ৰাহী স্বৰন’বত (Rahi Sarnobat) এগৰাকী ভাৰতীয় মহিলা খেলুৱৈ। ২৫ মিটাৰ পিষ্টল শ্বুটিং ইভেণ্টত অংশগ্ৰহণ কৰা মহিলা খেলুৱৈগৰাকীৰ প্ৰকৃত নাম ৰাহী জীৱন স্বৰন’বত। ২০০৮ চনত ভাৰতৰ পুনেত অনুষ্ঠিত হোৱা কমনৱেলথ যুৱ গেমছত তেওঁ প্ৰথম স্বৰ্ণ পদক লাভ কৰে।১ ভাৰতৰ বাবে এছিয়ান গেমছত শ্বুটিঙত সোণৰ পদক লাভ কৰা প্ৰথমগৰাকী মহিলা – ২০১৮ চনৰ জাকাৰ্টা পেলেমবাং এছিয়ান গেমছত মহিলাৰ ২৫ মিটাৰ পিষ্টল ইভেণ্টত স্বৰ্ণ পদক লাভ কৰে।২ ২০১০ চনত নতুন দিল্লীত অনুষ্ঠিত হোৱা কমনৱেলথ গেমছত দুটা সোণৰ পদক লাভ কৰা ছানীয়ে অনিচা ছায়েদৰ সৈতে ২৫ মিটাৰ পিষ্টল পেয়াৰ ইভেণ্টত অহা দুটা স্বৰ্ণ পদকৰ ভিতৰত প্ৰথমটো। ইয়াৰ পূৰ্বে তেওঁ ২০০৮ চনত ভাৰতত অনুষ্ঠিত হোৱা যুৱ কমনৱেলথ গেমছত ২৫ মিটাৰ পিষ্টল প্ৰতিযোগিতাত সোণৰ পদক লাভ কৰিছিল।৩
আদি জীৱন
স্বৰন’বতৰ ঘৰ মহাৰাষ্ট্ৰৰ কোলহাপুৰত। স্কুলীয়া দিনত এনচিচি প্ৰশিক্ষণৰ অংশ হিচাপে তেওঁ আগ্নেয়াস্ত্ৰৰ সৈতে পৰিচয় লাভ কৰিছিল। সৰুৰে পৰাই তেওঁ আগ্নেয়াস্ত্ৰ ব্যৱহাৰৰ স্বাভাৱিক দক্ষতা প্ৰদৰ্শন কৰিছিল। এই ক্ৰীড়াৰ প্ৰথম দিনবোৰত স্বৰন’বতে নিজৰ গৃহ চহৰ কোলহাপুৰত থকা খেল সম্পৰ্কীয় অপৰ্যাপ্ত আন্তঃগাঁথনি আৰু সা-সুবিধাসমূহৰ মাজেৰে দি অতিবাহিত কৰিবলগীয়া হৈছিল। তাৰ পিছত তেওঁ মুম্বাইত প্ৰশিক্ষণ লোৱাৰ সিদ্ধান্ত লয়, য'ত খেলৰ উন্নত সুবিধা আছিল।.৪ তেওঁৰ প্ৰেৰণা হ’ল মহাৰাষ্ট্ৰৰ খেলুৱৈ তেজস্বিনী সাৱন্ত, যি তেওঁৰ সহযোগী আৰু এগৰাকী ৫০ মিটাৰ ৰাইফল প্ৰ' বিশ্ব চেম্পিয়ন।২
কৰ্মজীৱন
স্বৰন’বতে চাংৱনত অনুষ্ঠিত আই এছ এছ এফ বিশ্বকাপত ২৫ মিটাৰ পিষ্টল ইভেণ্টত জয়লাভ কৰি বিশ্বকাপত সোণৰ পদক লাভ কৰা ভাৰতৰ প্ৰথমগৰাকী পিষ্টল শ্বুটাৰ হিচাপে পৰিগণিত হয়।৫৬ ২০১৪ চনত গ্লাছগোত অনুষ্ঠিত হোৱা কমনৱেলথ গেমছত তেওঁ মহিলাৰ ২৫ মিটাৰ পিষ্টল ইভেণ্টত সোণৰ পদক লাভ কৰে।৭ একে বছৰতে তেওঁ ২০১৪ চনৰ ইঞ্চিয়নত অনুষ্ঠিত এছিয়ান গেমছত ২৫ মিটাৰ পিষ্টল দলীয় ইভেণ্টত ব্ৰঞ্জৰ পদক লাভ কৰে, য'ত তেওঁ অনিছা ছায়েদ আৰু হিনা সিদ্ধুৰ সৈতে একেলগে খেলত অংশগ্ৰহণ কৰিছিল।৮ ২০১৫ চনত দুৰ্ঘটনাৰ ফলত হোৱা আঘাত ৰাহীৰ বাবে এক বিপৰ্যয়ৰ ৰূপত আহিছিল; এই আঘাতে তেওঁ কঁকালত প্ৰভাৱ পেলাইছিল, যিটো সম্পূৰ্ণৰূপে ভাল হ’বলৈ প্ৰায় দুবছৰ সময় লাগিছিল।৯ আঘাত নিৰাময়ৰ পিছত তেওঁ পুনৰ ভাৰতীয় জাতীয় দলত স্থান লাভ কৰে আৰু জাৰ্মান প্ৰশিক্ষক মুংখবায়াৰ ডৰ্জছুৰেনৰ সৈতে কাম কৰিবলৈ আৰম্ভ কৰে, যিয়ে স্বৰন’বতক শাৰীৰিক ফিটনেছ আৰু মানসিক শক্তি লাভ কৰাত সহায় কৰে।১০ সকলোতকৈ আচৰিত কথাটো আছিল, ২০১২ চনৰ অলিম্পিকত ডৰ্জছুৰেন আছিল ৰাহী স্বৰন’বতৰ অন্যতম প্ৰতিদ্বন্দ্বী।১১ ২০১১ চনত ফৰ্ট বেনিং ত অনুষ্ঠিত বিশ্বকাপ ইভেণ্টত ব্ৰঞ্জৰ পদক লাভ কৰাৰ ফলত ২০১২ চনত লণ্ডন অলিম্পিকৰ বাবে নিৰ্বাচিত হয়, যাৰ ফলত তেওঁ অলিম্পিকত ২৫ মিটাৰ স্প’ৰ্টছ পিষ্টল ইভেণ্টৰ বাবে যোগ্যতা অৰ্জন কৰা প্ৰথমগৰাকী মহিলা ভাৰতীয় শ্বুটাৰ হিচাপে পৰিগণিত হয়।২ ২০১৫ চনৰ মে’ মাহত স্বৰন’বতক ভাৰতীয় ৰাষ্ট্ৰীয় ৰাইফল সংস্থা অৰ্থাৎ এন আৰ এ আইৰ দ্বাৰা দেশৰ সন্মানীয় অৰ্জুন বঁটাৰ বাবে ৰাহীৰ নাম প্ৰস্তাৱ কৰা হৈছিল।১২ ২০১৮ চনৰ ২২ আগষ্টত গেমছৰ অভিলেখ ৩৪ৰে ২৫ মিটাৰ পিষ্টল ইভেণ্টত শ্বুটিঙত ব্যক্তিগত এছিয়ান গেমছৰ স্বৰ্ণ পদক বিজয়ী হোৱা প্ৰথমগৰাকী ভাৰতীয় মহিলা হিচাপে পৰিগণিত হয়৷ থাইলেণ্ডৰ প্ৰতিদ্বন্দ্বী দলৰ বিৰুদ্ধে শ্বুট অফত জয়লাভ কৰি সোণৰ পদক লাভ কৰে।১৩ অচিজেকত অনুষ্ঠিত হোৱা আই এছ এছ এফ বিশ্বকাপত ৰাহীয়ে মহিলাৰ ২৫ মিটাৰ পিষ্টল ইভেণ্টত স্বৰ্ণ পদক লাভ কৰে।১৪ ৩০ বছৰীয়া খেলুৱৈ গৰাকীয়ে মুঠ ৫৯১ স্ক’ৰ সংগ্ৰহ কৰি দ্বিতীয় স্থানত যোগ্যতা অৰ্জন কৰাৰ পিছত চূড়ান্ত স্ক’ৰ ৩৯ ৰান কৰে। ফাইনেলত তেওঁৰ অসাধাৰণ প্ৰদৰ্শনে তেওঁক টকিঅ’ৰ টিকট প্ৰদান কৰে।১৪ ২০১৯ চনত মিউনিখ বিশ্বকাপ ইভেণ্টত ৰাহীয়ে সোণৰ পদক লাভ কৰে১৫ আৰু ২০২০ চনৰ টকিঅ' অলিম্পিকৰ বাবে নিৰ্বাচিত হয়।১৬
তথ্যসূত্ৰ
- ↑ (26 October 2008). Golden Girl - Rahi Sarnobat. TheSportsCampus.com
- ↑ (22 August 2018). Rahi Sarnobat becomes first Indian female shooter to win Asian Games gold. ESPN
- ↑ Spotlights on Youth: Sarnobat's challenge is to make shooting more popular than cricket in India. ISSF
- ↑ राही सरनोबत: रिटायरमेंट के कगार से लौटकर ओलंपिक पदक की दावेदार बनने तक. BBC News हिंदी
- ↑ (7 October 2010). Women shooters break into the male bastion. India Today
- ↑ (5 April 2013). Sarnobat wins gold in shooting WC. The Hindu
- ↑ (26 July 2014). Pistol shooter Rahi Sarnobat wins gold, Anisa Sayyed silver. news.biharprabha.com
- ↑ Mishra, Rashmi. (22 September 2014). Shooters Heena Sidhu, Rahi Sarnobat and Anisa Sayyed win 4th bronze for India in Asian Games 2014
- ↑ Rahi Sarnobat. Olympic Channel
- ↑ Rahi Sarnobat. Olympic Channel
- ↑ (2019-09-21). This shooting star Rahi Sarnobat has an Olympic dream. DNA India
- ↑ Jitu Rai, Rahi recommended for Arjuna Awards by NRAI
- ↑ Mishra, Rashmi. (22 August 2018). Rahi Sarnobat Wins Gold in 25 m Pistol Event, Manu Bows Out. The Quint
- ↑ (June 28, 2021). ISSF Shooting World Cup: Rahi Sarnobat wins gold medal in women's 25m pistol event. India Today
- ↑ ISSF - International Shooting Sport Federation - issf-sports.org. www.issf-sports.org
- ↑ (2020-04-24). Shooter Rahi Sarnobat has set her target on more Olympics after Tokyo 2021. Hindustan Times
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ৰাহী স্বৰন’বত” প্ৰবন্ধৰ সংশোধন ৬১৯২৩১ (২৫ জুলাই ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।