অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভাষা আৰু সাহিত্য

হৰেন্দ্ৰনাথ বৰঠাকুৰ

হৰেন্দ্ৰনাথ বৰঠাকুৰ তিনিচুকীয়া জিলাৰ মাকুমৰ এগৰাকী শিশু সাহিত্যিক হোৱাৰ উপৰি এগৰাকী নাট্যকাৰ, গীতিকাৰ, গল্পকাৰ, কবি, ঔপন্যাসিক আৰু চিত্ৰভাস্কৰ্য শিল্পী হিচাপে পৰিচিত আছিল৷ তেখেতে ২০১৭ চনৰ শিশু সাহিত্য অকাডেমী বঁটা লাভ কৰে৷

হালনাগাদ: ১২ জুলাই ২০২৩ ৩৩০ শব্দ · ২ মিনিট সংগৃহীত ৪৬
সংশোধনৰ পৰামৰ্শ

হৰেন্দ্ৰনাথ বৰঠাকুৰ তিনিচুকীয়া জিলাৰ মাকুমৰ এগৰাকী শিশু সাহিত্যিক হোৱাৰ উপৰি এগৰাকী নাট্যকাৰ, গীতিকাৰ, গল্পকাৰ, কবি, ঔপন্যাসিক আৰু চিত্ৰভাস্কৰ্য শিল্পী হিচাপে পৰিচিত আছিল৷১ তেখেতে ২০১৭ চনৰ শিশু সাহিত্য অকাডেমী বঁটা লাভ কৰে৷

জন্ম আৰু পৰিয়াল

নাট্যকাৰ মহেন্দ্ৰ বৰঠাকুৰৰ ভাতৃ২ হৰেন্দ্ৰনাথ বৰঠাকুৰ ১৯৪৩ চনৰ ১৬ জুন তাৰিখে শিৱসাগৰ জিলাৰ কৃষ্ণবিহাৰী চাহ বাগিছাত জন্ম গ্ৰহণ কৰে৷ তেখেতৰ পিতৃৰ নাম আছিল লক্ষ্মীনাথ বৰঠাকুৰ আৰু মাতৃৰ নাম লিলি বৰঠাকুৰ৷৩ তেখেতৰ দুগৰাকী পুত্ৰ আৰু দুগৰাকী কন্যা আছে৷

জীৱিকা

হৰেন্দ্ৰনাথ বৰঠাকুৰৰ জীৱিকা আছিল শিক্ষকতা৷ শিক্ষাগ্ৰহণ শেষ কৰিয়েই তেখেতে তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটাৰ কেটেটাং জনজাতি হাইস্কুলত প্ৰধান শিক্ষক হিচাপে কৰ্মজীৱন আৰম্ভ কৰে৷ পিছলৈ তেখেতে তিনিচুকীয়াৰ চেনাইৰাম উচ্চতৰ মাধ্যমিক বিদ্যালয়লৈ আহে আৰু তাৰপৰাই ২০০১ চনত চাকৰি জীৱনৰ পৰা অৱসৰ গ্ৰহণ কৰে৷৪

অন্যান্য কৰ্ম

হৰেন্দ্ৰনাথ বৰঠাকুৰ এগৰাকী ভাস্কৰ্য শিল্পীও আছিল৷ আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰৰ বৰঠাকুৰ এগৰাকী স্বীকৃতিপ্ৰাপ্ত গীতিকাৰ৷ তেখেতে ২০১৩ চনত অসম সাহিত্য সভাৰ তিনিচুকীয়া জিলাৰ সভাপতি নিৰ্বাচিত হৈ কাৰ্যনিৰ্বাহ কৰিছিল৷ তেখেত অসম নাট্য সন্মিলনৰো তিনিচুকীয়া জিলা শাখাৰ সভাপতি আছিল৷ স্থানীয় বহুতো অনুষ্ঠান-প্ৰতিষ্ঠানৰ সৈতে তেখেত জড়িত হৈ অনেক অৱদান আগঢ়াই যায়৷৫ মাৰ্ক্সবাদ-লেনিনবাদত বিশ্বাসী বৰঠাকুৰে ১৯৮২ চনত চি পি আই (এম এল)ত যোগ দিছিল আৰু ২০০২ চনত দলটোৰ কেন্দ্ৰীয় নিয়ন্ত্ৰণ আয়োগৰ সদস্যও নিৰ্বাচিত হৈছিল৷ তেওঁ অসম জনসাংস্কৃতিক পৰিষদৰ এগৰাকী প্ৰতিষ্ঠাপক আছিল৷৬

সাহিত্য কৰ্ম

হৰেন্দ্ৰনাথ বৰঠাকুৰে ভালেমান শিশু উপযোগী পুথি ৰচনা কৰে৷ সেইবোৰৰ ভিতৰত, বিজ্ঞানে আনিব জোৱাৰ, অমাতৰ মাত, ৰজাৰ দেউল, সোণালী দিনৰ জোনালী ৰাতি, প্ৰসংগ অসমীয়া শিশু নাট, কণ পৰুৱাৰ বিলৈ, খৰিয়ে মেলিলে পাত, হৰেন্দ্ৰনাথ বৰঠাকুৰ নাট্য সমগ্ৰ, পোনা, পুতলীৰ সাধু, পলৰীয়া প্ৰতিধ্বনি, মোৰ গানৰ চৰাই, আইতাৰ মুখৰ পদ্য আৰু গীত, দোকমোকালিৰ বেলি, গীতিমালিকা, পাঁচখন শিশুনাট, চিৰিয়াখানা আদি উল্লেখযোগ্য৷৭ পাঁচখন শিশুনাটৰ নাটকসমূহ আছিল, কণী যুঁজক লৈ লিখা ’সাধু ককাৰ চোতাল’, ৰতনপুৰৰ ৰত্নকোঁৱৰ, নেজাল সাধুৰ ভেজাল নাট, উশাাহ আৰু পৰুচয়৷ এইবোৰৰ উপৰি তেওঁ ’মই কিয় নাস্তিক নহ’লোঁ’ এখন উল্লেখযোগ্য পুথি৷৮৯

বঁটা-সন্মান

হৰেন্দ্ৰনাথ বৰঠাকুৰে ২০০৯ চনত’মাধবীলতা সাহিত্য বঁটা’ লাভ কৰে৷ ২০১১ চনত অসম সাহিত্য সভাই বৰঠাকুৰক ’ধৰ্মেশ্বৰ কটকী শিশু সাহিত্য বঁটা’ৰে সন্মানিত কৰে৷ ২০১৭ চনত তেওঁৰ ’হৰেন্দ্ৰনাথ বৰঠাকুৰ শিশু নাট-সমগ্ৰ’ পুথিৰ বাবে ’শিশু সাহিত্য অকাডেমী বঁটা’ লাভ কৰে৷১০

মৃত্যু

কৰ্কট ৰোগত আক্ৰান্ত হৈ দীৰ্ঘদিনে চিকিৎসাধীন হৈ থকা বৰঠাকুৰৰ ২৪ জুন, ২০২২ সন্ধিয়া প্ৰায় ৬ বাজি ৩০ মিনিটত মাকুমৰ নিজা ঘৰত ৮১ বছৰ বয়সত মৃত্যু হয়৷১১

তথ্যসূত্ৰ

  1. ↑ যুগমীয়া শিশু সাহিত্যৰ স্ৰষ্টা হৰেন্দ্ৰনাথ বৰঠাকুৰ, তৃপ্তি দাস, শিল্প-সাহিত্য, সাদিন, ১০ জুলাই, ২০২২
  2. ↑ অসমীয়া প্ৰতিদিন, ২৫ জুন, ২০২২
  3. ↑ হৰেন্দ্ৰনাথ বৰঠাকুৰ, সংগীতা শৰ্মা, মৌচাক, পৃ: নং; ২৩, জুলাই, ২০২২
  4. ↑ হৰেন্দ্ৰনাথ বৰঠাকুৰ, সংগীতা শৰ্মা, মৌচাক, পৃ: নং; ২৩, জুলাই, ২০২২
  5. ↑ জনমভূমি, উৎস: মনোৰঞ্জন মৰাণ, তিনিচুকীয়া, ২৪ জুন, ২০২২
  6. ↑ অসমীয়া প্ৰতিদিন, পৃ:নং; ৫, ১১ জুলাই, ২০২২
  7. ↑ হৰেন্দ্ৰনাথ বৰঠাকুৰ, সংগীতা শৰ্মা, মৌচাক, পৃ: নং; ২৩, জুলাই, ২০২২
  8. ↑ যুগমীয়া শিশু সাহিত্যৰ স্ৰষ্টা হৰেন্দ্ৰনাথ বৰঠাকু, তৃপ্তি দাস, শিল্প-সাহিত্য, সাদিন, ১০ জুলাই, ২০২২
  9. ↑ অসমীয়া প্ৰতিদিন, ২৫ জুন, ২০২২
  10. ↑ যুগমীয়া শিশু সাহিত্যৰ স্ৰষ্টা হৰেন্দ্ৰনাথ বৰঠাকু, তৃপ্তি দাস, শিল্প-সাহিত্য, সাদিন, ১০ জুলাই, ২০২২
  11. ↑ শতাব্দ, ২৪ জুন, ২০২২

সম্পৰ্কিত শ্ৰেণী

সাহিত্য অকাডেমি শিশু সাহিত্য বঁটা বিজয়ী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “হৰেন্দ্ৰনাথ বৰঠাকুৰ” প্ৰবন্ধৰ সংশোধন ৩৭১৪৫৩ (১২ জুলাই ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।