অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

গোদাৱৰী দত্ত

গোদাৱৰী দত্ত (Godawari Dutta) এগৰাকী ভাৰতীয় চিত্ৰশিল্পী। তেওঁ বিহাৰৰ মিথিলা অঞ্চলত প্ৰচলিত লোক চিত্ৰকলা মধুবানী চিত্ৰশিল্পৰ লগত জড়িত। এই চিত্ৰকলা হাতৰ আঙুলি, কাঠি, ব্ৰাচ, নিব-কলম, জুইশলা কাঠি আদি ব্যৱহাৰ কৰি তৈয়াৰ কৰা হয়। প্ৰাকৃতিক ভাবে তৈয়াৰী ৰং আৰু ৰঞ্জক এই ছবিসমূহত ব্যৱহাৰ কৰা হয়।

হালনাগাদ: ৮ ছেপ্তেম্বৰ ২০২৪ ৪১৩ শব্দ · ২ মিনিট সংগৃহীত ৮২
সংশোধনৰ পৰামৰ্শ

গোদাৱৰী দত্ত (Godawari Dutta) এগৰাকী ভাৰতীয় চিত্ৰশিল্পী। তেওঁ বিহাৰৰ মিথিলা অঞ্চলত প্ৰচলিত লোক চিত্ৰকলা মধুবনী চিত্ৰশিল্পৰ লগত জড়িত। এই চিত্ৰকলা হাতৰ আঙুলি, কাঠি, ব্ৰাচ, নিব-কলম, জুইশলা কাঠি আদি ব্যৱহাৰ কৰি তৈয়াৰ কৰা হয়। প্ৰাকৃতিক ভাবে তৈয়াৰী ৰং আৰু ৰঞ্জক এই ছবিসমূহত ব্যৱহাৰ কৰা হয়। দৃষ্টিনন্দন জ্যামিতিক শৈলীয়েই হৈছে ছবিসমূহৰ মূল বৈশিষ্ট্য। বৰ্তমান ইয়াক হস্তনিৰ্মিত কাগজ আৰু কেনভাচলৈ স্থানান্তৰ কৰা হৈছে।১ তদুপৰি তেওঁ মিথিলা অঞ্চলৰ লোককলা বিকাশৰ বাবে 'মিথিলা কলা বিকাশ সমিতি' গঠন কৰিছিল। মধুবানী চিত্ৰশিল্পলৈ তেওঁ আগবঢ়োৱা অৱদানৰ স্বীকৃতি স্বৰূপে ভাৰত চৰকাৰে তেওঁক ২০১৯ চনত দেশৰ চতুৰ্থ সৰ্বোচ্চ অসামৰিক সন্মান পদ্মশ্ৰী প্ৰদান কৰে।২

প্ৰাৰম্ভিক জীৱন

গোদাৱৰী প্ৰাচীন মিথিলা অঞ্চল অৰ্থাৎ বৰ্তমান বিহাৰ ৰাজ্যৰ দাৰভংগা জিলাৰ বাহাদুৰপুৰত জন্ম গ্ৰহণ কৰিছিল। তেওঁ কোনো আনুষ্ঠানিক শিক্ষা লাভ কৰাৰ সুযোগ পোৱা নাছিল। তেওঁৰ গাঁৱৰ প্ৰতিগৰাকী ছোৱালীয়ে মধুবানী চিত্ৰ শিকাটো বাধ্যতামূলক আছিল। গোদাৱৰীৰ মাতৃ সুভদ্ৰা দেৱী এগৰাকী প্ৰসিদ্ধ মধুবানী শিল্পী আছিল আৰু প্ৰায়ে তেওঁক ৰামায়ণ আৰু মহাভাৰতৰ কাহিনীৰ চিত্ৰ, ফুল বা ভাটৌৰ দৰে প্ৰেমৰ চিহ্ন অংকন কৰিবলৈ আমন্ত্ৰণ জনোৱা হৈছিল। তেওঁ মাকৰ পৰায়ে এই কলা শিকিছিল।৩ তেওঁ ১০ বছৰ বয়সত তেওঁৰ দেউতাকক হেৰুৱাইছিল। ১৯৪৭ চনত গোদাৱৰীৰ কম বয়সতে বিয়া হৈছিল আৰু তেওঁলোকৰ এজন পুত্ৰ সন্তান আছিল। তেওঁৰ স্বামী কামৰ সন্ধানত নেপাললৈ গৈছিল আৰু কেতিয়াও উভতি অহা নাছিল।৪ যৌৱন কালত গোদাৱৰীৰ মুখৰ ছাল বগা পৰা ৰোগত আক্ৰান্ত হৈছিল আৰু সময়ৰ সৈতে ই সমগ্ৰ শৰীৰত বিয়পি পৰিছিল।৫

কৰ্মজীৱন

গোদাৱৰী দত্তয়ে ছয় বছৰ বয়সত বেৰত ছবি আঁকি মধুবনী চিত্ৰৰ অনুশীলন আৰম্ভ কৰিছিল আৰু ১৯৭১ চনতহে কাগজ ব্যৱহাৰ কৰিবলৈ আৰম্ভ কৰিছিল। তেওঁ মিথিলা চিত্ৰৰ কায়স্থ শৈলীত বিশেষ ভাবে পাৰদৰ্শিতা অৰ্জন কৰিছে। এই শৈলীত ক'লা আৰু বগা বৈসাদৃশ্যৰ অনুসৰণ কৰা হয়।৬ আন শিল্পীসকলৰ বিপৰীতে তেওঁ ৰং কৰিবলৈ বাঁহৰ কাঠি ব্যৱহাৰ কৰে। তেওঁৰ কলাৰ মুখ্য বিষয় সমূহ হৈছে ৰামায়ণ আৰু মহাভাৰতৰ কাহিনী লগতে বিবাহ বা নৃত্যৰ দৰে দৈনন্দিন জীৱনৰ ঘটনা।

গোদাৱৰী দত্তয়ে শিক্ষক আৰু শিক্ষাৰ্থীসকলক চৰকাৰী আঁচনি "সাংস্কৃতিক সম্পদ আৰু প্ৰশিক্ষণকেন্দ্ৰ"ৰ অধীনত প্ৰশিক্ষণ প্ৰদান কৰিছে।

তেওঁ জাৰ্মানী আৰু জাপানলৈ ভ্ৰমণ কৰিছে। মুঠতে তেওঁ সাতবাৰ জাপান ভ্ৰমণ কৰিছে। তেওঁ এবাৰ জাপানত ছয় মাহ ধৰি আছিল।৭ সেই সময়ত তেওঁ সৃষ্টি কৰা শিল্পৰ এটা ছেট এতিয়া জাপানৰ টাকোমাচীৰ মিথিলা সংগ্ৰহালয়৮ আৰু জাপানৰ ফুকুওকা এছিয়ান কলা সংগ্ৰহালয়ত আছে।৯

সমাজ সেৱা

গোদাৱাৰী দত্তই ১৯৮৩ চনৰ ২১ ডিচেম্বৰ তাৰিখে মিথিলা কলা বিকাশ সমিতি প্ৰতিষ্ঠা কৰিছিল। ই এক বেচৰকাৰী সংস্থা। ইয়াৰ লক্ষ্য দৰিদ্ৰতাৰ সৈতে যুঁজ কৰা আৰু মধুবানী চিত্ৰশিল্পৰ প্ৰচাৰ কৰা আৰু মহিলাসকলক কলা বিষয়ত প্ৰশিক্ষণ প্ৰদান কৰি এক সাধাৰণ শিক্ষা প্ৰদান কৰা। সংগঠনটোৱে পিছপৰা সম্প্ৰদায়ৰ বাবে কাৰ্যসূচী প্ৰস্তুত আৰু ৰূপায়ণত ব্যস্ত হৈ আছে।১০

তেওঁ মিথিলা চিত্ৰকলাত গাঁৱৰ মহিলাসকলক অন্তৰ্ভুক্ত কৰিছে আৰু তেওঁলোকক আৰ্থিকভাৱে স্বতন্ত্ৰ হোৱাত সহায় কৰিছে। ছোৱালীৰ শিক্ষাৰ প্ৰচাৰৰ বাবে তেওঁ এখন গাঁও সমিতিও গঠন কৰিছিল।১১

বঁটা আৰু সন্মান

  • ৰাষ্ট্ৰীয় পুৰস্কাৰ, ১৯৮০
  • শিল্প গুৰু, ২০০৬
  • পদ্মশ্ৰী, ২০১৯

তথ্যসূত্ৰ

  1. ↑ (30 September 2017). Madhubani Painting. Abhinav Publications. ISBN 9788170171560
  2. ↑ Padma Awards. Padma Awards, Government of India
  3. ↑ www.thebetterindia.com/211990/bihar-padmashri-go
  4. ↑ আৰ্কাইভ কপি
  5. ↑ uniteforvitiligo.com/news/godavari-dutta-conferr
  6. ↑ Les peintures de style Mithila du Bihar (Inde du Nord)
  7. ↑ Artist to chart new waters, in book - Octogenarian comes a long way from scared girl to face of Mithila art. Telegraph India
  8. ↑ Mithila Museum Catalogue. Mithila Museum, Ooike, Tokamachi-shi, Niigata Pref. 948, Japan
  9. ↑ いわき市立美術館年報 平 成 23 年 度, p. 14
  10. ↑ About us. Mithila Kala Vikas Samiti
  11. ↑ 80 Years long journey of Godavari Dutta behind Padma Shri. Patna Beats

সম্পৰ্কিত শ্ৰেণী

বিহাৰৰ ব্যক্তিভাৰতীয় চিত্ৰশিল্পীপদ্মশ্ৰী বঁটা বিজয়ী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “গোদাৱৰী দত্ত” প্ৰবন্ধৰ সংশোধন ৪৩১২০০ (৮ ছেপ্তেম্বৰ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।