১৯৮১ বৰ্ষৰ চলচ্চিত্ৰ
৪ প্ৰবন্ধ
-
অনিৰ্বাণ (চলচ্চিত্ৰ)
অনিৰ্বাণ ১৯৮১ চনত মুক্তি লাভ কৰা এখন ক'লা-বগা অসমীয়া চলচ্চিত্ৰ। এইখন ড° ভবেন্দ্ৰ নাথ শইকীয়া পৰিচালিত দ্বিতীয়খন ছবি। ড° শইকীয়াৰ অন্যান্য ছবিৰ দৰে এইখনৰো কাহিনী তেখেতৰে এটা চুটিগল্পৰ পৰা লোৱা হৈছিল। গল্পটো আছিল 'প্ৰহৰী'; ৰচনা কাল ১৯৬০ চন। ছবিখনত কোনো গীত নাছিল।
-
মানসী
মানসী (Manasi) ১৯৮১ চনত মুক্তি পোৱা গৌৰাঙ্গ ফিল্মচৰ বেনাৰত নিৰ্মিত, বলাই সেন পৰিচালিত এখন ৰঙীন পাৰিবাৰিক চলচ্চিত্ৰ। ছবিৰ মূল ভূমিকাত অভিনয় কৰিছে বিজু ফুকন আৰু বিদ্যা ৰাৱে। প্ৰখ্যাত বঙালী সাহিত্যিক আশাপূৰ্ণা দেৱীৰ কাহিনীৰ আধাৰত ছবিখন নিৰ্মাণ কৰা হৈছিল।
-
দখল
দখল (Dakhal) ১৯৮১ চনত মুক্তি পোৱা, গৌতম ঘোষে পৰিচালনা কৰা ভাৰতীয় বঙালী চলচ্চিত্ৰ; য'ত মমতা শংকৰ, ৰবিন সেন গুপ্ত, সুনীল মুখাৰ্জী আৰু সুজল ৰায়চৌধুৰীয়ে মুখ্য চৰিত্ৰত অভিনয় কৰিছে। সুশীল জানাৰ চুটিগল্প আম্মাৰ আধাৰত ছবিখন নিৰ্মাণ কৰা হৈছে। এইখন গৌতম ঘোষে পৰিচালনা কৰা প্ৰথম পূৰ্ণদৈৰ্ঘ্যৰ বঙালী ছবি।
-
৩৬ চৌৰিংগী লেন
৩৬ চৌৰিংগী লেন (36 Chowringhee Lane) ১৯৮১ চনৰ অপৰ্ণা সেনৰ ৰচনা, পৰিচালনা আৰু শশী কাপুৰৰ প্ৰযোজনাৰে নিৰ্মিত এখন বাংলা ছবি। ইয়াৰ জৰিয়তে তেতিয়ালৈকে বাংলা চিনেমাৰ এগৰাকী আগশাৰীৰ অভিনেত্ৰী হিচাপে পৰিচিত সেনে পৰিচালক হিচাপে আত্মপ্ৰকাশ কৰে। মুক্তিৰ লগে লগে ছবিখনে যথেষ্ট সমাদৰ লাভ কৰিছিল।