অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
কলা আৰু সংস্কৃতি

বৰোং নৃত্য

বৰোং নৃত্য ( Barong Dance) ইণ্ডোনেছিয়াৰ বালিত পৰিৱেশিত বালিন ভাষাৰ এক নৃত্য শৈলীৰ নৃত্য নাটিকা৷ এই নৃত্য-নাটিকাত পৌৰাণিক কালত জীৱ-জন্তুৰ অতি-প্ৰাকৃতিক শক্তিৰে মানুহক সুৰক্ষা দিব পৰা শক্তিৰ বিষয়ে বৰ্ণনা কৰা হয়৷ বৰোং পৱিত্ৰ আত্মাৰ ৰজা, সততাৰ নেতা, তেওঁ বালিৰ পৌৰাণিক পৰম্পৰাগত দানৱ ৰাণী ৰংদাৰ শত্ৰু।

হালনাগাদ: ১৪ ডিচেম্বৰ ২০২৫ ১৯৩ শব্দ · ১ মিনিট সংগৃহীত ৭৮
সংশোধনৰ পৰামৰ্শ

বৰোং নৃত্য ( Barong Dance) ইণ্ডোনেছিয়াৰ বালিত পৰিৱেশিত বালিন ভাষাৰ এক নৃত্য শৈলীৰ নৃত্য নাটিকা৷ এই নৃত্য-নাটিকাত পৌৰাণিক কালত জীৱ-জন্তুৰ অতি-প্ৰাকৃতিক শক্তিৰে মানুহক সুৰক্ষা দিব পৰা শক্তিৰ বিষয়ে বৰ্ণনা কৰা হয়৷ বৰোং পৱিত্ৰ আত্মাৰ ৰজা, সততাৰ নেতা, তেওঁ বালিৰ পৌৰাণিক পৰম্পৰাগত দানৱ ৰাণী ৰংদাৰ শত্ৰু। দানৱ ৰাণী ৰংদা সকলো আত্মাৰ ৰক্ষকৰ মাতৃ৷১ বৰোং নৃত্যত সৎ আৰু অসতৰ মাজৰ চিৰন্তন যুদ্ধক প্ৰতিনিধিত্ব কৰি বৰোং আৰু ৰংদাৰ মাজত যুদ্ধ কৰা দেখুওৱা হয়৷২

বালিৰ বৰোং নৃত্য

বালিৰ জনপ্ৰিয় নৃত্যৰ বৰোং হৈছে এক ধৰণৰ পৌৰাণিক সিংহ। এই নৃত্যৰ উৎপত্তিস্থল বালিৰ গিয়ানিয়াৰ অঞ্চল, য’ত বালিৰ এই জনপ্ৰিয় নৃত্য চাবলৈ পৰ্যটকে উবুদ নামে ঠাইত ভিৰ কৰেহি। কেলং আৰেঙ (নৃত্য-নাটিকা)ৰ মাজত বৰোঙৰ আবিৰ্ভাৱ হয়, আৰু ৰংদাই প্ৰয়োগ কৰা যাদুকৰী নিয়ন্ত্ৰণৰ বিৰুদ্ধে সঁহাৰি দিয়ে আৰু ভাৰসাম্য ৰক্ষা কৰিবলৈ তাইক বধ কৰে। পৰম্পৰাগত বৰোং নৃত্য প্ৰদৰ্শনত ৰংদাৰ বিপক্ষে বৰোঙৰ সংঘৰ্ষ চিত্ৰিত কৰা হয়, যি বালিন সংস্কৃতিৰ এক জনপ্ৰিয় অংগ। ইয়াৰ পিছত পৌৰাণিক জীৱটোৱে কেলং আৰেঙৰ পথত নৃত্য কৰে। এজন পুৰোহিতে তেওঁৰ ওপৰত পৱিত্ৰ পানী ছটিয়াই দিয়ে। এই নৃত্যৰ আৰম্ভণিতে এটা শান্তিপূৰ্ণ পৰিৱেশত দুটা বান্দৰে বাৰোঙক জোকাই থকা দেখা যায়।১

কেৰিচ নৃত্য

বালিৰ বৰোং নৃত্যৰ কেৰিচ নৃত্য এটা অংশ। বৰোং নৃত্যত বৰোং আৰু ৰংদাৰ মাজত হোৱা যুদ্ধৰ নৃত্য প্ৰদৰ্শনত নৃত্যশিল্পীসকলে কৃচক এক অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰে। যাদুকৰী ঐতিহ্য থকাৰ কাৰণে কেৰিচ নৃত্যক এক পৱিত্ৰ নৃত্য হিচাপে বিবেচনা কৰা হয়।

দৃশ্যটো প্ৰদৰ্শনৰ সময়ত ৰংদা আৱিৰ্ভাৱ হয় আৰু এয়াৰ লংগাৰ যুঁজাৰুক প্ৰতিনিধিত্ব কৰা পুৰুষ নৃত্যশিল্পীসকলৰ ওপৰত ক’লা যাদু প্ৰয়োগ কৰে, আৰু তেওঁলোকক আত্মহত্যা কৰিবলৈ নিৰ্দেশ কৰে। আনহাতে, বৰোং আৰু পুৰোহিতে তেওঁলোকৰ ওপৰত সুৰক্ষামূলক যাদু ছটিয়ায় যাতে তেওঁলোক তীক্ষ্ণ অস্ত্ৰৰ পৰা ৰক্ষা পৰে।১ এটা সমাধিত যোদ্ধাসকলে নিজৰ কেৰিচেৰে নিজক আঘাত কৰে যদিও তেওঁলোক আঘাতপ্ৰাপ্ত নোহোৱাকৈ থাকে।

কেৰিচ নৃত্যই সাম্ভাৱ্য দুৰ্ঘটনাৰ আশংকা বহন কৰে। ২০২১ চনৰ ফেব্ৰুৱাৰী মাহত বালিত ৰংদা নৃত্য প্ৰদৰ্শনৰ সময়ত ডেনপাছাৰ বালিৰ পেমেকুটান কাজাৰ বেঞ্জাৰ ব্লং গেডেত ১৬ বছৰীয়া পুৰুষ নৃত্যশিল্পী এজনৰ কেৰিচৰ আঘাতত মৃত্যু হৈছিল।৩

ৰংদা বনাম বৰোং

বৰোং আৰু ৰংদাৰ মাজত হোৱা চূড়ান্ত যুঁজত বৰোঙৰ জয়ৰ সৈতে এটা সময়ত নৃত্যৰ অন্ত পৰে। ৰংদা পলাই যায়। দুষ্টৰ বিনাশ হয় আৰু স্বৰ্গীয় ব্যৱস্থা পুনৰুদ্ধাৰ হয়।

তথ্যসূত্ৰ

  1. ↑ Ardee. Tari Barong Keris, Pesan Harmoni dalam Pertunjukan Massal yang Memukau: Kesenian - Situs Budaya Indonesia. IndonesiaKaya
  2. ↑ indo.com. (2001). The Barong Dance of Bali. indo.com
  3. ↑ Firizqi Irwan. Kronologi Remaja 16 Tahun Tewas saat Menari Rangda, Tertusuk Keris Tepat di Bagian Jantung. Tribunnews.com

সম্পৰ্কিত শ্ৰেণী

এছিয়াৰ সংস্কৃতিসংস্কৃতিইণ্ডোনেছিয়াৰ সংস্কৃতি

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বৰোং নৃত্য” প্ৰবন্ধৰ সংশোধন ৫৬৩৭৬৮ (১৪ ডিচেম্বৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।