ভাৰতীয় দাৰ্শনিক
৬০ প্ৰবন্ধ
-
মাক্ষালি গোছালা
মাক্ষালি গোছালা বা মন্থলিপুত্ৰ গোশালক (খ্ৰীষ্টপূৰ্ব ৬ষ্ঠ বা ৫ম শতিকা) প্ৰাচীন ভাৰতৰ এজন তপস্বী অজিৱিকা গুৰু আছিল। তেওঁ বৌদ্ধ ধৰ্মৰ প্ৰতিষ্ঠাপক গৌতম বুদ্ধ আৰু জৈন ধৰ্মৰ শেষ আৰু ২৪ তম তীৰ্থংকৰ মহাবীৰৰ সমসাময়িক আছিল।
-
শকতায়ন
শকতায়ন (শাকতায়ন; ৮১৪–৭৬০ খ্ৰীষ্টপূৰ্ব) এজন সংস্কৃত ব্যাকৰণবিদ, ভাষাবিদ আৰু বৈদিক পণ্ডিত। তেওঁৰ এই তত্ত্বৰ বাবে পৰিচিত যে, সকলো বিশেষ্যই এটা বাক্যমূলৰপৰা উদ্ভৱ হৈছে, যিটো ব্যাকৰণবিদ পাণিনিৰ বিপৰীত আছিল। তেওঁ এইটোও ধাৰণা কৰিছিল যে, বিশেষ্য বা আন শব্দৰ লগত সংলগ্ন হ’লেহে বিভক্তিবোৰৰ অৰ্থ থাকে।
-
শবৰ
শবৰ বা শবৰ-স্বামী, যি জৈমিনিৰ পূৰ্ব মীমাংসা সূত্ৰৰ ধাৰাভাষ্যকাৰ “শবৰ-ভাষ্যম’’ৰ স্ৰষ্টা, যাৰ ওপৰত পিছলৈ কুমাৰিল ভট্টই মন্তব্য কৰিছিল। তেওঁ খ্ৰীষ্টীয় প্ৰথম শতিকা আদিভাগৰ, পতঞ্জলিৰ মহাভাষ্যতকৈ পিছৰ আৰু বাৎস্যায়নৰ আগৰ।
-
শাকল্য
শাকল্য আছিল প্ৰাচীন ভাৰতীয় ব্যাকৰণবিদ আৰু বৈদিক যুগৰ পণ্ডিত। তেওঁৰ আদি নাম আছিল বিদগ্ধ। যিহেতু তেওঁ বৈদিক ঋষি শকলৰ পুত্ৰ আছিল, সেয়েহে তেওঁক শাকল্য বুলিও কোৱা হৈছিল। তেওঁ বৈদিক গ্ৰন্থসমূহ সংশোধন কৰি পদপাঠ ৰচনা কৰা বুলি ধৰা হয়।
-
সত্যকাম জাবালা
সত্যকাম জাবালা, যাক সত্যকাম জাবালি বুলিও জনা যায়, এজন বৈদিক ঋষি আছিল, যি প্ৰথমে প্ৰাচীন বৈদিক গ্ৰন্থৰ চতুৰ্থ প্ৰপাথক/অধ্যায় চান্দোগ্য উপনিষদত প্ৰকাশ পাইছে। বাল্যৱস্থাতে ব্ৰহ্মচাৰী হ’বলৈ মন কৰি সত্যকামে মাতৃ জবালাৰপৰা তেওঁৰ পিতৃ আৰু পৰিয়ালৰ বিষয়ে জানিবলৈ ইচ্ছা কৰে।
-
অজিতা কেশকাম্বালি
অজিতা কেশকাম্বালী খ্ৰীষ্টপূৰ্ব ষষ্ঠ শতিকাৰ এগৰাকী প্ৰাচীন ভাৰতীয় দাৰ্শনিক। তেওঁক ভাৰতীয় বস্তুবাদৰ প্ৰথম পৰিচিত সমৰ্থক, আৰু চাৰ্বাক দৰ্শনৰ পূৰ্বসূৰী হিচাপে গণ্য কৰা হয়। তেওঁ হয়তো বুদ্ধ আৰু মহাবীৰৰ সমসাময়িক আছিল।
-
অভয়াৰ
অভয়াৰ (তামিল ஔவையார்) আছিল সংগম যুগৰ এগৰাকী তামিল কবি আৰু তামিল মুখিয়াল ভেল পাৰী আৰু আথিয়ামানৰ সৈতে তেওঁৰ আন্তৰিক সম্পৰ্ক আছিল বুলি কোৱা হয়। তেওঁ পুৰুণনুৰুত ৫৯টা কবিতা ৰচনা কৰে। চেন্নাইৰ কবিগৰাকীৰ মূৰ্তিত থকা এখন ফলকত তেওঁৰ জন্ম তাৰিখৰ বাবে খ্ৰীষ্টপূৰ্ব প্ৰথম শতিকাৰ কথা কোৱা হৈছে।
-
অশ্বল
অশ্বল মিথিলাৰ ৰজা জনকৰ দৰবাৰত প্ৰধান হোত্ৰ ব্ৰাহ্মণ পুৰোহিত আছিল। জনক ৰজাই আয়োজন কৰা অশ্বমেধ যজ্ঞত তেওঁ পৰিচালক আছিল, য’লৈ কুৰু আৰু পাঞ্চলৰ ব্ৰাহ্মণসকলক আমন্ত্ৰণ জনোৱা হৈছিল। বৃহদাৰণ্যক উপনিষদ আৰু শতপথ ব্ৰাহ্মণ গ্ৰন্থত তেওঁৰ উল্লেখ আছে।
-
অসিত
অসিত বা কলাদেৱল বা কানহাশিৰি আছিল এজন সন্ন্যাসী তপস্বী, এজন ঋষি আৰু দৰ্শক, বৌদ্ধ তথ্যমতে প্ৰাচীন ভাৰতত বাস কৰা বুলি চিত্ৰিত কৰা হৈছে। তেওঁ বুদ্ধৰ পিতৃ শুদ্ধোধনৰ শিক্ষক আৰু উপদেষ্টা আছিল আৰু কপিলাবাস্তুৰ ৰাজকুমাৰ সিদ্ধাৰ্থ হয় মহান চক্ৰবৰ্তী হ’ব নহয় পৰম ধৰ্মগুৰু হ’ব বুলি ভৱিষ্যদ্বাণী কৰা বাবেই তেওঁ…
-
উড়াক্কা ৰামাপুত্ত
উড়াক্কা ৰামাপুত্ত আছিল বৌদ্ধ পৰম্পৰাৰ পৰিচিত গৌতম বুদ্ধৰ অন্যতম গুৰু হিচাপে মান্যতা দিয়া এজন ঋষি আৰু ধ্যান শিক্ষক। 'ৰামাপুত্ত'ৰ অৰ্থ হৈছে 'ৰামৰ পুত্ৰ', যি হয়তো তেওঁৰ পিতৃ বা আধ্যাত্মিক গুৰু আছিল।
-
কবীন্দ্ৰ তীৰ্থ
কবীন্দ্ৰ তীৰ্থ (সংস্কৃত:कवीन्द्रतीर्थ); (আনুমানিক ১৩৩৩ৰ পৰা ১৩৯৮), এজন দ্বৈত দাৰ্শনিক, সাধু, পণ্ডিত আৰু ১৩৯২-১৩৯৮ চনলৈকে মধ্বাচাৰ্য পীঠৰ সপ্তম পীঠাধিপতি আছিল।
-
কহোদা
কহোদা প্ৰাচীন ভাৰতীয় উপমহাদেশৰ মিথিলা ৰাজ্যৰ এজন বৈদিক ঋষি আছিল। তেওঁ আছিল মিথিলা অঞ্চলৰ বেদৰ আচাৰ্য। ভাৰতীয় বিখ্যাত দাৰ্শনিক অষ্টবক্ৰৰ পিতৃ।
-
কোৰাক্কাৰ
তামিলনাডুৰ সিদ্ধাৰ পৰম্পৰাত কোৰাক্কাৰ প্ৰাচীন কালৰ ১৮ জন সন্মানীয় সিদ্ধাৰৰ ভিতৰত অন্যতম আৰু উত্তৰ ভাৰতত গোৰক্ষনাথ নামেৰে বেছি পৰিচিত। সিদ্ধাৰ অগস্ত্য আৰু সিদ্ধাৰ ব’গাৰ তেওঁৰ গুৰু আছিল। তামিলনাডুৰ নাগাপট্টিনামৰ বডুক্কু পইগাইনালুৰত এটা মন্দিৰ আছে য’ত তেওঁৰ জীৱন সমাধি বিশেষভাৱে আছে।
-
জগন্নাথ দাসৰু
ভাৰতৰ কৰ্ণাটক ৰাজ্যৰ ৰাইচুৰ জিলাৰ মানৱী চহৰৰ বাসিন্দা জগন্নাথ দাস (১৭২৮–১৮০৯) মধ্বাচাৰ্যৰ পূৰ্বসূৰী বংশৰ আৰু তেওঁক দ্বৈত বেদান্তৰ অন্যতম উল্লেখযোগ্য হৰিদাস ৰহস্যবিদ হিচাপে গণ্য কৰা হয় মাধৱ ("হিন্দু দেৱতা বিষ্ণুৰ ভক্ত") কানাড়া ভাষাৰ সাধু-কবি।
-
পদ্মনাভ তীৰ্থ
পদ্মনাভ তীৰ্থ আছিল এজন ভাৰতীয় দ্বৈত দাৰ্শনিক, পণ্ডিত আৰু মধ্বাচাৰ্যৰ শিষ্য। মধ্বাচাৰ্যৰ পিছত পুৰোহিতৰ আসনত উঠি তেওঁ তেওঁৰ ৰচনাৰ প্ৰাথমিক ধাৰাভাষ্যকাৰ হিচাপে কাম কৰিছিল আৰু তেনে কৰাৰ সময়ত মাধৱৰ সংক্ষিপ্ত আৰু লেকনিক লেখা শৈলীক উল্লেখযোগ্যভাৱে স্পষ্ট কৰি দিছিল।
-
পয়াসী
পয়াসী বা পেছি প্ৰাচীন ভাৰতৰ বৌদ্ধ আৰু জৈন গ্ৰন্থত উল্লেখ থকা এজন কিংবদন্তি ৰজা। এই কিংবদন্তিবোৰত তেওঁ এজন বস্তুবাদী হিচাপে দেখা দিয়ে যিয়ে আত্মাৰ অস্তিত্ব নাই বুলি প্ৰমাণ কৰাৰ কেইবাটাও পৰীক্ষাৰ নিৰ্দেশ দিয়ে।
-
পাকুধা কাচ্চায়ানা
পাকুধা কাচ্চায়ানা আছিল খ্ৰীষ্টপূৰ্ব ষষ্ঠ শতিকাৰ আশে-পাশে মহাবীৰ আৰু বুদ্ধৰ সমসাময়িক এজন ভাৰতীয় শিক্ষক আৰু দাৰ্শনিক। তেওঁ আছিল এজন পৰমাণুবিদ যিয়ে বিশ্বাস কৰিছিল যে জগতৰ সকলোবোৰ সাতটা চিৰন্তন উপাদানৰে গঠিত – পৃথিৱী, পানী, অগ্নি, বায়ু, সুখ, যন্ত্ৰণা আৰু আত্মা।
-
পিপ্পলাড়া
পিপ্পলাড়া হিন্দু পৰম্পৰাৰ এজন ঋষি আৰু দাৰ্শনিক আছিল। দহখন মুখ্য উপনিষদৰ ভিতৰত অন্যতম প্ৰশ্নোপনিষদৰ ৰচনাকাৰ বুলি তেওঁক বেছিকৈ জনা যায়। তেওঁ অথৰ্ববেদ শিক্ষাৰ পিপ্পলাড়া চিন্তাধাৰা প্ৰতিষ্ঠা কৰিছিল বুলি বিশ্বাস কৰা হয়। কিছুমান পুৰাণত তেওঁক শিৱৰ অৱতাৰ (অংশ) বুলি গণ্য কৰা হয়।
-
পুৰাণ কাচ্চাপ
পুৰাণ কাচ্চাপ আছিল খ্ৰীষ্টপূৰ্ব ষষ্ঠ শতিকাৰ আশে-পাশে বাস কৰা এজন ভাৰতীয় তপস্বী শিক্ষক, আৰু তেওঁ মহাবীৰ আৰু শাক্যমুনি বুদ্ধৰ সমসাময়িক।
-
বদৰায়ণ
বদৰায়ণ আছিল এজন ভাৰতীয় দাৰ্শনিক আৰু ঋষি যি ব্ৰহ্মসূত্ৰৰ সুখ্যাত ৰচক আছিল। ব্ৰহ্মসূত্ৰসমূহ হিন্দু দাৰ্শনিক বেদান্ত বিদ্যালয়ৰ উৎস গ্ৰন্থ আৰু উপনিষদ আৰু ভাগৱত গীতাৰ লগতে প্ৰস্থানত্ৰয়ীৰ তিনিখন গ্ৰন্থৰ ভিতৰত অন্যতম।
-
ব্ৰজেন্দ্ৰনাথ শীল
ব্ৰজেন্দ্ৰনাথ শীল (ইংৰাজী: Brajendra Nath Seal) এগৰাকী ভাৰতীয় বঙালী দাৰ্শনিক আছিল।
-
মহিপতি দাস
মহিপতি দাস (১৬১১–১৬৮১), জনপ্ৰিয়ভাৱে কাখাণ্ডকীৰ মহিপতি বুলি কোৱা হয়, ভাৰতৰ কৰ্ণাটকৰ পৰা অহা দ্বৈত বেদান্তৰ হৰিদাস পৰম্পৰাৰ এজন মন্ত্ৰী, পণ্ডিত আৰু বিশিষ্ট সাধু আছিল।
-
মাধৱ তীৰ্থ
মাধৱ তীৰ্থ আছিল এজন হিন্দু দাৰ্শনিক, পণ্ডিত আৰু ১৩৩৩ চনৰ পৰা ১৩৫০ চনলৈকে নৰহৰি তীৰ্থৰ পিছত মধ্বাচাৰ্য পীঠৰ তৃতীয় পুৰোহিত।
-
সাংখ্যয়ান
সাংখ্যয়ান আছিল ঋগবেদ গ্ৰন্থত উল্লেখ কৰা এগৰাকী বৈদিক ঋষি। তেওঁ বশিষ্ঠ ঋষিৰ বংশৰ আছিল। তেওঁ ঋগবেদৰ কৌশিতকী ব্ৰাহ্মণ গ্ৰন্থৰ লেখক আছিল যাক পিছলৈ সাংখ্যায়ন ব্ৰাহ্মণ বুলি কোৱা হৈছিল।
-
ৰৈক্ব
ৰৈক্ব (Raikva, रैक्व), এক দুখীয়া অচিনাকি গাড়ী-চালক, তেওঁৰ বিষয়ে মুক্তিক নীতিৰ চান্দোগ্য উপনিষদ চতুৰ্থ অধ্যায়ত প্ৰকাশ পাইছে, য'ত জানিব পৰা গৈছে যে তেওঁ সেইটো জানিছিল যিটো জনাটো প্ৰয়োজনীয় আৰু তেওঁ সেইটো জানিছিল, যাৰপৰা এই সকলোবোৰৰ উৎপত্তি হৈছিল।
-
আৰ্তভাগ (ঋষি)
আৰ্তভাগ (সংস্কৃত: आर्तभाग) আছিল এজন ভাৰতীয় দাৰ্শনিক, যিয়ে মিথিলাৰ ৰজা জনকৰ দৰবাৰত তেওঁ আয়োজন কৰা বহুদক্ষিণা যজ্ঞত অংশগ্ৰহণ কৰিছিল। তেওঁ জৰৎকাৰু বংশৰ বৈদিক ঋষি আছিল। আৰ্তভাগ ঋতভাগৰ পুত্ৰ।
-
খনা
খনা (যাক ডাক বা লীলাৱতী বুলিও জনা যায়) এগৰাকী ভাৰতীয় কবি, দাৰ্শনিক আৰু কিংবদন্তি জ্যোতিষী আছিল, যিয়ে নৱমৰপৰা দ্বাদশ শতিকাৰ ভিতৰত মধ্যযুগীয় বাংলা ভাষাত সাহিত্য ৰচনা কৰিছিল। তেওঁ বৰ্তমানৰ পশ্চিমবঙ্গৰ উত্তৰ ২৪ পৰগণা জিলাৰ বাৰাসাতৰ দেউলীয়া গাঁৱৰ (বেৰাচাম্পাৰ ওচৰৰ চন্দ্ৰকেতুগড়) সৈতে জড়িত।
-
পাম্বট্টি সিদ্ধাৰ
পাম্বট্টি সিদ্ধাৰ ভাৰতৰ, ঘাইকৈ দক্ষিণ ভাৰতত বিভিন্ন সময়ত বাস কৰা সন্ন্যাসী বা ঋষিৰ বংশ ১৮টা সিদ্ধাৰৰ ভিতৰত অন্যতম। তেওঁৰ কিছুমান কবিতা, মোটামুটিভাৱে প্ৰায় ৬০০ শাৰীৰ পাঠ্য আজি উপলব্ধ।
-
প্ৰশস্তপাদ
প্ৰশস্তপাদ (সংস্কৃত: प्रशस्तपाद ) আছিল এজন প্ৰাচীন ভাৰতীয় দাৰ্শনিক। তেওঁ পদাৰ্থ-ধৰ্ম-সংগ্ৰহ (পদাৰ্থৰ ধৰ্ম সংকলন) আৰু কণাদৰ বৈশেশিক সূত্ৰৰ ওপৰত প্ৰশস্তপাদ ভাষ্য শীৰ্ষক টীকা (খ্ৰীষ্টপূৰ্ব ২য় শতিকা) ৰচনা কৰিছিল; দুয়োখন গ্ৰন্থই পদাৰ্থ বিজ্ঞানৰ বিস্তৃত কিতাপ।
-
বটেশ্বৰ স্থান
বটেশ্বৰ স্থান ( সংস্কৃত: बटेश्वर स्थान ) হৈছে ভাৰতৰ বিহাৰ ৰাজ্যৰ ভাগলপুৰ জিলাৰ অন্তৰ্গত কহলগাঁও অঞ্চলত অৱস্থিত এক প্ৰাচীন ধৰ্মীয় স্থান। এই স্থানটো ব্ৰহ্মৰ্ষি বশিষ্ঠৰ সৈতে সম্পৰ্কিত বুলি বিশ্বাস কৰা হয় আৰু ইয়াক ঋষি বশিষ্ঠৰ তপস্থলী হিচাপে গণ্য কৰা হয়।