অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
বিবিধ

গাৱেণ্ডা

গাৱেণ্ডা (পোলিছ: Gawęda) হ’ল পোলেণ্ডৰ মৌখিক লোককথাৰ এক ধাৰা। লগতে ই এক মহাকাব্যিক সাহিত্যিক ধাৰা যিবোৰ মৌখিক কাহিনীৰ শৈলীত ৰচনা কৰা হয়। ই পোলেণ্ডৰ ঘৰুৱা পৰম্পৰাৰ সৈতে জড়িত আৰু প্ৰায়ে হাস্যৰস, আৱেগ, ব্যংগ আৰু ঐতিহাসিক উপাদানৰ সংমিশ্ৰণ ঘটোৱা গদ্য বা পদ্যৰ আখ্যান।

হালনাগাদ: ৯ জুলাই ২০২৬ ৩০৮ শব্দ · ২ মিনিট সংগৃহীত ৭৭
সংশোধনৰ পৰামৰ্শ

গাৱেণ্ডা (পোলিছ: Gawęda) হ’ল পোলেণ্ডৰ মৌখিক লোককথাৰ এক ধাৰা। লগতে ই এক মহাকাব্যিক সাহিত্যিক ধাৰা যিবোৰ মৌখিক কাহিনীৰ শৈলীত ৰচনা কৰা হয়। ই পোলেণ্ডৰ ঘৰুৱা পৰম্পৰাৰ সৈতে জড়িত আৰু প্ৰায়ে হাস্যৰস, আৱেগ, ব্যংগ আৰু ঐতিহাসিক উপাদানৰ সংমিশ্ৰণ ঘটোৱা গদ্য বা পদ্যৰ আখ্যান। শব্দটোৰ আক্ষৰিক অৰ্থ হ’ল "কথা-বতৰা", "আড্ডা" বা "পুৰণি লোককথা"। ইয়াৰ বিশেষ বৈশিষ্ট্যসমূহ হ’ল কথিত ভাষাৰ ব্যৱহাৰ, আকাৰহীনতা, স্বতঃস্ফূৰ্ততা আৰু কালক্ৰমিক ক্ৰমৰ পৰিৱৰ্তে সংগতিপূৰ্ণ সংযোগ। কেতিয়াবা ইয়াত গীতৰো সন্নিৱিষ্ট কৰা হয়।১

উৎপত্তি আৰু বৈশিষ্ট্য

প্ৰথমে গাৱেণ্ডা আছিল পোলেণ্ডৰ মৌখিক লোককথাৰ এটা ধাৰা। এই আখ্যানক এক সমগ্ৰ ৰূপত সংযোগ কৰা মূল উপাদানটো হ’ল কথক। কথকজনে প্ৰকৃত পৰিঘটনাৰ বৰ্ণনাৰ লগতে কাল্পনিক, অলৌকিক, লোক অন্ধবিশ্বাস, উৰাবাতৰি আৰু কিংবদন্তিৰো সন্নিৱিষ্ট কৰে। মেলচিয়ৰ ৱানকুইচাক ২০ শতিকাৰ গাৱেণ্ডা শৈলীৰ এজন অন্যতম প্ৰতিনিধি হিচাপে গণ্য কৰা হয়, যাৰ আত্মজীৱনীমূলক উপন্যাস Tędy i owędy ইয়াৰ এক উৎকৃষ্ট উদাহৰণ।২

গাৱেণ্ডা শ্লাচেস্কা

উনবিংশ শতিকাৰ প্ৰথমাৰ্ধত পোলেণ্ডৰ ৰোমাণ্টিক যুগত "শ্লাকটাগাৱেণ্ডা" (gawęda szlachecka) নামৰ সাহিত্যিক ধাৰাটোৰ বিকাশ ঘটিছিল। ইয়াত সম্ভ্ৰান্ত শ্ৰেণীৰ জীৱন আৰু আচাৰ-আচৰণৰ কথা বৰ্ণনা কৰা হৈছিল আৰু চাৰ্মেচিয়ান মূল্যবোধক প্ৰতিষ্ঠা কৰা হৈছিল। এই ধাৰাটোৰ অগ্ৰণী লেখক আছিল হেনৰিক জেউস্কি (Pamiątki Soplicy—চপ্লিচাৰ স্মৃতিগ্ৰন্থ, ১৮৩৯–৪১)। এই ধাৰাৰ আন আন লেখকসকলৰ ভিতৰত আছিল কে. গাছিনস্কি, ৱ্লাডিছল' চাইৰোকোমলা, ৱিনচেণ্টি পল, এ. গৰ্চিনস্কি, কে.ডব্লিউ. ৱোজচিক্কি আৰু ইগনেচি চোডকো।৩৪

আডাম মিকিউইচ (Pan Tadeusz), জুলিয়াছ স্লোভাকি আৰু হেনৰিক চিয়েনকিউইচৰ ত্ৰিলজী আদিৰ ৰচনাতো গাৱেণ্ডাৰ উপাদান পোৱা যায়। পোলেণ্ডৰ ঐতিহাসিক উপন্যাসৰ বিকাশত শ্লাকটা গাৱেণ্ডাই এক ডাঙৰ ভূমিকা পালন কৰিছিল।৫

লগতে চাওক

  • চাগা (Saga)
  • স্কাজ (ৰাছিয়ান মৌখিক পৰম্পৰা)

তথ্যসূত্ৰ

  • "Gawęda," Encyklopedia Powszechna PWN (PWN Universal Encyclopedia), ৱাৰ্ছ, Państwowe Wydawnictwo Naukowe, vol. 2, 1974, p. 26.
  • "Gawęda," Encyklopedia Polski (Encyclopedia of Poland), ক্ৰাক’, Wydawnictwo Ryszard Kluszczyński, 1996,, p. 175.

অধিক পঢ়ক

তথ্যসূত্ৰ

  1. ↑ "Gawęda," Encyklopedia Powszechna PWN (PWN Universal Encyclopedia), vol. 2, 1974, p. 26
  2. ↑ Ewa Tierling-Śledź, Gawęda (autobiograficzna)
  3. ↑ "Gawęda," Encyklopedia Polski (Encyclopedia of Poland), p. 175
  4. ↑ "Gawęda," Encyklopedia Powszechna PWN (PWN Universal Encyclopedia), vol. 2, 1974, p. 26
  5. ↑ "Gawęda," Encyklopedia Polski (Encyclopedia of Poland), p. 175

সম্পৰ্কিত শ্ৰেণী

পোলেণ্ডলোককথা

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “গাৱেণ্ডা” প্ৰবন্ধৰ সংশোধন ৬১৬৪৮২ (৯ জুলাই ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।