হীনা সিদ্ধু (জন্ম: ২৯ আগষ্ট ১৯৮৯) এগৰাকী ভাৰতীয় শ্বুটাৰ। ২০১৪ চনৰ ৭ এপ্ৰিলত সিদ্ধু আন্তৰ্জাতিক শ্বুটিং স্পৰ্ট ফেডাৰেচনৰ (ISSF) বিশ্ব ৰেংকিঙত প্ৰথম স্থান দখল কৰা প্ৰথমগৰাকী ভাৰতীয় পিষ্টল শ্বুটাৰ হিচাপে পৰিগণিত হয়।১ ২০১৩ চনত সিদ্ধুৱে ১০ মিটাৰ এয়াৰ পিষ্টল ইভেণ্টত স্বৰ্ণ পদক জয় কৰি আই.এছ.এছ.এফ. (ISSF) বিশ্বকাপৰ ফাইনেলত স্বৰ্ণ পদক লাভ কৰা প্ৰথমগৰাকী ভাৰতীয় পিষ্টল শ্বুটাৰৰ কৃতিত্ব অৰ্জন কৰে। ২০১৪ চনত সিদ্ধুৱে ১০ মিটাৰ এয়াৰ পিষ্টল ইভেণ্টত ২০৩.৮ ৰ ফাইনেল স্ক’ৰৰ সৈতে বিশ্ব অভিলেখ গঢ়িছিল।২ সিদ্ধু সোঁহতীয়া খেলুৱৈ।
ব্যক্তিগত জীৱন
২০১৩ চনত সিদ্ধুৱে বেচেলৰ অফ ডেণ্টেল চাৰ্জাৰী ডিগ্ৰী লাভ কৰে।৩ সিদ্ধুৰ পিতৃ এজন ৰাষ্ট্ৰীয় পৰ্যায়ৰ শ্বুটাৰ আছিল। তেওঁৰ ভাতৃও ১০ মিটাৰ এয়াৰ পিষ্টল ইভেণ্টৰ এজন শ্বুটাৰ। সিদ্ধুৰ খুৰাক এজন বন্দুক নিৰ্মাতা। ২০১৩ চনৰ ৭ ফেব্ৰুৱাৰীত সিদ্ধুৱে পিষ্টল শ্বুটাৰ ৰৌনক পণ্ডিতৰ সৈতে বিবাহপাশত আবদ্ধ হয়, যিয়ে তেওঁৰ প্ৰশিক্ষক হিচাপেও কাম কৰে।৩ তেওঁৰ ৰায়াহ নামৰ এজনী কন্যা সন্তান আছে।৪ সিদ্ধু বৰ্তমান মুম্বাইৰ গোৰেগাঁৱত বাস কৰে।৫
কেৰিয়াৰ
সিদ্ধুৱে ২০০৬ চনত শ্বুটিং আৰম্ভ কৰিছিল আৰু ৰাষ্ট্ৰীয় জুনিয়ৰ তথা চিনিয়ৰ দলত অংশগ্ৰহণ কৰিছিল। তেওঁ পাটিয়ালা ক্লাবৰ সদস্য আছিল। দন্ত চিকিৎসা মহাবিদ্যালয়ত নামভৰ্তিৰ ক্ষেত্ৰত সহায়ক হ'ব বুলিয়ে তেওঁ শ্বুটিং আৰম্ভ কৰিছিল।৩
২০০৯ চনত সিদ্ধুৱে বেইজিঙত অনুষ্ঠিত আই.এছ.এছ.এফ. (ISSF) বিশ্বকাপত ৰূপৰ পদক লাভ কৰে।৬ কেৰালাত অনুষ্ঠিত ৰাষ্ট্ৰীয় চেম্পিয়নশ্বিপত তেওঁ মহিলাৰ ১০ মিটাৰ এয়াৰ পিষ্টল ইভেণ্টত প্ৰথম স্থান দখল কৰে।
সিদ্ধুৱে অন্নু ৰাজ সিং আৰু ছোনিয়া ৰায়ৰ সৈতে চীনৰ গুয়াংঝুত অনুষ্ঠিত ২০১০ চনৰ এছিয়ান গেমছত মহিলাৰ ১০ মিটাৰ এয়াৰ পিষ্টল দলগত ইভেণ্টত ৰূপৰ পদক লাভ কৰে। ২০১০ চনৰ কমনৱেলথ গেমছত অন্নু ৰাজ সিঙৰ সৈতে ১০ মিটাৰ এয়াৰ পিষ্টল পেয়াৰ্ছ ইভেণ্টত তেওঁ স্বৰ্ণ পদক জয় কৰে। সেই প্ৰতিযোগিতাত অন্নু ৰাজ সিঙে ৩৭৫ পইণ্ট আৰু সিদ্ধুৱে ৩৮৪ পইণ্ট লাভ কৰিছিল।৭ ইয়াৰ একক ইভেণ্টত সিদ্ধুৱে ৰূপৰ পদক লাভ কৰে।৩
সিদ্ধু ২০১২ চনৰ লণ্ডন অলিম্পিকৰ বাবে নিৰ্বাচিত ভাৰতীয় দলটোৰ সদস্য আছিল।৮ তেওঁ মহিলাৰ ১০ মিটাৰ এয়াৰ পিষ্টল ইভেণ্টত অংশগ্ৰহণ কৰি অৰ্হতা নিৰ্ণায়ক ৰাউণ্ডত দ্বাদশ স্থান দখল কৰিছিল। সিদ্ধু লণ্ডন অলিম্পিক গেমছৰ চৰকাৰী তথ্যচিত্ৰ ফাৰ্ষ্ট: দ্য ষ্টৰী অফ দ্য লণ্ডন ২০১২ অলিম্পিক গেমছৰ অংশ আছিল। কেৰোলিন ৰলেণ্ডৰ দ্বাৰা লিখিত, প্ৰযোজিত আৰু পৰিচালিত এই তথ্যচিত্ৰখনত প্ৰথমবাৰৰ বাবে অলিম্পিকত অংশগ্ৰহণ কৰা বাৰগৰাকী খেলুৱৈৰ যাত্ৰা দেখুওৱা হৈছিল।৯১০
২০১৩ চনত সিদ্ধুৱে জাৰ্মানীৰ মিউনিকত অনুষ্ঠিত আই.এছ.এছ.এফ. (ISSF) বিশ্বকাপৰ ফাইনেলত স্বৰ্ণ পদক লাভ কৰে।১১ তেওঁ চাৰ্বিয়াৰ বিশ্ব চেম্পিয়ন জোৰানা অৰুণোভিচ আৰু ইউক্ৰেইনৰ ওলেনা কষ্টিভিচক ২০৩.৮ পইণ্টৰে পৰাস্ত কৰি ৫ পইণ্টৰ ব্যৱধানত জয়ী হয়।১২
২০১৪ চনৰ ভাৰতীয় ৰাষ্ট্ৰীয় শ্বুটিং ট্ৰায়েলত সিদ্ধুৱে ৰাহী ছাৰ্নোবেটক ০.১ পইণ্টৰ ব্যৱধানত পৰাস্ত কৰি মহিলাৰ এয়াৰ পিষ্টল ইভেণ্টত জয়ী হয়।১৩
২০১৬ চনত সিদ্ধুৱে ৰিঅ' ডি জেনেইৰোত অনুষ্ঠিত ২০১৬ চনৰ জহৰকালীন অলিম্পিকৰ ১০ মিটাৰ এয়াৰ পিষ্টল আৰু ২৫ মিটাৰ পিষ্টল ইভেণ্টৰ বাবে যোগ্যতা অৰ্জন কৰিছিল। তেওঁ ১০ মিটাৰত চতুৰ্দশ আৰু ২৫ মিটাৰত বিংশ স্থানত থাকি অৰ্হতা নিৰ্ণায়ক ৰাউণ্ড সমাপ্ত কৰিছিল।১৪
২০১৭ চনত সিদ্ধুৱে ব্ৰিছবেনত অনুষ্ঠিত কমনৱেলথ শ্বুটিং চেম্পিয়নশ্বিপত মহিলাৰ ১০ মিটাৰ এয়াৰ পিষ্টলত স্বৰ্ণ পদক লাভ কৰে।১৫
২০১৬ চনত ইৰানত অনুষ্ঠিত এছিয়ান এয়াৰ গান চেম্পিয়নশ্বিপত মহিলা প্ৰতিযোগীৰ বাবে হিজাব পিন্ধাটো বাধ্যতামূলক কৰা বাবে সিদ্ধুৱে সেই প্ৰতিযোগিতাৰ পৰা নিজৰ নাম প্ৰত্যাহাৰ কৰিছিল।১৬
২০১৮ চনৰ কমনৱেলথ গেমছত সিদ্ধুৱে মহিলাৰ ১০ মিটাৰ এয়াৰ পিষ্টলত ৰূপৰ পদক আৰু ২৫ মিটাৰ পিষ্টল ইভেণ্টত স্বৰ্ণ পদক লাভ কৰে। স্বৰ্ণ পদক লাভ কৰাৰ সময়ত তেওঁ ৩৮ পইণ্টৰ সৈতে এক নতুন কমনৱেলথ গেমছ অভিলেখ গঢ়িছিল।১৭
বঁটা আৰু সন্মান
২০১৪ চনৰ ২৮ আগষ্টত হীনা সিদ্ধুক অৰ্জুন বঁটা প্ৰদান কৰা হয়।১৮
বাহ্যিক সংযোগ
তথ্যসূত্ৰ
- ↑ (2014-04-07). Shooter Heena Sidhu claims numero uno spot in 10 m air pistol Rankings. Post.jagran.com
- ↑ Firstpost. (11 February 2014). ISSF ratifies Heena Sidhu's world pistol record. Firstpost
- ↑ Shooting. results.gc2018.com. Gold Coast 2018 Commonwealth Games Corporation
- ↑ Iyer, Sundari. (13 March 2022). Heena Sidhu returns - From batting depression and becoming a mother. Mid-Day
- ↑ (2017-10-29). Gold medal-winning shooter Heena Sidhu on her struggles, husband s support. mid-day
- ↑ (2009-04-22). With World Cup silver, Sidhu comes of age. The Indian Express
- ↑ (12 October 2010). Heena Sidhu, Anu Raj Singh bag gold in shooting. NDTV
- ↑ Results of 52nd National Shooting Championships in Kerala. Indianshooting.com
- ↑ Rowland, Caroline. (2013-05-30). First
- ↑ (2012-07-13). London 2012: Caroline Rowland's 'First' to Chronicle 12 Competitors' Stories at the Olympics. The Hollywood Reporter
- ↑ (2013-11-11). Heena Sidhu beats World Champion to clinch Gold in Shooting World Cup finals. Indiaatsports.in
- ↑ (2014-01-03). Indian Shooter Heena Sidhu Will Appear on Cover Page of ISSF Journal. Womenpla.net
- ↑ (2014-01-22). Heena Sidhu snatches victory. The Hindu
- ↑ (9 August 2016). Rio Olympics 2016: Heena Sidhu's campaign ends after failing to qualify for 25m air pistol final. First Post
- ↑ (31 October 2017). Sidhu clinches gold, Deepak gets bronze at Commonwealth shooting. The Hindu. Press Trust of India (PTI)
- ↑ Indian shooter Heena Sidhu refuses to wear ‘hijab’, pulls out of Asian shooting championship in Iran, India TV, 29 October 2016
- ↑ Express Web Desk. (10 April 2018). CWG 2018: Heena Sidhu breaks Commonwealth Games record, wins 11th gold for India. The Indian Express. IE Online Media Services Pvt Ltd
- ↑ (1 April 2018). Heena Sidhu Profile, Stats, Record: Heena Sidhu breaks CWG record to clinch gold medal in Women's 25m Pistol in Gold Coast. The Indian Express
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “হীনা সিদ্ধু” প্ৰবন্ধৰ সংশোধন ৫৯৭১২৮ (২৯ মাৰ্চ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।