অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভূগোল আৰু ঠাই

কাকডোঙা নদী

কাকডোঙা নদী ব্ৰহ্মপুত্ৰৰ উপনদীৰ এক উপনৈ। অসমৰ যোৰহাট আৰু গোলাঘাট জিলাৰ সীমা ৰেখা। নদীখনৰ পুৰিণ নাম দিলশিৰি। কোনোৱে দিলখিৰি বুলি উচ্চাৰণ কৰে। নৈখন নাগালেণ্ডৰ মোককচাং জিলাৰ উত্তৰাংশত ৰংপং নৈ নামে ওলাইছে।

হালনাগাদ: ২২ ডিচেম্বৰ ২০২৫ ১১০ শব্দ · ১ মিনিট সংগৃহীত ৬২
সংশোধনৰ পৰামৰ্শ

কাকডোঙা নদী ব্ৰহ্মপুত্ৰৰ উপনদীৰ এক উপনৈ। অসমৰ যোৰহাট আৰু গোলাঘাট জিলাৰ সীমা ৰেখা। নদীখনৰ পুৰিণ নাম দিলশিৰি। কোনোৱে দিলখিৰি বুলি উচ্চাৰণ কৰে। নৈখন নাগালেণ্ডৰ মোককচাং জিলাৰ উত্তৰাংশত ৰংপং নৈ নামে ওলাইছে। নাগালেণ্ডৰ ছুলোখা কিছু অংশ আৰু ঝিখু নৈক লগত লৈ অসমৰ সীমান্তৰ ক্ৰমে কলাজান তাৰ পাছত কুকুমুটাজান আৰু কিছু দূৰ আগলৈ বৈ গৈ চেলচেলি নৈক লগত লৈ তৰাণি অঞ্চলত এখন সবল নদীৰূপে আত্মপ্ৰকাশ কৰে। শুকানজান, নেঘেৰিজান, গটঙাজান, বিলজান, বেকাজান, ঘিলাজান, ওগুৰিজান, গোবৰজান, খাৰজান, চেৰেিলজান, পানজান, টেঙাজান,টিপমীয়াজান, চৰাইপানীজান, মেদেলুৱাজান, কাছজান আদিৰ উপৰিও ইয়াৰ উপনৈ ঘিলাধাৰী আৰু মক্ৰংক লগত লৈ ভোগদৈৰ নামনি অংশ দেলেছৰি নৈ হৈ ব্ৰহ্মপুত্ৰত পৰে। দেলেছৰিৰ অন্যনাম গেলাবিল। নদীখন সৰ্পিল পথেৰ ১੦੦ কিলোমিটাৰ আৰু ইয়াৰ অৱবাহিকা ১১੦੦ বৰ্গ কিলোমিটাৰ।

সম্পৰ্কিত শ্ৰেণী

অসমৰ নদীব্ৰহ্মপুত্ৰ নদীৰ উপনৈ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কাকডোঙা নদী” প্ৰবন্ধৰ সংশোধন ৫৬৫৬৮১ (২২ ডিচেম্বৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।