কল্পনা চাকমা (Kalpana Chakma) বাংলাদেশৰ এগৰাকী মানৱ অধিকাৰ কৰ্মী আৰু নাৰীবাদী যি পাহাৰীয়া মহিলা ফেডাৰেচনৰ সাংগঠনিক সম্পাদিকা পদত অধিষ্ঠিত হৈছিল।১ ১৯৯৬ চনৰ ১২ জুনত লল্লিয়াঘোনা গাঁৱৰ ঘৰৰ পৰা বাংলাদেশৰ সেনাবাহিনীৰ সদস্যই তেওঁ আৰু তেওঁৰ দুজন ভায়েকক অপহৰণ কৰিছিল বুলি অভিযোগ উঠিছে। কল্পনা চাকমা এতিয়াও নিৰুদ্দেশ হৈ আছে।২ তেওঁৰ নিৰুদ্দেশৰ বাবে কাৰো বিৰুদ্ধে বিচাৰ হোৱা নাই।৩ অপহৰণৰ পিছত তেওঁক হত্যা কৰা বুলি অনুমান কৰা হৈছে।৪
প্ৰাৰম্ভিক জীৱন
কল্পনা চাকমা চট্টগং হিল ট্ৰেক্টছ (চি এইচ টি)ত এগৰাকী সক্ৰিয় মানৱ অধিকাৰ কৰ্মী হিচাপে পৰিচিত আছিল। বাংলাদেশৰ হিল উইমেনছ ফেডাৰেচনৰ তেওঁ আয়োজক সম্পাদিকা আছিল।৫ বাংলাদেশৰ সেনাৰ দমন আৰু খিলঞ্জীয়া পুৰুষ-মহিলাৰ ওপৰত কৰা হাৰাশাস্তিৰ সমালোচনা কৰি আহিছিল। তেওঁ বিশেষভাৱে খিলঞ্জীয়া মহিলাসকলৰ অধিকাৰৰ বাবে কাম কৰি আহিছিল আৰু চি এইচ টিৰ বিভিন্ন ঠাইত সন্মিলন, আলোচনা চক্ৰ আৰু সভাৰ আয়োজন কৰি বাংলাদেশ সেনাই খিলঞ্জীয়া জনসাধাৰণৰ ওপৰত কৰা দমনৰ প্ৰতিবাদ কৰিছিল।৬ চি এইচ টিৰ খিলঞ্জীয়াৰ তেতিয়াৰ অৰ্ধসামৰিক বিচ্ছিন্নতাবাদী সংগঠন পাৰ্বত্য চট্টাগ্ৰাম জন সংহতি সমিতিৰ নেতৃত্বত চলি থকা চি এইচ টিৰ স্বায়ত্তশাসনমুখী আন্দোলনকো তীব্ৰ সমৰ্থন আগবঢ়াই আহিছিল। ১৯৯৭ চনৰ ২ ডিচেম্বৰত স্বাক্ষৰিত চি এইচ টি শান্তি চুক্তিৰ পিছৰে পৰা সংগঠনটোৱে নিৰস্ত্ৰ হৈ এতিয়া খিলঞ্জীয়াৰ স্বাৰ্থত কাম কৰা এটা ৰাজনৈতিক দল হৈ পৰিছে। বাংলাদেশ চৰকাৰে এই সংগঠনটোক বাংলাদেশৰ সাৰ্বভৌমত্বৰ প্ৰতি ভাবুকি হিচাপে গণ্য কৰিছিল।৭ ১৯৯৬ চনৰ ১২ জুনত অনুষ্ঠিত বাংলাদেশৰ সাধাৰণ সংসদীয় নিৰ্বাচনত নিৰ্দলীয় প্ৰাৰ্থী বিজয় কেতন চাকমাৰ সপক্ষে নিৰ্বাচনী প্ৰচাৰত সক্ৰিয় অংশ লৈছিল। তেওঁ পাহাৰী গণ পৰিষদৰ জ্যেষ্ঠ প্ৰেচিডিয়াম সদস্য পদত অধিষ্ঠিত হৈছিল। সপ্তম ৰাষ্ট্ৰীয় নিৰ্বাচনৰ কেইঘণ্টামান আগতে তেওঁক অপহৰণ কৰা হৈছিল৮
অপহৰণ
১৯৯৬ চনৰ ১২ জুন তাৰিখে পুৱা ১:০০ বজাত বাংলাদেশৰ সাধাৰণ নিৰ্বাচনৰ ৬ ঘণ্টা পূৰ্বে কল্পনা চাকমাক চি এইচ টিৰ ৰঙামাটিৰ লল্লিয়াঘোনা গাঁৱৰ ঘৰৰ পৰা বাংলাদেশ সেনাৰ সদস্যই অপহৰণ কৰে বুলি অভিযোগ উঠে।৯ওচৰৰ কোজোইচাৰী সেনাৰ বেৰেকৰ পৰা ভিলেজ ডিফেন্স পাৰ্টিৰ দুজন সদস্য নুৰুল হক আৰু ছালেহ আহমেদ১০ৰ সৈতে ফেৰ্ডাউছ নামৰ এজন সেনা লেফটেনেণ্টে সেই নিশা কল্পনা চাকমাৰ ঘৰত অভিযান চলাই বলপূৰ্বকভাৱে তেওঁক তুলি লৈ যায়। কল্পনাৰ মাতৃ ৬০ বছৰীয়া বধুনী চাকমাই সাংবাদিকৰ আগত কয় -
"আমি শুই থাকোঁতে বাহিৰৰ পৰা কোনোবাই মাত দিলে আৰু ঘৰৰ ভিতৰত কোন কোন আছে জানিব বিচাৰিলে। তাৰ পাছত বাহিৰৰ পৰা দুৱাৰৰ খিলিটো তললৈ টানি ঘৰৰ ভিতৰত সোমাই গ’ল। আমাৰ মুখত শক্তিশালী টৰ্চৰ পোহৰ ৰাখি মোৰ সৰু ল’ৰা খুদিৰামক লৈ গ’ল আৰু ক'লে যে তেওঁৰ ‘ছাৰ’ (লেফটেনেণ্ট ফাৰ্ড’ছে) তেওঁৰ লগত কথা পাতিব বিচাৰে। কেইমিনিটমানৰ পিছত তেওঁলোকে মোৰ আৰু কালিচৰণৰ পত্নীক এৰি মোৰ ডাঙৰ ল'ৰা কালিচৰণ আৰু মোৰ ছোৱালী কল্পনাক লৈ গ'ল।"
পৰিয়ালটোৰ কৃষক তথা প্ৰতিপালক কালিচৰণ চাকমাই জনোৱা মতে, ঘৰৰ কুঁৱাৰ ওচৰত তিনিজনক চকু আৰু হাত বান্ধি বহিবলৈ কোৱা হয়। কালিচৰণে কলে -
"কোনোৱে আৰ্মি ফেটিগ পিন্ধিছিল আৰু কোনোবাই কঁকালত লুঙি পিন্ধিছিল। প্ৰথমে আমাৰ পৰা খুদিৰামক লৈ গৈছিল। তেওঁলোকে বাংলা ভাষাত কথা পাতিছিল।"
কল্পনা চাকমাৰ সন্ধান
ঘটনাৰ খবৰ ততাতৈয়াকৈ চৌদিশে বিয়পি পৰে আৰু চুবুৰীয়াক কি হৈছিল সেই বিষয়ে অৱগত কৰা হয়। পুৱাৰ ভাগত খুদিৰাম সম্ৰাত সুৰ চাকমাৰ সহায়ত কোজোইচাৰী সেনা শিবিৰৰ কাষ চাপি শিবিৰ কৰ্তৃপক্ষৰ পৰা কল্পনা চাকমাৰ বিষয়ে সোধা-পোছা কৰিলে। শিবিৰ কৰ্তৃপক্ষই লগে লগে তেওঁক শান্তি বাহিনীৰ সদস্য বুলি ব্ৰেণ্ড কৰি ভাবুকি দিয়ে। হতাশ হৈ সি ঘৰলৈ উভতি আহিল। আনহাতে, কালিচৰণে স্থানীয় বাঘাইছাৰী থানালৈ গৈ প্ৰথম তথ্য প্ৰতিবেদন (এফআইআৰ) পঞ্জীয়ন কৰে। কিন্তু অপহৰণকাৰীৰ পৰা কল্পনা চাকমাক মুকলি কৰি দিবলৈ আৰক্ষী থানা বা সেনা শিবিৰেও কোনো ব্যৱস্থা গ্ৰহণ কৰা নাছিল।১১
তথ্যসূত্ৰ
- ↑ (2007). Gendered peace: women's search for post-war justice and reconciliation. Routledge. পৃ. 198. ISBN 978-0415956482
- ↑ Ahmed, Hana Shams. (9 August 2015). The business of 'othering' and 'othering' as business. The Daily Star
- ↑ (9 August 2015). Culture of impunity encouraging crimes: Dr Mizan. The Daily Star
- ↑ Chakma, Shantimoy; Preetha, Sushmita S. (14 January 2013). CID probe vexes all. The Daily Star
- ↑ Parker, Lydia. (19 December 2013). Kalpana Chakma - Lost But Not Forgotten in Bangladesh. HuffPost. HPMG News
- ↑ Kalpana Chakma. Dhaka Tribune
- ↑ Chowdhury, Elora Halim. (2011). Transnationalism reversed women organizing against gendered violence in Bangladesh. State University of New York Press. পৃ. 175. ISBN 978-1438437538
- ↑ Sathi, Muktasree Chakma. Kalpana abduction: Government backing perpetrators – civil society. Dhaka Tribune
- ↑ Ramakrishnan, Nitya. (30 May 2013). In Custody: Law, Impunity and Prisoner Abuse in South Asia. SAGE Publications India. পৃ. 236. ISBN 9788132116325
- ↑ Arrest of Kalpana Chakma's abductors demanded. Dhaka Tribune
- ↑ Watch, Human Rights. (2009). Ignoring executions and torture: impunity for Bangladesh's security forces. Human Rights Watch. পৃ. 25. ISBN 978-1564324832
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কল্পনা চাকমা” প্ৰবন্ধৰ সংশোধন ৬৩১২৭১ (২৬ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।