সুভদ্ৰা দেৱী (Subhadra Devi ) এগৰাকী ভাৰতীয় চিত্ৰশিল্পী, তেওঁ পেপাৰমেকিং শিল্পৰ সৈতে জড়িত। বিহাৰৰ দৰভংগাৰ মানিগাছিতত থকা পৈতৃক ঘৰত পৰিয়ালৰ ডাঙৰবোৰক পেপাৰমেকিঙৰ কাম কৰা দেখি সুভদ্ৰাই এই কাম কৰিবলৈ শিকে১ আৰু সময়ত এই কলাৰ এগৰাকী প্ৰখ্যাত শিল্পী হৈ উঠে। পেপাৰমেকিং শিল্পলৈ আগবঢ়োৱা অৱদানৰ স্বীকৃতি স্বৰূপে ভাৰত চৰকাৰে সুভদ্ৰা দেৱীক ২০২৩ বৰ্ষত দেশৰ চতুৰ্থ সৰ্বোচ্চ অসামৰিক সন্মান পদ্মশ্ৰী প্ৰদান কৰে।১এই শিল্পকৰ্মৰ বাবে তেওঁক ১৯৮০ চনত ৰাজ্যিক পুৰস্কাৰ আৰু ১৯৯১ চনত ৰাষ্ট্ৰীয় পুৰস্কাৰেৰে পুৰস্কৃত কৰা হৈছিল।২
জীৱনী
বিহাৰৰ দৰভংগা জিলাৰ মানিগাছিত সুভদ্ৰা দেৱীৰ জন্ম হৈছিল। ঐতিহাসিকভাৱে, তেওঁৰ মামাকে ইয়াত পেপাৰমেকিঙৰ কাম কৰিছিল। ঘৰৰ ডাঙৰসকলক অনুসৰণ কৰি শৈশৱতে সুভদ্ৰাই চৌকা, খেলৰ পুতলা আৰু আন বিভিন্ন বস্তু তৈয়াৰ কৰিছিল। এই সময়ছোৱাত তেওঁ ডৰ্ড ময়দা গছৰ বাকলি উলিয়াই শুকুৱাই ইয়াক গুৰি কৰি পাউডাৰ বনাইছিল। তাৰ পিছত সেই পাউডাৰৰ পৰা শিল্পসমূহ প্ৰস্তুত কৰিছিল। পিছত তেওঁ অতিৰিক্তভাৱে মেথিৰ পৰা শিল্পকলা নিৰ্মাণ কৰিছিল। আজিকালি, কাগজ বা কাৰ্ডবোৰ্ডৰ সৰু সৰু টুকুৰা পানীত তিয়াই ৰাখি সেইবোৰৰ মণ্ড প্ৰস্তুত কৰা হয়। তাৰ পিছত ফেভিকল, গাম আৰু মুলতানি মাটি ইয়াত একত্ৰিত কৰা হয় আৰু ময়দাৰ দৰে মেলি দিয়া হয়। ইয়াৰ পিছত ইয়াক ৰ’দত শুকুৱাই ৰং কৰা হয়। দৰভংগাৰ পৰা বিয়া হৈ চালেমপুৰলৈ অহাৰ পিছতো সুভদ্ৰাই এই কাম কৰিবলৈ নেৰিলে আৰু পেপাৰমেকিং শিল্পৰ সৈতে জড়িত হৈ থাকিল। পদ্মশ্ৰী বঁটা ঘোষণা কৰাৰ সময়ত সুভদ্ৰাৰ বয়স প্ৰায় নব্বৈ বছৰ। এতিয়া তেওঁ দিল্লীত পুত্ৰ আৰু বোৱাৰীৰ সৈতে বাস কৰে।২
শৈলী
ই এটি ঐতিহ্যমণ্ডিত মৌলিক শিল্প। এই শিলকৰ্মত কাগজ পানীত গলাই ইয়াৰ মণ্ড তৈয়াৰ কৰা হয় আৰু কপাৰ চালফেট আৰু আঠাৰে এই মণ্ডৰ পেষ্ট তৈয়াৰ কৰি ইয়াৰ পৰা ভিন্ন ভিন্ন কলা কৃতি নিৰ্মাণ কৰা হয়।২
বঁটা আৰু সন্মান
- ৰাজ্যিক পুৰস্কাৰ, ১৯৮০
- ৰাষ্ট্ৰীয় পুৰস্কাৰ, ১৯৯১
- পদ্মশ্ৰী, ২০২৩
তথ্যসূত্ৰ
- ↑ SHEEZAN NEZAMI. (২৬ জানুৱাৰী, ২০২৩). Anand, Subhadra, Kapil selected for Padma Shri. Times of India
- ↑ (26 January, 2023). कलाकार को पद्मश्री, कला को पहचान: कौन हैं पद्मश्री पाने वाली सुभद्रा देवी और क्या है पेपरमेसी कला, यहां जानें. www.amarujala.com
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “সুভদ্ৰা দেৱী” প্ৰবন্ধৰ সংশোধন ৩৪৪৯৭১ (৯ ফেব্ৰুৱাৰী ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।