লোককথা
১৪৮ প্ৰবন্ধ
-
অগবাঞ্জে
অগবাঞ্জে অডিনানী (ইগবো: ọ̀dị̀nànị̀) ভাষাত এটা দুষ্ট আত্মা বুলি ধাৰণা কৰা হৈছে, যিয়ে ইচ্ছাকৃতভাৱে এটা পৰিয়ালক দুৰ্ভাগ্যৰ সম্মুখীন কৰাব পাৰে। ইগবোলেণ্ডত অগবাঞ্জেৰ ওপৰত বিশ্বাস এসময়ৰ দৰে শক্তিশালী নহয় যদিও এতিয়াও কিছুমান বিশ্বাসী আছে।
-
অবিশ্বাস্য কাহিনী
অবিশ্বাস্য কাহিনী (ইংৰাজী: Tall tale) হৈছে সত্য আৰু বাস্তৱিক যেন লগাকৈ সম্পৰ্কিত কিছুমান অবিশ্বাস্য উপাদান থকা কাহিনী। কিছুমান অবিশ্বাস্য কাহিনী প্ৰকৃত পৰিঘটনাৰ অতিৰঞ্জিত সংস্কৰণ, উদাহৰণস্বৰূপে মাছৰ কাহিনী ("জালৰ পৰা ওলাই যোৱা মাছটো") যেনে, "সেই মাছটো ইমানেই ডাঙৰ আছিল যে, মই নাওখন টানি অনাৰ সময়ত ই…
-
আলি বাবা আৰু চল্লিশটা চোৰ
আলি বাবা আৰু চল্লিশটা চোৰ (علي بابا والأربعون لصا) হৈছে অষ্টাদশ শতিকাৰ এহেজাৰ এনিশা নামৰ লোককথাৰ সংকলনত ইয়াৰ ফৰাচী অনুবাদক এণ্টোৱান গালেণ্ডে সংযোজন কৰা এক লোককথা। গালেণ্ডে সাধুটো ছিৰিয়াৰ গল্পকাৰ হান্না ডিয়াবৰ পৰা শুনিছিল।
-
ইয়াৰা (শ্ৰুতিকথা)
ইয়াৰা (ইংৰাজী: Iara, Uiara, Yara বা Hiara; পৰ্তুগীজ উচ্চাৰণ: ), হৈছে প্ৰাচীন টুপি আৰু গুয়াৰানি লোককথাৰ ওপৰত ভিত্তি কৰি ব্ৰাজিলৰ শ্ৰুতিকথাত বৰ্ণিত এটা কিংবদন্তিমূলক জীৱ। শব্দটোৰ উৎপত্তি হৈছে পুৰণি টুপি ভাষাৰ yîara = y (“পানী”) + îara (“প্ৰভু; নাৰী”) = “হ্ৰদৰ নাৰী” (পানীৰ ৰাণী) শব্দটোৰ পৰা।
-
ইয়ি-উৱা
ইগবো পৌৰাণিক কাহিনীত পোৱা ইয়ি-উৱা হৈছে এনে এটা বস্তু যিয়ে মৃত শিশুৰ (অগবাঞ্জে নামেৰে জনাজাত) আত্মাক পৃথিৱীৰ সৈতে বান্ধি ৰাখে, যাৰ ফলত ই পুনৰ একেগৰাকী মাতৃৰ ওচৰত পুনৰ জন্ম লয়। শিল, পুতলা, চুলি বা মৃত শিশুৰ কাপোৰৰ টুকুৰা, শংকা বা প্ৰসাদ আদি বহুতো বস্তুৱে ইয়ি-উৱাৰ উদ্দেশ্য সাধন কৰিব পাৰে।
-
ওমলা পদ্য
ওমলা পদ্য বা নাৰ্ছাৰী পদ্য (ইংৰাজী: Nursery rhyme) হৈছে ভাৰত আৰু আন বহু দেশৰ শিশুসকলৰ বাবে ৰচিত এক প্ৰকাৰক পৰম্পৰাগত কবিতা বা গীত। এই প্ৰকাৰৰ পদ্যৰ ইংৰাজী Nursery rhyme শিৰোনামটোৰ ব্যৱহাৰ অষ্টাদশ শতিকাৰ শেষৰ ফালে নাইবা উনবিংশ শতিকাৰ আৰম্ভণিৰ পৰাহে হৈছে।
-
ঔ-কুঁৱৰী
ঔ-কুঁৱৰী অসমীয়া সমাজত প্ৰচলিত এক সাধুকথা। এই সাধুটো সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাই সংগ্ৰহ কৰি বুঢ়ী আইৰ সাধু নামৰ অসমীয়া লোককথাৰ সংকলনত সন্নিৱিষ্ট কৰে। সাধুটোৰ নায়িকা ঔ-টেঙাৰ ভিতৰত সোমাই থকা এক ৰজাৰ কুঁৱৰী।
-
কপালত জোনাক থকা ল’ৰাটো
দ্য বয় উইথ এ মুন অন হিজ ফ'ৰহেড হৈছে মাইভে ষ্ট'কছ আৰু লাল বেহাৰী দেৰ দ্বাৰা সংগ্ৰহ কৰা বাংলা লোককথা৷ এই কাহিনীবোৰে এনে কাহিনীক বুজায় য’ত এগৰাকী ছোৱালীয়ে ৰজাক আচৰিত ধৰণৰ সন্তান বা সন্তান জন্ম দিব বুলি প্ৰতিশ্ৰুতি দিয়ে, কিন্তু তেওঁৰ ঈৰ্ষাপৰায়ণ আত্মীয় বা ৰজাৰ পত্নীয়ে কেঁচুৱা আৰু তেওঁলোকৰ মাকৰ…
-
কল্পকাহিনীত কথা কোৱা প্ৰাণী
পৌৰাণিক কাহিনী আৰু লোককথা, শিশু সাহিত্য, আধুনিক কমিক বুক আৰু এনিমেটেড কাৰ্টুনত কথা কোৱা জীৱ-জন্তু এটা সাধাৰণ উপাদান। কাল্পনিক কথা কোৱা প্ৰাণীবোৰ প্ৰায়ে নৃগোষ্ঠীয়, মানুহৰ দৰে গুণৰ অধিকাৰী (যেনে: দ্বিপদীৰ ৰূপত খোজ কঢ়া, কাপোৰ পিন্ধা, ঘৰত বাস কৰা)।
-
কুকুৰ আৰু তাৰ প্ৰতিচ্ছবি
কুকুৰ আৰু তাৰ প্ৰতিচ্ছবি'(ডগ এণ্ড হিজ ৰিফ্লেকচন) ইছপৰ এটা অন্যতম উপকথা। মূল গ্ৰীক কাহিনীটো লেটিন ভাষাত পুনৰুদ্ধাৰ কৰা হৈছিল আৰু এইদৰে সমগ্ৰ ইউৰোপতে বিয়পি পৰিছিল, যিয়ে নিজৰ হাতত যি আছে তাতেই সন্তুষ্ট হ’বলৈ আৰু ছাঁৰ স্বাৰ্থত একো বলিদান নিদিবলৈ পাঠটো শিকাইছিল। গল্পটোৰ ভাৰতীয় সংস্কৰণো আছে।
-
কুৰুপিৰা
কুৰুপিৰা (ইংৰাজী: Curupira; পৰ্তুগীজ উচ্চাৰণ: [kuɾuˈpiɾɐ]) হৈছে ব্ৰাজিলৰ আমাজন বৰ্ষাৰণ্যৰ টুপি-গুয়াৰানি শ্ৰুতিকথাত বৰ্ণিত এক প্ৰকাৰৰ পৌৰাণিক কিংবদন্তিমূলক জীৱ। কুৰুপিৰা শব্দটো টুপি ভাষাৰ “কুৰু'পিৰ” (kuru'pir) শব্দৰ পৰা আহিছে, শব্দটোৰ অৰ্থ হৈছে "ফোঁহাৰে আবৃত"।
-
গাধ আৰু গাহৰিৰ সাধু
গাধ আৰু গাহৰিৰ সাধু হৈছে ইছপৰ এক অন্যতম সাধু, যিটো পাশ্চাত্যত কেতিয়াও গ্ৰহণ কৰা হোৱা নাছিল যদিও প্ৰাচ্যত ইয়াৰ জনপ্ৰিয়তা এতিয়াও অক্ষুণ্ণ হৈয়ে আছে। এই সাধুটোৰ সাধাৰণ নীতিশিক্ষা হ’ল, কাৰোবাৰ সহজ জীৱন আৰু সাম্ভাৱ্য সৌভাগ্যই তেওঁলোকৰ কল্যাণৰ প্ৰতি ভয়ৰ কাৰণ হৈ পৰে।
-
গাৱেণ্ডা
গাৱেণ্ডা (পোলিছ: Gawęda) হ’ল পোলেণ্ডৰ মৌখিক লোককথাৰ এক ধাৰা। লগতে ই এক মহাকাব্যিক সাহিত্যিক ধাৰা যিবোৰ মৌখিক কাহিনীৰ শৈলীত ৰচনা কৰা হয়। ই পোলেণ্ডৰ ঘৰুৱা পৰম্পৰাৰ সৈতে জড়িত আৰু প্ৰায়ে হাস্যৰস, আৱেগ, ব্যংগ আৰু ঐতিহাসিক উপাদানৰ সংমিশ্ৰণ ঘটোৱা গদ্য বা পদ্যৰ আখ্যান।
-
থাই লোককথা
থাই লোককথা (ইংৰাজী: Thai folklore) হৈছে থাই জনসাধাৰণৰ মাজত প্ৰচলিত পৌৰাণিক কাহিনী আৰু পৰম্পৰাগত বিশ্বাসৰ এক বৈচিত্ৰময় সংগ্ৰহ। থাইলেণ্ডৰ বেছিভাগ লোককথাৰ আঞ্চলিক পটভূমি আছে কাৰণ ইয়াৰ উৎপত্তি থাইলেণ্ডৰ গ্ৰাম্য অঞ্চলত হৈছিল।
-
নীতিকথা
নীতিকথা (ইংৰাজী: Parable) বা দৃষ্টান্ত হৈছে গদ্য বা পদ্য হিচাপে উপস্থাপন কৰা সংক্ষিপ্ত, শিক্ষামূলক কাহিনী। নীতিকথাবোৰে এটা বা ততোধিক শিক্ষামূলক পাঠ বা নীতিৰ চিত্ৰণ কৰে।
-
পুৰাণ ভগত (লোককথা)
পুৰাণ ভগত ( Puran Bhagat) (পিছলৈ শ্ৰী চৌৰংগিনাথ) পাঞ্জাবী লোককথাৰ পৰা ছিয়ালকোটৰ এজন পৌৰাণিক ৰাজকুমাৰ। কাহিনী অনুসৰি তেওঁ ছিয়ালকোটৰ গুৰ্জাৰ (গুজাৰ নহয়) ৰজা ছালভানৰ পুত্ৰ আৰু ৰাজকুমাৰ ৰাছালু গুৰ্জাৰৰ জ্যেষ্ঠ ভাতৃ আছিল।
-
ফেৰালিয়া
ফেৰালিয়া ২১ ফেব্ৰুৱাৰীত উদ্যাপন কৰা মানেছৰ (মৃতকৰ ৰোমান আত্মা, বিশেষকৈ মৃত ব্যক্তিৰ আত্মা) এটা প্ৰাচীন ৰোমান ৰাজহুৱা উৎসৱ আছিল। যিটো অভিদে তেওঁৰ ফাষ্টিৰ দ্বিতীয় কিতাপত লিপিবদ্ধ কৰিছে।
-
বনবিবি
বনবিবি হৈছে ভাৰতৰ পশ্চিমবংগ আৰু বাংলাদেশৰ সুন্দৰবন অঞ্চলত অৱস্থিত জনপ্ৰিয় লোকদেৱতা বা পিৰানি। এইগৰাকী লোকদেৱতা মূলতঃ মৎস্যজীবী, মধু-সংগ্ৰহকাৰী আৰু কাঠ-কটিয়া সম্প্ৰদায়ৰ দ্বাৰা পূজিত। এইগৰাকী লোকদেৱতা বনাঞ্চল আৰু ইয়াৰ বাসিন্দাসকলৰ ৰক্ষক হিচাপে পৰিচিত।
-
বাংলা সংস্কৃতিত ভূত
ভূত হৈছে বৰ্তমানৰ বাংলাদেশ আৰু ভাৰতৰ পশ্চিম বংগ আৰু ত্ৰিপুৰা ৰাজ্যৰে গঠিত বংগৰ ভৌগোলিক আৰু নৃতাত্ত্বিক-ভাষিক অঞ্চলৰ সামাজিক-সাংস্কৃতিক লোককথাৰ এক গুৰুত্বপূৰ্ণ আৰু অবিচ্ছেদ্য অংগ। বাংলা ভাষাৰ পুৰণি আৰু নতুন প্ৰায়বিলাক সাধুকথাত ভূতৰ ধাৰণা ব্যৱহাৰ কৰা হয়।
-
ভুৱা ব্যুৎপত্তিবিজ্ঞান
মিছা ব্যুৎপত্তি (False etymology) (ভুৱা ব্যুৎপত্তি, জনপ্ৰিয় ব্যুৎপত্তি, ব্যুৎপত্তি, বা ছদ্ম ব্যুৎপত্তি হৈছে কোনো নিৰ্দিষ্ট শব্দৰ উৎপত্তি বা ব্যুৎপত্তিৰ বিষয়ে জনপ্ৰিয় কিন্তু ভুৱা বিশ্বাস। ইয়াক কেতিয়াবা লোক ব্যুৎপত্তি (Folk Etymology) বুলি কোৱা হয় আৰু ভাষাবিজ্ঞানত ই এটা কাৰিকৰী শব্দ।
-
ভোকাতুৰ ভূত
ভোকাতুৰ ভূত (Hungry Ghost) হৈছে বৌদ্ধ ধৰ্মৰ এটা ধাৰণা আৰু চীনৰ পৰম্পৰাগত ধৰ্ম, যিয়ে তীব্ৰ আৱেগিক প্ৰয়োজনীয়তাৰ দ্বাৰা পৰিচালিত সত্তাক পশুবাদীশৈলীৰে প্ৰতিনিধিত্ব কৰে। 餓鬼 èguǐ শব্দটোৰ আক্ষৰিক অৰ্থ হৈছে "ভোকাতুৰ ভূত" আৰু শব্দটো বৌদ্ধ ধৰ্মৰ preta (প্ৰেতা) শব্দটোৰ চীনা অনুবাদ।
-
মাপিলা থেয়াম
মাপিলা থেয়াম উত্তৰ মালাবাৰত বিশেষকৈ কাছাৰাগোড জিলাত পৰিবেশন কৰা থেয়ামৰ এটা আঞ্চলিক ৰূপ, ই মালাবাৰ উপকূলৰ মাপিলা মুছলমানসকলৰ সৈতে জড়িত। এই থেয়ামক মাভিলান, কোপ্পালান আৰু ভান্নান সম্প্ৰদায়ে দেৱতা হিচাপে গ্ৰহণ কৰে আৰু হিন্দু আৰু মুছলমানৰ সহযোগত এই কাম কৰে।
-
মেইতেই লোককথা
মেইতেই লোককথা হৈছে ভাৰতৰ মণিপুৰৰ মেইটেই জনগোষ্ঠীৰ লোককথা আৰু পৌৰাণিক কাহিনী। এনে লোককথা পৰম্পৰাগতভাৱে প্ৰজন্মৰ পৰা প্ৰজন্মলৈ চলি থাকে। বৰ্তমান মণিপুৰ চৰকাৰে মেইটেই জনগোষ্ঠীৰ লোককথা সংৰক্ষণৰ পৰিকল্পনা কৰিছে, যিটো চৰকাৰী শিক্ষানুষ্ঠানত প্ৰাথমিক শিক্ষাৰ জৰিয়তে কাৰ্যকৰী হ’ব।
-
যাদুমন্ত্ৰ
যাদুমন্ত্ৰ হৈছে একপ্ৰকাৰৰ মন্ত্ৰ বিশেষ। প্ৰকৃততে ই এক যাদুকৰী সূত্ৰ যাৰ উদ্দেশ্য হৈছে ব্যক্তি বা বস্তুৰ ওপৰত যাদুকৰী প্ৰভাৱ সৃষ্টি কৰা। সূত্ৰটো ক'ব, গাব বা উচ্চাৰণ কৰিব পাৰি। আনুষ্ঠানিক ৰীতি-নীতি বা প্ৰাৰ্থনাৰ দ্বাৰাও এই যাদু-মন্ত্ৰ মাতিব পাৰি।
-
শিয়াল আৰু কাউৰী (ঈছপৰ সাধু)
শিয়াল আৰু কাউৰী হৈছে ইছপৰ অন্যতম উপকথা। ইয়াৰ প্ৰাচীন লেটিন আৰু গ্ৰীক সংস্কৰণ আছে, আনকি এই উপকথাটো প্ৰাচীন গ্ৰীক ফুলদানিত চিত্ৰিত হ’ব পাৰে।
-
সিংহ আৰু নিগনি
সিংহ আৰু নিগনি ইছপৰ এটা অন্যতম সাধুকথা। গল্পৰ শ্ৰেণীবিভাজনৰ এক বিশেষ পদ্ধতি পেৰী সূচকাংকত এই গল্পটোৱে ১৫০ নম্বৰ স্থান লাভ কৰিছে। কাহিনীটোৰ কেইবাটাও পূবৰ সংস্কৰণ আছে, যিবোৰে আকাৰ বা আখ্যান নিৰ্বিশেষে পাৰস্পৰিক সম্পৰ্ক প্ৰদৰ্শন কৰে।
-
সোণৰ কণী পৰা হাঁহ
সোণৰ কণী পৰা হাঁহ (The Goose that Laid the Golden Eggs) ইছপৰ অন্যতম ফেবলছ বা উপকথ। আন বহুতো কাহিনীত সোণালী কণী পৰা হাঁহ পোৱা যায় যদিও কিছুমান সংস্কৰণে ইয়াক কুকুৰা বা সোণালী কণী পৰা আন চৰাইলৈ সলনি কৰে।
-
ৰংদা
বালিৰ পৰম্পৰাগত পৌৰাণিক কাহিনী অনুসৰি বালিৰ লেয়াকসকলৰ দানৱ ৰাণী ৰংদা। দেখাত ভয়ংকৰ, শিশু খোৱা ৰংদাই সজ শক্তিৰ নেতা — বৰঙৰ বিৰুদ্ধে দুষ্ট ডাইনীৰ সৈন্যবাহিনীক নেতৃত্ব দিয়ে। বৰোং আৰু ৰংদাৰ মাজৰ যুদ্ধখন বৰোং নৃত্যত দেখা যায়, যিয়ে ভাল আৰু বেয়াৰ মাজৰ চিৰন্তন যুঁজক প্ৰতিনিধিত্ব কৰে।
-
ৰজা চালবান
ৰজা চালবান (; ছালিভাহন বুলিও জনা যায়) এজন কিংবদন্তি ভাৰতীয় ৰজা আছিল যিয়ে পঞ্জাৱত চহৰখন আৰু চিয়ালকোট দুৰ্গ প্ৰতিষ্ঠা কৰিছিল বুলি কোৱা হয়। পাঞ্জাবী লোককথা অনুসৰি তেওঁ পুৰাণ ভগত আৰু ৰজা ৰাছালুৰ দুঃসাহসিক কাহিনীৰ নায়ক ৰজা ৰাছালুৰ পিতৃ।
-
ৰে'ম
ৰে'ম (ইংৰাজী: Re'em বা reëm) হৈছে এবিধ কিংবদন্তিমূলক জীৱ। হিব্ৰু বাইবেলত এই প্ৰাণীটোৰ বিষয়ে ন বাৰ উল্লেখ কৰা হৈছে। লেটিন ভালগেট বাইবেল, বাইবেলৰ কিং জেমছ সংস্কৰণত ইয়াক “ইউনিকৰ্ণ আৰু কিছুমান খ্ৰীষ্টান বাইবেলত “অৰিক্স”, “বনৰীয়া ষাঁড়”, “ম'হ” বা “গঁড়” বুলি অনুবাদ কৰা হৈছে।