মাইৰা ডায়াছ গোমছ (জন্ম: ১৫ ডিচেম্বৰ ১৯৮৭) এগৰাকী ব্ৰাজিলিয়ান লেখিকা, প্ৰতিবেদক, সংবাদ ব্যক্তিত্ব, মডেল আৰু পেচাদাৰী মল্লযুঁজ ব্যক্তিত্ব। তেওঁ ‘এনডব্লিউএ পাৱাৰ’ত মাই ভেলেণ্টাইন নামৰ মঞ্চ নামেৰে অভিনয় কৰে।১
প্ৰাৰম্ভিক জীৱন
মাইৰা ডায়াছ গোমছ এগৰাকী ব্ৰাজিলিয়ান লেখিকা। তেওঁ ৰিঅ' ডি জেনেইৰোত জন্মগ্ৰহণ কৰিছিল আৰু পোন্ধৰ বছৰ বয়সলৈকে ৰিঅ' ডি জেনেইৰোৰ আমেৰিকান স্কুলত পঢ়িছিল, য’ত তেওঁ ইংৰাজীত কথা ক’বলৈ আৰু লিখিবলৈ শিকিছিল। তেওঁ প্ৰখ্যাত নাট্যকাৰ ডায়াছ গোমছ আৰু অভিনেত্ৰী বাৰ্নাডেথ লিজিনোৰ জ্যেষ্ঠা কন্যা, আৰু লেখক জৰ্জ আমাডো আৰু জেলিয়া গাট্টাইৰ ধৰ্মকন্যা। মাইৰা সাহিত্য, থিয়েটাৰ আৰু টেলিভিছনৰ ওপৰত কেন্দ্ৰিত এক কলাত্মক পৰিৱেশত ডাঙৰ-দীঘল হৈছিল আৰু শিশু অৱস্থাৰ পৰাই লিখিবলৈ আৰম্ভ কৰিছিল। আঠ বছৰ বয়সৰ পৰাই তেওঁ ডায়েৰীত নিজৰ দৈনিক জীৱনৰ সবিশেষ লিখিবলৈ আৰম্ভ কৰিছিল। সৰু থাকোঁতে তেওঁৰ প্ৰিয় কামবোৰৰ ভিতৰত আছিল চিত্ৰনাট্য আৰু নাটক লিখা আৰু প্ৰযোজনা কৰা, লগতে সংগীত ৰচনা কৰা।
মডেলিং
২০০৭ চনৰ ছেপ্টেম্বৰ মাহত মাইৰাই ‘ভিআইপি’ মেগাজিনৰ বাবে ফটো তুলিছিল। ২০০৯ চনৰ আগষ্ট মাহত তেওঁ ‘প্লেবয়’ মেগাজিনৰ এটা ফটো শ্বুটত অংশ লৈছিল। ২০০৯ চনত তেওঁ ‘চেক্সি’ মেগাজিনৰ কভাৰ গাৰ্ল আৰু চেণ্টাৰফ’ল্ড আছিল। ২০১১ চনত লছ এঞ্জেলছ ব্ৰাজিলিয়ান ফিল্ম ফেষ্টিভালৰ তেওঁ পষ্টাৰ গাৰ্ল আছিল। ২০২৩ চনত তেওঁ প্লেবয় ডেনমাৰ্কৰ ফেব্ৰুৱাৰী সংখ্যাৰ কভাৰ আৰু চেণ্টাৰফ’ল্ড হিচাপে স্থান লাভ কৰে। প্লেবয়ৰ পিছত তেওঁৰ মডেলিং কেৰিয়াৰ দ্ৰুতগতিত আগবাঢ়ে আৰু তেওঁ এফএইচএম ইউএছ, এফএইচএম কানাডা, কচমোপলিটান মিডল ইষ্ট, ফৰ্বছ মৰক্কো আৰু ভ’গ চুইডেনৰ দৰে কেইবাখনো মেগাজিনৰ বেটুপাতত স্থান লাভ কৰে।
তথ্যসূত্ৰ
- ↑ (26 December 2019). Brasileira Mayra Dias Gomes estreia-se no NWA Powerrr
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মাইৰা ডায়াছ গোমছ” প্ৰবন্ধৰ সংশোধন ৫৯৫২৫০ (২৭ মাৰ্চ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।