লোককথা
১৪৮ প্ৰবন্ধ
-
অগ্ৰেছৰ পুত্ৰ
অগ্ৰেছৰ পুত্ৰ (ইংৰাজী: The Son of the Ogress (দ্য ছন অৱ অগ্ৰেছ); ফৰাচী: Le Fils de l'Ogresse) এটা বাৰ্বাৰ লোককথা। নৃতত্ত্ববিদ লিঅ' ফ্ৰবেনিয়াছে কাবিলিয়াত জাৰ্মান ভাষাত প্ৰথমবাৰৰ বাবে এই লোককথাটো সংগ্ৰহ কৰি ১৯২২ চনত প্ৰকাশ কৰিছিল।
-
আইয়ানাৰ
আইয়ানাৰ ( Aiyanar) হৈছে দক্ষিণ ভাৰত আৰু শ্ৰীলংকাত পূজা কৰা তামিল লোকদেৱতা। তেওঁৰ পূজা গ্ৰাম্য তামিল লোকসকলৰ মাজত প্ৰচলিত। কিছুমান গৱেষণাৰ পৰা দেখা গৈছে যে আইয়ানাৰক হয়তো আগতে দক্ষিণ-পূব এছিয়াৰ দেশসমূহতো পূজা কৰা হৈছিল। তেওঁক মূলতঃ তামিলনাডুৰ অন্যতম গাঁৱৰ দেৱতা হিচাপে পূজা কৰা হয়।
-
আও আও
দক্ষিণ আমেৰিকাৰ পৌৰাণিক কাহিনীৰপৰা অহা এটা দানৱীয় জীৱৰ নাম আও আও। টাউ আৰু কেৰানাৰ অন্যতম অভিশপ্ত পুত্ৰ হিচাপে ই গুয়াৰানি ভাষী সংস্কৃতিৰ ভিতৰত অন্যতম কেন্দ্ৰীয় পৌৰাণিক জীৱ। আও আওক প্ৰায়ে ভেড়াৰ দৰে ভোকাতুৰ জীৱ বুলি বৰ্ণনা কৰা হয় আৰু ইয়াৰ দাঁতৰ বিশাল গোট থাকে।
-
আচেনা
আচেনা মধ্যযুগৰ তুৰ্কীৰ গকতুৰ্ক সংস্কৃতিত পৌৰাণিক কাহিনীৰ সৈতে জড়িত এগৰাকী মাইকী পহুৰ নাম। গকতুৰ্কসকলৰ পূৰ্বপুৰুষ এগৰাকী মাইকী পহু বুলি দুটা ভিন্ন "পহু কাহিনী"ত উল্লেখ কৰা হৈছে যদিও নাম উল্লেখ কৰা হোৱা নাই।
-
আচেৰী
আচেৰী দক্ষিণ হিমালয়ৰ বিশেষকৈ কুমাওনৰ আশে-পাশে থকা অঞ্চলৰ লোককথাৰ একোগৰাকী কণমানি ছোৱালীৰ আত্মা। দিনত প্ৰায়ে পাহাৰৰ ওপৰত বাস কৰে আৰু গধূলিৰ সময়ত নামি আহি আপোনমনে উমলি-জামলি নৃত্য কৰে।
-
আজি চাকা
আজি চাকা জাভা ভাষাৰ এটা কিংবদন্তি, যিয়ে জাভালৈ কেনেকৈ সভ্যতা আহিছিল আৰু ইয়াক জাভাৰ কিংবদন্তি প্ৰথম ৰজা আজি চাকাই অনাৰ কাহিনী আৰু জাভা লিপিৰ উৎপত্তিৰ পৌৰাণিক কাহিনী আছে।
-
আজেৰবাইজানী লোককথা
আজেৰবাইজানী লোককথা (ইংৰাজী: Azerbaijani folklore) হৈছে আজেৰবাইজান জনগোষ্ঠীৰ লোক পৰম্পৰা।
-
আদিবাসী লোক কলা একাডেমী
আদিবাসী লোক কলা একাডেমী হ'ল জনজাতীয় কলাক উৎসাহিত, সংৰক্ষণ আৰু বিকাশৰ উদ্দেশ্যেৰে ১৯৮০ চনত মধ্যপ্ৰদেশ চৰকাৰে প্ৰতিষ্ঠা কৰা এটা সাংস্কৃতিক অনুষ্ঠান। ই জনজাতীয় লোককলাৰ ওপৰত জৰীপ চলায়, কাৰ্যসূচী আয়োজন কৰে তথা গ্ৰন্থ আৰু সামগ্ৰী প্ৰকাশ কৰে।
-
আৰাশ
আৰাশ দ্য আৰ্চাৰ (ফাৰ্চী: آرش کمانگیر) হৈছে ইৰানী পৌৰাণিক কাহিনী আৰু ঐতিহাসিক পৰম্পৰাৰ এজন বীৰ ধনুৰ্ধৰ চৰিত্ৰ। ইৰানী লোককথা অনুসৰি ইৰান আৰু টুৰানৰ মাজৰ সীমা নিৰ্ধাৰণ কৰা হৈছিল আৰাশে নিক্ষেপ কৰা এটা কাঁড়ৰদ্বাৰা, যিটো কাঁড় নিক্ষেপ কৰিবলৈ তেওঁ নিজৰ জীৱন ত্যাগ কৰিছিল।
-
ইন্দ্ৰিক
ইন্দ্ৰিক বা ইন্দ্ৰিক-পশু (Индрик-зверь) হৈছে ৰাছিয়ান লোককথাত বৰ্ণিত এক আশ্চৰ্যজনক জন্তু, সকলো জন্তুৰ ৰজা। এই প্ৰাণী "পবিত্ৰ পৰ্বত" নামেৰে জনাজাত পৰ্বতত বাস কৰে, য’ত আন কোনো প্ৰাণীৰ খোজ নপৰে। ই সৰিছিলেই পৃথিৱী কম্পিত হয়। "ইন্দ্ৰিক" শব্দটো ৰাছিয়ান শব্দ unicorn (Единорог)-ৰ এক বিকৃত ৰূপ।
-
ইহুদী লোককথা
ইহুদী লোককথা (Jewish Folklore) হৈছে ইহুদী ধৰ্মৰ পৰম্পৰা, কিংবদন্তি, সংগীত, মৌখিক ইতিহাস, প্ৰবাদ, কৌতুক, জনবিশ্বাস, সাধুকথা, কাহিনী আৰু ৰীতি-নীতি। লোককথাৰ বৈশিষ্ট্য হৈছে অস্বাভাৱিক ব্যক্তিত্বৰ উপস্থিতি; মানুহৰ হঠাতে জন্তুলৈ ৰূপান্তৰণ বা জন্তু আকস্মিকভাৱে মানুহলৈ পৰিৱৰ্তিত হোৱা পৰিঘটনা বা কল্পকথা।
-
উচিত্ত ভাগৱতী
উচিত্ত ভাগৱতী ভাৰতৰ কেৰালাৰ উত্তৰ মালাবাৰ অঞ্চলত পূজা কৰা আঞ্চলিক হিন্দু দেৱী। উচিত্তক পূজা কৰা হয় আৰু তেয়্যাম ৰূপ হিচাপে পালন কৰা হয়। এই দেৱতাৰ মূল মন্দিৰসমূহ কেৰালাৰ কান্নুৰ আৰু কাছাৰগোড জিলাত বিস্তৃত।
-
উচেক লেংমেইটং
উচেক লেংমেইটং (উচেক লেংমেইডং) বা চেকলা লেংমেইটং (চেকলা লেংমেইডং)ৰ কাহিনী প্ৰাচীন কাংগলেইপাক (আৰম্ভণি মণিপুৰ)ৰ মেইটেই লোককথা। ইয়াত "হায়াইনু" (উৰ্ধ্বতন নংডাম আটম্বি) নামৰ এগৰাকী ছোৱালীৰ কাহিনী কোৱা হৈছে, যিয়ে নিজৰ নিষ্ঠুৰ সতীয়া মাকৰ দুৰ্ব্যৱহাৰ সহ্য কৰিব নোৱাৰি নিজকে লেংমেইটং (মেইটেই ভাষাত…
-
এন আফ্ৰিকান নাইটছ এণ্টাৰটেইনমেণ্ট
এন আফ্ৰিকান নাইটছ এণ্টাৰটেইনমেণ্ট (ইংৰাজী: An African Night's Entertainment) হ’ল নাইজেৰিয়ান লেখক চাইপ্ৰিয়ান একৱেনসিৰ দ্বাৰা ৰচিত ১৯৬২ চনৰ এখন লোককথাভিত্তিক উপন্যাস।
-
এনী পালমাৰ (হোৱাইট উইচ অৱ ৰ'জ হল)
হোৱাইট উইচ (White Witch) হ'ল জামাইকাৰ এটা কিংবদন্তিজনিত প্ৰেতাত্মাৰ কাহিনী। এই কিংবদন্তি অনুসৰি, এনী পালমাৰ নামৰ এগৰাকী শ্বেতাংগ বৃক্ষৰোপণ ক্ষেত্ৰৰ স্বত্বাধিকাৰীৰ আত্মাই মণ্টেগো বে'ৰ ৰোজ হলৰ চৌহদত বিচৰণ কৰি ফুৰে।
-
এৰোটেচ
এৰোটেচ (ἔρωτες, Érōtes) প্ৰাচীন গ্ৰীক ধৰ্ম আৰু গ্ৰীক পুৰাণ অনুসৰি, প্ৰেম আৰু যৌনতা সম্পৰ্কীয় এবিধ ডেউকীয়া দেৱতাৰ গোট। তেওঁলোক এফ্ৰ’ডাইটীৰ অনুচৰসকল। এৰোটেচ হৈছে এৰোচ ("প্ৰেম, বাসনা")ৰ বহুবচন, যি এটি একক দেৱতা হিচাপে অধিক জটিল মিথ্ল’জিৰ অধিপতি।
-
ওবিয়া
পশ্চিম আফ্ৰিকাৰ লোককথাৰ এটা ওবিয়া বা ওবেয়াহ হৈছে এক দানৱ। ইয়াক এটা বিশালাকাৰ প্ৰাণী বুলি বৰ্ণনা কৰা হৈছে যাক ডাইনীয়ে গাঁৱলৈ পঠিয়াই কণমানি ছোৱালীক অপহৰণ কৰি সিহঁতৰ ছালেৰে কোট পিন্ধে। হণ্ডুৰাছৰ বে দ্বীপপুঞ্জত ডাইনী বা ডাইনীয়ে কৰা মন্ত্ৰৰ বাবেও ইয়াক ব্যৱহাৰ কৰা ই এক সাধাৰণ শব্দ।
-
কদংগোট মক্কাম
কদংগোট মক্কাম, ভাৰতৰ কেৰালাৰ উত্তৰ মালাবাৰ অঞ্চলত পূজা কৰা এক স্থানীয় হিন্দু দেৱী। মক্কামক থেয়্যাম ৰূপ হিচাপে পূজা বা বিচাৰ কৰা হয়, যাক মক্কাপ্পোথি বা মক্কাভুম মাক্কালুম (আক্ষৰিক অৰ্থত মক্কাম আৰু তেওঁৰ সন্তান) বুলি জনা যায়।
-
কাথিৱৰুণ বীৰণ
কাথিৱনুৰ বীৰণ ভাৰতৰ কেৰালাৰ উত্তৰ মালাবৰ অঞ্চলত পূজা কৰা এক দেৱতা, যাক (মান্ধাপ্পান চেকৱৰ) বুলিও জনা যায়। মালয়ালম ভাষাত ‘বীৰণ’ শব্দৰ অৰ্থ ইংৰাজীত ‘হিৰো’। কিংবদন্তি অনুসৰি কাথিৱানুৰ বীৰণ থিয়্যা যোদ্ধা মণ্ডপ্পন চেকাৱৰৰ এপথেঅ'ছিছ।
-
কাবায়ান
কাবায়ান (ইংৰাজী: Kabayan; চুন্দানীজ: ᮊᮘᮚᮔ᮪) চুন্দানীজ সংস্কৃতিৰ এক কল্পিত আৰু জনপ্ৰিয় লোকচৰিত্ৰ, যাক পাছলৈ সমগ্ৰ ইণ্ডোনেছিয়াতেই জনপ্ৰিয় লোকচৰিত্ৰ হিচাপে গ্ৰহণ কৰা হয়। তেওঁৰ কাহিনীবোৰ ধেমেলীয়া, নম্ৰ আৰু একে সময়তে বুদ্ধিমান স্বভাৱৰ বুলি গণ্য কৰা হয়।
-
কাৰ্কাডান
কাৰ্কাডান হৈছে ভাৰত আৰু পাৰস্যৰ তৃণভূমিত বাস কৰা এবিধ কিংবদন্তিমূলক জীৱ। পাৰ্চী আৰু আৰবী ভাষাত কাৰ্কাডান শব্দৰ অৰ্থ হৈছে গঁড়।
-
কুকুই
ক’ক’ (ইংৰাজী: Coco), ক’কা (Coca), কুক’ (Cuco), কুকা (Cuca), কুকু (Cucu), কুকুই (Cucuy, Cucuí) বা অল কুকুই (El-Cucuí) হৈছে স্পেইন আৰু পৰ্তুগালৰ কিংবদন্তিত বৰ্ণিত এবিধ কিংবদন্তিমূলক জীৱ। ই হৈছে ব'গীমেনৰ সমতুল্য এবিধ পৌৰাণিক ভূতৰ দৰে দানৱ।
-
কুট্টিচাথান থেয়্যাম
কুট্টিচাথান থেয়্যাম (Kuttichathan Theyyam ) যাক সস্তপ্পন থেয়্যাম বুলিও জনা যায় ভাৰতৰ কেৰেলা ৰাজ্যৰ উত্তৰ অংশত কৰা থেয়্যাম। যিহেতু কুট্টিচাথান থেয়্যামৰ দেৱতা কান্নুৰ জিলাৰ পায়নুৰৰ কলাকট্টু ইল্লামৰ পৰা ব্ৰাহ্মণ পৰিয়ালৰ সৈতে জড়িত, এই থেয়্যামক কলাকট্টু কুট্টিচাথান বুলিও কোৱা হয়।
-
কেম্পফায়াৰ ষ্ট'ৰী
কেম্পফায়াৰ ষ্ট'ৰী (Campfire story) বা বনজুইৰ কাহিনী হ’ল উত্তৰ আমেৰিকাত নিশা মুকলি জুইৰ কাষত পৰিৱেশন কৰা মৌখিক কাহিনী কথনৰ এক প্ৰকাৰ। সাধাৰণতে নিৰ্জন অৰণ্যত পৰিৱেশন কৰা এই কাহিনীবোৰ মূলত অলৌকিক বিষয়বস্তু বা নগৰীয়া কিংবদন্তিৰ সৈতে জড়িত।
-
কেয়ং ইমাছ
কেয়ং ইমাছ (জাভানিজ আৰু ইণ্ডোনেছিয়ান ভাষাত "সোণালী শামুক") হৈছে জাভানিজ ভাষাৰ এক বিখ্যাত লোককথা য'ত এগৰাকী ৰাজকুমাৰীক যাদুকৰীভাৱে ৰূপান্তৰিত কৰি সোণালী শামুকৰ খোলাত বন্দী কৰা হয়।
-
কেলন আৰং
কেলন আৰং দ্বাদশ শতিকাৰ জাভা আৰু বালি লোককথাৰ এটা চৰিত্ৰ। পৰম্পৰামতে তেওঁ ক’লা যাদুৰ নিপুণ ডাইনী। কাহিনীটো কোনে ৰচনা কৰিছিল সেয়া জনা নাযায় যদিও কেলন আৰং গ্ৰন্থৰ এখন পাণ্ডুলিপি (লেটিন বৰ্ণমালাত লিখা) ৰয়েল নেদাৰলেণ্ড ইনষ্টিটিউট অৱ চাউথইষ্ট এছিয়ান এণ্ড কেৰিবিয়ান ষ্টাডিজত ৰখা হৈছে।
-
কোইনিয়েগ
কোইনিয়েগ (Caoineag) স্কটিছ লোককথাৰ এটা নাৰী আত্মা আৰু হাইলেণ্ডৰ এটা প্ৰকাৰৰ ভূত, যাৰ নামৰ অৰ্থ হৈছে “কান্দুৰী’’। তাই সাধাৰণতে অদৃশ্য আৰু ৰাতি জলপ্ৰপাত, নৈ বা খালত বা মুকলি পথাৰ বা পাহাৰৰ ঢালত বিলাপ কৰি নিজৰ বংশৰ মৃত্যুৰ ভৱিষ্যদ্বাণী কৰে।
-
কোমাইনু
কোমাইনু (জাপানী: 狛犬; ইংৰাজী: Komainu; ইংৰাজীত প্ৰায়ে ‘সিংহ-কুকুৰ’ বুলিও কোৱা হয়) হৈছে দেখিবলৈ সিংহৰ দৰে এবিধ জাপানী কিংবদন্তিমূলক জীৱ। সাধাৰণতে পৰম্পৰাগতভাৱে মন্দিৰৰ প্ৰৱেশদ্বাৰ পহৰা দিবলৈ, বা জাপানী “শ্বিণ্টো শ্ৰাইন”ৰ (Shinto shrines) ‘হণ্ডেন’ৰ (এক প্ৰকাৰৰ গৃহ) সন্মুখত বা ভিতৰত এই জীৱৰ যুৰীয়া…
-
ক্ৰহাং
ক্ৰহাং থাই লোককথাৰ পৰা এটা পুৰুষ আত্মা। ই নিজকে এজন চাৰ্টবিহীন মানুহ হিচাপে প্ৰকাশ কৰে, পৰম্পৰাগত কঁকালৰ কাপোৰ পিন্ধা, যি ৰাতি উৰি যায়। থাইলেণ্ডৰ গ্ৰাম্য অঞ্চলত ৰাতি উৰিবলৈ ক্ৰহাঙে দুটা ডাঙৰ ক্ৰাডং, ঘূৰণীয়া ধানৰ কুটিল ঝুৰি ব্যৱহাৰ কৰে।
-
গু (চলচ্চিত্ৰ)
গু হৈছে ২০২৪ চনৰ এখন ভাৰতীয় মালয়ালম ভাষাৰ মানসিক-আৱেগিক নাট্যধৰ্মী চলচ্চিত্ৰ, য’ত ভয়ানক আৰু কল্পবিজ্ঞানধৰ্মী উপাদান আছে। ছবিখনৰ কাহিনী লিখিছে আৰু পৰিচালনা কৰিছে মনু ৰাধাকৃষ্ণনে। ছবিখন মনিয়ানপিল্লা ৰাজুৱে নিজৰ বেনাৰ মনিয়ানপিল্লা ৰাজু প্ৰডাকচনৰ অধীনত নিৰ্মাণ কৰিছে।