অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

বিপিন চন্দ্ৰ পাল

বিপিন চন্দ্ৰ পাল (ইংৰাজী: Bipin Chandra Pal; ৭ নৱেম্বৰ ১৮৫৮ – ২০ মে' ১৯৩২) এজন ভাৰতীয় জাতীয়তাবাদী নেতা, সাহিত্যিক, বক্তা, সমাজ সংস্কাৰক আৰু ভাৰতৰ স্বাধীনতা আন্দোলনৰ সক্ৰিয় সংগ্ৰামী আছিল। তেওঁ “লাল বাল পাল”ৰ অন্যতম সদস্য আছিল।

হালনাগাদ: ৭ ছেপ্তেম্বৰ ২০২৫ ৪৯৫ শব্দ · ৩ মিনিট সংগৃহীত ৮০
সংশোধনৰ পৰামৰ্শ

বিপিন চন্দ্ৰ পাল (ইংৰাজী: Bipin Chandra Pal; ৭ নৱেম্বৰ ১৮৫৮ – ২০ মে' ১৯৩২) এজন ভাৰতীয় জাতীয়তাবাদী নেতা, সাহিত্যিক, বক্তা, সমাজ সংস্কাৰক আৰু ভাৰতৰ স্বাধীনতা আন্দোলনৰ সক্ৰিয় সংগ্ৰামী আছিল। তেওঁ “লাল বাল পাল”ৰ অন্যতম সদস্য আছিল।১ শ্ৰী অৰবিন্দৰ লগতে পাল আছিল ভাৰতৰ স্বদেশী আন্দোলনৰ অন্যতম প্ৰধান বাতকটীয়া। ব্ৰিটিছ ঔপনিৱেশিক চৰকাৰে কৰা বংগ বিভাজন (দ্ব্যৰ্থতা দূৰীকৰণ পৃষ্ঠা)ৰ তেঁও বিৰোধিতা কৰিছিল।

প্ৰাৰম্ভিক জীৱন

ব্ৰিটিছ ভাৰতৰ বেংগল প্ৰেচিডেঞ্চিৰ অন্তৰ্গত ছিলেট জিলাৰ হাবিগঞ্জৰ পলি গাঁৱৰ এটা কায়স্থ পৰিয়ালত বিপিন চন্দ্ৰ পালৰ জন্ম হৈছিল।২ তেওঁৰ পিতৃ ৰামচন্দ্ৰ পাল, এজন পাৰ্চী পণ্ডিত, আৰু সৰু মাটিৰ মালিক। পৰৱৰ্তী সময়ত তেওঁৰ পিতৃয়ে চিলেট বাৰত উকীল হিচাপে যোগদান কৰে।৩ তেওঁ কলিকতা বিশ্ববিদ্যালয়ৰ অধীনৰ ক্ৰাছ মিছন ছছাইটি ক’লেজত অধ্যয়ন আৰু অধ্যাপনা কৰিছিল।৪ তেওঁ কলিকতা বিশ্ববিদ্যালয়ৰ সংযুক্ত কলেজ চাৰ্চ মিছন ছ'চাইটি কলেজ (বৰ্তমান ছেইণ্ট পলছ কেথেড্ৰেল মিছন কলেজ)ত অধ্যয়ন আৰু অধ্যাপনা কৰে।৪ তেওঁ ইংলেণ্ডৰ অক্সফৰ্ডৰ নিউ মানচেষ্টাৰ কলেজত এবছৰ (১৮৯৯-১৯০০) তুলনামূলক ধৰ্মতত্ত্বও অধ্যয়ন কৰিছিল যদিও পাঠ্যক্ৰম শেষ কৰা নাছিল।৫ তেওঁৰ পুত্ৰ আছিল বম্বে টকীজৰ অন্যতম প্ৰতিষ্ঠাপক নিৰঞ্জন পাল। এজন জোঁৱাই আছিল ভাৰতীয় অসামৰিক সেৱা (আইচিএছ) বিষয়া এছ কে ডে, যি পিছলৈ কেন্দ্ৰীয় মন্ত্ৰী হৈছিল। তেওঁৰ আনজন জোঁৱাই আছিল স্বাধীনতা সংগ্ৰামী উল্লাস্কৰ দত্ত যিয়ে তেওঁৰ শৈশৱৰ প্ৰেম লীলা দত্তক বিয়া কৰাইছিল।

বিপিন চন্দ্ৰ পালৰ পৰিয়াল:

  1. ভাতৃ- কুঞ্জা গোবিন্দ পাল
  2. ভতিজা- সুৰেশ চন্দ্ৰ পাল
  3. পুত্ৰ- নিৰঞ্জন পাল (বম্বে টাকিছৰ প্ৰতিষ্ঠাপক)
  4. নাতি- কলিন পাল (শ্বুটিং ষ্টাৰৰ লেখক) চলচ্চিত্ৰ পৰিচালক
  5. নাতি- দীপ পাল (ষ্টেডিকেম কেমেৰাৱৰ্ক)।

তেওঁ ৰাজনীতিত যিমানেই বিপ্লৱী আছিল, ব্যক্তিগত জীৱনতো একেই আছিল। প্ৰথমা পত্নীৰ মৃত্যুৰ পিছত বিপিন চন্দ্ৰ পালে এগৰাকী বিধবাক বিবাহ কৰে আৰু ব্ৰাহ্ম সমাজত যোগদান কৰে।৬

কৰ্ম

Bipin Chandra Pal 1958 stamp of India.jpg
ছবি: India Post, Government of India · GODL-India

বিপিন চন্দ্ৰ পালক ভাৰতত বিপ্লৱী চিন্তাধাৰাৰ জনক বুলি জনা যায়।৭ তেওঁ ভাৰতীয় ৰাষ্ট্ৰীয় কংগ্ৰেছৰ এজন গুৰুত্বপূৰ্ণ নেতা হৈ পৰিছিল। ১৮৮৭ চনত মাদ্ৰাজত অনুষ্ঠিত কংগ্ৰেছৰ অধিৱেশনত তেওঁ অস্ত্ৰ আইন বাতিলৰ দাবীত দৃঢ়ভাৱে বক্তৃতা দিছিল, যি আইন বৈষম্যপূৰ্ণ আছিল। তেওঁ লালা লাজপত ৰায়, বাল গংগাধৰ তিলকৰ সৈতে লাল-বাল-পাল ত্ৰয়ীৰ অংশ আছিল, যিসকলে বিপ্লৱী কাৰ্যকলাপৰ সৈতে জড়িত আছিল। শ্ৰী অৰবিন্দ ঘোষ আৰু পালক নতুন ৰাষ্ট্ৰীয় আন্দোলনৰ মুখ্য মুখৰূপে গণ্য কৰা হৈছিল, যিটো আন্দোলন পূৰ্ণ স্বৰাজ, স্বদেশী, বিদেশী সামগ্ৰীৰ বয়কট আৰু ৰাষ্ট্ৰীয় শিক্ষাৰ আদৰ্শৰ ওপৰত আধাৰিত আছিল। তেওঁৰ কাৰ্যসূচীত স্বদেশী, বিদেশী সামগ্ৰীৰ বয়কট আৰু ৰাষ্ট্ৰীয় শিক্ষা অন্তৰ্ভুক্ত আছিল। তেওঁ দাৰিদ্ৰ আৰু বেকাৰত্বৰ উচ্ছেদৰ বাবে স্বদেশী ব্যৱহাৰ আৰু বিদেশী সামগ্ৰীৰ বয়কটৰ আহ্বান জনাইছিল। তেওঁ সমাজৰ দুষ্ট প্ৰথাসমূহ দূৰ কৰিব বিচাৰিছিল আৰু ৰাষ্ট্ৰীয় সমালোচনাৰ জৰিয়তে ৰাষ্ট্ৰভক্তি উদ্দীপিত কৰিবলৈ প্ৰচেষ্টা কৰিছিল। তেওঁ ব্ৰিটিছ উপনিবেশবাদী চৰকাৰৰ সৈতে বিনয়ী অসহযোগিতাৰ দৰে মৃদু প্ৰতিবাদত বিশ্বাস নকৰিছিল। এই বিষয়ত তেওঁৰ আৰু মোহনদাস কৰমচান্দ গান্ধীৰ মাজত কোনো মিল নাছিল। জীৱনৰ শেষ ছয় বছৰত তেওঁ কংগ্ৰেছৰ পৰা আঁতৰি নিঃসঙ্গ জীৱন যাপন কৰিছিল। শ্ৰী অৰবিন্দে তেওঁক ৰাষ্ট্ৰীয়তাৰ শক্তিশালী ঐশী দূত হিচাপে অভিহিত কৰিছিল। বিপিন চন্দ্ৰ পালই সমাজ আৰু অৰ্থনৈতিক দীনতা দূৰ কৰাৰ চেষ্টা কৰিছিল। তেওঁ জাতিপ্ৰথাৰ বিপক্ষে আছিল আৰু বিধবা পুনঃবিবাহৰ পক্ষপাতী আছিল। তেওঁ ৪৮ ঘণ্টাৰ কাৰ্য সপ্তাহৰ দাবী কৰিছিল আৰু কৰ্মচাৰীৰ দৰমহা বৃদ্ধিৰ আৱশ্যকতাৰ কথাও কৈছিল। তেওঁ গান্ধীৰ পদ্ধতিসমূহক সমালোচনা কৰিছিল, যি তেওঁৰ মতে "যুক্তিৰ" পৰিৱৰ্তে "মায়াজাল"ত আধাৰিত।

একজন সাংবাদিক হিচাপে, পাল বেংগল পাব্লিক ওপিনিয়ন, দ্য ট্ৰিবিউন আৰু নিউ ইণ্ডিয়া নামৰ কাকতত কাম কৰিছিল, য’ত তেওঁ তেওঁৰ ৰাষ্ট্ৰীয়তাবাদৰ ধাৰণাবোৰ প্ৰকাশ কৰিছিল।৮ তেওঁ কেইবাটাও প্ৰবন্ধ লিখি ভাৰতক চীন আৰু অন্যান্য ভূ-ৰাজনৈতিক পৰিস্থিতিৰ পৰিৱৰ্তনৰ বিষয়ে সতৰ্ক কৰিছিল। তেওঁৰ এজন লেখাত, যিটো "Our Real Danger" শীৰ্ষক আছিল, তেওঁ উল্লেখ কৰিছিল যে ভৱিষ্যতে ভাৰতৰ বাবে বিপদ ক’ৰ পৰা আহিব পাৰে।৯

তথ্যসূত্ৰ

  1. ↑ Ashalatha, A.; Koropath, Pradeep; Nambarathil, Saritha. (2009). Social Science: Standard VIII Part 1. Government of Kerala • Department of Education. State Council of Educational Research and Training (SCERT). পৃ. 72
  2. ↑ M.K. Singh. (2009). Encyclopedia Of Indian War Of Independence (1857–1947). Anmol Publications. পৃ. 130
  3. ↑ Pal, Bipin. (1932). Memories of My Life and Times. The Modern Book Agency. পৃ. 22
  4. ↑ List of distinguished alumni
  5. ↑ Making Britain. The Open University
  6. ↑ (12 January 2020). Bipin Chandra Pal: As much a revolutionary in politics, as in his private life
  7. ↑ (19 May 2014). Bipin Chandra Pal. YouTube
  8. ↑ Sequeira, Dolly. (2018). Total History & Civics. Morning Star (A unit of MSB Publishers Pvt. Ltd). পৃ. 53
  9. ↑ Madhav, Ram. (2014). Uneasy neighbours: India and China after 50 years of the war. New Delhi: Har-Anand Publications. পৃ. 10, 11, 12. ISBN 978-81-241-1788-0

সম্পৰ্কিত শ্ৰেণী

ভাৰতৰ স্বাধীনতা সংগ্ৰামী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বিপিন চন্দ্ৰ পাল” প্ৰবন্ধৰ সংশোধন ৫৩৭৫৬৬ (৭ ছেপ্তেম্বৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।