উৰুলি ( Uruli ) এবিধ মুখবাদ্য৷ সাধাৰণতে হিন্দু ধৰ্মাৱলম্বী নাৰীয়ে মাংগলিক কাৰ্য্যত উৰুলি ধ্বনি কৰে৷ অসমীয়া, বঙালী আৰু উড়ীয়া লোকসংস্কৃতিত১ ই এক এৰাব নোৱৰা সামজিক প্ৰথা৷ ই কেৱল মহিলাসকলৰ দ্বাৰাহে কৰা হয়৷ উৰুলিক উৎসৱ আৰু সমৃদ্ধিৰ প্ৰতীক হিচাপে গণ্য কৰা হয়৷
উৎপত্তি
উৰুলি শব্দৰ উৎপত্তি সম্পৰ্কে মতভেদ দেখা যায়৷ সুমেৰীয় শব্দ ’উলু’ৰ পৰা উৰুলি বা উলুধ্বনি শব্দটোৰ সৃষ্টি হোৱা বুলি ক’ব পাৰি৷ ইংৰাজীত ইয়াৰ অৰ্থ, মুখেৰে কৰা এক ধেমেলীয়া শব্দ৷ সুমেৰীয় ভাষাৰ ’উলু’ শব্দৰ অৰ্থ আনন্দত চিৎকাৰ কৰা৷ সেইফালৰ পৰা এই উলু শব্দৰ পৰাই উৰুলি বা উলুধ্বনি হোৱা বুলি ক’ব পাৰি৷ আনহাতে, ফেঁচাই খৰকৈ মতা মাতৰ অনুকৰণত এই উৰুলি ধ্বনি সৃষ্টি হোৱা বুলিও বহুতে ক’ব খোজে৷ উলুক মানে ফেঁচা৷ উলুকৰ উলুধ্বনিৰ অনুকৰণত হয়তো উৰুলি বা উলুধ্বনি হ’ল৷২
উৰুলি দিয়াৰ নিয়ম
বিয়া, পূজা, গৃহপ্ৰৱেশ, উপনয়ন, তোলনী বিয়া আৰু ৰাজহুৱা অনুষ্ঠানৰ শুভাৰম্ভণৰ সময়ত উৰুলি অসমীয়া আৰু বাঙালী সমাজৰ এক প্ৰাচীন পৰম্পৰা৷ বৈদিক যুগৰে পৰা উৰুলিৰ প্ৰচলন থকাৰ কথা পোৱা যায়৷ বৰ্তমানো বিভিন্ন পূজাত ঘণ্টাধ্বনিৰ লগতে উৰুলিধ্বনি এৰাব নোৱৰা বিষয়৷ উৰুলি মহিলাসকলেহে দিয়ে৷ ওঁঠ দুটা জোঙা কৰি জিভাখন দীঘলীয়াকৈ উলিয়াই জিভাৰে দুয়ো ওঁঠৰ কোণত খৰকৈ খুন্দিয়াই মুখেৰে ’উলুলুলু’ ধ্বনি কৰে৷ সেইকাৰণে উৰুলিক হয়তো বঙালীসকলে “উলুধ্বনি’’ বোলে৷ উৰুলি অপায়-অমংগল আঁতৰোৱাৰ উপায় হিচাপেও গণ্য কৰা হয়৷ সাধাৰণতে ফেঁচাক লোকসমাজত অমংগলৰ প্ৰতীক ৰূপে গণ্য কৰা হয় যদিও কেতিয়াবা ফেঁচাই উৰুলি দিলে সেই ঠাইখনত শুভ কাম হোৱাৰ ইংগিত পোৱা বুলি ধৰা হয়৷৩ কাৰোবাৰ ঘৰৰ বাৰীত পৰি ফেঁচাই উৰুলি দিলে সেইঘৰত অচিৰে কিবা মাংগলিক কাৰ্য হ’বই বুলি লোকবিশ্বাস প্ৰচলিত৷৪ বাঙালী সমাজত ভূমিকম্প আহিলে কাঁহ আৰু শঙ্খ বজাই উৰুলি দিয়ে৷
বিবাহত উৰুলিৰ প্ৰয়োগ
অসমীয়া সমাজৰ বিবাহত উৰুলি এক অবিচ্ছেদ্য লোকাচাৰ৷ একেটা উশাহত উৰুলি দিয়া হয়৷৫ আয়তীৰ জাত জাত বিয়ানামৰ লগতে উৰুলিৰ ধ্বনিয়ে বিয়াঘৰত এক মাংগলিক পৰিৱেশৰ সৃষ্টি কৰে৷ বিয়াৰ জোৰোণ আহি পদূলিমুখ পোৱাৰ পিছতে দৰাঘৰীয়া আয়তীৰ উৰুলিত কইনাঘৰত উখল-মাখল লাগে৷ তাৰপিছত প্ৰতিটো কাৰ্যৰে আৰম্ভণি উৰুলিৰে কৰা হয়৷ কইনা বহা কঠত চাউল ছটিয়াওতে, কইনাৰ শিৰত সেন্দূৰ দিওঁতে, পানী কাটোঁতে, পানী তোলোতে, পানী তুলি উভতি খোজ লওঁতে, কইনা নোৱাওঁতে, সুৱাগুৰি তোলা, গাঁঠিয়ন খুন্দা, দৈয়ন দিয়া, দৰা আদৰা, মালা পিন্ধোৱা৬ আদি বিয়াৰ সকলো পৰ্যায়তে উৰুলি ধ্বনি কৰাটো নিয়ম৷ বিয়াৰ বাদে আন আন নাৰীকেন্দ্ৰিক লোকাচাৰত উৰুলি এক অবিচ্ছেদ্য অংগ৷ উপনয়ন, পঞ্চামৃত খোৱা, জেঠুৱা খোৱা, জেওৰা দিয়া আদি কামৰ মহিলাসকলে উৰুলিৰে মংগল কামনা কৰে৷ অসমৰ কিছুমান অঞ্চলৰ কোনো কোনো জনগোষ্ঠীৰ মাজত ল’ৰা সন্তান জন্ম হ’লে শঙ্খ বজোৱাৰ লগতে উৰুলি ধ্বনি দি আনন্দ প্ৰকাশ কৰে৷৭
তথ্যসূত্ৰ
- ↑ www.wikiwand.com/bn/%E0%A6%89%E0%A6%B2%E0%A7%81%
- ↑ বৰুৱা, শান্তনু কৌশিক. (২০২১). সংক্ষিপ্ত অসম বিশ্বকোষ. সঞ্জীৱন প্ৰকাশন. পৃ. ২৭২. ISBN 978-81-950015-4-5
- ↑ বৰুৱা, দিলীপ কুমাৰ. (২০১৪). অসমৰ এটি বিৰল লোকাচাৰ, উৰুলি. প্ৰান্তিক
- ↑ গগৈ, চাও লোকেশ্বৰ. (২০১১). অসমৰ লোকসংস্কৃতি ২. ক্ৰান্তিকাল. পৃ. ২২৭
- ↑ অসমীয়া নাৰীসকলৰ লোকাচাৰ উৰুলি
- ↑ বৰদলৈ, নিৰ্মলপ্ৰভা. (২০০৪). অসমৰ লোকসংস্কৃতি. বীণা লাইব্ৰেৰী. পৃ. ২৪-২৯
- ↑ ভকত, ড° লাবণ্য. (২০২১). কোচ-ৰাজবংশী সংস্কৃতি কোশ. বনমালী প্ৰকাশন. পৃ. ৪৩. ISBN 978- 93-81678-81-7
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “উৰুলি” প্ৰবন্ধৰ সংশোধন ৬৩৪৬৪৩ (৮ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।