অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
কলা আৰু সংস্কৃতি

ভাৰতীয় ৰাষ্ট্ৰীয় চলচ্চিত্ৰ আৰ্কাইভ

ভাৰতীয় ৰাষ্ট্ৰীয় চলচ্চিত্ৰ আৰ্কাইভ (National Film Archive of India বা NFAI) ১৯৬৪ চনৰ ফেব্ৰুৱাৰী মাহত তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ এটা মিডিয়া ইউনিট হিচাপে প্ৰতিষ্ঠা কৰা হৈছিল। ই আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ আৰ্কাইভ ফেডাৰেচনৰ সদস্য আছিল।

হালনাগাদ: ১২ মাৰ্চ ২০২৬ ৩৫৬ শব্দ · ২ মিনিট সংগৃহীত ৭৪
সংশোধনৰ পৰামৰ্শ

ভাৰতীয় ৰাষ্ট্ৰীয় চলচ্চিত্ৰ আৰ্কাইভ (National Film Archive of India বা NFAI) ১৯৬৪ চনৰ ফেব্ৰুৱাৰী মাহত তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ এটা মিডিয়া ইউনিট হিচাপে প্ৰতিষ্ঠা কৰা হৈছিল।১ ই আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ আৰ্কাইভ ফেডাৰেচনৰ সদস্য আছিল।২ ২০২২ চনৰ মাৰ্চ মাহত ইয়াক ভাৰতীয় ৰাষ্ট্ৰীয় চলচ্চিত্ৰ উন্নয়ন নিগমৰ সৈতে একত্ৰিত কৰা হয়।৩

উদ্দেশ্যসমূহ

ইয়াৰ তিনিটা প্ৰধান উদ্দেশ্য হ'ল: উত্তৰ প্ৰজন্মৰ বাবে ভাৰতীয় চিনেমাৰ ঐতিহ্য বিচাৰি উলিওৱা, আহৰণ কৰা আৰু সংৰক্ষণ কৰা; চলচ্চিত্ৰ সম্পৰ্কীয় তথ্যসমূহ শ্ৰেণীভুক্ত কৰা, নথিপত্ৰ প্ৰস্তুত কৰা আৰু গৱেষণা কৰা; আৰু চলচ্চিত্ৰ সংস্কৃতিৰ প্ৰসাৰৰ কেন্দ্ৰ হিচাপে কাম কৰা।৪

সংগঠন

মহাৰাষ্ট্ৰৰ পুনেত মুখ্য কাৰ্যালয় থকাৰ উপৰিও বেংগালুৰু, কলকাতা আৰু তিৰুৱনন্তপুৰমত এন.এফ.এ.আই.-ৰ তিনিটা আঞ্চলিক কাৰ্যালয় আছিল। পি. কে. নায়াৰে শূন্যৰ পৰা গঢ়ি তোলা৫ এন.এফ.এ.আই.-ৰ চলচ্চিত্ৰ সংস্কৃতিৰ প্ৰসাৰৰ সৈতে জড়িত কাৰ্যকলাপ আছিল বহুমুখী। ইয়াৰ বিতৰণ পুথিভঁৰালত সমগ্ৰ দেশতে প্ৰায় ২৫ গৰাকী সক্ৰিয় সদস্য আছে আৰু ই ছটা গুৰুত্বপূৰ্ণ কেন্দ্ৰত সাপ্তাহিক, পষেকীয়া আৰু মাহেকীয়া ভিত্তিত যুটীয়া প্ৰদৰ্শনী কাৰ্যসূচীও আয়োজন কৰে। আৰ্কাইভটোত ১০,০০০তকৈ অধিক চলচ্চিত্ৰ, ১০,০০০তকৈ অধিক কিতাপ, ১০,০০০তকৈ অধিক চলচ্চিত্ৰৰ চিত্ৰনাট্য আৰু ৫০,০০০তকৈ অধিক আলোকচিত্ৰ আছে।৬ আৰ্কাইভটোৰ দ্বাৰা পৰিচালিত আন এক গুৰুত্বপূৰ্ণ কাৰ্যসূচী হৈছে চলচ্চিত্ৰ শিক্ষণ আঁচনি, য’ত ভাৰতীয় চলচ্চিত্ৰ আৰু দূৰদৰ্শন প্ৰতিষ্ঠান (FTII) আৰু অন্যান্য শৈক্ষিক তথা সাংস্কৃতিক প্ৰতিষ্ঠানৰ সহযোগত দীৰ্ঘকালীন আৰু হ্ৰস্বকালীন চলচ্চিত্ৰৰ ৰসাস্বাদন পাঠ্যক্ৰম অন্তৰ্ভুক্ত কৰা হৈছে।৭ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত, এন.এফ.এ.আই.-য়ে কেইবাখনো ভাৰতীয় ধ্ৰুপদী ছবি গুৰুত্বপূৰ্ণ প্ৰদৰ্শনী কাৰ্যসূচীৰ বাবে যোগান ধৰিছে।৮

এন.এফ.এ.আই.-ৰ আৰ্কাইভত ১৯১০ চনৰ পৰা আৰম্ভ কৰি ভাৰতীয় চিনেমাৰ চিনেমা, ভিডিঅ' কেছেট, ডিভিডি, কিতাপ, পষ্টাৰ, স্থিৰ চিত্ৰ, প্ৰেছ ক্লিপিং, স্লাইড, অডিঅ' চিডি আৰু ডিস্ক ৰেকৰ্ডৰ মজুত ৰখা হয়।৬

সংৰক্ষণৰ অৱস্থা

২০০৩ চনৰ ৮ জানুৱাৰীত পুনেৰ এফ.টি.আই.আই.-ৰ প্ৰভাত ষ্টুডিঅ' চৌহদত থকা এন.এফ.এ.আই.-ৰ ভঁৰালত এটা বৃহৎ অগ্নিকাণ্ডত ব্যাপক ধ্বংসলীলা সংঘটিত হয়, য’ত নাইট্ৰেট ভিত্তিৰ অনন্য আৰু অপূৰণীয় চিনেমাৰ ৰীলসমূহ ধ্বংস হয়।৯ ভাৰত চৰকাৰৰ তদানীন্তন কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী (তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়) ৰবি শংকৰ প্ৰসাদে ৰাজ্যসভাত ঘোষণা কৰিছিল যে জুইত ৫০৯৭টা ৰীলত থকা ৬০৭খন ছবি হেৰাই গৈছে।১০ আটাইতকৈ ডাঙৰ ক্ষতিৰ ভিতৰত আছিল দাদাচাহেব ফাল্কেৰ চলচ্চিত্ৰসমূহ, যাৰ ভিতৰত আছিল: ৰাজা হৰিশ্চন্দ্ৰ (১৯১৩), লংকা দহন (১৯১৭) আৰু কালিয়া মৰ্দন (১৯১৯)। প্ৰভাত ফিল্ম কোম্পানী, ৱাদিয়া মুভীটোন, বম্বে টকীজ আৰু নিউ থিয়েটাৰৰ দ্বাৰা নিৰ্মিত গুৰুত্বপূৰ্ণ ছবিসমূহো ভস্মীভূত হয়, যথা: ভক্ত প্ৰহ্লাদ (১৯৩২), অমৰ জ্যোতি (১৯৩৬), মানুস (১৯৩৯), আগে বাঢ়ো (১৯৪৭) আৰু অন্যান্য।১১

২০১৯ চনৰ মাৰ্চ মাহত ভাৰতৰ নিয়ন্ত্ৰক আৰু মহাগণনা পৰীক্ষক (CAG)-য়ে প্ৰতিবেদন দিছিল যে ২০১৫ চনৰ ১ মে’ৰ পৰা ২০১৭ চনৰ ৩০ ছেপ্টেম্বৰৰ ভিতৰত নথি-পত্ৰ পৰীক্ষা কৰোঁতে এন.এফ.এ.আই.-ৰ ৩১,০০০টা ৰীল নিৰুদ্দেশ বা ধ্বংস হোৱা বুলি ধৰা পৰিছে।১২

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ T. M. Ramachandran; S. Rukmini. (1985). 70 Years of Indian Cinema, 1913-1983. CINEMA India-International. পৃ. 530–. ISBN 978-0-86132-090-5
  2. ↑ National Film Archive of India - International Federation of Film Archives. www.fiafnet.org
  3. ↑ (2022-03-30). Govt announces merger of all film bodies under National Film Development Corporation. The Indian Express
  4. ↑ India. Ministry of Information and Broadcasting. (1978). Report. The Ministry. পৃ. 40–
  5. ↑ (1 April 2017). Rescuing film prints from floods, fire and ignorance: tales from the pioneer of archiving in India. scroll.in
  6. ↑ National Film Archives of India. libguides.jgu.edu.in
  7. ↑ (2018-05-07). FTII and NFAI kick off summer film appreciation course. The Times of India
  8. ↑ Dr L Murugan inaugurates India Pavilion at Marche du Film, says films carry India's strength in storytelling across the world. pib.gov.in
  9. ↑ (27 January 2013). Over 600 rare films reduced to ashes in fire mishap at National Film Archives of India. India Today
  10. ↑ (19 September 2017). 14 years after fire destroyed hundreds of films, lessons not yet learnt. Indian Express
  11. ↑ (18 January 2003). Fire at FTII. Frontline
  12. ↑ (17 March 2019). Over 31,000 Film Reels At Film Archives Body Lost, Destroyed: Auditor CAG. NDTV

সম্পৰ্কিত শ্ৰেণী

ভাৰতভিত্তিক সাংস্কৃতিক সংগঠনভাৰতৰ চলচ্চিত্ৰ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ভাৰতীয় ৰাষ্ট্ৰীয় চলচ্চিত্ৰ আৰ্কাইভ” প্ৰবন্ধৰ সংশোধন ৫৮৭৩৭৬ (১২ মাৰ্চ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।