অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
কলা আৰু সংস্কৃতি

লাৱনী

লাৱনী (लावणी, Lavani) হৈছে ভাৰতৰ মহাৰাষ্ট্ৰৰ এক জনপ্ৰিয় লোকগীত আৰু নৃত্যৰ ধাৰা। ই হৈছে এক পাৰম্পৰিক গান আৰু নৃত্যৰ সংমিশ্ৰণ, যি বিশেষকৈ ঢোল্‌কি নামৰ এক বিশেষ বাদ্যৰ লগত পৰিৱেশন কৰা হয়। লাৱনী ইয়াৰ শক্তিশালী ছন্দৰ বাবে উল্লেখযোগ্য। মাৰাঠী লোক-থিয়েটাৰ বিকাশত লাৱনীৰ যথেষ্ট অৱদান আছে।

হালনাগাদ: ১ মাৰ্চ ২০২৪ ২৬৫ শব্দ · ১ মিনিট সংগৃহীত ৭৬
সংশোধনৰ পৰামৰ্শ

লাৱনী (लावणी, Lavani) হৈছে ভাৰতৰ মহাৰাষ্ট্ৰৰ এক জনপ্ৰিয় লোকগীত আৰু নৃত্যৰ ধাৰা।১ ই হৈছে এক পাৰম্পৰিক গান আৰু নৃত্যৰ সংমিশ্ৰণ, যি বিশেষকৈ ঢোল্‌কি নামৰ এক বিশেষ বাদ্যৰ লগত পৰিৱেশন কৰা হয়। লাৱনী ইয়াৰ শক্তিশালী ছন্দৰ বাবে উল্লেখযোগ্য। মাৰাঠী লোক-থিয়েটাৰ বিকাশত লাৱনীৰ যথেষ্ট অৱদান আছে।২ মহাৰাষ্ট্ৰ আৰু দক্ষিণ মধ্য প্ৰদেশত, ইয়াক ন গজ দীঘল শাৰী পিন্ধি মহিলা প্ৰদৰ্শনকাৰীসকলে পৰিৱেশন কৰে। গানবোৰ দ্ৰুত লয়ত পৰিৱেশন কৰা হয়।

ব্যুৎপত্তি

এক ঐতিহ্য অনুসৰি, লাভনী শব্দটো লাৱণ্য শব্দৰ পৰা আহৰণ কৰা হৈছে যাৰ অৰ্থ হৈছে সৌন্দৰ্য। অন্য এক ঐতিহ্য অনুসৰি, ই মাৰাঠী শব্দ লাভেনেৰ পৰা আহৰণ কৰা হৈছে।

ইতিহাস আৰু ধাৰাসমূহ

পৰম্পৰাগতভাৱে, লোকনৃত্যৰ এই ধাৰাত সমাজ,৩ ধৰ্ম আৰু ৰাজনীতিৰ দৰে বিভিন্ন বিষয়ৰ সৈতে আলোচনা কৰা হয়। লাৱনীৰ গানবোৰ সাধাৰণতে অনুভূতি আৰু প্ৰেমমূলক আৰু সংলাপবোৰ সামাজিক-ৰাজনৈতিক ভাবে তীব্ৰ হয়।৪ মূলতে, ইয়াক ক্লান্ত সৈন্যসকলৰ মনোৰঞ্জন আৰু মনোবল বঢ়োৱাৰ বাবে ব্যৱহাৰ কৰা হৈছিল। নৃত্যৰ সৈতে গানবোৰ সাধাৰণতে দুষ্ট আৰু বিলাসী হয়। লাৱনী দুই প্ৰকাৰৰ, নিৰ্গুণী লাৱনী (দাৰ্শনিক) আৰু শ্ৰিঙ্গাৰী লাৱনী (বিলাসী)। নিৰ্গুনী লাৱনী ভক্তিমূলক সংগীতৰুপত ভাৰতৰ মালৱা অঞ্চলত জনপ্ৰিয়।

লাৱনী দুটা পৃথক প্ৰদৰ্শনত বিকশিত হৈছিল, যেনে ফাডাচি লাৱনী আৰু বাইঠাকিচি লাৱনী। নাট্যপৰিবেশত এক বৃহৎ দৰ্শকৰ আগত ৰাজহুৱা প্ৰদৰ্শনত গোৱা আৰু প্ৰণয়ন কৰা লাৱনীক ফাডাচি লাভনী বুলি কোৱা হয়। আৰু, যেতিয়া লাৱনীক ব্যক্তিগত ভাবে সৰু আকাৰৰ দৰ্শকৰ আগত পৰিৱেশন কৰা হয়, ইয়াক বাইঠাকিচি লাভনী বোলা হয়।

পোছাক

লাৱনী পৰিৱেশন কৰা মহিলাসকলে প্ৰায় ৯ গজ দৈৰ্ঘ্যৰ শাৰী পৰিধান কৰে। তেওঁলোকে চুলিৰে এটা খোপা গঠন কৰে আৰু গধুৰ গহনা পিন্ধে যাৰ ভিতৰত আছে নেকলেচ, কাণফুলি, জুনুকা, কমৰপাট্টা (কঁকালৰ বেল্ট), খাৰু, ইত্যাদি। তেওঁলোকে সাধাৰণতে কপালত ডাঠ ৰঙা ৰঙৰ ডাঙৰ ফোট লগায়। তেওঁলোকে পিন্ধি থকা শাৰীক নাওৱাৰী বুলি কোৱা হয়। শাৰীখন মেৰিয়াই পিন্ধা হয় আৰু আন শাৰী প্ৰকাৰৰ তুলনাত ই অধিক আৰামদায়ক হয়।৫

তথ্যসূত্ৰ

  1. ↑ Thielemann, Selina. (2000). The Music of South Asia. A. P. H. Publishing Corp. পৃ. 521. ISBN 978-81-7648-057-4
  2. ↑ The Encyclopaedia Of Indian Literature (Volume Two) (Devraj To Jyoti), Volume 2 By Amaresh Datta,p 1304
  3. ↑ Shirgaonkar, Varsha. "“Lavanyanmadhil Samajik Pratibimba”." Chaturang, Loksatta (1997)
  4. ↑ The Encyclopaedia Of Indian Literature (Volume Two) (Devraj To Jyoti), Volume 2 By Amaresh Datta, p 1304
  5. ↑ Shirgaonkar, Varsha ""Glimpses of Jewellery in Lavanis" " Rasika-Bharati ( Prof.R.C. Parikh Commemorative Volume) (2005)

সম্পৰ্কিত শ্ৰেণী

ভাৰতৰ লোকনৃত্যসংগীত

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “লাৱনী” প্ৰবন্ধৰ সংশোধন ৪০৮৮৩৪ (১ মাৰ্চ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।