লোককথা
১৪৮ প্ৰবন্ধ
-
ব্লেক এনিছ
ব্লেক এনিছ (ব্লেক এগনেছ বা ব্লেক আন্না বুলিও জনা যায়) ইংৰাজী লোককথাৰ এগৰাকী পিশাচ নাৰী। তাইক লোহাৰ নখ থকা নীলা মুখৰ ডাইনী আৰু মানুহৰ মাংসৰ (বিশেষকৈ শিশু)ৰ প্ৰতি ৰুচি থকা বুলি কল্পনা কৰা হয়। তাই ডেন পাহাৰৰ এটা গুহাত বাস কৰে আৰু গুহাৰ প্ৰৱেশদ্বাৰত এডাল ডাঙৰ ওক গছ থাকে।
-
ব্লেক লেডী অফ ব্ৰেডলী উদচ
ব্লেক লেডী অফ ব্ৰেডলী উদ্চ হৈছে ইংলেণ্ডৰ লিংকনশ্বায়াৰৰ ব্ৰেডলি গাঁৱৰ ওচৰৰ বনাঞ্চলত খেদি ফুৰা এটা ভূত। তথাকথিত প্ৰত্যক্ষদৰ্শীয়ে তেওঁক ডেকা আৰু ধুনীয়া, প্ৰায় ৫ ফুট ৬ ইঞ্চি (১৬৮ চে.মি.) ওখ, বৈ যোৱা ক’লা পোছাক আৰু ক’লা হুড পিন্ধা বুলি বৰ্ণনা কৰিছে, যিয়ে তেওঁৰ চুলিখিনি অস্পষ্ট কৰি তোলে যদিও তেওঁৰ…
-
ভালুক আৰু মালী
ভালুক আৰু মালী (The Bear and the Gardener) হৈছে প্ৰাচীন ভাৰতীয় গ্ৰন্থ পঞ্চতন্ত্ৰৰ পৰা উৎপত্তি হোৱা এক উপকথা যিয়ে মূৰ্খ বন্ধুত্ব গঢ়ি তোলাৰ পৰা সতৰ্ক কৰি দিয়ে।
-
ভূতকথা
ভূতকথা (Ghostlore) বা ghost-lore হৈছে ভূত সম্পৰ্কীয় লোককথাৰ এক ধাৰা। সমসাময়িক প্ৰসংগকে ধৰি লিপিবদ্ধ ইতিহাসৰ সমগ্ৰ সময়ছোৱাত ভূতকথা উপলব্ধ হৈছে৷ ভূত ঘৰৰ প্ৰথমটো ৰেকৰ্ডিং কৰা কাহিনীক লোককথাৰ পণ্ডিতসকলে প্ৰায়ে মষ্টেলাৰিয়া (Mostellaria) বুলি গণ্য কৰে, যাক এথেন্সৰ কবি ফিলেমনৰ দ্বাৰা লিখা ফাছমা নামৰ…
-
মানাস মহাকাব্য
মানাস মহাকাব্য (Манас дастаны, Manas dastany, ماناس داستانی, 瑪納斯) হৈছে কেন্দ্ৰীয় এছিয়া আৰু পূব এছিয়াৰ কিৰ্গিজসকলৰ এখন দীঘলীয়া আৰু পৰম্পৰাগত মহাকাব্য। ১৯শ শতিকাৰ সংস্কৰণসমূহত ১৮শ শতিকাৰ ঐতিহাসিক ঘটনাসমূহ অন্তৰ্ভুক্ত আছে, যদিও কিৰ্গিজ পৰম্পৰাৰ মতে এই মহাকাব্য বহু পুৰণি।
-
মানি (আমাজনৰ কিম্বদন্তি)
টুপি লোককথাৰ পৰা উৎপত্তি হোৱা লোককাহিনীত মানি অতি উজ্জ্বল ৰঙৰ এগৰাকী থলুৱা ছোৱালীৰ নাম। আমাজনৰ কিংবদন্তিমতে মানিৰ সৈতে তেওঁৰ কবৰৰ পৰা ওলোৱা থলুৱা প্ৰধান খাদ্য মানিয়কৰ কাল্টৰ সৈতে সম্পৰ্ক আছে।
-
মানুহ খোৱা গছ
মানুহ খোৱা গছ (Man Eating Plant) হৈছে এক প্ৰকাৰৰ কিংবদন্তিনিৰ্ভৰ মাংসভোজী উদ্ভিদ বা গছ; যি মানুহ বা আন ডাঙৰ প্ৰাণীক হত্যা কৰি সেইবোৰক ভক্ষণ কৰিব পৰাকৈ বৃহৎ। মানুহ খোৱা গছ-সম্বন্ধীয় এনে বিভিন্ন জনশ্ৰুতি আৰু কাল্পনিক কাহিনী সমগ্ৰ বিশ্বতে শ্ৰুতিগোচৰ হয়।
-
মোখী আৰু মাতাৰা
মোখী আৰু মাতাৰা এগৰাকী ৱেটাৰ "মোখী"ৰ বিখ্যাত কাহিনী, যিয়ে অনিচ্ছাকৃতভাৱে মাতাৰাক (মাতাল বা মদাহী সকলক) বিষাক্ত "মন্ধ" (মদ) পৰিবেশন কৰিছিল, আঠজন ডাঠ যুৱকে তেওঁৰ ধাবালৈ গৈছিল আৰু পাত্ৰৰ পৰা অত্যাধিক মদ্যপান কৰি মৃত্যুবৰণ কৰিছিল।
-
লোক-ব্যুৎপত্তিবিজ্ঞান
লোক-ব্যুৎপত্তিবিজ্ঞান বা লোক-ব্যুৎপত্তি (ইংৰাজী: Folk etymology, popular etymology, analogical reformation, (morphological) reanalysis আৰু etymological reinterpretation) হৈছে কোনো অচিনাকি ৰূপৰ কোনো শব্দ বা বাক্যাংশক অধিক চিনাকি ৰূপলৈ পৰিৱৰ্তন কৰি ব্যৱহাৰ কৰাৰ এক প্ৰদ্ধতি।
-
লোককথা আৰু পৌৰাণিক কাহিনীত অজাচাৰ
লোককথা আৰু পৌৰাণিক কাহিনীত অজাচাৰক (Incest in folklore and mythology)উৎপত্তিৰ কল্পকথা লুকুৱাই ৰখা এটা ৰূপাংকন (motif) বুলি কোৱা হয়। কাৰণ সময়ৰ আৰম্ভণিতে ইয়েই পৃথিৱীখনক জনবহুল কৰাৰ একমাত্ৰ পথ বুলি ভবা হৈছিল। ধ্ৰুপদী কল্পকথা আৰু সাহিত্যত অজাচাৰ হৈছে এক সাধাৰণ মটিফ।
-
লোকস্মৃতি
লোকস্মৃতি (Folk Memory)ক লোককথা বা জনবিশ্বাস বুলিও কোৱা হয়। লোককথাৰ দ্বাৰা প্ৰজন্মৰ পৰা প্ৰজন্মলৈ মৌখিকভাৱে বিয়পি পৰা অতীতৰ পৰিঘটনাক বুজোৱা হয়। স্মৃতিবোৰে বৰ্ণনা কৰা পৰিঘটনাবোৰ হয়তো শ শ, হাজাৰ হাজাৰ বা আনকি লাখ লাখ বছৰৰ আগৰ আৰু প্ৰায়ে ইয়াৰ স্থানীয় তাৎপৰ্য থাকে।
-
শিশুৰ লোককথা
শিশু আৰু কম বয়সীয়াসকলৰ লোককথা বা লোক-সংস্কৃতিক শিশু লোককথা (ইংৰাজী: Childlore) বুলি কোৱা হয়। এনে লোককথাৰ ভিতৰত শিশুৰ গীত-মাত, যেনে বিদ্যালয়ৰ খেলপথাৰত খেলা খেল-ধেমালি আৰু শিশু গীত আদিক অন্তৰ্ভুক্ত কৰা হৈছে। এই ক্ষেত্ৰখনৰ আটাইতকৈ পৰিচিত গৱেষক আছিল ইয়না আৰু পিটাৰ অপি (Iona and Peter Opie)।
-
শ্বেহেৰাজাদে
শ্বেহেৰাজাদে এক হাজাৰ আৰু এক ৰাতি নামেৰে জনাজাত মধ্যপ্ৰাচ্যৰ কাহিনী সংকলনৰ ফ্ৰেম আখ্যানৰ এটা প্ৰধান চৰিত্ৰ আৰু সাধু কওঁতা।
-
সাত মাতৃৰ পুত্ৰ
সাত মাতৃৰ পুত্ৰ, (ইংৰাজীত দ্য ছন অৱ চেভেন মাদাৰছ বা দ্য ছন অৱ চেভেন কুইনছ) হৈছে এটা ভাৰতীয় লোককথা, যিটো ১৯ শতিকাৰ শেষৰফালে লেখিকা ফ্ল'ৰা এনি ষ্টিলে প্ৰথম প্ৰকাশ কৰিছিল।
-
সাতজন জ্ঞানী গুৰু
সাতজন জ্ঞানী গুৰু (Seven Wise Masters) (সাত ঋষি বা সাত জ্ঞানী বুলিও কোৱা হয়) হৈছে সংস্কৃত, পাৰ্চী বা হিব্ৰু মূলৰ কাহিনীৰ এক চক্ৰ।
-
সিংহাসন বট্টিছি
সিংহাসন বট্টিছি বা অসমীয়াত বত্ৰিশ পুতলাৰ সাধু ভাৰতীয় লোককথাৰ এক সংকলন। শিৰোনামটোৰ আক্ষৰিক অৰ্থ হৈছে "সিংহাসনৰ বত্ৰিশটা (কাহিনী)।" মূল কাহিনীটোত একাদশ শতিকাৰ ৰজা ভোজে কিংবদন্তি ৰজা বিক্ৰমাদিত্যৰ সিংহাসন আৱিষ্কাৰ কৰে। সিংহাসনত বত্ৰিশটা মূৰ্তি আছে।
-
হা-ঈ
হা-ঈ (Haai) কাৰ্বি সমাজত প্ৰচলিত এক ৰূপকথাৰ নায়িকা৷ কাৰ্বি সমাজত কিছুমান লোককথা বেলাড বা মালিতা হিচাপে পোৱা যায়৷ তাৰ ভিতৰৰ বাচিক মহাকাব্যিক মালিতা হ’ল “হাঈমু আলুন’’৷ এই হাঈমু আলুনৰে কেন্দ্ৰীয় চৰিত্ৰ হা-ঈ বা হাঈ৷ হাঈমু আলুনত এহাল সৰলমনা স্বামী স্ত্ৰীৰ বিচ্ছেদৰ কাহিনী বৰ্ণনা কৰা হৈছে৷ জনশ্ৰুতিমতে,…
-
হাওনু চাখানু
হাওনু চাখানু (Haonu Chakhanu), যাক হাওনু চাখা চাফাবী বুলিও জনা যায়, হৈছে খ্ৰীষ্টীয় প্ৰথম শতিকাৰ ধ্ৰুপদী মেইতেই সাহিত্যিক কৰ্ম নুমিত কাপ্পা (সূৰ্যক গুলীয়াই নমাই অনা)ত উল্লেখ কৰা এগৰাকী প্ৰাচীন মেইতেই মহিলা।
-
হোকো (পুতলা)
হোকো (ইংৰাজী: hōko; জাপানী: 這子; অৰ্থ: "বগাই ফুৰা শিশু") হ’ল এক প্ৰকাৰৰ কোমল দেহৰ পুতলা যিটো জাপানত গাভৰু আৰু বিশেষকৈ গৰ্ভৱতী মহিলাসকলক মাক আৰু অজাত শিশু উভয়কে সুৰক্ষা দিবলৈ উপহাৰ দিয়া হয়।
-
হৌ ই
হৌ ই (ইংৰাজী: Hou Yi) হৈছে চীনৰ পৌৰাণিক কাহিনীৰ এজন ধনুৰ্ধৰ। তেওঁক চেন ই আৰু সাধাৰণভাৱে কেৱল ই বুলিও জনা গৈছিল। তেওঁক সাধাৰণতে "লৰ্ড আৰ্চাৰ" বা "ধনুৰ্ধৰ প্ৰভু" উপাধিও দিয়া হয়। তেওঁক কেতিয়াবা ধনুৰ্ধৰ দেৱতা বা মানৱজাতিক সহায় কৰিবলৈ স্বৰ্গৰ পৰা নামি অহা এজন চিয়ান (Xian) হিচাপে চিত্ৰিত কৰা হয়।
-
হৰিদাস পাল
হৰিদাস পাল হৈছে 'পাল' উপাধি থকা এজন বাঙালী হিন্দু ব্যক্তিৰ নাম। কোৱা হয় যে, এই নামৰ ব্যক্তি এক সময়ত বাংলাত ধনী, মহানুভৱ আৰু প্ৰভাৱশালী ব্যক্তি আছিল। বিপুল বিত্তশালী হয়েও সৎ আৰু দয়ালু ব্যক্তি হিচাপে সমাজত গৌৰৱ অৰ্জন কৰিছিল। বৰ্তমান বাংলা ভাষাত "হৰিদাস পাল" নামটো এটা প্ৰবাদ ৰূপে পৰিণত হৈছে।
-
১০০ নাইটছ অৱ হিৰো
১০০ নাইটছ অৱ হিৰো (ইংৰাজী: 100 Nights of Hero) হ’ল জুলিয়া জেকমেনৰ দ্বাৰা ৰচিত আৰু পৰিচালিত ২০২৫ চনৰ এখন ঐতিহাসিক ফেণ্টাচি ৰোমান্টিক চলচ্চিত্ৰ। এইখন ইছাবেল গ্ৰীণবাৰ্গৰ গ্ৰাফিক উপন্যাস দ্য ৱান হাণ্ড্ৰেড নাইটছ অৱ হিৰোৰ ওপৰত আধাৰিত, যিখন নিজেই মধ্যপ্ৰাচ্যৰ লোককথা এহেজাৰ এনিশা (One Thousand and One…
-
ৰজা ইগুয়ানা
ৰজা ইগুয়ানা;গালেলা ভাষাত: মা কোলানো ও কৰিয়াংগা) হৈছে এইচ. ভান ডাইকেন আৰু এম. জে. ভান বাৰ্ডাই সংগ্ৰহ কৰা আৰু হালমাহেৰা দ্বীপৰ পৰা সংগ্ৰহ কৰা গালেলা ভাষাৰ ইণ্ডোনেছিয়ান লোককথা।
-
ৰাজকন্যা ডিশ্ৰু
ৰাজকন্যা ডিশ্ৰু বা দিচৰু ( Princess Dishru) ডিমাছা মালিতাসমূহত পোৱা এক ৰাজকন্যা৷ ডিমাছা সমাজত প্ৰচলিত মালিতা বা কাহিনী-গীতসমূহৰ মাজত “ডিশ্ৰুণী ৰাজাবঠাই’’ অৰ্থাৎ ডিশ্ৰুৰ মালিতা বৰ জনপ্ৰিয়৷ এই মালিতাৰ আঁৰত থকা কাহিনীটো এনেধৰণৰ:- জনশ্ৰুতিমতে ডিশ্ৰু কছাৰী ৰজা হৰিৰামৰ কন্যা৷ আনুমানিক ১৫৭০ খ্ৰীষ্টাব্দত…
-
ৰাজকুমাৰী হিমাল আৰু নাগ ৰাজকুমাৰ
ৰাজকুমাৰী হিমাল আৰু নাগ ৰাজকুমাৰ হৈছে এগৰাকী মানৱ ৰাজকুমাৰী আৰু নাগ (সাপৰ ৰাজকুমাৰ) ৰাজকুমাৰৰ মাজৰ প্ৰেমৰ বিষয়ে এক অতি জনপ্ৰিয় কাশ্মীৰৰ লোককাহিনী। কাহিনীটো অঞ্চলটোত সুপৰিচিত আৰু ইয়াত বহুতো উপস্থাপন আছে।
-
ৱমেন ইন ব্লেক (অতিপ্ৰাকৃতিক)
ৱমেন ইন ব্লেক (ইংৰাজী: Woman in Black) হ’ল এপ্লাচিয়ান লোককথাৰ এক অলৌকিক চৰিত্ৰ যিয়ে ১৯০০ চনৰ আৰম্ভণিৰপৰা মাজভাগলৈকে দক্ষিণ আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু পশ্চিম আমেৰিকা যুক্তৰাষ্ট্ৰৰ বিভিন্ন অঞ্চলত দেখা দিছিল।
-
ৱান্স এ মাউছ
ৱান্স এ মাউছ হ'ল ১৯৬১ চনত প্ৰকাশিত মাৰ্চিয়া ব্ৰাউনৰ এখন শিশু ছবিৰ কিতাপ। স্ক্ৰিবনাৰ প্ৰেছে মুকলি কৰা এইখন ১৯৬২ চনত চিত্ৰকল্পৰ বাবে কেলডেকট পদক লাভ কৰে, দ্বিতীয়বাৰৰ বাবে ব্ৰাউনে সেই সন্মান লাভ কৰে।
-
ৱেৱে গম্বেল
ৱেৱে গম্বেল জাভানীজ পৌৰাণিক কাহিনীত এগৰাকী নাৰী অতিপ্ৰাকৃতিক সত্তা বা প্ৰতিশোধপৰায়ণ ভূত। তাই শিশুক অপহৰণ কৰে বুলি কোৱা হয়। শিশুসকলক সাৱধান হ’বলৈ আৰু ৰাতি ঘৰতে থাকিবলৈ উৎসাহিত কৰিবলৈ এই মিথটো শিকোৱা হয়। পৰম্পৰাগতভাৱে ৱেৱে গম্বেলক দীঘল ওলমি থকা স্তন থকা মহিলা হিচাপে প্ৰতিনিধিত্ব কৰা হয়।