অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
কলা আৰু সংস্কৃতি

সন্তোষ (২০২৪ চলচ্চিত্ৰ)

সন্তোষ (Santosh) সন্ধ্যা সূৰীৰ দ্বাৰা ৰচিত তথা পৰিচালিত, ২০২৪ চনত মুক্তিপ্ৰাপ্ত, হিন্দী ভাষাৰ এখন অপৰাধমূলক নাট্য চলচ্চিত্ৰ। ছবিখন যুক্তৰাজ্য, ভাৰত, জাৰ্মানী আৰু ফ্ৰান্সৰ এক আন্তঃৰাষ্ট্ৰীয় সহ-প্ৰযোজনা।

হালনাগাদ: ৯ জুলাই ২০২৫ ৩৩০ শব্দ · ২ মিনিট সংগৃহীত ৮২
সংশোধনৰ পৰামৰ্শ

সন্তোষ (Santosh) সন্ধ্যা সূৰীৰ দ্বাৰা ৰচিত তথা পৰিচালিত, ২০২৪ চনত মুক্তিপ্ৰাপ্ত, হিন্দী ভাষাৰ এখন অপৰাধমূলক নাট্য চলচ্চিত্ৰ। ছবিখন যুক্তৰাজ্য, ভাৰত, জাৰ্মানী আৰু ফ্ৰান্সৰ এক আন্তঃৰাষ্ট্ৰীয় সহ-প্ৰযোজনা। উত্তৰ ভাৰতৰ গ্ৰামীণ অঞ্চলৰ পটভূমিত নিৰ্মিত এই ছবিখনত অভিনেত্ৰী শ্বাহানা গোস্বামীয়ে এগৰাকী বিধৱা তিৰোতাৰ চৰিত্ৰত অভিনয় কৰিছে; যিয়ে তেওঁৰ প্ৰয়াত স্বামীৰ আৰক্ষী কনিষ্টবলৰ চাকৰিটো উত্তৰাধিকাৰী সূত্ৰে লাভ কৰে।১২

২০২৪ চনৰ ২০ মে’ তাৰিখে ৭৭তম কান চলচ্চিত্ৰ মহোৎসৱৰ আন চাৰ্টেইন ৰিগাৰ্ড বিভাগত ছবিখনৰ ৱৰ্ল্ড প্ৰিমিয়াৰ অনুষ্ঠিত হৈছিল,৩৪ য’ত ছবিখনে সমালোচকসকলৰ পৰা ইতিবাচক সমালোচনা লাভ কৰিছিল। ২০২৫ চনৰ ১০ জানুৱাৰী তাৰিখে ছবিখনে ভাৰতৰ ছবিগৃহত মুক্তি লাভ কৰে।৫ এই ছবিখনক, নেচনেল ব’ৰ্ড অৱ ৰিভিউৰ দ্বাৰা, ২০২৪ চনৰ শীৰ্ষ ৫খন আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰৰ ভিতৰত অন্যতম হিচাপে নিৰ্বাচিত কৰা হয়৬ আৰু ব্ৰিটিছ লেখক, পৰিচালক তথা প্ৰযোজকৰ দ্বাৰা অসাধাৰণ আত্মপ্ৰকাশৰ শিতানত ৭৮তম বাফটা বঁটাৰ বাবেও মনোনীত হয়।৭ ইয়াৰ উপৰিও ছবিখন ডিচেম্বৰৰ চৰ্টলিষ্টত স্থান লাভ কৰিছিল আৰু ৯৭তম একাডেমী বঁটা প্ৰদান অনুষ্ঠানত, শ্ৰেষ্ঠ আন্তঃৰাষ্ট্ৰীয় পূৰ্ণদৈৰ্ঘ্যৰ চলচ্চিত্ৰৰ বাবে যুক্তৰাজ্যৰ এণ্ট্ৰি হিচাপে নিৰ্বাচিত হৈছিল।৮

কাহিনী

ছবিখনত, এগৰাকী ২৮ বছৰীয়া বিধৱা তিৰোতাৰ কাহিনী চিত্ৰিত হৈছে। তিৰোতাগৰাকীয়ে তেওঁৰ প্ৰয়াত স্বামীৰ আৰক্ষী বিষয়াৰ চাকৰিটো লাভ কৰাৰ পিছত এগৰাকী কণমানি ছোৱালীৰ হত্যাকাণ্ডৰ গোচৰৰ তদন্ত কৰিবলগীয়া হয়।

অভিনয় শিল্পী

  • সন্তোষ ছাইনীৰ চৰিত্ৰত শ্বাহানা গোস্বামী
  • গীতা শৰ্মাৰ চৰিত্ৰত সুনীতা ৰাজৱাৰ
  • বেনিৱালৰ চৰিত্ৰত সঞ্জয় বিষ্ণোই
  • বিক্ৰমৰ চৰিত্ৰত কুশল দুবে
  • ঠাকুৰৰ চৰিত্ৰত নৱল শুক্লা
  • প্ৰিয়াৰ চৰিত্ৰত প্ৰতিভা অৱস্থী

প্ৰযোজনা

২০২৩ চনৰ আগষ্ট–অক্টোবৰ মাহত, ভাৰতৰ লক্ষ্ণৌ আৰু ইয়াৰ আশে-পাশে প্ৰায় ৪৫ দিনলৈকে প্ৰধান চিত্ৰগ্ৰহণ কাৰ্যসূচী চলিছিল।৯

মুক্তি

২০২৪ চনৰ মে’ মাহত ৭৭তম কান চলচ্চিত্ৰ মহোৎসৱত ছবিখনৰ প্ৰিমিয়াৰ হয়। এই ছবিখন মামী মুম্বাই চলচ্চিত্ৰ মহোৎসৱ, ২০২৪-ৰ বাবেও নিৰ্বাচিত হৈছিল, য’ত ই দক্ষিণ এছিয়া প্ৰতিযোগিতা বিভাগৰ অংশ আছিল।১০ ২০২৫ চনৰ ১০ জানুৱাৰী তাৰিখে, ছবিখনে ভাৰতৰ চিত্ৰগৃহত মুক্তি পায়।১১

সঁহাৰি

ৰিভিউ এগ্ৰিগেটৰ ৱেবছাইট ৰটেন টমেটোছত, ছবিখনে ৫২ গৰাকী সমালোচকৰ পৰ্যালোচনাৰ ১০০%ই ইতিবাচক সমালোচনা লাভ কৰে; যʼত গড় ৰেটিং আছিল ৭.৫/১০। ৱেবছাইটটোৰ ঐক্যমত বিভাগত এনেদৰে লিখা আছে: "শ্বাহানা গোস্বামীয়ে সন্তোষৰ চৰিত্ৰত অবিস্মৰণীয় তীব্ৰতাৰে সৈতে অভিনয় কৰিছে, যি এটি উৎকণ্ঠাপূৰ্ণ প্ৰক্ৰিয়াগত নাটক হিচাপে সমাজৰ সামাজিক স্তৰক লৈ কঠিন প্ৰশ্ন উত্থাপন কৰে।" ১২ ওজনযুক্ত গড় ব্যৱহাৰ কৰা ৱেবচাইট, মেটাক্ৰিটিকে ছবিখনক ১৬ গৰাকী সমালোচকৰ ভিত্তিত ১০০ৰ ভিতৰত ৭৫ নম্বৰ দিছিল, যিয়ে এক "সাধাৰণতে অনুকূল" সমালোচনাৰ কথা সূচায়।১৩

বঁটা-সন্মান

পুৰস্কাৰঅনুষ্ঠানৰ তাৰিখশিতানপ্ৰাপক(সকল)ফলাফলতথ্যসূত্ৰ
কান চলচ্চিত্ৰ মহোৎসৱ২৫ মে’ ২০২৪প্ৰিস্ক আন চাৰ্টেইন গাৰ্ডসন্ধ্যা সূৰী১৪
বিএফআই লণ্ডন চলচ্চিত্ৰ মহোৎসৱ২০ অক্টোবৰ ২০২৪শ্ৰেষ্ঠ প্ৰথম পূৰ্ণদৈৰ্ঘ্যৰ চলচ্চিত্ৰৰ সাদাৰলেণ্ড পুৰস্কাৰসন্তোষ১৫
চেভিল ইউৰোপীয় চলচ্চিত্ৰ মহোৎসৱ১৬ নৱেম্বৰ ২০২৪শ্ৰেষ্ঠ চিত্ৰনাট্যৰ বঁটাসন্ধ্যা সূৰী১৬
কেমেৰীমেজ২৩ নৱেম্বৰ ২০২৪গোল্ডেন ফ্ৰগ – পৰিচালকসকলৰ আত্মপ্ৰকাশ প্ৰতিযোগিতা১৭
টকিঅʼ ফিলমেক্স৩০ নৱেম্বৰ ২০২৪বিশেষ জুৰী বঁটাসন্তোষ১৮১৯
ছাত্ৰ জুৰী বঁটা
নেচনেল ব’ৰ্ড অৱ ৰিভিউ৪ ডিচেম্বৰ ২০২৪শীৰ্ষ পাঁচখন আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ২০
ইউৰোপীয় চলচ্চিত্ৰ বঁটা৭ ডিচেম্বৰ ২০২৪ইউৰোপীয় আৱিষ্কাৰ - প্ৰিস্ক ফিপ্ৰেছকিসন্তোষ২১
ব্ৰিটিছ স্বতন্ত্ৰ চলচ্চিত্ৰ বঁটা৮ ডিচেম্বৰ ২০২৪শ্ৰেষ্ঠ ব্ৰিটিছ স্বতন্ত্ৰ চলচ্চিত্ৰসন্ধ্যা সূৰী, মাইক গুডৰিজ, জেমছ ব’শ্বাৰ, বালথাজাৰ ডি গনে আৰু এলান মেকএলেক্স২২
শ্ৰেষ্ঠ চিত্ৰনাট্যসন্ধ্যা সূৰী
শ্ৰেষ্ঠ নৱাগত চিত্ৰনাট্যকাৰ
বিৰাট সাফল্য-অৰ্জনকাৰী প্ৰযোজকবালথাজাৰ ডি গনাই, জেমছ ব’শ্বাৰ
এছিয়ান চলচ্চিত্ৰ বঁটা১৬ মাৰ্চ ২০২৫শ্ৰেষ্ঠ অভিনেত্ৰীশ্বাহানা গোস্বামী২৩
শ্ৰেষ্ঠ নতুন পৰিচালকসন্ধ্যা সূৰী
ব্ৰিটিছ একাডেমী চলচ্চিত্ৰ বঁটা১৬ ফেব্ৰুৱাৰী ২০২৫এজন ব্ৰিটিছ লেখক, পৰিচালক তথা প্ৰযোজকৰ দ্বাৰা অসাধাৰণ আত্মপ্ৰকাশসন্ধ্যা সূৰী, জেমছ বʼশ্বাৰ, বালথাজাৰ ডি গনাই (মাইক গুড্ৰিজ আৰু এলান মেকএলেক্সেও প্ৰযোজক)২৪

তথ্যসূত্ৰ

  1. ↑ Scott, Mathew. (16 May 2024). India, Back in the Palme d'Or Hunt After 30 Years, Hopes Cannes Will Help Producers See the Light. The Hollywood Reporter
  2. ↑ Ramachandran, Naman. (20 May 2024). Cannes Title 'Santosh' First Clip Unveiled: ‘Religious Intolerance, Casteism, Prejudice and Misogyny Are Sitting Heavily in the Atmosphere' (EXCLUSIVE). Variety
  3. ↑ Pavan, Benoit. (20 May 2024). Santosh, Sandhya Suri's vision. Festival de Cannes
  4. ↑ (8 May 2024). The Screenings Guide of the 77th Festival de Cannes. Festival de Cannes
  5. ↑ Exclusive: Shahana Goswami has 'gut feeling' Santosh will bag Oscar nomination. ইণ্ডিয়া টুডে
  6. ↑ 2024 Archives. National Board of Review
  7. ↑ BAFTA Awards 2025: Sandhya Suri's Santosh, Karan Kandhari's Sister Midnight nominated alongside Dev Patel's Monkey Man. হিন্দুস্তান টাইমছ
  8. ↑ Ritman, Alex. (25 September 2024). 'Santosh' to Represent U.K. in Oscars International Feature Race. Variety
  9. ↑ Tabbara, Mona. (14 December 2023). Sandhya Suri's UK-backed 'Santosh' wraps production in India (exclusive). Screen International
  10. ↑ (9 October 2024). MAMI Mumbai Film Festival will open with Payal Kapadia's 'All We Imagine as Light'. Scroll.in
  11. ↑ (20 December 2024). Santosh: Oscars shortlisted film all set to release in India on THIS date. Daily News and Analysis
  12. ↑ Santosh. Rotten Tomatoes
  13. ↑ Santosh. Metacritic
  14. ↑ (9 May 2024). Cannes 2024 line-up guide: Un Certain Regard titles. Screen International
  15. ↑ Ntim, Zac. (29 August 2024). London Film Festival: Dea Kulumbegashvili’s ‘April’ And Barry Keoghan Pic ‘Bring Them Down’ To Play In Competition. Deadline
  16. ↑ (16 November 2024). “And Their Children After Them” wins the Golden Giraldillo at the Seville European Film Festival. Festival de Sevilla
  17. ↑ Brzeski, Patrick. (2024-11-23). Camerimage: Gripping Danish Drama ‘The Girl With the Needle’ Wins Golden Frog. The Hollywood Reporter
  18. ↑ (2024-12-01). フィルメックス授賞式:朝日新聞デジタル. The Asahi Shimbun
  19. ↑ (2024-11-30). 第25回東京フィルメックス受賞結果. TOKYO FILMeX
  20. ↑ Lattanzio, Ryan. (December 4, 2024). 'Wicked' and Jon M. Chu Win Big with the National Board of Review — See the Full List. IndieWire
  21. ↑ Goodfellow, Melanie. (5 November 2024). European Film Awards: 'Emilia Pérez', 'The Room Next Door' Lead Nominations. Deadline Hollywood
  22. ↑ (2024-11-05). BIFA 2024 Nominations Announced · BIFA · British Independent Film Awards. BIFA · British Independent Film Awards
  23. ↑ Lo, Zabrina. (10 January 2025). Asian Film Awards 2025 nominations: Sean Lau gunning for Best Actor, South Korea’s ‘Exhuma’ selected in 9 categories, and more. Tatler Asia
  24. ↑ BAFTA 2025: All We Imagine As Light Nominated For Best Foreign Film; Indian Films Monkey Man, Santosh, Sister Midnight Lead Nominations. Free Press Journal

সম্পৰ্কিত শ্ৰেণী

২০২৪ বৰ্ষৰ চলচ্চিত্ৰভাৰতৰ চলচ্চিত্ৰভাৰতীয় নাৰীবাদী চলচ্চিত্ৰভাৰতীয় থ্ৰিলাৰ চলচ্চিত্ৰ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “সন্তোষ (২০২৪ চলচ্চিত্ৰ)” প্ৰবন্ধৰ সংশোধন ৫২৩০০০ (৯ জুলাই ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।