সিংহ আৰু নিগনি ইছপৰ এটা অন্যতম সাধুকথা। গল্পৰ শ্ৰেণীবিভাজনৰ এক বিশেষ পদ্ধতি পেৰী সূচকাংকত এই গল্পটোৱে ১৫০ নম্বৰ স্থান লাভ কৰিছে। কাহিনীটোৰ কেইবাটাও পূবৰ সংস্কৰণ আছে, যিবোৰে আকাৰ বা আখ্যান নিৰ্বিশেষে পাৰস্পৰিক সম্পৰ্ক প্ৰদৰ্শন কৰে। ৰেনেছাঁৰ সময়ত লিখা এই উপকথাৰ পৰিশিষ্টটোৱে সামাজিক উচ্চাকাংক্ষাক নিন্দা কৰে। এই কাহিনীৰ দ্বিতীয় খণ্ডও আছে।
সাহিত্যত উপকথা
এই কাহিনীটোৰ আটাইতকৈ পুৰণি সংস্কৰণবোৰত লিপিবদ্ধ কৰা হৈছে যে এবাৰ নিগনিয়ে সিংহক টোপনিৰ পৰা জগাইছিল, আৰু সিংহই তাক ভাবুকি দিছিল। নিগনিটোৱে ক্ষমা বিচাৰি কয় যে সিংহই তেওঁৰ দৰে অযোগ্য চিকাৰ কৰাটো সন্মানজনক নহয়। সিংহই মান্তি হৈ নিগনিটোক মুক্ত কৰে। পিছত সিংহটো চিকাৰীৰ জালত ধৰা পৰিল। সিংহৰ গৰ্জন শুনি নিগনিটোৱে সিংহৰ দয়া মনত পেলাই ৰছীডাল কাটি মুক্ত কৰি দিলে। কাহিনীটোৰ মূল নৈতিকতা হ’ল ক্ষমাৰ পুৰস্কাৰ আৰু সৰু মানুহে ডাঙৰ মানুহক সহায় কৰিব নোৱাৰাটো কেতিয়াও নহয়। পিছৰ ইংৰাজী সংস্কৰণত উল্লেখ আছে যে নিগনিয়ে সিংহৰ অনুগ্ৰহ ঘূৰাই দিয়াৰ প্ৰতিশ্ৰুতি দিছিল। এইটো চাগে মনোৰঞ্জনৰ বাবে আৰু কাহিনীৰ পটভূমি শক্তিশালী কৰাৰ বাবে কৰা হৈছে।
স্কটিছ কবি ৰবাৰ্ট হেনৰিছনে ১৪৮০ চনত তেওঁৰ নৈতিক কাহিনীত এই কাহিনীটোৰ এটা সংস্কৰণ অন্তৰ্ভুক্ত কৰিছিল যিয়ে নিগনিয়ে কৰা আবেদনৰ বিষয়ে বিশদভাৱে উল্লেখ কৰে আৰু ইয়াৰ ফলত আইন, ন্যায় আৰু ৰাজনীতিৰ গুৰুতৰ বিষয় উত্থাপন কৰে। কাব্যিক ৰূপত লিখা গল্পটোৰ এই বিশেষ সংস্কৰণটোত ৪৩টা স্তৱক আছে, ইয়াৰে প্ৰথম বাৰটা স্তৱকত ইছপৰ সৈতে হোৱা সপোনৰ মুখামুখিৰ বৰ্ণনা কৰা হৈছে আৰু শেষৰ ছটা স্তৱকত নৈতিক পৰামৰ্শ আছে। উপকথাৰ বিস্তাৰিত সংস্কৰণত ১৩-৩৬ নং স্তৱক আছে। ১৬৮৭ চনত ফ্ৰান্সিছ বাৰ্লোৱে লিখা উপকথাৰ এটা সংস্কৰণে এক বেলেগ ৰাজনৈতিক শিক্ষা আগবঢ়াইছে; তাত কবি আফ্ৰা বেনে মন্তব্য কৰিছে যে কোনো ধৰণৰ সেৱাক তুচ্ছজ্ঞান কৰিব নোৱাৰি, কাৰণ নম্ৰ নিগনিয়ে যেনেকৈ জন্তুৰ ৰজাক সহায় কৰিছিল, ঠিক তেনেকৈয়ে যেতিয়া ৰজা চাৰ্লছ ৱৰ্চেষ্টাৰৰ যুদ্ধৰ পিছত পলায়ন কৰিছিল, তেতিয়া "এটা ওক গছে গৌৰৱময় ৰজাক আত্মগোপনৰ ঠাই দি ৰক্ষা কৰিছিল।"১
ষোড়শ শতিকাৰ ফৰাচী কবি ক্লেমেণ্ট মাৰোটেও তেওঁৰ বন্ধু লিঅ’ন জামেটলৈ লিখা এখন চিঠিত ১৫৩৪ চনত প্ৰথম প্ৰকাশিত দ্য লায়ন এণ্ড দ্য মাউছৰ কাহিনীৰ বিস্তৃত সংস্কৰণৰ বৰ্ণনা কৰিছে। পিছৰ শতিকাবোৰত লা ফণ্টেইনৰ ফেবলছত কাহিনীটোৰ চুটি সংস্কৰণ অন্তৰ্ভুক্ত কৰা হৈছিল।২
কলাত্মক প্ৰয়োগ


তথ্যসূত্ৰ
- ↑ Facsimile edition online. Mythfolklore.net
- ↑ Elizur Wright's 1841 translation. Readbookonline.org
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “সিংহ আৰু নিগনি” প্ৰবন্ধৰ সংশোধন ৫০৩১১০ (১০ এপ্ৰিল ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।