ৰূপালী ৰামদাস ৰেপালে (ইংৰাজী: Rupali Ramdas Repale; জন্ম: ৩ ফেব্ৰুৱাৰী ১৯৮২) এগৰাকী ভাৰতীয় মুকলি পানীৰ দীৰ্ঘ দূৰত্বৰ সাঁতোৰবিদ আৰু ট্ৰাই এথলীট। ১৯৯৪ চনৰ ১৫ আগষ্টত১২ একক সাঁতোৰ শাখাত ১৬ ঘণ্টা ৭ মিনিটৰ ভিতৰত তেওঁ ইংলিছ চেনেল সাঁতুৰিছিল আৰু ১৯৯৪ চনত ইংলিছ চেনেল পাৰ হোৱা আটাইতকৈ কম বয়সীয়া সফল সাঁতোৰবিদ (১২ বছৰ) হিচাপে পৰিগণিত হৈছিল।৩ তেওঁৰ সাঁতোৰ কেৰিয়াৰৰ সময়ছোৱাত তেওঁ মুঠ সাতটা জলদ্বীপ সাঁতুৰিছিল, জিব্ৰাল্টাৰ জলদ্বীপ, পালক জলদ্বীপ, বেছ জলদ্বীপ, কুক জলদ্বীপ,৪ ৰবেন দ্বীপ চেনেল আৰু মুম্বাই-ধৰমতাৰ চেনেল।৫৬
প্ৰাথমিক জীৱন আৰু পটভূমি
ক্ষুদ্ৰ ব্যৱসায়ী ৰামদাস ৰেপালে আৰু ৰেখা ৰেপালেৰ কন্যা ৰূপালী ৰেপালে মুম্বাইত জন্মগ্ৰহণ কৰিছিল। পুনেৰ গ্ৰাম্য অঞ্চলত জন্মগ্ৰহণ কৰা পিতৃ-মাতৃ দুয়োজনেই বিবাহৰ কিছু সময়ৰ পূৰ্বে ১৯৭০ চনত মুম্বাই চহৰলৈ গুচি যায় আৰু মুম্বাইৰ উপকণ্ঠ অঞ্চল ভাণ্ডুপত বসতি স্থাপন কৰে। ৰূপালীয়ে পশ্চিম ভাণ্ডুপৰ ব্ৰাইট হাইস্কুল এণ্ড জুনিয়ৰ কলেজত স্কুলীয়া শিক্ষা সমাপ্ত কৰে আৰু মুম্বাই বিশ্ববিদ্যালয়ৰ পৰা সমাজবিজ্ঞানত স্নাতক ডিগ্ৰী লাভ কৰে।
সৰুৰে পৰা ৰূপালীয়ে সাঁতোৰ আৰম্ভ কৰিছিল আৰু অতি সোনকালেই দক্ষতা অৰ্জন কৰিছিল। সৰুতেই তেওঁ ঘণ্টাৰ পিছত ঘণ্টা ধৰি সাঁতুৰিব পাৰিছিল। প্ৰশিক্ষকসকলে এই কথা লক্ষ্য কৰি পিছলৈ দেউতাকৰ অনুমতিমৰ্মে তেওঁক দীৰ্ঘ দূৰত্বৰ ইভেণ্ট আৰু পিছলৈ মুকলি পানীত প্ৰশিক্ষণ আৰম্ভ কৰে। সাঁতোৰৰ উপৰিও তেওঁ ট্ৰাইএথলন ইভেণ্টতো অংশগ্ৰহণ কৰে আৰু প্ৰশংসা লাভ কৰিছে।
তথ্যসূত্ৰ
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ৰূপালী ৰেপালে” প্ৰবন্ধৰ সংশোধন ৬৩৭৯৭৮ (২৪ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।