অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
কলা আৰু সংস্কৃতি

চেৰাউ নৃত্য

চেৰাউ নৃত্য (Cheraw dance) মিজোৰামৰ এক জনপ্ৰিয় পৰম্পৰাগত নৃত্য। বাঁহৰ সৈতে নচা এই নৃত্যবিধ বাঁহ নৃত্য বুলিও জনপ্ৰিয়। ৰাজ্যখনৰ প্ৰতিটো উৎসৱতে ই এক প্ৰচলিত নৃত্য। মিজো যুৱক যুৱতী একেলগে মিলি এই নৃত্য কৰে। মিজোৰামৰ প্ৰাচীনতম নৃত্যবোৰৰ এটা এই নৃত্যবিধ ৰাজ্যখনৰ প্ৰতিটো উৎসৱৰ এৰাব নোৱাৰা অংগ হৈ পৰিছে।

হালনাগাদ: ২৯ জুলাই ২০২৫ ১৮৫ শব্দ · ১ মিনিট সংগৃহীত ৭২
সংশোধনৰ পৰামৰ্শ

চেৰাউ নৃত্য (Cheraw dance) মিজোৰামৰ এক জনপ্ৰিয় পৰম্পৰাগত নৃত্য। বাঁহৰ সৈতে নচা এই নৃত্যবিধ বাঁহ নৃত্য বুলিও জনপ্ৰিয়। ৰাজ্যখনৰ প্ৰতিটো উৎসৱতে ই এক প্ৰচলিত নৃত্য। মিজো যুৱক যুৱতী একেলগে মিলি এই নৃত্য কৰে। মিজোৰামৰ প্ৰাচীনতম নৃত্যবোৰৰ এটা এই নৃত্যবিধ ৰাজ্যখনৰ প্ৰতিটো উৎসৱৰ এৰাব নোৱাৰা অংগ হৈ পৰিছে।১

চেৰাও নৃত্যত সাধাৰণতে ছয়ৰ পৰা আঠজন লোকে মাটিত দীঘল কেঁচা বাঁহ স্থাপন কৰে আৰু তাৰ ওপৰত দূডাল বাঁহ দুজনে দুইমুৰত ধৰে। পুৰুষ শিল্পীসকলে ছন্দোবদ্ধভাৱে বাঁহেৰে চাপৰ মাৰে, আনহাতে মহিলা নৃত্যশিল্পীৰ দলবোৰে বাঁহবোৰৰ মাজে মাজে ছন্দোবদ্ধ পদক্ষেপত নাচে। ই হৈছে মিজোৰামৰ আটাইতকৈ বিখ্যাত আৰু সুন্দৰ নৃত্য, আৰু এই নৃত্য উৎসৱৰ সময়ত এক আকৰ্ষণৰ কেন্দ্ৰ হয়। ফিলিপিন্সে দেশত একে ধৰণৰ নৃত্য দেখা যায় যি টিনিক্লিং নামেৰে বিখ্যাত। ২০১০ চনত গিনিছ ৱৰ্ল্ড ৰেকৰ্ড কৰা হৈছিল, যেতিয়া এক বৃহৎ সংখ্যক চেৰাউ নৃত্যশিল্পীয়ে একে সময়তে একেলগে নৃত্য কৰিছিল।

ইতিহাস

বিশ্বাস কৰা হয় যে চেৰাও নৃত্যৰ উদ্ভৱ হৈছিল ১ম শতিকাৰ আৰম্ভণিতে। প্ৰাচীন কালত চেৰাও নৃত্য এক ৰীতি হিচাপে নৱজাতক সন্তানক পৃথিৱীত এৰি যোৱা মৃত মাতৃৰ আত্মাক সান্ত্বনা প্ৰদান কৰিবলৈ পৰিবেসন কৰা হৈছিল। অৱশ্যে,এই পাৰম্পৰিক বিশ্বাসবোৰ এতিয়া লোপ পাইছে আৰু চেৰাও নৃত্য যথেষ্ট প্ৰসাৰিত হৈছে। দৰাচলতে এই নৃত্যটো প্ৰতিটো অনুষ্ঠানতে মিজৰামবাসিসকলে পৰিৱেশন কৰে।

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ www.onlytravelguide.com/mizoram/arts-crafts/cher

সম্পৰ্কিত শ্ৰেণী

ভাৰতৰ লোকনৃত্যমিজোৰাম

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “চেৰাউ নৃত্য” প্ৰবন্ধৰ সংশোধন ৫২৮৫১৫ (২৯ জুলাই ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।