থাই লোককথা (ইংৰাজী: Thai folklore) হৈছে থাই জনসাধাৰণৰ মাজত প্ৰচলিত পৌৰাণিক কাহিনী আৰু পৰম্পৰাগত বিশ্বাসৰ এক বৈচিত্ৰময় সংগ্ৰহ। থাইলেণ্ডৰ বেছিভাগ লোককথাৰ আঞ্চলিক পটভূমি আছে কাৰণ ইয়াৰ উৎপত্তি থাইলেণ্ডৰ গ্ৰাম্য অঞ্চলত হৈছিল। সময়ৰ লগে লগে, আৰু সংবাদ মাধ্যমৰ প্ৰভাৱৰ ফলত থাই লোককথাৰ বৃহৎ অংশ বিস্তৃত জনপ্ৰিয় থাই সংস্কৃতিৰ সৈতে জড়িত হৈ পৰিছে।
ফাৰায়া অনুমান ৰাজাধন (১৮৮৮–১৯৬৯) আছিল স্থানীয় লোককথাৰ ওপৰত গুৰুত্বসহকাৰে অধ্যয়ন কৰা প্ৰথমজন থাই পণ্ডিত। তেওঁ নিজৰ সংস্কৃতিৰ সৰল বিৱৰণ যেনে থাইলেণ্ডৰ দোকানীসকলে গ্ৰাহকক আকৰ্ষণ কৰিবলৈ ব্যৱহাৰ কৰা মনোমোহা বস্তুৰ ওপৰত প্ৰচুৰ টোকা লিখিছিল। থাই কাহিনীৰ বিভিন্ন গ্ৰাম্য আত্মা আৰু ভূতৰ সৈতে জড়িত মৌখিক সাহিত্যৰ বিষয়েও তেওঁ গভীৰভাৱে অধ্যয়ন কৰিছিল।১
লোক বিশ্বাস
থাই লোককথাৰ মূল হৈছে টাই লোকধৰ্ম। লিপিবদ্ধ নোহোৱালৈকে এই লোককথা আৰু লোকবিশ্বাসবোৰ এটা প্ৰজন্মৰ পৰা আন এটা প্ৰজন্মলৈ চলি আহিছিল।
গাঁৱৰ শ্বেমানসকলক (বেজ) ফ্ৰাম (phram) বুলি জনা যায়, এই শব্দৰ উৎপত্তি ব্ৰাহ্মণৰ পৰাই হৈছে। ফ্ৰামে অন্যান্য অনুষ্ঠানৰ লগতে ভূত-প্ৰেত নিৰ্বাসন কৰে আৰু বিবাহ আদি সম্পন্ন কৰোৱাই।২
সাধুকথা
থাইলেণ্ডৰ সাধুকথা আৰু কিংবদন্তিবোৰ বয়োজ্যেষ্ঠসকলে নৱ প্ৰজন্মৰ মাজত বিশ্বাস জগাই তুলিবলৈ ব্যৱহাৰ কৰিছিল। বেছিভাগ কাহিনীতে পৰম্পৰা অনুসৰণ কৰাৰ গুৰুত্ব আৰু বয়োজ্যেষ্ঠ, পিতৃ-মাতৃ আৰু উৰ্ধতন বিষয়াৰ প্ৰতি শ্ৰদ্ধা প্ৰদৰ্শন কৰা নৈতিক পাঠ থাকে। আত্মা জগতৰ কাহিনীবোৰে শিশুসকলক সতৰ্ক হ’বলৈ, ৰাতি ঘৰতে থাকিবলৈ আৰু মৃত্যুৰ আচাৰ-ব্যৱহাৰ আৰু প্ৰসাদৰ গুৰুত্ব সম্পৰ্কীয় ৰীতি-নীতিক সন্মান কৰিবলৈ শিকাইছিল।৩
তথ্যসূত্ৰ
- ↑ Phya Anuman Rajadhon, Essays on Thai Folklore, Editions Duang Kamol
- ↑ Drouyer, Isabel Azevedo, Rene Drouyer. Thai Magic Tattoos, The Art and Influence of Sak Yant. Riverbooks, 2013
- ↑ Khao Sam Roi Yot National Park - Activities
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “থাই লোককথা” প্ৰবন্ধৰ সংশোধন ৪৭৪৩০৭ (১০ ফেব্ৰুৱাৰী ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।