লোককথা
১৪৮ প্ৰবন্ধ
-
গ্ৰুনকেপ্পে
গ্ৰুনকেপ্পে (ইংৰাজী: Grünkappe; অৰ্থাৎ "সেউজীয়া টুপী") এটা ইৰানী লোককথা। আৰ্থাৰ ক্ৰিষ্টেনচেনে সংগ্ৰহ কৰা এই কাহিনীটো এগৰাকী মানৱী কন্যাৰ বিষয়ে, যিয়ে ঘোঁৰাৰ ছাল পিন্ধা এজন যুৱকক বিবাহ কৰায়।
-
চিলনীৰ জীয়েকৰ সাধু
চিলনীৰ জীয়েকৰ সাধু অসমীয়া সমাজত প্ৰচলিত এক সাধুকথা। এই সাধুটো ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাই সংকলিত কৰা অসমীয়া লোককথাৰ সংকলন বুঢ়ী আইৰ সাধুত সন্নিৱিষ্ট কৰা হৈছে।
-
চীলিন
চীলিন (ইংৰাজী: /tʃiˈlɪn/ chee-LIN; চীনা: 麒麟) হৈছে চীনা লোককথাত পোৱা এটা কিংবদন্তিমূলক জীৱ। ই এবিধ খুৰাযুক্ত ড্ৰেগন সদৃশ জীৱ, আৰু কোনো ঋষি বা বিখ্যাত শাসকৰ আগমন বা আসন্ন মৃত্যুৰ সময়ত ই দেখা দিয়ে। চীলিন হৈছে এটা শিং থকা জন্তুৰ লিন নামৰ এক বিশেষ প্ৰকাৰৰ পৌৰাণিক পৰিয়ালৰ অন্তৰ্গত জীৱ।
-
চুণ্ডেল বলং
চুণ্ডেল বলং ইণ্ডোনেছিয়াৰ দ্বীপপুঞ্জৰ পৌৰাণিক কাহিনীত উল্লেখ থকা এক পৌৰাণিক ভূত, যি এটাৰী ধুনীয়া দীঘল ক’লা চুলি আৰু দীঘল বগা পোছাক পিন্ধা এগৰাকী মহিলা (তেওঁৰ ৰূপ পণ্টিয়ানাকৰ সৈতে মিল আছে)।
-
চুত (বেলাৰুছিয়ান পৌৰাণিক কাহিনী)
চুত (বেলাৰুছিয়ান: Хут) বেলাৰুছীয় পৌৰাণিক কাহিনীত উল্লিখিত এক গৃহ আত্মা। ই ঘৰলৈ ধন-সম্পত্তি, শস্য আৰু সফলতা আনি দিয়ে, কিন্তু যদি ইয়াক খাবলৈ দিয়া নহয়, তেন্তে ই কঠোৰ প্ৰতিশোধ ল'ব পাৰে।
-
ছাং থং
ছাং থং, সোণালী শংখৰ খোলাৰ ৰাজকুমাৰ বা ফ্ৰা চাং থং হৈছে পান্নাছা জাতকৰ পৰা অনুপ্ৰাণিত দক্ষিণ-পূব এছিয়াৰ লোককথা, যিটো থাইলেণ্ডত কোৱা প্ৰাচীন কাহিনীৰ প্ৰামাণিক সংকলন।
-
ছুয়াংগী
ছুয়াংগী বা ছুয়াংগি পূব ইণ্ডোনেছিয়াৰ বহু অঞ্চলৰ লোককথাৰ এক দুষ্ট আত্মা।
-
জাপানী ড্ৰেগন
জাপানী ড্ৰেগন(Japanese Dragon) হৈছে জাপানী পৌৰাণিক কাহিনী আৰু লোককথাৰ বৈচিত্ৰ্যময় কিংবদন্তি জীৱ। জাপানী ড্ৰেগনৰ জনশ্ৰুতিসমূহে থলুৱা কিংবদন্তিক চীন, কোৰিয়া আৰু ভাৰত উপমহাদেশৰ ড্ৰেগন-সম্বন্ধীয় ড্ৰেগনৰ কাহিনীৰ সৈতে একত্ৰিত কৰে।
-
জীৱ-জন্তুৰ কথা-বতৰা
জীৱ-জন্তুৰ কথা-বতৰা (ইংৰাজী: Animal tale) হৈছে এনে কিছুমান সাধু, চুটিগল্প নাইবা কবিতা য'ত জীৱ-জন্তুৱে কথা পাতিব পাৰে। এই সাধু বা গল্পবোৰত জীৱ-জন্তুবোৰে অন্য নৃগোষ্ঠীয় গুণ, যেনে মানুহৰ দৰে সমাজত বাস কৰা আদিও প্ৰদৰ্শন কৰিব পাৰে। ই ৰূপকথাৰ এক পৰম্পৰাগত ৰূপ।
-
টাইকো ব্ৰাহে ডেচ
টাইকো ব্ৰাহে ডেচ (ইংৰাজী: Tycho Brahe days; ডেনিছ: Tycho Brahes-dage) হ’ল স্কাণ্ডিনেভিয়াৰ লোককথাত বৰ্ণিত কিছুমান বিশেষ দিন যাক অত্যন্ত অমঙ্গলীয় বুলি গণ্য কৰা হয়। বিশেষকৈ যাদুকৰী কাম-কাজ, গুৰুত্বপূৰ্ণ ব্যৱসায়িক লেনদেন আৰু ব্যক্তিগত অনুষ্ঠানৰ বাবে এই দিনবোৰ অশুভ বুলি বিশ্বাস কৰা হয়।
-
ডাইনী বল
ডাইনী বল হ’ল কাঁচৰ ফুটা গোলক। ঐতিহাসিকভাৱে ১৭ আৰু ১৮ শতিকাৰ ইংলেণ্ডত দুষ্ট আত্মা, ডাইনী, দুষ্ট মন্ত্ৰ, দুৰ্ভাগ্য আৰু বেয়া আত্মাক দূৰ কৰিবলৈ কুটিৰৰ খিৰিকীত ডাইনী বল ওলোমাই থোৱা হৈছিল।
-
ডেমন কেট
ডেমন কেট (ডি.চি. বুলিও কোৱা হয়) আমেৰিকাৰ লোককথাত এটা ভূত মেকুৰী যিয়ে আমেৰিকাৰ ৰাজধানী চহৰ ৱাশ্বিংটন ডি.চি.ৰ চৰকাৰী ভৱনসমূহত ঘূৰি ফুৰা বুলি কোৱা হয়। ই হোৱাইট হাউছ আৰু আমেৰিকাৰ কেপিটেলত খেদি ফুৰা বুলি অভিযোগ উঠিছে।
-
তাপ্তা
তাপ্তা প্ৰাচীন মণিপুৰৰ মেইটেই লোককথাৰ এটা চৰিত্ৰ। সন্তানক শান্ত কৰিবলৈ মাতৃসকলে সৃষ্টি কৰা এটা কাল্পনিক চৰিত্ৰ। ব্যুৎপত্তিগতভাৱে "তাপ্তা" দুটা শব্দৰ সংমিশ্ৰণ: মেইটেই (মণিপুৰী) ভাষাত "তাপ" (মাটিত পানীৰ টোপাল পৰি যোৱাৰ শব্দ) আৰু "তা" (আক্ষৰিক অৰ্থত "পৰি যোৱা")।
-
দ্য ষ্টাৰ অৱ বেথলেহেম
দ্য ষ্টাৰ অৱ বেথলেহেম (The Star of Bethlehem) হৈছে ছাৰ এডৱাৰ্ড বাৰ্ন-জোনছৰ দ্বাৰা অংকিত এক জলৰঙৰ চিত্ৰ, য’ত এজন দেবদূতে 'বেথলেহেমৰ তৰা' ধৰি থকা অৱস্থাত তিনিজন জ্ঞানী ব্যক্তিৰ যীচু বন্দনা (Adoration of the Magi) দেখুওৱা হৈছে।
-
নাং মাই
নাং মাই হৈছে থাই লোককথাৰ এবিধ ভূত যিয়ে এটা ডাঙৰ গছত বাস কৰে। ই গছত ৰাজপ্ৰাসাদ সাজিছে, কিন্তু কোনেও দেখা নাপায়, আৰু সেই গছজোপা যদি কোনোবাই কাটি পেলায়, তেন্তে গছ কটা মানুহজন অভিশপ্ত হ’ব, বেমাৰ হ’ব, আনকি পাগলও হ’ব।
-
নামাজু
নামাজু (ইংৰাজী: Namazu (鯰) বা Ōnamazu (大鯰)) হৈছে জাপানী শ্ৰুতিকথাত বৰ্ণিত এটা কিংবদন্তিমূলক জীৱ। এই বিশাল কেটফিছ (মাগুৰ জাতীয় মাছ) সদৃশ জীৱটো মাটিৰ তলৰ বাস কৰে আৰু ভূমিকম্পৰ সৃষ্টি কৰে বুলি বিশ্বাস কৰা হয়।
-
নেপালী লোককথা
নেপালী লোককথা (ইংৰাজী: সৰহ) নেপালী জনসাধাৰণৰ মাজত প্ৰচলিত পৌৰাণিক কাহিনী আৰু পৰম্পৰাগত বিশ্বাসৰ এক বৈচিত্ৰময় গোট।
-
পাৰিবাৰিক লোককথা
পৰিয়াল লোককথা(Family Folklore) হৈছে ব্যক্তিগত পৰিয়ালৰ গোটৰ ভিতৰত সংক্ৰমিত লোককথা আৰু পৰম্পৰাগত সংস্কৃতিৰ অধ্যয়ন আৰু ব্যৱহাৰৰ সৈতে জড়িত লোককথাৰ শাখা। ইয়াৰ ভিতৰত পৰিয়ালৰ সদস্যই উৎপাদিত শিল্পকৰ্ম বা পৰিয়ালৰ অনুষ্ঠানৰ সোঁৱৰণী হিচাপে সংৰক্ষণ কৰা স্মৃতিচিহ্নসমূহো অন্তৰ্ভুক্ত।
-
পূমালা ভাগৱতী
পূমালা ভাগৱতীআৰ্যপুমালা বুলিও কোৱা হয়) ভাৰতৰ কেৰালা ৰাজ্যৰ উত্তৰ মালাবাৰ অঞ্চলত পূজা কৰা এগৰাকী দেৱী। পূমালাক থিয়্যা সম্প্ৰদায়ৰ কুলাদেৱতা হিচাপে পূজা কৰা হয়। এই দেৱীৰ মূল মন্দিৰসমূহ কান্নুৰ জিলা আৰু কাছাৰগোড জিলা জিলাত বিস্তৃত।
-
পৰী
পৰী (ইংৰাজী: peri; হিন্দী: परी) হৈছে সৌন্দৰ্য্যৰ বাবে বিখ্যাত এবিধ সুন্দৰ, ডেউকাযুক্ত আত্মা। পাৰ্চী লোককথাৰ পৰীসকলক পিছলৈ আন সংস্কৃতিয়েও গ্ৰহণ কৰি লৈছিল। এটা তথ্যসূত্ৰত পৰীসকলক পাপৰ প্ৰায়শ্চিত্তৰ বাবে তপস্যা সম্পূৰ্ণ নকৰালৈকে স্বৰ্গত প্ৰৱেশ কৰাৰ পৰা বঞ্চিত কৰা দুষ্ট সত্তা বুলি বৰ্ণনা কৰা হৈছে।
-
বংগৰ লোক-কথা
বংগৰ লোক-কথা (Folk-Tales of Bengal) হৈছে লাল বেহাৰী দেৰ দ্বাৰা ৰচিত বংগৰ লোককথা আৰু সাধুকথাৰ সংকলন৷ এই গ্ৰন্থখন প্ৰকাশিত হয় ১৮৮৩ চনত। ৱাৰউইক গ'বলৰ চিত্ৰকল্পসমূহ ১৯১২ চনত সংযোজন কৰা হয়। এই সকলোবোৰ কাহিনী প্ৰজন্মৰ পৰা প্ৰজন্মলৈ যুগ যুগ ধৰি চলি আছিল।
-
বতৰৰ লোককথা
বতৰৰ লোককথা (ইংৰাজী: Weather lore) বুলিলে বতৰ আৰু বতৰৰ ভৱিষ্যদ্বাণীৰ সৈতে জড়িত অনানুষ্ঠানিক লোককথাক বুজায়। সাধাৰণ লোককথাৰ দৰেই বতৰৰ লোককথাটো বাহ্যিক জোখ-মাখৰ কোনো যন্ত্ৰৰ ব্যৱহাৰ নকৰাকৈ সাধাৰণ মানুহৰ মুখৰ কথা আৰু লিখাৰ জৰিয়তে প্ৰচলন কৰা হয়।
-
বাউক (পৌৰাণিক কাহিনী)
বাউক (চাৰ্বিয়ান: Баук, চাৰ্বিয়ান উচ্চাৰণ: bauk) হৈছে চাৰ্বিয়ান লোককথাৰ অন্তৰ্গত এটা জন্তুসদৃশ কাল্পনিক জীৱ। বাউকে অন্ধকাৰ ঠাই, গাঁত বা পৰিত্যক্ত ঘৰসমূহত লুকাই থাকে আৰু সুযোগ পালে চিকাৰ কৰাৰ চেষ্টা কৰে; কিন্তু ই পোহৰ আৰু শব্দৰ পৰা ভয় কৰে। ই দপদপাই খোজ কাঢ়ে আৰু আৰু ইয়াৰ মাতৰ শব্দ হৈছে বাউ।
-
বান্দৰৰ কলিজা
বান্দৰৰ হৃদয় হৈছে এটা স্বাহিলি সাধুকথা, যিটো এডৱাৰ্ড ষ্টিয়েৰে স্বাহিলি টেল্ছত সংগ্ৰহ কৰিছিল। এণ্ড্ৰু লেঙে ইয়াক তেওঁৰ দ্য লাইলাক ফেইৰী বুকত সন্নিৱিষ্ট কৰিছিল। ই আৰ্ণে-থম্পচন ৯১-ৰ অন্তৰ্ভুক্ত।
-
বাবা দোছিয়া
ৰোমানিয়াৰ পৌৰাণিক কাহিনীত বাবা দোছিয়া বা দ্য অল্ড ডকিয়া হৈছে বসন্তৰ উভতি অহাৰ লগে লগে দেখা পোৱা এক ব্যক্তিত্ব। কেতিয়াবা তেওঁক "এগৰাকী বৃদ্ধা, যিয়ে মাৰ্চ মাহক অপমান কৰিবলৈ যেতিয়া তেওঁ ভেড়া বা ছাগলীৰ জাক এটা লৈ ওলাই যায়" বুলি ধৰা হয়।
-
বামুণ আৰু নেউলৰ সাধু
বামুণ আৰু নেউলৰ সাধু বা বামুণী আৰু নেউলৰ সাধু ভাৰতৰ এক জনপ্ৰিয় লোককথা, যি "বিশ্বৰ দেশে দেশে বিয়পি পৰা অন্যতম কাহিনী।" ইয়াত এটা নিষ্ঠাবান প্ৰাণীক প্ৰমাদবশতঃ হত্যাৰ কথা বৰ্ণনা কৰা হৈছে আৰু এইদৰে খৰখেদাকৈ কৰা কাৰ্যৰ বিৰুদ্ধে সতৰ্ক কৰি দিয়া হৈছে।
-
বাম্বৰ বৈনী
বাম্বৰ বৈনী হৈছে অম্বাৰ সৈতে ঘনিষ্ঠভাৱে চিনাক্ত কৰা মাতৃ দেৱীৰ স্থানীয় অৱতাৰ। তাইৰ নামৰ অৰ্থ হৈছে সিংহত উঠি থকা শক্তি দেৱী, আৰু তাই লাউণ্ডি চহৰত অৱস্থিত এটা পাহাৰত বাস কৰে। শ্ৰী দেৱী বাম্বৰ বৈনী জীৰ হিন্দু মন্দিৰ লাউণ্ডি চহৰৰ বুকুৰ পৰা প্ৰায় ১ কিলোমিটাৰ দূৰত্বত পাহাৰৰ ওপৰত অৱস্থিত।
-
বাৱাং মেৰাহ আৰু বাৱাং পুটিহ
বাৱাং মেৰাহ ডান বাৱাং পুটিহ ইণ্ডোনেছিয়াৰ ৰিয়াউ অঞ্চলৰ এটা জনপ্ৰিয় পৰম্পৰাগত ইণ্ডোনেছিয়ান লোককথা, য'ত বিপৰীত চৰিত্ৰৰ দুজন ভাই-ভনী (এজন ভাল আৰু এজন বেয়া), আৰু এগৰাকী বিবেচনাহীন সতীয়া মাতৃ জড়িত। এই লোককথাৰ বিষয়বস্তু আৰু নৈতিকতা ইউৰোপীয় লোককথা চিণ্ডেৰেলাৰ দৰেই।
-
বেছিলিস্ক
বেচিলিস্ক ( বা ) হৈছে ইউৰোপীয় শ্ৰুতিকথাত বৰ্ণিত এবিধ কিংবদন্তিমূলক সৰীসৃপ। ইয়াক সাপৰ ৰজা বুলি জনা যায় আৰু ইয়াৰ চকুলৈ যিজনে চায় তেওঁৰ মৃত্যু হয় বুলি কোৱা হয়।
-
ব্যক্তিগত আখ্যান
ব্যক্তিগত আখ্যান (ইংৰাজী: Personal narrative) হৈছে সাধাৰণতে প্ৰথম পুৰুষে (নিজে) কোৱা ব্যক্তিগত অভিজ্ঞতাক সম্পৰ্কীয় গদ্য আখ্যান; ইয়াৰ বিষয়বস্তু অগতানুগতিক। "ব্যক্তিগত" বুলিলে নিজৰ জীৱন বা অভিজ্ঞতাৰ কাহিনীক বুজোৱা হয়। "অগতানুগতিক" বুলিলে আখ্যানৰ সাধাৰণ মাপকাঠীৰ লগত খাপ নোখোৱা সাহিত্যক বুজোৱা হয়।