অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
কলা আৰু সংস্কৃতি

ফুগড়ি

ফুগডি (Fugdi) ভাৰতৰ মহাৰাষ্ট্ৰ আৰু গোৱাত প্ৰচলিত পাৰম্পৰিক লোকনৃত্য। গণেশ চতুৰ্থী আৰু ব্ৰতৰ দৰে হিন্দু ধৰ্মীয় উৎসৱৰ সময়ত বা ধালো নৃত্যৰ দৰে অন্যান্য নৃত্যৰ শেষত কোংকণ অঞ্চলৰ মহিলাসকলে এই নৃত্য প্ৰদৰ্শন কৰে।

হালনাগাদ: ১৮ নৱেম্বৰ ২০২৪ ৩১১ শব্দ · ২ মিনিট সংগৃহীত ৮০
সংশোধনৰ পৰামৰ্শ

ফুগডি (Fugdi) ভাৰতৰ মহাৰাষ্ট্ৰ আৰু গোৱাত প্ৰচলিত পাৰম্পৰিক লোকনৃত্য। গণেশ চতুৰ্থী আৰু ব্ৰতৰ দৰে হিন্দু ধৰ্মীয় উৎসৱৰ সময়ত বা ধালো নৃত্যৰ দৰে অন্যান্য নৃত্যৰ শেষত কোংকণ অঞ্চলৰ মহিলাসকলে এই নৃত্য প্ৰদৰ্শন কৰে। কিছুমান ঐতিহাসিক তথ্য অনুসৰি এই নৃত্য শৈলী কেইটামান প্ৰাচীন গোৱাৰ পৰম্পৰাৰ পৰা সৃষ্টি কৰা হৈছে বুলি অনুমান কৰা হয়। এই নৃত্য মুখ্যতঃ হিন্দু মাহ "ভাদ্ৰপদ"ত (ভাদ) কৰা হয়। এই সময়ত মহিলাসকলে সাধাৰণতে তেওঁলোকৰ দৈনিক নিয়মৰ পৰা উদ্ভৱ হোৱা বিৰক্তিৰ পৰা ৰক্ষা পাবলৈ বিৰতি গ্ৰহণ কৰে। তদুপৰি, ইয়াক ধৰ্মীয় আৰু সামাজিক অনুষ্ঠানৰ সময়তো কৰা হয়।১

উৎপত্তি

উগদি হৈছে এক কলা ৰূপ যাৰ সৈতে মহাৰাষ্ট্ৰ আৰু গোৱাৰ আদিম সাংস্কৃতিক ঐতিহ্য সন্ধান কৰিব যায়। এয়া বিভিন্ন ধৰ্মীয় আৰু সামাজিক অনুষ্ঠানৰ সময়ত কৰা হয়। ভাদ্ৰপদ মাহত সাধাৰণতে ফুগডি কৰা হয়। গৰখীয়া সম্প্ৰদায় ধংগৰ মহিলাসকলৰ ক্ষেত্ৰত পোৱা ফুগডিৰ এক পৃথক শৈলী আছে। ব্ৰত কালত তেওঁলোকে মহালক্ষ্মী দেৱীক আৰ্ঘ্য আগবঢ়োৱাৰ আগতে কলসী ফুগডি পৰিৱেশন কৰা হয়।২

বৰ্ণনা

ফুগডি নৃত্য কৰোঁতে মহিলাসকলে বিভিন্ন গঠন প্ৰণয়ন কৰি গীত গাই নৃত্য কৰে। তেওঁলোকে সাধাৰণতে এটা বৃত্তত বা শাৰীত এই নৃত্য কৰে। সাধাৰণতে গাঁৱৰ মহিলাসকলে বৃত্তত ফুগডি নৃত্য কৰে আৰু বন বসতিৰ মহিলাসকলে শাৰীত এই নৃত্য পৰিবেশন কৰে।৩ এই নৃত্য ঈশ্বৰৰ প্ৰতি প্ৰত্যাৱৰ্তনেৰে আৰম্ভ হয়। নৃত্যৰ গতি আৰম্ভণিতে ধীৰ হয়। কিন্তু সোনকালেই এক দ্ৰুত গতি লাভ কৰে আৰু শীৰ্ষ পৰ্যায়ত উপনীত হয়। ফুগডি নৃত্যত কোনো বাদ্যৰ প্ৰচলন নাই। নৃত্যৰ সৰ্বাধিক গতিত নৃত্যশিল্পীসকলে মুখৰ মাজেৰে বতাহ উলিয়াই ছন্দৰ সৈতে মিল খুৱাই "ফু"ৰ দৰে শব্দ কৰে। সেয়েহে ফুগডি বুলি কোৱা হয়। কেইটামান নিৰ্দিষ্ট পদচালনা আৰু হাতৰ মুদ্ৰাৰ লগতে হাতৰ বান্ধোন হৈছে ইয়াৰ মুখ্য উপাদান। নৃত্যৰ সৈতে কোনো বাদ্য বজোৱা হয় যদিও পৰম্পৰাগত বিশেষ ফুগডি গীতৰ সংখ্যা অসংখ্য।৪

প্ৰকাৰ

ফুগডিৰ জনপ্ৰিয় প্ৰকাৰবোৰৰ ভিতৰত আছে গিৰকি, চক্ৰ, ৰাহাত, জিম্মা, কাৰভাৰ, বাছ ফুগডি, কোম্বদা, গুমা, আৰু পাখৱা। কলসী ফুগডি দীৰ্ঘদূৰত্বৰ পৰা পানীৰ উৎসলৈ অহাৰ সময়ত একঘেয়েমি ভঙাৰ উপায় হিচাপে আৰম্ভ হৈছিল। মহিলাসকলে পানীৰ উৎসৰ পৰা পানী আনিবলৈ যাওঁতে খালী কলসী বোৰ ঘূৰাই নৃত্য কৰিছিল। কাট্টি ফুগডি আন এটা জনপ্ৰিয় ৰূপ। ইয়াত হাতত নাৰিকল খোলালৈ নৃত্য কৰা হয়।৫

তথ্যসূত্ৰ

  1. ↑ Fugdi Dance: Folk Dance of Goa
  2. ↑ Fugdi Folk Dance, Goa
  3. ↑ Goan Folk Arts
  4. ↑ Fugdi
  5. ↑ Fugdi Dance - Goa

সম্পৰ্কিত শ্ৰেণী

ভাৰতৰ লোকনৃত্য

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ফুগড়ি” প্ৰবন্ধৰ সংশোধন ৪৪৬০৩৬ (১৮ নৱেম্বৰ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।