অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

পাম্বট্টি সিদ্ধাৰ

পাম্বট্টি সিদ্ধাৰ ভাৰতৰ, ঘাইকৈ দক্ষিণ ভাৰতত বিভিন্ন সময়ত বাস কৰা সন্ন্যাসী বা ঋষিৰ বংশ ১৮টা সিদ্ধাৰৰ ভিতৰত অন্যতম। তেওঁৰ কিছুমান কবিতা, মোটামুটিভাৱে প্ৰায় ৬০০ শাৰীৰ পাঠ্য আজি উপলব্ধ।

হালনাগাদ: ১৮ ছেপ্তেম্বৰ ২০২৫ ২০৬ শব্দ · ১ মিনিট সংগৃহীত ৬৯
সংশোধনৰ পৰামৰ্শ

পাম্বট্টি সিদ্ধাৰ ভাৰতৰ, ঘাইকৈ দক্ষিণ ভাৰতত বিভিন্ন সময়ত বাস কৰা সন্ন্যাসী বা ঋষিৰ বংশ ১৮টা সিদ্ধাৰৰ ভিতৰত অন্যতম। তেওঁৰ কিছুমান কবিতা, মোটামুটিভাৱে প্ৰায় ৬০০ শাৰীৰ পাঠ্য আজি উপলব্ধ। তেওঁৰ কবিতাসমূহ তামিল ভাষাত লিখা হৈছে আৰু তেওঁৰ কবিতাসমূহ ‘আদ্দু পাম্বে’ শব্দটোৰে সমাপ্ত কৰাৰ বাবে বিখ্যাত, যি দুটা শব্দৰ আক্ষৰিক অৰ্থ হৈছে ‘নাচা, হে সাপ’। আনকি তেওঁৰ কবিতাবোৰো সাপক উদ্দেশ্যি ৰচনা কৰা হৈছে। তেওঁৰ কিছুমান কবিতাত তেওঁৰ আধ্যাত্মিক গুৰু বা গুৰুকো সম্বোধন কৰা হৈছে। কঠোৰ ধ্যান আৰু অন্যান্য আধ্যাত্মিক অনুশীলনৰ জৰিয়তে সিদ্ধি বা অলৌকিক শক্তি থকা বুলি বিশ্বাস কৰা সন্তসকলৰ বংশৰপৰাই পাম্বট্টি সিদ্ধাৰ আহিছে। তেওঁ নিজৰ আধ্যাত্মিক যাত্ৰা আৰম্ভ কৰাৰ আগতে জীৱিকাৰ বাবে সাপ ধৰি বিক্ৰী কৰিছিল বুলিও বিশ্বাস কৰা হয়।১

তামিলনাডুৰ কইম্বাটুৰৰ ওচৰৰ মাৰুদমলাইৰ এটা গুহাত অতি দীৰ্ঘদিন ধৰি তপস্যা কৰি শ্ৰীপাম্বট্টি সিদ্ধে ‘অষ্টমসিদ্ধি’ নামৰ আঠটা অলৌকিক শক্তি লাভ কৰিছিল। লগতে তেওঁ বথীৰায়িৰুপ্পু, কল্লীমলাই, ভৱনীৰ মহালিংগমলাইৰ দৰে ঠাইত বাস কৰিছিল। তেওঁৰ ৰচনাসমূহৰ এটা উল্লেখযোগ্য দিশ হ’ল জটিল আধ্যাত্মিক অভিজ্ঞতা আৰু সিদ্ধিসমূহৰ ব্যাখ্যাৰ বাবে সাধাৰণ গ্ৰাম্য ভাষাৰ ব্যৱহাৰ। তেওঁৰ কল্পনাত তৃপ্তি আছে আৰু প্ৰায়ে উল্লেখ কৰে যে হৃদয়ত প্ৰেম অবিহনে পৰিত্ৰাণ সম্ভৱ নহয়। মৰুদমলাইৰ পৱিত্ৰ মৰুধ বৃক্ষ (অৰ্জুন গছ)ৰ তলত ভগৱান কাৰ্তিকেয়কো প্ৰাৰ্থনা কৰি পূজা কৰিছিল। শংকৰংকোইলত নিজৰ কঠোৰ অনুশাসন অভ্যাস কৰি আৰু নাগাপট্টিনাম জিলাৰ থিৰুকাদাভুৰত ৱাছি কৌশল অৱলম্বন কৰি২ তেওঁ সমাধি লাভ কৰা বুলি বিশ্বাস কৰা হয়।২ তেওঁৰ জীৱনকাল ১২৩ বছৰ বুলি ধাৰণা কৰা হয়। তেওঁৰ গুৰু আছিল সত্তাইমুনি।৩৪

তথ্যসূত্ৰ

  1. ↑ (2019-01-02). Powers of siddhars. The Hindu
  2. ↑ Pambatti siddhar. siddhars.com
  3. ↑ (2020-05-22). பாம்பாட்டி சித்தர் வாழ்க்கை வரலாறு · Pambatti siddhar history. Aanmeegam
  4. ↑ ராஜகுமாரன், எஸ். பாம்புப் பிடாரன் பாம்பாட்டிச் சித்தரான கதை - சித்தர்கள் உறையும் ஜீவசமாதிகள்! அமானுஷ்யத் தொடர் - 10. vikatan.com

সম্পৰ্কিত শ্ৰেণী

ঋষিভাৰতীয় দাৰ্শনিক

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “পাম্বট্টি সিদ্ধাৰ” প্ৰবন্ধৰ সংশোধন ৫৩৯২৮৬ (১৮ ছেপ্তেম্বৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।