
পিঙ্গলি ভেংকয়া (Pingali Venkayya) হৈছে এগৰাকী ভাৰতী স্বাধীনতা সংগ্ৰামী আৰু আধুনিক ভাৰতৰ জাতীয় পতাকাৰ জন্মদাতা। তেখেতে প্ৰস্তুত কৰা আৰ্হিৰ আধাৰত ভাৰতৰ সদ্য ব্যৱহৃত জাতীয় পতাকাখন ৰূপাঙ্কণ কৰা হৈছিল। ইয়াৰ আগত বিভিন্ন সময়ত বিভিন্ন আৰ্হিৰ পতাকা স্বাধীনতা সংগ্ৰামত জাতীয় পতাকা ৰূপে ব্যৱহাৰ হৈ আহিছিল। তেখেতে ৰূপাঙ্কণ কৰা আৰ্হি প্ৰথমে ভাৰতীয় জাতীয় কংগ্ৰেছৰ বাবে আৰু পাছলৈ ১৯৪৭ চনত কিছু সংশোধনৰ সৈতে ভাৰতীয় জাতীয় পতাকা ৰূপে গ্ৰহণ কৰা হৈছিল।১
পিঙ্গালি ভেংকয়াৰ জন্ম হৈছিল ১৮৭৬ চনৰ ২ আগষ্ট তাৰিখত অন্ধ্ৰপ্ৰদেশৰ কৃষ্ণা জিলাৰ মছলিপত্নম্ নামৰ ঠাইত। তেওঁৰ পিতৃৰ নাম হনুমন্থাৰায়ুডু আৰু মাতৃৰ নাম আছিল ভেংকটানম্মা। স্কুলীয়া শিক্ষা গ্ৰহণ কৰি তেওঁ উচ্ছ শিক্ষাৰ বাবে কলম্বোলৈ গৈছিল। দক্ষিণ আফ্ৰিকাত তেখেতে প্ৰথমবাৰৰ বাবে মোহনদাস কৰমচান্দ গান্ধীক লগ পাইছিল আৰু তেতিয়াৰে পৰা দুয়োৰে ঘনিষ্ঠতা বাঢ়ি আহে। তেখেত স্বাধীনতা সংগ্ৰামৰ সৈতে অবিৰতভাৱে ভাৱে জড়িত আছিল। তেখেতক হীৰক ভেংকয়া (Diamond Venkayya) তথা কপাহী ভেংকয়া (Cotton Venkayya) আদি নামেৰেও সম্বোধন কৰা হয়। ১৯০৬ চনৰ পৰা ১৯১১ চনলৈকে তেখেতে বিভিন্ন শস্যৰ ওপৰত গৱেষণা কৰে আৰু কম্বোডিয়া কটন নামৰ এবিধ কপাহৰ বিষয়ে পূৰ্ণ গৱেষণা প্ৰস্তুত কৰি উলিয়াই। তেখেত এগৰাকী ভূতত্ত্ববিদ আছিল আৰু এই বিষয়ত ডক্টৰেট লাভ কৰিছিল। তেওঁ অন্ধ্ৰপ্ৰদেশৰ হীৰাৰ খনি খনন কৰ্তৃপক্ষৰ সৈতেও জড়িত আছিল। তেখেতে ১৯১৬ চনৰ পৰা ১৯২১ চনলৈকে ৫ বছৰকাল ৩০খন দেশৰ জাতীয় পতাকাৰ বিষয়ে গৱেষণা কৰে আৰু অন্তত বৰ্তমানৰ ত্ৰিৰংগা পতাকাৰ আৰ্হি প্ৰস্তুত কৰি উলিয়াই।২
এই গান্ধীবাদী নেতা গৰাকীৰ ১৯৬৩ চনত অন্ধ্ৰপ্ৰদেশৰ বিজয়ৱাড়াত মৃত্যু হয়। মৃত্যুৰ সময়ত তেখেতৰ অৱস্থা আৰ্থিকভাৱে বহুত শোচনীয় আছিল। ২০০৯ চনত তেখেতৰ সোঁৱৰণত ভাৰত চৰকাৰে এটি ডাক টিকট উন্মোচন কৰে।
তথ্যসূত্ৰ
- ↑ History of Indian Tricolor. Government of India
- ↑ Designer of India National Flag Pingali Venkayya Biography
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “পিঙ্গলি ভেংকয়া” প্ৰবন্ধৰ সংশোধন ৪২৭৮৭৩ (৪ আগষ্ট ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।