অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ধৰ্ম আৰু দৰ্শন

অজ

অজ হিন্দু গ্ৰন্থত উল্লেখ এজন এজন ৰজা। তেওঁ ৰঘুৰ পুত্ৰ। তেওঁৰ পিতামহ হৈছে ধৰ্মপৰায়ণ ৰজা দিলীপ। তেওঁ সৰযু নদীৰ দক্ষিণ পাৰত কোশল ৰাজ্যত শাসন কৰে আৰু অযোধ্যা তেওঁৰ ৰাজ্যৰ ৰাজধানী। তেওঁৰ পত্নী ইন্দুমতী বিদৰ্ভৰ ৰাজকুমাৰী আৰু তেওঁৰ পুত্ৰ দশৰথ, হিন্দু দেৱতা বিষ্ণুৰ অৱতাৰ ৰামৰ পিতৃ।

হালনাগাদ: ১৭ ডিচেম্বৰ ২০২৫ ২৫২ শব্দ · ১ মিনিট সংগৃহীত ৭১
সংশোধনৰ পৰামৰ্শ

অজ হিন্দু গ্ৰন্থত উল্লেখ এজন এজন ৰজা।১ তেওঁ ৰঘুৰ পুত্ৰ। তেওঁৰ পিতামহ হৈছে ধৰ্মপৰায়ণ ৰজা দিলীপ। তেওঁ সৰযু নদীৰ দক্ষিণ পাৰত কোশল ৰাজ্যত শাসন কৰে আৰু অযোধ্যা তেওঁৰ ৰাজ্যৰ ৰাজধানী।২ তেওঁৰ পত্নী ইন্দুমতী বিদৰ্ভৰ ৰাজকুমাৰী আৰু তেওঁৰ পুত্ৰ দশৰথ, হিন্দু দেৱতা বিষ্ণুৰ অৱতাৰ ৰামৰ পিতৃ।৩

ঋগবেদত অজ নামৰ উল্লেখ আছে। দশ ৰজাৰ যুদ্ধৰ দ্বিতীয় পৰ্যায়ত (ঋ:বে: ১.০১৮.১৯ত) স্থানীয় মুখীয়াল ভিদাক আন তিনিটা জনগোষ্ঠীৰ সৈতে – অজ, শিঘ্ৰস আৰু যক্ষুসকলক সুদাসৰ দ্বাৰা পৰাস্ত কৰা বুলি কোৱা হৈছে।৪

কিম্বদন্তি

ইন্দুমতী আগৰ জন্মত এগৰাকী হৰিণী নামৰ অপ্সৰা কন্যা আছিল। এবাৰ ইন্দ্ৰই ঋষি তৃণবিন্দুৰ কঠোৰ তপস্যাৰ প্ৰতি আশংকা বাঢ়ি আহিল, আৰু তেওঁৰ তপস্যাত ব্যাঘাত জন্মোৱাৰ বাবে তেওঁক তেওঁৰ বিৰুদ্ধে পঠিয়াই দিলে। তেওঁৰ সম্মুখত নিজৰ আকৰ্ষণীয় ৰূপ প্ৰদৰ্শন কৰি অপ্সৰীয়ে তেওঁৰ তপস্যাত বাধা দিবলৈ সফল হ’ল। ফলত ক্ৰোধিত ঋষিয়ে তেওঁক অভিশাপ দিলে যে তেওঁ পৃথিৱীত মৰ্ত্য নাৰী হিচাপে জন্ম ল’ব, আৰু পৃথিৱীত সৰগীয় ফুল দেখালৈকে তাতেই থাকিব। যথা সময়ত বিদৰ্ভৰ ৰাজকুমাৰী হিচাপে জন্মগ্ৰহণ কৰে আৰু স্বয়ংম্বৰৰ সময়ত অজ ৰজাক স্বামী হিচাপে বাছি লয়।৫ অলপ পিছতে তেওঁলোকৰ পৰা দশৰথৰ জন্ম হ’ল। অৱশ্যে তেওঁৰ পৃথিৱীত থকা সময়খিনি অতি সোনকালেই শেষ হ’ল। এবাৰ ঋষি নাৰদ আকাশেদি ঘূৰি ফুৰি থাকোঁতে তেওঁৰ বীণাৰ মালা এডাল ইন্দুমতীৰ ওপৰত পৰিল, আৰু তেওঁ অভিশাপৰ পৰা মুক্ত হ’ল। অপ্সাৰৰ ৰূপ ঘূৰাই পাই তেওঁ অজক এৰি পৃথিৱীৰ পৰা অদৃশ্য হৈ গ’ল। ইন্দুমতীৰ মৃত্যুৰ সময়ত ৰজা দশৰথৰ বয়স মাত্ৰ আঠ মাহ আছিল।৬

ৰজা অজৰ শোকত হৃদয় বিদীৰ্ণ হৈ পৰিল। কালিদাসৰ ৰঘুবংশত উল্লেখ আছে যে, বশিষ্ঠই তেওঁৰ ছাত্ৰক তেওঁক সান্ত্বনা দিবলৈ পঠিয়াইছিল। অজই অৱশ্যে নিজৰ বিৰহ বেদনাৰ পৰা কেতিয়াও সুস্থ নহ'ল আৰু আৰু কেইবছৰমান শাসন কৰাৰ পিছত তেওঁৰ মৃত্যু হয়।৭

তথ্যসূত্ৰ

  1. ↑ Thapar, Romila. (2013-10-14). The Past Before Us. Harvard University Press. পৃ. 6. ISBN 978-0-674-72651-2
  2. ↑ Kalidasa. (2012-04-10). The Dynasty of Raghu. CreateSpace Independent Publishing Platform. ISBN 978-1-4751-7250-8
  3. ↑ Shah 2004, পৃ. 31–32
  4. ↑ Brereton, Joel P.; Jamison, Stephanie W., eds. (2014). The Rigveda: The Earliest Religious Poetry of India. Vol. I. Oxford University Press. pp. 880, 902–905, 923–925, 1015–1016
  5. ↑ Sastri, B. L. Satyanarayana. (1990). Coronation of the Sandals. Bharatiya Vidya Bhavan. পৃ. 1
  6. ↑ Tripathy, Amish. (2015). Scion of Ikshvaku. Westland Limited. পৃ. chapter: vi. ISBN 978-93-85152-14-6
  7. ↑ Shah 2004, পৃ. 35

সম্পৰ্কিত শ্ৰেণী

ৰামায়ণৰ চৰিত্ৰ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “অজ” প্ৰবন্ধৰ সংশোধন ৫৬৫০৫৯ (১৭ ডিচেম্বৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।