সুভদ্ৰা সেন গুপ্তা (Subhadra Sen Gupta; জুন ১৯৫২ – ৩ মে’ ২০২১)১ এগৰাকী ভাৰতীয় লেখক। তেওঁ সাহিত্য অকাডেমিৰ ২০১৫ চনৰ শিশু সাহিত্য পুৰস্কাৰ বিজয়ী২ আৰু ৩০ খনতকৈও অধিক গ্ৰন্থ প্ৰণেতা। তেওঁৰ মিষ্ট্ৰি অৱ দ্য হাউচ অৱ পিজেনচ্ গ্ৰন্থখন খোজ খাজানা খোঝাৰ নামেৰে দূৰদৰ্শনৰ বাবে এখন ধাৰাবাহিক নিৰ্মাণ কৰা হৈছিল।৩ সৰহসংখ্যক কিতাপ বুৰঞ্জীমূলক কল্পকাহিনী আৰু নন-ফিকচন ধাৰাত লিখিছে যদিও তেওঁ ভ্ৰমণকাহিনী, কমিক ষ্ট্ৰিপ তথা ডিটেকটিভ আৰু ভূতৰ কাহিনীও লিখিছিল। ৪৫
চমু জীৱনপঞ্জী
সেন গুপ্তৰ জন্ম দিল্লীত হৈছিল। তেওঁ ইতিহাসত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছিল। কলেজত পঢ়ি থাকোঁতেই তেওঁ লিখিবলৈ আৰম্ভ কৰিছিল আৰু বিজ্ঞাপন সংস্থাবোৰৰ বাবে কপিৰাইটাৰ হিচাপে কাম কৰিছিল।৫
তেওঁৰ কিছু কামৰ ভিতৰত দ্য পাফিন বুক অফ স্প’কী ঘ’ষ্ট ষ্ট’ৰিজৰ গুডবাই, পাশা বেগম! (এক ভৌতিক কাহিনী য’ত দিল্লীত ছুটি কটোৱা ছোৱালী এজনীয়ে নিজকে মোগল যুগত দাস হিচাপে বিচাৰি পায়), বিষ্ণু - ধৌবি চিংগাৰ আৰু আ মৌৰ্য়ান এডভেঞ্চাৰ উল্লেখযোগ্য। দ্য চিক্ৰেট ডায়েৰী অৱ দ্য ৱৰ্ল্ডছ ৱৰ্ষ্ট কুক হৈছে ডায়েৰীৰ বিন্যাসত লিখা তেওঁৰ ৱৰ্ল্ডছ ৱৰ্ষ্ট নামৰ এখন কিতাপ শৃংখলাৰ অংশ।৬ এই শৃংখলাটোত দ্য চিক্ৰেট ডায়েৰী অৱ দ্য ৱৰ্ল্ডছ ৱৰ্ষ্ট ফ্ৰেণ্ড কিতাপখনো আছে।২ আ ফ্লেগ, আ চং এণ্ড আ পিঞ্চ অফ চল্টত ভাৰতৰ ১৯ জন স্বাধীনতা সংগ্ৰামী আৰু তেওঁলোকৰ প্ৰেৰণাদায়ক কাহিনী আছে।৭
তেওঁ নতুন দিল্লীত অৱস্থিত গৱেষণা প্ৰতিষ্ঠান দ্য এনাৰ্জি এণ্ড ৰিচৰ্ছ ইনষ্টিটিউটৰ বাবে কেয়াৰিং ফৰ নেচাৰ: বাপু এণ্ড দ্য মিচিং ব্লু পেঞ্চিল নামেৰে এখন কিতাপ লিখিছিল।২ তেওঁৰ ২০১৫ চনত লিখা ভাৰতৰ ইতিহাসৰ বিষয়ক আ চিল্ড্ৰেনছ হিষ্ট্ৰী অৱ ইণ্ডিয়া নামৰ কিতাপখন ১০ বছৰতকৈ ডাঙৰ শিশুৰ বাবে লিখা হৈছিল।৩ ২০২০ চনত তেওঁৰ দ্য কনষ্টিটিউচন অৱ ইণ্ডিয়া ফৰ চিল্ড্ৰেন (ৰামচন্দ্ৰ গুহ, বিপন চন্দ্ৰ, গ্ৰেনভিল অষ্টিন আৰু ডেৰেক অ’ব্ৰাইনৰ দ্বাৰা লিখা কিতাপসমূহৰ পৰা আহৰণ কৰা)৮ আৰু মহল: পাৱাৰ এণ্ড পেজেন্ট্ৰি ইন মোগল হেৰেম(মোগল যুগৰ হেৰেমৰ সামাজিক জীৱনৰ বিষয়ে) প্ৰকাশ হয়। তেওঁ তেওঁৰ কিতাপ আ বেগফুল অৱ হিষ্ট্ৰি, দ্য টিনেজ ডায়েৰী অৱ যোধ বাই আৰু দ্য টিনেজ ডায়েৰী অৱ জাহানাৰাৰ বাবেও বিখ্যাত।
২০২১ চনৰ ৩ মে’ তাৰিখে ভাৰতত ক’ভিড-১৯ বৈশ্বিক মহামাৰী চলি থকাৰ সময়ত, ৬৮ বছৰ বয়সত এই মহামাৰীৰ বীজানুৰ দ্বাৰা আক্ৰান্ত হৈ গুপ্তৰ মৃত্যু হয়।৯
বঁটা আৰু সন্মান
তেওঁৰ মিষ্ট্ৰি অৱ দ্য হাউচ অৱ পিজেনচ্ গ্ৰন্থখন ফেইজল আলকাজিয়ে খোজ খাজানা খোঝাৰ নামেৰে দূৰদৰ্শনৰ বাবে এখন ৬ খণ্ডৰ ধাৰাবাহিক নিৰ্মাণ কৰিছিল। তেওঁৰ অন্যান্য লেখনি এন চি ই আৰ টি পাঠ্যপুথিৰ অংশ হিচাপেও বাছনি কৰা হৈছিল।৩ তেওঁৰ তিনিখন কিতাপ ক্ৰমে টুৱেলভ অ’ক্লক ঘ’ষ্ট ষ্ট’ৰিজ, দ্য টিনেজ ডায়েৰী অৱ যোধ বাই আৰু আ ক্লাউন ফৰ টেনালী ৰামা ব’ল’গনা চিল্ড্ৰেনছ বুক ফেয়াৰত বাৰ্ষিক হোৱাইট ৰেভেনছ কেটালগত অন্তৰ্ভুক্ত কৰা হৈছিল।৪ ইংৰাজী ভাষাত শিশু সাহিত্যলৈ আগবঢ়োৱা অৱদানৰ বাবে ২০১৫ চনত সাহিত্য অকাডেমীয়ে তেওঁক শিশু সাহিত্য পুৰস্কাৰ প্ৰদান কৰে।৩
কৰ্মৰাজি
গল্প
- Goodbye, Pasha Begum!
- Bishnu - The Dhobi Singer
- A Mauryan Adventure'উপন্যাস'
- Danger in Darjeeling: Satyajit Ray's Feluda Mysteries (২০১০)
- A Flag, A Song And a Pinch of Salt
- Marching to Freedom
- The Secret Diary of the World's Worst Cook
- The Secret Diary of the World's Worst Friend
- Caring for Nature: Bapu and the Missing Blue Pencil
- A Children's History of India (২০১৫)
- The Constitution of India for Children (২০২০)
- Mahal: Power and Pageantry in the Mughal Harem (২০২০)
তথ্যসূত্ৰ
- ↑ (2021-05-05). Acclaimed children's writer Subhadra Sen Gupta dies of Covid. The Indian Express
- ↑ Pisharoty, Sangeeta Barooah. (2015-01-28). In the world of children. The Hindu
- ↑ Raza, Asif; Ali, Darab Mansoor. (2015-07-01). Rewind with relish. The Hindu
- ↑ Danger in Darjeeling: Satyajut Ray's Feluda Mysteries · Book by Subhadra Sen Gupta. Rediff Books
- ↑ (2018-06-10). 8 Things worth knowing about Subhadra Sen Gupta. Penguin Random House India
- ↑ (2015-03-10). Works of Subhadra Sen Gupta: our pick. The Hindu. BLPS
- ↑ Kurian, Nimi. (2020-08-10). In turbulent times. The Hindu
- ↑ Chakraborti, Paromita. (2020-03-12). A Home for Hope: Subhadra Sen Gupta's new book makes the Constitution accessible to children. The Indian Express
- ↑ Chakrabarti, Paromita. (4 May 2021). Acclaimed children's author Subhadra Sen Gupta passes away due to Covid-19. The Indian Express
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “সুভদ্ৰা সেনগুপ্ত” প্ৰবন্ধৰ সংশোধন ৬৪০২৮৩ (৩০ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।