অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
বিবিধ

নীতিকথা

নীতিকথা (ইংৰাজী: Parable) বা দৃষ্টান্ত হৈছে গদ্য বা পদ্য হিচাপে উপস্থাপন কৰা সংক্ষিপ্ত, শিক্ষামূলক কাহিনী। নীতিকথাবোৰে এটা বা ততোধিক শিক্ষামূলক পাঠ বা নীতিৰ চিত্ৰণ কৰে।

হালনাগাদ: ৫ মাৰ্চ ২০২৪ ৫১৬ শব্দ · ৩ মিনিট সংগৃহীত ৭৬
সংশোধনৰ পৰামৰ্শ

নীতিকথা (ইংৰাজী: Parable) বা দৃষ্টান্ত হৈছে গদ্য বা পদ্য হিচাপে উপস্থাপন কৰা সংক্ষিপ্ত, শিক্ষামূলক কাহিনী। নীতিকথাবোৰে এটা বা ততোধিক শিক্ষামূলক পাঠ বা নীতিৰ চিত্ৰণ কৰে। ই উপকথাৰ পৰা পৃথক কাৰণ উপকথাত জীৱ-জন্তু, উদ্ভিদ, নিৰ্জীৱ বস্তু বা প্ৰকৃতিৰ শক্তিক চৰিত্ৰ হিচাপে ব্যৱহাৰ কৰা হয়, আনহাতে নীতিকথাত মানুহৰ চৰিত্ৰ থাকে।১ নীতিকথা হৈছে এক প্ৰকাৰৰ ৰূপক উপমা।২

নীতিগত শুভবাৰ্তা আৰু নতুন বাইবেলক কিছুমান পণ্ডিতে "দৃষ্টান্ত" শব্দটো কেৱল যীচুৰ দৃষ্টান্তৰ ক্ষেত্ৰতহে প্ৰয়োগ কৰে।৩

ব্যুৎপত্তি

দৃষ্টান্ত বা নীতিকথাৰ ইংৰাজী parable শব্দটো গ্ৰীক ‘παραβολή’ (parabolē) শব্দৰ পৰা আহিছে, ইয়াৰ আক্ষৰিক অৰ্থ হৈছে "নিক্ষেপ কৰা" (bolē) "কাষত" (para-), ভাৱ সম্প্ৰসাৰণ কৰিলে ইয়াৰ অৰ্থ হ’ব "তুলনা, চিত্ৰণ, উপমা।"৪৫ গ্ৰীক অলংকাৰবিদসকলে “চমু কাল্পনিক আখ্যান” বুজাবলৈ শব্দটে ব্যৱহাৰ কৰিছিল।

ইতিহাস

নতুন নিয়মৰ বাইবেলত থকা যীচুৰ দৃষ্টান্ত নামেৰে অসংখ্য নীতিকথা লিখা আছে। এই নীতিকথাবোৰ খ্ৰীষ্টপূৰ্ব প্ৰায় দ্বিতীয়-ষষ্ঠ শতিকাৰ তালমুদিক যুগৰ (Talmudic period) হিব্ৰু ভাষাৰ কিছুমান নীতিকথাৰ সংগ্ৰহ ‘মাছালিম’ৰ (mashalim) পৰা অনুপ্ৰাণিত হৈছিল বুলি জন পি. মাইয়াৰৰ দৰে কিছুমান পণ্ডিতে বিশ্বাস কৰে।৬ Good Samaritan আৰু Prodigal Son হৈছে যীচুৰ দৃষ্টান্তৰ উদাহৰণ। পুৰণি নিয়মৰ মাচালিমৰ ভিতৰত ভেড়াৰ পোৱালিৰ দৃষ্টান্ত (the ewe-lamb৭) আৰু তেকোয়াৰ মহিলাৰ দৃষ্টান্ত (the woman of Tekoah৮) অন্তৰ্ভুক্ত।

ইছলাম ধৰ্মতো বহুত নীতিকথা পোৱা যায়। চুফী পৰম্পৰাত পাঠ আৰু মূল্যবোধৰ শিক্ষা প্ৰদানৰ বাবে এই নীতিকথাসমূহ ব্যৱহাৰ কৰা হয়। ইদ্ৰিছ শ্বাহ আৰু এণ্টনি ডি মেলোৰ দৰে শেহতীয়া লেখকসকলে চুফী সমাজৰ বাহিৰতো এই কাহিনীসমূহ জনপ্ৰিয় কৰাত সহায় কৰিছিল।

আধুনিক যুগতো বহু নীতিকথা পোৱা যায়। অৰ্থনৈতিক চিন্তাক সমালোচনা কৰা “ভঙা খিৰিকীৰ দৃষ্টান্ত” (parable of the broken window) হৈছে উনবিংশ শতিকাৰ মাজভাগৰ নীতিকথাৰ এটা উদাহৰণ।

বৈশিষ্ট্য

নীতিকথা হৈছে এক সাৰ্বজনীন সত্যক চিত্ৰিত কৰা কিছুমান চমু কাহিনী বা সহজ আখ্যান। নীতিকথা এটা পৰিৱেশৰ সৃষ্টি কৰি কোনা কাৰ্য্যৰ বৰ্ণনা আৰু তাৰ ফলাফল প্ৰদৰ্শন কৰা হয়। একে কাহিনীৰ বিৱৰণ থাকিলেও কেতিয়াবা নীতিকথাসমূহৰ প্ৰকাৰ ভিন্ন হ’ব পাৰে, যেনে ‘Allegory’ আৰু ‘Apologue’।৯

নীতিকথাসমূহত প্ৰায়ে এনে এটা চৰিত্ৰ জড়িত হৈ থাকে। তেওঁ যেতিয়া কোনো নৈতিক দোমোজাৰ সন্মুখীন হয় বা প্ৰায়ে ভুল (বেয়া, অনৈতিক) সিদ্ধান্ত লয় আৰু তাৰ পিছত অনাকাংক্ষিত পৰিণতিৰ সন্মুখীন হয়। যদিও নীতিকথাৰ অৰ্থ প্ৰায়ে স্পষ্টভাৱে কোৱা নহয়, তথাপিও ইয়াৰ মূল অৰ্থ কেতিয়াও গোপন কৰিব নালাগে বৰঞ্চ ই যথেষ্ট পোনপটীয়া আৰু স্পষ্ট হ'ব লাগে।১০

নীতিকথাৰ সংজ্ঞায়িত বৈশিষ্ট্য হ’ল এজন ব্যক্তিয়ে কেনে আচৰণ কৰিব লাগে বা কি বিশ্বাস কৰিব লাগে সেই কথা কোনো উপকথাৰ জৰিয়তে বুজাই দিয়া। নিজৰ জীৱনত সঠিক আচৰণৰ বাবে নিৰ্দেশনা আৰু পৰামৰ্শ দিয়াৰ উপৰিও নীতিকথাত সঘনাই ৰূপক ভাষা ব্যৱহাৰ কৰা হয় যাৰ ফলত মানুহে কঠিন বা জটিল ধাৰণাসমূহৰ বিষয়ে অধিক সহজে আলোচনা কৰিব পাৰে। নীতিকথাবোৰে সহজে বুজিব পৰা এটা সুনিৰ্দিষ্ট আখ্যান ব্যৱহাৰ কৰি এটা বিমূৰ্ত যুক্তি প্ৰকাশ কৰে।

নীতিকথাৰ দৰেই ৰূপকবোৰো (allegory) সাধাৰণ আখ্যানমূলক; ইয়াত উদাহৰণো ব্যৱহাৰ কৰা হয়। এটা ৰূপকৰ একাধিক ব্যাখ্যা থাকিব পাৰে আৰু ইয়াৰ প্ৰভাৱো অস্পষ্ট বা ব্যাখ্যা কৰাটো কঠিন হ'ব পাৰে। নীতিকথা ৰূপকতকৈ অধিক সংক্ষিপ্ত। ই নীতি আৰু নৈতিকতাৰ ওপৰত নিৰ্ভৰশীল, আৰু নৈতিকতা যে তেওঁৰ নিজৰ চিন্তাৰ ক্ষেত্ৰতো সমানে প্ৰযোজ্য পাঠক বা শ্ৰোতাই সেই কথা উপলব্ধি কৰোৱাটোৱেই ইয়াৰ উদ্দেশ্য।

যীচুৰ দৃষ্টান্তসমূহ

মধ্যযুগীয় পণ্ডিতসকলে বাইবেলত বৰ্ণিত যীচুৰ দৃষ্টান্তবোৰক প্ৰায়ে ৰূপক হিচাপে গণ্য কৰিছিল কাৰণ সেই দৃষ্টান্তসমূহৰ প্ৰতিটো উপাদানৰ বাবে প্ৰতীকী মিল পোৱা গৈছিল। কিন্তু এডলফ জুলিচাৰকে ধৰি আধুনিক পণ্ডিতসকলে তেওঁলোকৰ ব্যাখ্যাক ভুল বুলি গণ্য কৰে।১১ জুলিচাৰে যীচুৰ কিছুমান দৃষ্টান্তৰ তিনিটা সাদৃশ্য বিৱৰণ দিছে: এটা চিত্ৰ অংশ, এটা বাস্তৱতাৰ অংশ আৰু আনটো টাৰ্টিয়াম তুলনা (tertium comparationis)। জুলিচাৰে কৈছিল যে কেৱল এটা গুৰুত্বপূৰ্ণ কথা উপস্থাপন কৰায়েই যীচুৰ দৃষ্টান্তবোৰৰ উদ্দেশ্য।৬

তথ্যসূত্ৰ

  1. ↑ (6 November 2012). Difference Between Fable and Parable. DifferenceBetween.com. Difference Between
  2. ↑ David B. Gowler. (2000). What are they saying about the parables. Paulist Press. পৃ. 99,137,63,132,133. ISBN 9780809139620
  3. ↑ Jülicher, Adolf. (1888). Die gleichnisreden Jesu. J.C.B. Mohr (P. Siebeck)
  4. ↑ parable | Origin and meaning of parable by Online Etymology Dictionary. www.etymonline.com
  5. ↑ παραβολή, Henry George Liddell, Robert Scott, A Greek-English Lexicon, on Perseus
  6. ↑ John P. Meier, A Marginal Jew, volume II, Doubleday, 1994
  7. ↑ oremus Bible Browser: 2 Sam 12:1-9. bible.oremus.org
  8. ↑ oremus Bible Browser. bible.oremus.org
  9. ↑ Fowler, H.W. (1965). A Dictionary of Modern English Usage. Oxford University Press. পৃ. 558 See entry at simile and metaphor
  10. ↑ George Fyler Townsend, in his translator's preface to Aesop's Fables (Belford, Clarke & Co., 1887), defined the parable as being "purposely intended to convey a hidden and secret meaning other than that contained in the words themselves, and which may or may not bear a special reference to the hearer or reader." However, Townsend may have been influenced by the 19th century expression, "to speak in parables", connoting obscurity
  11. ↑ Adolf Jülicher, Die Gleichnisreden Jesu (2 vols; Tübingen: Mohr [Siebeck], 1888, 1899)

সম্পৰ্কিত শ্ৰেণী

লোককথা

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “নীতিকথা” প্ৰবন্ধৰ সংশোধন ৪০৯৮৪৩ (৫ মাৰ্চ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।