দাণ্ডি সমুদ্ৰ-তীৰ হ'ল গুজৰাটৰ দাণ্ডি গাঁৱত অৱস্থিত এটি উল্লেখযোগ্য সমুদ্ৰ-তীৰ।১ আৰৱ সাগৰৰ ই এখন আটাইতকৈ পৰিস্কাৰ সমুদ্ৰ-তীৰ। দাণ্ডি সমুদ্ৰ-তীৰ ঐতিহাসিক ভাৱে প্ৰসিদ্ধ স্থান কাৰণ মোহনদাস কৰমচান্দ গান্ধীয়ে সৱৰমতী আশ্ৰমৰপৰা দাণ্ডি সমুদ্ৰ-তীৰলৈ হোৱা লোণ আইন অমান্য আন্দোলনৰ নেতৃত্ব দিছিল। এই তীৰতে গান্ধীয়ে লোণ যাত্ৰাৰ অন্তত ইংৰাজসকলৰ লোণ কৰ আইন ভংগ কৰিছিল।
গান্ধীৰ প্ৰতিকৃতি
ভাৰতৰ ইতিহাসত দাণ্ডি সমুদ্ৰ-তীৰৰ গুৰুত্ব উপলব্ধিৰ বাবে দাণ্ডি সাগৰৰ পাৰত মহাত্মা গান্ধীৰ দুটি প্ৰতিমূৰ্তি স্থাপন কৰা হৈছে। এটি মূৰ্তি ইণ্ডিয়া গেটৰ দৰে, যি লোণ আইন অমান্য আন্দোলনত গান্ধীৰ সফলতাৰ কথা সোঁৱৰায়। আনটো হ'ল হাতত লৱণ অৰ্থাৎ নিমখ লৈ গান্ধীৰ প্ৰতিকৃতি।২
তথ্যসূত্ৰ
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “দাণ্ডি সমুদ্ৰ-তীৰ” প্ৰবন্ধৰ সংশোধন ৩৮১৩২৭ (২৮ ছেপ্তেম্বৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।