ভাৰতৰ ৰাজ্য মিজোৰামক ৮খন জিলাত বিভক্ত কৰা হৈছে।
ইতিহাস
১৯৭২ চনৰ ২১ জানুৱাৰীত মিজোৰামক কেন্দ্ৰীয় শাসিত অঞ্চল ঘোষণা কৰা হৈছিল, তেতিয়া মিজোৰামক তিনিখন জিলাত বিভক্ত আছিল: আইজল, লুঙলে আৰু ছিমটুইপুই। পৰৱৰ্তী কালত, ইয়াৰপৰা পাঁচখন নতুনকৈ জিলা সৃষ্টি কৰা হয়।
শাসন প্ৰণালী
মিজোৰামৰ প্ৰতিখন জিলা একো একোজন উপায়ুক্তই শাসন কৰে। তেওঁ জিলাখনৰ তিনিটা পদৰ শাসনভাৰ পৰিচালনা কৰে, উপায়ুক্ত, জিলা দণ্ডাধিকাৰী আৰু District Collector। উপায়ুক্ত হিচাপে তেৱেঁই হৈছে জিলাখনৰ প্ৰশাসনিক বিষয়া। জিলা দণ্ডাধিকাৰী হিচাপে তেওঁ জিলাখনৰ আইন পৰিস্থিতি পৰইচালনা কৰে। District Collector হিচাপে তেওঁ জিলাখনৰ প্ৰধান কৰ বিষয়া আৰু সেই সূত্ৰে তেওঁ কৰ সংগ্ৰহ বিভাগটো চোৱা-চিতা কৰে। জিলাখনৰ পুলিছ সম্বন্ধীয় শাখা পুলিছ অধীক্ষকে (Superintendent of Police) পৰিচালনা কৰে। এখন জিলাক এটা বা তাতোতকৈ অধিক মহকুমাত ভাগ কৰা হৈছে। ইয়াক পুনৰ মৌজা আৰু ব্লকত বিভক্ত কৰা হৈছে।
জিলাসমূহ
| ক’ড১ | জিলা | সদৰ | প্ৰতিষ্ঠা | মহকুমা | মাটিকালি | জনসংখ্যা (২০০১ চনৰ লোকপিয়ল মতে) | জনসংখ্যা ঘনত্ব |
|---|---|---|---|---|---|---|---|
| AI | আইজল | আইজল | 3577 বৰ্গ কি.মি. | 339,812 | 95 /km2 | ||
| CH | ছাম্ফাই | ছাম্ফাই | 3168 বৰ্গ কি.মি. | 101,389 | 32 /km2 | ||
| KO | ক’লাশিব | ক’লাশিব | 1386 বৰ্গ কি.মি. | 60,977 | 44 /km2 | ||
| LA | লঙট্লাই | লঙট্লাই | 2519 বৰ্গ কি.মি. | 73,050 | 29 /km2 | ||
| LU | লুংলে | লুংলে | 4572 বৰ্গ কি.মি. | 137,155 | 30 /km2 | ||
| MA | মামিত | মামিত | 2967 বৰ্গ কি.মি. | 62,313 | 21 /km2 | ||
| SA | ছাইহা | ছাইহা | 1414 বৰ্গ কি.মি. | 60,823 | 43 /km2 | ||
| SE | চাৰছিপ | চাৰছিপ | 1424 বৰ্গ কি.মি. | 55,539 | 39 /km2 | ||
| মুঠ | -- | -- | 21081 বৰ্গ কি.মি. | 888,573 | 42 /km2 |
প্ৰস্তাৱিত জিলাসমূহ
- ছাৱাঙতে, লঙট্লাই জিলাৰ পৰা (ছাকমা স্বায়ত্ত্ব শাসিত জিলা পৰিষদৰ অধীনত)
- চাংগাও, ছাইহা জিলাৰ পৰা (লাই স্বায়ত্ত্ব শাসিত জিলা পৰিষদৰ অধীনত)
- হ্নাহ্থিয়াল, লুংলেই জিলাৰ পৰা
- খাউজ্ৱাল, ছাম্ফাই জিলাৰ পৰা
- ছাইটুৱাল, আইজল জিলাৰ পৰা
বাহ্যিক সংযোগ
তথ্যসূত্ৰ
- ↑ (2004-08-18). NIC Policy on format of e-mail Address: Appendix (2): Districts Abbreviations as per ISO 3166-2. Ministry Of Communications and Information Technology, Government of India. পৃ. 5–10
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মিজোৰামৰ জিলাসমূহ” প্ৰবন্ধৰ সংশোধন ৩৮২৬২৭ (২৮ ছেপ্তেম্বৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।