অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ধৰ্ম আৰু দৰ্শন

মচ্ছনু

মচ্ছনু (থাই: มัจฉานุ; RTGS: Matchanu; Khmer: មច្ឆានុប; RTGS: Macchanub) হনুমানৰ পুত্ৰ, যি কাহিনী ৰামায়ণৰ থাই আৰু অন্যান্য সংস্কৰণত দেখা যায়। ৰামায়ণৰ এই সংস্কৰণসমূহৰ মতে ৰাৱণৰ সৈন্যৰ সৈতে হোৱা এখন যুদ্ধৰ সময়ত হনুমানে এজন শক্তিশালী প্ৰতিদ্বন্দ্বীৰ সন্মুখীন হয়।

হালনাগাদ: ৩১ আগষ্ট ২০২৬ ২২৩ শব্দ · ১ মিনিট সংগৃহীত ৬৬
সংশোধনৰ পৰামৰ্শ

মচ্ছনু (থাই: มัจฉานุ; RTGS: Matchanu; Khmer: មច្ឆានុប; RTGS: Macchanub) হনুমানৰ পুত্ৰ, যি কাহিনী ৰামায়ণৰ থাই আৰু অন্যান্য সংস্কৰণত দেখা যায়।১২৩৪৫

ৰামায়ণৰ এই সংস্কৰণসমূহৰ মতে ৰাৱণৰ সৈন্যৰ সৈতে হোৱা এখন যুদ্ধৰ সময়ত হনুমানে এজন শক্তিশালী প্ৰতিদ্বন্দ্বীৰ সন্মুখীন হয়। প্ৰতিদ্বন্দ্বীজন কঁকালৰপৰা ওপৰলৈ বানৰৰ দৰে দেখা গৈছিল যদিও মাছৰ ঠেং আছিল। তীব্ৰ যুদ্ধৰ অন্তত হনুমানে জীৱটোক নিজৰ অস্ত্ৰৰে আঘাত কৰিবলৈ ওলোৱাৰ সময়ত ওপৰৰ আকাশত জিলিকি থকা সোণালী তৰা এটাই আকাশবাণীৰ কৰে যে তেওঁ যাৰ ক্ষতি কৰিবলৈ ওলাইছে সেই শত্ৰুজন ৰাৱণৰ জলপৰী কন্যা সুৱন্নমচ্চাৰ সৈতে তেওঁৰ মিলনৰ ফলত জন্ম হোৱা তেওঁৰ নিজৰ পুত্ৰ। হনুমানে লগে লগে বায়ুৰ মাজত নিজৰ অস্ত্ৰ-শস্ত্ৰ ধৰি ৰাখে আৰু পিতৃ-পুত্ৰৰ যুটিয়ে ইজনে সিজনক চিনি পায়।৪৫

কাহিনীৰ আন এটা সংস্কৰণত কোৱা হৈছে যে, মাইয়াৰপে অপহৰণ কৰি পাতালত থকা নিজৰ ৰাজ্যলৈ লৈ যোৱা ৰাম আৰু লক্ষ্মণক বিচাৰি উলিয়াবলৈ মাইয়াৰপক অনুসৰণ কৰি থাকোঁতে হনুমানে এটা পুখুৰীত উপনীত হয়, য'ত তেওঁ মচ্ছনুৰ সম্মুখীন হয়। তেওঁলোকৰ মাজত হোৱা কাজিয়া অনিৰ্ণায়ক, সেয়ে হনুমান আচৰিত হৈ প্ৰতিদ্বন্দ্বীক সুধিছে, তেওঁ কোন? মচ্ছনুৱে নিজকে হনুমান আৰু সুৱন্নমচ্ছৰ পুত্ৰ বুলি পৰিচয় দিয়ে আৰু সেয়েহে অৱশেষত তেওঁলোকে ইজনে সিজনক চিনাক্ত কৰি আঁকোৱালি লয়। তেওঁ হনুমানক কয় যে মাইয়াৰপ তেওঁৰ পালক পিতৃ, যিয়ে তেওঁক মাকে পৰিত্যাগ কৰাৰ পিছত সাগৰৰ পাৰত পৰি থকা অৱস্থাত তুলি লৈছিল। যদিও, তেওঁ মাইয়াৰপক বিশ্বাসঘাতকতা কৰিব নিবিচাৰে কিন্তু এটা সাঁথৰেৰে হনুমানক কয় যে তেওঁ পহৰা দি থকা পুখুৰীটোৰ পদুমটোৰ ভিতৰত পাতালৰ প্ৰৱেশদ্বাৰটো পৰি আছে।১২৩

  • লগতে চাব পাৰে হনুমানৰ আন এক পুত্ৰ:মকৰধ্বজ

তথ্যসূত্ৰ

  1. ↑ (1972). The Ramayana and the Malay shadow-play by Amin Sweeney, Vālmīki. Penerbit Universiti Kebangsaan Malaysia. পৃ. 238, 246, 440
  2. ↑ (1991). Satya sudhā, a critical evaluation of Dr. Satya Vrat Shastri's creative works by Satya Vrat Varma. Eastern Book Linkers. পৃ. 190, 205, 214. ISBN 9788185133539
  3. ↑ (1990). Śrīrāmakīrtimahākāvyam: Thāirāmakathāmāśritya praṇītamabhinavaṃ Saṃskr̥tamahākāvyam by Satyavrat Sastri. Mūlāmala Sacadeva Pratiṣṭhānam. পৃ. xvi,224, 282. ISBN 9789748358512
  4. ↑ Archived copy
  5. ↑ Archived copy

সম্পৰ্কিত শ্ৰেণী

হিন্দু কিংবদন্তিৰামায়ণৰ চৰিত্ৰ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মচ্ছনু” প্ৰবন্ধৰ সংশোধন ৬৩৩৬৬৩ (৩১ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।