ৰুদ্ৰ (Rudra) হʼল ১৯৮৯ চনত মুক্তিপ্ৰাপ্ত ভাৰতীয় কন্নড় ভাষাৰ এখন একচনধৰ্মী চলচ্চিত্ৰ।১ ছবিখন পৰিচালক কে. এছ. আৰ. দাসে ৰচনা তথা পৰিচালনা কৰিছিল। ছবিখনৰ মুখ্য চৰিত্ৰত অভিনয় কৰিছিল অভিনেতা বিষ্ণুবৰ্ধন২ আৰু অভিনেত্ৰী খুছবু সুন্দৰে আৰু পাৰ্শ্ব চৰিত্ৰত অভিনয় কৰিছিল বজ্ৰমুনি, কে. এছ. অশ্বথ এবং লোহিতাস্বই। ছবিখনৰ সংগীতৰ ৰচনা কৰিছিল গংগাই অমৰেনে আৰু চিনেমেট’গ্ৰাফী কৰিছিল লক্ষ্মণে।৩ ছবিখনক তামিল ভাষাত খুছবু খুছবুথান নামেৰে ডাব কৰা হৈছিল। পৰিচালক দাসে ইন্সপেক্টৰ ৰুদ্ৰ নামেৰে তেলুগু ভাষাত ছবিখন পুনৰ নিৰ্মাণ কৰিছিল, যʼত অভিনেতা কৃষ্ণই মুখ্য চৰিত্ৰত অভিনয় কৰিছিল।
অভিনয় শিল্পী
- ইন্সপেক্টৰ ৰুদ্ৰ কুমাৰৰ চৰিত্ৰত বিষ্ণুবৰ্ধন
- আশাৰ চৰিত্ৰত খুছবু সুন্দৰ
- ধৰ্মৰাজৰ চৰিত্ৰত চাৰুহাচান
- ৰাণীৰ চৰিত্ৰত অৰুণা
- ভুজং ৰাওৰ চৰিত্ৰত বজ্ৰমুনি
- ইন্সপেক্টৰ সদাশিৱৰ চৰিত্ৰত কে. এছ. অশ্বথ
- জনকম্মাৰ চৰিত্ৰত পাণ্ডাৰী বাই
- মাইকেলৰ চৰিত্ৰত বিজয়কাশী
- বালাকৃষ্ণ
- ডিএচপি সোমশেখৰৰ চৰিত্ৰত সুন্দৰ কৃষ্ণ উৰ্ছ
- মহীশূৰ লোকেশ
- লোহিতাস্ব
- সুধাৰ চৰিত্ৰত অভিনয়া
সংগীত
সংগীত শিল্পী গঙ্গাই অমৰেনে চলচ্চিত্ৰখনৰ সংগীত ৰচনা কৰিছিল। ছবিখনত তেওঁক অমৰ হিচাপে কৃতিত্ব দিয়া হৈছিল।৪ সংগীতা মিউজিক লেবেলত ছবিখনৰ অডিঅʼ মুক্তি পাইছিল।
তথ্যসূত্ৰ
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ৰুদ্ৰ (চলচ্চিত্ৰ)” প্ৰবন্ধৰ সংশোধন ৫৩১৫৯৯ (১১ আগষ্ট ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।