে ১৯১৭ চনত গঠিত এক শীৰ্ষস্থানীয় সাহিত্য-সাংস্কৃতিক সংস্থা। ইয়াৰ মুখ্য কাৰ্যালয় যোৰহাটৰ চন্দ্ৰকান্ত সন্দিকৈ ভৱনত অৱস্থিত আৰু অসম তথা অসমবাহিৰতো ইয়াৰ হাজাৰো অধিক শাখা আছে।
-
অসমীয়া ভাষা উন্নতি সাধিনী সভা
অসমীয়া ভাষা উন্নতি সাধিনী সভা (অভাউসা) ১৮৮৮ চনৰ ২৫ আগষ্টত গঠিত এক সাহিত্য-ভাষা-কেন্দ্ৰিক সংগঠন, যাক অসম সাহিত্য সভাৰ পূৰ্বৱৰ্তী পৰ্যায় হিচাপে গণ্য কৰা হয়।
-
অসমীয়া সাহিত্য সন্মিলনী
অসমীয়া সাহিত্য সন্মিলনীৰ জন্ম ২০১৩ চনৰ ১০ ফেব্ৰুৱাৰীত। অসমীয়া ভাষা সাহিত্য-সংস্কৃতিৰ বিকাশ, প্ৰসাৰ-প্ৰচাৰ আৰু চৰ্চাৰ হেতুকে নগাঁও জিলাত এই জাতীয় অনুষ্ঠানৰ জন্ম হয়।
-
অসম এছ'চিয়েচন অফ নৰ্থ আমেৰিকা
অসম এছ'চিয়েচন অফ নৰ্থ আমেৰিকা বা চমুকৈ আনা (Assam Association of North America) হৈছে কানাডা আৰু আমেৰিকা যুক্তৰাষ্ট্ৰকে ধৰি উত্তৰ আমেৰিকাত বাস কৰা ভাৰতৰ অসমবাসী, তেওঁলোকৰ প্ৰজন্ম তথা বৈবাহিক সুত্ৰত অনা-অসমীয়া পতি বা পত্নীৰ এক জাতীয় সংগঠন।