জনপ্ৰিয় সংস্কৃতি (popular culture) হ'ল সংস্কৃতিৰ প্ৰকাৰসমূহৰ লগত সম্পৰ্কিত এটা মুখ্য ধাৰণা। জনপ্ৰিয় সংস্কৃতিক সাধাৰণ জনতাৰ সংস্কৃতি বুলি কোৱা হয়।১ অৰ্থাৎ জনসাধাৰণে যি কৰে, যেনেকৈ কৰে, যাক ভালপায় আৰু যি অনুশীলন কৰে সেয়ে জনপ্ৰিয় সংস্কৃতি।১জনপ্ৰিয় সংস্কৃতি বুলি ক'লে সাধাৰণতে সৰ্বসাধাৰণ জনতাৰ মন সহজে ভাল লগাব পৰা গভীৰ চিন্তাৰ প্ৰচেষ্টা নথকা বিনোদনধৰ্মী কথা বা সংস্কৃতিক বুজোৱা হয়। এই সাধাৰণ ভাগ সমূহ হৈছে: বিনোদন(বোলছবি, সংগীত, টেলিভিছন, ভিডিঅ' গেম), খেল, বাতৰি, ৰাজনীতি, প্ৰসাধন, প্ৰযুক্তি, আৰু অশ্লীল শব্দ বা বাক্য।২"জনপ্ৰিয় সংস্কৃতি" বিষয়টো ১৯ শতিকা বা তাৰো আগেয়ে উত্থান হোৱা বুলি জনা যায়।৩ পৰম্পৰাগত ভাৱে এই সংস্কৃতি দুৰ্বল শিক্ষা ব্যৱস্থা তথা নিম্ন বৰ্গৰ লোকৰ সৈতে জড়িত বুলি ধৰা হয়।৪
পটভূমি
ৰেইমণ্ড উইলিয়ামছৰ মতে প্ৰায় ৬০০ বছৰ পূৰ্বতে ইংৰাজী Popular শব্দটো আইন-কানুন বিষয়ক তথা ৰাজনৈতিক শব্দ হিচাপে ব্যৱহৃত হৈছিল। ষষ্ঠ শতিকাত "জনপ্ৰিয়" চৰকাৰ শব্দটোৱে সকলো জনসাধাৰণৰ সমৰ্থন লাভ কৰা এটা ৰাজনৈতিক অৱস্থাক বুজাইছিল, কিন্তু ইয়াৰ সৈতে নীচ বা নিকৃষ্ট ধাৰণা এটাও সংযুক্ত হৈ আছিল। সেই নীচ ধাৰণাৰ পৰাই ঊনবিংশ শতিকাৰ পৰা আজি পৰ্যন্ত জনপ্ৰিয় সংস্কৃতিয়ে নিম্নমানৰ কৰ্মক বুজাই আহিছে। সেয়েহে আধুনিক সংস্কৃতিতাত্বিক সকলে জনপ্ৰিয় সংস্কৃতিক মূল্যবোধ আৰু নান্দনিক ৰুচি অৱনমিত কৰাৰ অভিযোগত সমালোচনা কৰি আহিছে। এই সন্দৰ্ভত মেথিউ আৰ্ণল্ড (Metthew Arnold)ৰ পৰা থিয়ডৰ এডৰ্নো (Theodore W. Adorno )লৈকে বহুতো সংস্কৃতিবিদে জনপ্ৰিয় সংস্কৃতিৰ বিপৰীতে শাস্ত্ৰীয় বা অভিজাত সংস্কৃতিৰ ধাৰণাক সমৰ্থন কৰিছে।৫ তেওঁলোকৰ মতে জনপ্ৰিয় কলা-সংস্কৃতিয়ে সংস্কৃতিক অপসংস্কৃতিৰ গুৰিলৈ অৱনমিত কৰিছে। ব্ৰিটিছ সংস্কৃতিবিদ ষ্টুৱাৰ্ট হ'লে (Stuart Hall) ১৯৬৪ চনত "The popular art" শীৰ্ষক গ্ৰন্থখনত জনপ্ৰিয় সংস্কৃতিৰ বিষয়ে সবিশেষ আলোচনা কৰে। তেওঁৰ গ্ৰন্থখনত জনপ্ৰিয় সংস্কৃতিক সহজে চিনিব পাৰি বুলি উল্লেখ কৰিলেও পৰৱৰ্তী সময়ত তেওঁ নিজেই "Notes on Deconstructing The popular" ৰচনাৰ যোগেদি তেওঁৰ এই ধাৰণাক সলনি কৰিছে। হ'লৰ নতুন মত অনুসৰি জনপ্ৰিয়ৰ নিজৰ স্থিৰিকৃত মত থাকিব নোৱাৰে, নিদিৰ্ষ্ট বিষয়বস্তুবিহীন সংঘাতৰ এক সংশোধনকেন্দ্ৰ। হ'লে জনপ্ৰিয়ৰ সংজ্ঞা দিবলৈ গৈ হলিউদৰ বক্স অফিচ হিট হোৱা চিনেমাৰ প্ৰসংগ উত্থাপন কৰি কৈছে যে গ্ৰাহকে ধন খৰচ কৰিবলৈ ভাল পোৱাটোৱেই হ'ল জনপ্ৰিয়।
জনপ্ৰিয় সংস্কৃতিৰ পৰিসৰ
জনপ্ৰিয় সংস্কৃতিয়ে সাধাৰণতে অধিকাংশ লোকে পচন্দ কৰা সংস্কৃতিক সামৰে। বেছিভাগতে কিছুমান বৃহৎ ব্যৱসায়ী বা বাণিজ্যিক প্ৰতিষ্ঠানে ব্যৱসায়িক স্বাৰ্থত এই সংস্কৃতি নিয়ন্ত্ৰণ কৰে। সেয়েহে জনপ্ৰিয় সংস্কৃতিত সৃজনাত্মক বৈশিষ্ট্যক গুৰুত্ব দিয়া নহয়। উদাহৰণস্বৰূপে বৰ্তমান চলচ্চিত্ৰ জগতত বেছিকৈ মচলাযুক্ত ছবি নিৰ্মাণ কৰা হৈছে। দৰ্শকসকলেও ইয়াত কোনো সৃজনাত্মক গুণ নিবিচাৰে। জন ষ্টৰিৰ "Cultural Theory and Popular Culture" শীৰ্ষক গ্ৰন্থখনত জনপ্ৰিয় সংস্কৃতিৰ কেইটামান বৈশিষ্ট্য নিৰ্ধাৰণ কৰিছে।৬ যেনে-
- অধিকাংশ মানুহে ভালপাব লাগিব
- নিম্ন মানৰ সংস্কৃতি
- সাধাৰণ জনসাধাৰণে ভালপাব লাগিব
- নিজৰ বাবে নিজেই নিৰ্মাণ কৰিব লাগিব
উৎস সমূহ
জনপ্ৰিয় সংস্কৃতিৰ বিভিন্ন উৎস সমূহ হৈছে:
- চলচ্চিত্ৰ
- দূৰদৰ্শনৰ অনুষ্ঠান
- দূৰদৰ্শন ৰ বিজ্ঞাপন
- এনিমেছন
- জনপ্ৰিয়সংগীত
- ক্ৰিয়া
- সংগঠন
- ফেশ্বন
- কিতাপ
- কমিক্স
- অনাতাঁৰ গ্ৰাহক যন্ত্ৰ
- '''ভিডিঅ'গেম
- আন্তঃজাল৭
তথ্যসূত্ৰ
- ↑ শইকীয়া, মানিক. শব্দ প্ৰকাশ. ISBN 978-93-83308-01-9
- ↑ What Is Pop Culture? By Gary West
- ↑ Although the Oxford English Dictionary lists the first use as 1854, it appears in an address by Johann Heinrich Pestalozzi in 1818: Pestalozzi, Johann Heinrich. (1818). The Address of Pestalozzi to the British Public
- ↑ The educational institutions of the United States, their character and organization, J. Chapman, 1853, p. 243: "Influence of European emigration on the state of civilization in the United States: Statistics of popular culture in America". John Morley presented an address On Popular Culture at the Birmingham Town Hall in 1876, dealing with the education of the lower classes
- ↑ Lane Crothers. (2021). Globalization and American Popular Culture. Rowman & Littlefield. পৃ. 48. ISBN 9781538142691
- ↑ John Storey. Cultural Theory and Popular Culture, pp. 4–8
- ↑ Pop Culture: An Overview · Issue 64 · Philosophy Now. philosophynow.org
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “জনপ্ৰিয় সংস্কৃতি” প্ৰবন্ধৰ সংশোধন ৩৭৩১৮৩ (৩ আগষ্ট ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।